প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেশৰ ঐতিহ্য সংৰক্ষণৰ মহান প্ৰচেষ্টাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
25 MAR 2023 11:22AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ঐতিহ্য সংৰক্ষণৰ মহান প্ৰচেষ্টাৰ প্ৰশংসা কৰে। শ্ৰী মোদীয়ে কয় যে আমি দেশৰ ঐতিহ্য ৰক্ষা আৰু সুন্দৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
শ্ৰী মোদীয়ে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ এক টুইট শৃংখলাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে, য'ত কেন্দ্ৰই জনাইছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে আইজিএনচিএ চৌহদত বৈদিক হেৰিটেজ পৰ্টেল আৰু কলা বৈভৱ (ভাৰ্চুৱেল মিউজিয়াম)ৰ উদ্বোধন কৰে।
আইজিএনচিএ দিল্লীয়েও জনাইছে যে বৈদিক হেৰিটেজ পৰ্টেল হিন্দী আৰু ইংৰাজী ভাষাত প্ৰস্তুত কৰা হৈছে। ইয়াত ১৮ হাজাৰতকৈও অধিক বৈদিক মন্ত্ৰৰ অডিঅ' আৰু ভিজুৱেল উপলব্ধ।
কেন্দ্ৰত হোৱা এই উন্নয়ন সম্পৰ্কে আইজিএনচিএ দিল্লীৰ টুইট শৃংখলাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"উৎকৃষ্ট প্ৰচেষ্টা! দেশৰ ঐতিহ্য সংৰক্ষণ আৰু প্ৰতিপালনৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। "
*************************
DS/ST/KG
(ৰিলিজ আই ডি : 1911084)
অতিথি কক্ষ : 175
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam