প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ২৫ ফেব্ৰুৱাৰীত ‘বৰিছু কন্নড় দিম দিমবা’ সাংস্কৃতিক মহোৎসৱ উদ্বোধন কৰিব

प्रविष्टि तिथि: 23 FEB 2023 5:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ ৰ ২৫ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত দিল্লীৰ তালকটোৰা ষ্টেডিয়ামত ‘বৰিছু কন্নড় দিম দিমবা’ সাংস্কৃতিক মহোৎসৱ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে সমবেতসকলক সম্বোধনো কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীৰ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ দৃষ্টিৰে সংগতি ৰাখি কৰ্ণাটকৰ সংস্কৃতি, পৰম্পৰা আৰু ইতিহাসক উদযাপনৰ বাবে এই ‘বৰিছু কন্নড় দিম দিমবা’ সাংস্কৃতিক মহোৎসৱৰ আয়োজন কৰা হৈছে। আজাদী কা অমৃত মহোৎসৱৰে সংগতি ৰাখি অনুষ্ঠিত এই মহোৎসৱে শতাধিক শিল্পীক কৰ্ণাটকৰ সাংস্কৃতিক ঐতিহ্যক নৃত্য, সংগীত, নাটক, কবিতা আদিৰ জৰিয়তে প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিব।

*********

 

DS/ST/SB


(रिलीज़ आईडी: 1901953) आगंतुक पटल : 186
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , Tamil , Telugu , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Malayalam