উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

২০২২ চনত ১১৮.৪৫ লাখ ঘৰুৱা আৰু ১.০৪ লাখ বিদেশী পৰ্যটকে উত্তৰ-পূবৰ ৰাজ্যসমূহ ভ্ৰমণ কৰিছিল

'উড়ান'ৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত ১৬ টা বিমানবন্দৰ সঞ্চালিত কৰা হৈছে

Posted On: 27 MAR 2023 6:16PM by PIB Guwahati

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে প্ৰকাশ কৰা তদৰ্থভিত্তিক তথ্য অনুসৰি, ২০২২ চনত ১১৮.৪৫ লাখ ঘৰুৱা আৰু ১.০৪ লাখ বিদেশী পৰ্যটকে উত্তৰ-পূবৰ ৰাজ্যসমূহ ভ্ৰমণ কৰিছিল।

 

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে ২১-১০-২০১৬ তাৰিখে দেশৰ সেৱাৰহিত অথবা কম সেৱা প্ৰদান কৰা বিমানবন্দৰকে ধৰি সমগ্ৰ দেশত আঞ্চলিক বিমান সংযোগ বৃদ্ধি কৰিবলৈ আৰু জনসাধাৰণৰ বাবে বিমান ভ্ৰমণ সুলভ কৰাৰ লক্ষ্যৰে আঞ্চলিক সংযোগ আঁচনি - 'উড়ান' (উড়ে দেশ কা আম নাগৰিক) আৰম্ভ কৰিছিল। উত্তৰ-পূবাঞ্চলৰ (এনইআৰ) ৰূপশ্ৰী, তেজু, তেজপুৰ, পাছিঘাট, যোৰহাট, লীলাবাৰী, শ্বিলং, পাকিয়ং, ইটানগৰ আৰু ডিমাপুৰৰ বিমানবন্দৰকেইটাৰ সেৱা উড়ান আঁচনিৰ অধীনত আৰম্ভ কৰা হৈছে। বৰ্তমান, উত্তৰ-পূবাঞ্চলত ১৬ টা সক্ৰিয় বিমানবন্দৰ আছে। ইয়াৰ উপৰিও, জিৰোৰ 'এডভান্সড লেণ্ডিং গ্ৰাউণ্ড'-তো সেৱা আৰম্ভ কৰা হৈছে। ৰে'ল মন্ত্ৰালয়ে সদৰী কৰিছে যে ২০২১-২২ বৰ্ষত 'এনইআৰ'ত মুঠ ১,১৮১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৪ টা নতুন ৰে'লপথ নিৰ্মাণ প্ৰকল্পৰ পৰিকল্পনা/অনুমোদন/কাৰ্যকৰীকৰণৰ দিহা কৰা হৈছে, যাৰ ভিতৰত ৩৬১ কিলোমিটাৰ পথৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। ৭২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৫ টা 'পথ-দ্বৈতকৰণ প্ৰকল্প'ৰ পৰিকল্পনা/অনুমোদন/কাৰ্যকৰী কৰা হৈছে, যাৰ ভিতৰত৪৮ কিলোমিটাৰত ইতিমধ্যে সেৱা আৰম্ভ কৰা হৈছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এনইআৰত ৫১৩৭ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰ কাম হাতত লৈছে/অনুমোদন জনাইছে। এই আন্তঃগাঁথনি নিৰ্মাণ প্ৰকল্পসমূহে 'এনইআৰ'-ত পৰ্যটনৰ বিকাশৰ বাবে এক বাধামুক্ত পৰিৱেশৰ বাবে অত্যাৱশ্যকীয়/গুৰুত্বপূৰ্ণ সংযোগ প্ৰদান কৰিছে।

 

'উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি' (এনইএছআইডিএছ)ৰ অধীনত 'উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়'(ডনাৰ) 'এনইআৰ'-ত পৰ্যটন খণ্ড, পানী যোগান, বিদ্যুৎ সংযোগ সম্পৰ্কীয় আন্তঃগাঁথনি নিৰ্মাণ প্ৰকল্পসমূহক সহযোগিতা আগবঢ়াই আহিছে। 'উত্তৰ-পূব পৰিষদ' (এনইচি)ৰ জৰিয়তে 'ডনাৰ' মন্ত্ৰালয়ে 'এনইআৰ'-ত পৰ্যটনক উত্সাহিত কৰাৰ লগতে পৰ্যটন আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পসমূহকো সহযোগিতা আগবঢ়াই আহিছে। উত্তৰ-পূব পৰ্যটন বিভাগ, নৰ্থ-ইষ্ট ট্যুৰ অপাৰেটৰ আদিৰ দৰে পৰ্যটনক্ষেত্ৰৰ অংশীদাৰসকলৰ সৈতে পৰামৰ্শমূলক বৈঠক অনুষ্ঠিত কৰাকে ধৰি 'এনইচি'য়ে 'এনইআৰ'ত পৰ্যটনৰ বিকাশৰ বাবে এক বাধামুক্ত পৰিৱেশ সৃষ্টিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। 'এনইআৰ'-ত পৰ্যটন খণ্ডৰ বিকাশৰ ক্ষেত্ৰত অহা প্ৰত্যাহ্বান আঁতৰাই আগবাঢ়ি যোৱাৰ পথৰ মসৃণ কৰাৰউদ্দেশ্যে 'ভাৰতীয় প্ৰবন্ধন প্ৰতিষ্ঠান' (আইআইএম) শ্বিলঙে এক ঘূৰণীয়া মেজমেল আয়োজিত কৰে। 'ডনাৰ' মন্ত্ৰালয়ে 'উত্তৰ-পূবাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন মূলক উদ্যোগ' (পি.এম.-ডেভইন) আঁচনিও ৰূপায়ণ কৰি আছে। এই আঁচনিখনে 'প্ৰধানমন্ত্ৰী গীতিশক্তি'ৰ দৃষ্টিভংগী সাৰোগত কৰি আন্তঃগাঁথনি নিৰ্মাণৰ বাবে একত্ৰিত ভাৱে পুঁজি যোগান ধৰে; উত্তৰপূৰ্বাঞ্চলৰ প্ৰয়োজনীয়তাৰ আধাৰত সামাজিক বিকাশ প্ৰকল্পবোৰলৈ সহযোগিতা আগবঢ়ায়; যুৱপ্ৰজন্ম আৰু মহিলাসকলৰ বাবে জীৱিকাৰ সম্ভাৱনা সৃষ্টি কৰা; আৰু বিভিন্ন ক্ষেত্ৰত কা উন্নয়নৰ ব্যৱধান আঁতৰোৱাৰ ব্যৱস্থা কৰে। আঁচনিখনে পৰ্যটন খণ্ডকো সামৰি লৈছে।

 

ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল আৰু অন্যান্য ৰাজ্যৰ যুৱক-যুৱতীসকলৰ মাজত সংযোগ স্থাপন কৰা, নাগৰিকৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে 'যুৱ সংগম' উদ্যোগ গ্ৰহণ কৰাৰ লগতে পাঁচটা বিস্তৃত ক্ষেত্ৰ – পৰ্যটন, পৰম্পৰা, প্ৰগতি (উন্নয়ন), প্ৰযুক্তি আৰু পৰস্পৰ সম্পৰ্ক (জনসাধাৰণৰ মাজত সংযোগ) স্থাপনত গুৰুত্ব আৰোপ কৰিছে।

 

পৰ্যটন মন্ত্ৰালয়ে তীৰ্থস্থান আৰু ঐতিহ্যৰ বিকাশৰ বাবে বিষয়বস্তু-আধাৰিত পৰ্যটন বৰ্তনী আৰু তীৰ্থযাত্ৰা পুনৰুজ্জীৱিতকৰণ আৰু আধ্যাত্মিকতাৰ  সংহত বিকাশৰ বাবে 'স্বদেশ দৰ্শন' আঁচনিকে ধৰি দেশত বিভিন্ন আঁচনি ৰূপায়ণ কৰি আছে। ইয়াৰ "পৰ্যটন আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় সংস্থাসমূহক সহায়" আঁচনিৰ অধীনতো চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিভিন্ন প্ৰকল্পলৈ অনুমোদন জনাই আহিছে।

আজি এক লিখিত প্ৰশ্নৰ উত্তৰত লোকসভাত উত্তৰ-পূব অঞ্চলউন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে এই তথ্য প্ৰদান কৰে।

 

*****



(Release ID: 1911302) Visitor Counter : 137


Read this release in: English , Manipuri , Bengali , Urdu