নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

গুৱাহাটীত প্ৰৱেশ কৰিলে বিশ্বৰ দীৰ্ঘতম নদী ক্ৰুজ জাহাজ সেৱা গংগা বিলাসে


বস্ত্ৰনগৰী শুৱালকুছি ভ্ৰমণ কৰি পাট-মুগা হস্ততাঁত বস্ত্ৰ উদ্যোগ প্ৰত্যক্ষ কৰে ২৮ গৰাকী বিদেশী পৰ্যটকে

অসমৰ জনগোষ্ঠীয় নৃত্য-পৰম্পৰা, প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহ্য আৰু পাট-মুগা কাপোৰৰ যাদুকৰী আৰ্হিবোৰ দেখি আহ্লাদিত হৈ পৰে পৰ্যটকসকল

মহাপীঠ কামাখ্যা মন্দিৰ আৰু ৰাজ্যিক সংগ্ৰহালয় ভ্ৰমণ কৰিব গংগা বিলাসৰ পৰ্যটকসকলে

Posted On: 20 FEB 2023 8:22PM by PIB Guwahati

বিশ্বৰ আটাইতকৈ দীঘল নদী ক্ৰুজ জাহাজ সেৱা 'গংগা বিলাস'এ আজি ইয়াৰ ৪২ দিনীয়া যাত্ৰা সম্পূৰ্ণ কৰি বিয়লি ৩:৩০ বজাত গুৱাহাটীত প্ৰৱেশ কৰিছেহি। গুৱাহাটীৰ পাণ্ডু বন্দৰত প্ৰৱেশ কৰাৰ লগে-লগে জাহাজখনৰ ২৮ গৰাকী বিদেশী পৰ্যটকক ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনৰ তৰফৰপৰা উষ্ম সাদৰ-সম্ভাষণ আৰু আতিথ্য প্ৰদান কৰা হয়। অত্যাধুনিক গংগা বিলাস জাহাজখনক এছ এল সোৱণশিৰি আৰু এইচ পি টি আম্বেদকাৰ জাহাজ দুখনে ধুবুৰী বন্দৰৰপৰা আগবঢ়াই আনিছে।

জাহাজৰপৰা অৱতৰণ কৰাৰ পাছত পৰ্যটকসকলক সুস্বাদু অসম চাহ আৰু অন্যান্য থলুৱা খাদ্যসম্ভাৰেৰে আপ্যায়ন কৰা হয়। ব্ৰহ্মপুত্ৰত সন্ধিয়া সূৰ্যাস্তৰ মনোৰম দৃশ্যাৱলীৰে মধুৰ হৈ উঠা পৰিৱেশত তেওঁলোকৰ বাবে কাৰ্বি আৰু তিৱা নৃত্য প্ৰদৰ্শন কৰা হয়, যি উপভোগ কৰি পৰ্যটকসকল আহ্লাদিত হৈ পৰে। পৰ্যটকসকলক আজি অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, উপায়ুক্ত (কামৰূপ মেট্ৰ') পল্লৱ গোপাল ঝা, ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ আঞ্চলিক সঞ্চালক এ ছেলভাকুমাৰ, এচিএছ পাৰ্থ পেগু প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকলে উষ্ম আদৰণি জনায়। পৰ্যটকসকলে কাইলৈ ৰাতিপুৱা অসম ৰাজ্যিক সংগ্ৰহালয়ৰ উপৰি মহাপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰিব আৰু তাৰপাছতেই তান্ত্ৰিক লোকাচাৰৰ প্ৰাণকেন্দ্ৰ মায়ং অভিমুখে যাত্ৰা আৰম্ভ কৰিব।

আজিৰ দিনটোৰ আৰম্ভণিতে পৰ্যটকসকলে অসমৰ বস্ত্ৰনগৰী শুৱালকুছিত উপস্থিত হৈ ঐতিহ্যমণ্ডিত হস্ততাঁত উদ্যোগ দৰ্শন কৰে। শিপিনীসকলৰ যাদুকৰী হাতৰ পৰশত প্ৰাণ পাই উঠা এই অপৰূপ শিল্পকলা প্ৰত্যক্ষ কৰি পৰ্যটকসকল মন্ত্ৰমুগ্ধ হৈ পৰে। বিশেষকৈ পাট-মুগা কাপোৰৰ যাদুকৰী আৰ্হিবোৰ দেখি তেওঁলোকে উচ্চ প্ৰশংসা কৰে। শিপিনীসকলে ভ্ৰমণকাৰী দলটোক অসমৰ হস্ততাঁত উদ্যোগৰ উৎকৃষ্টতা প্ৰদৰ্শন কৰে য'ত শিল্পীসকলৰ নিখুঁত প্ৰতিভা প্ৰতিফলিত হৈছে।

অসমত বিশ্বৰ দীৰ্ঘতম নদী ক্ৰুজ সেৱা 'গংগা বিলাস' জাহাজৰ আগমনৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ অভ্যন্তৰীণ জল পৰিবহণ খণ্ডত এক নতুন দিগন্তৰ সূচনা হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে অভিহিত কৰিছে। চলিত বৰ্ষৰ ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ্ অফ্ কৰাৰ পাছত গংগা বিলাসে বাৰাণসীৰপৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগৰ লগতে বাংলাদেশৰ মাজেৰে ৩৯ দিনীয়া যাত্ৰা কৰি বিগত ১৭ ফেব্ৰুৱাৰীত অসমৰ ধুবুৰীত প্ৰৱেশ কৰিছিল। পৃথিৱীৰ আটাইতকৈ দীঘল নদী ভ্ৰমণ হিচাপে অভিহিত হোৱা গংগা বিলাসৰ বাৰাণসীৰপৰা ডিব্ৰুগড়ৰ বগীবিল অভিমুখী যাত্ৰা এই মাহৰ শেষভাগত সম্পূৰ্ণ হোৱাৰ কথা আছে।

***



(Release ID: 1900847) Visitor Counter : 176


Read this release in: English , Urdu , Bengali , Manipuri