প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সেউজ শক্তিৰ ক্ষেত্ৰত বহনক্ষম উন্নয়নৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
23 FEB 2023 9:14AM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেউজ শক্তিৰ ক্ষেত্ৰত বহনক্ষম উন্নয়নৰ বাবে চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ বুলি মন্তব্য কৰিছে।
শ্ৰী মোদীয়ে কেন্দ্ৰীয় গধুৰ উদ্যোগ মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডেৰ টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে FAME ll আঁচনিৰ অধীনত ইলেক্ট্ৰিক বাহনে ২২.৯ কোটি লিটাৰ ইন্ধন ৰাহি কৰাৰ লগতে ৩৩.৯ কোটি কিলোগ্ৰাম কাৰ্বন হ্ৰাস কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়;
“সেউজ শক্তিৰ ক্ষেত্ৰত বহনক্ষম উন্নয়নৰ বাবে আমাৰ চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ।”
****
DS/ST/MS
(ৰিলিজ আই ডি : 1901748)
অতিথি কক্ষ : 192
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam