প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘ভোজপুৰ মিলেট মহোত্সৱ’-য়ে ‘শ্ৰী অন্নৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিব: প্ৰধানমন্ত্ৰী
Posted On:
02 MAR 2023 9:06AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘ভোজপুৰৰ মিলেট মহোৎসৱ’-য়ে ‘শ্ৰী অন্ন’ৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিব। ইয়াক খাদ্য-সম্ভাৰত অন্তৰ্ভুক্ত কৰিবলৈ ৰাইজক উৎসাহিত কৰিব বুলিও শ্ৰী মোদীয়ে মন্তব্য কৰে। বিহাৰৰ ভোজপুৰ জিলাত ২৮ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চ ২০২৩লৈ দুদিনীয়া মিলেট মহোৎসৱৰ আয়োজন কৰা হৈছিল।
কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী পশুপতি কুমাৰ পাৰসৰ এলানি ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
“ভোজপুৰৰ মিলেট মহোত্সৱ’-য়ে ‘শ্ৰী অন্ন’ৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে ইয়াক খাদ্য-সম্ভাৰত অনুৰ্ভুক্ত কৰিবলৈকো অনুপ্ৰাণিত কৰিব।
https://pib.gov.in/PressReleasePage.aspx?PRID=1903485”
*****
DS/ST/KB
(Release ID: 1903676)
Visitor Counter : 121
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam