যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

শ্বেতপত্ৰত ৱাই-২০ৰ থীম মুকলিৰ সৈতে গুৱাহাটী সামৰণি পৰিল ২০২৩ বৰ্ষৰ ৱাই-২০ প্ৰাৰম্ভিক বৈঠক

এই পাঁচটা বিষয়বস্তুৱে যুৱসমাজৰ বাবে জি-২০ৰ উন্নয়নমূলক কাৰ্যসূচীত অৱদান আৰু সহযোগিতা আগবঢ়োৱাৰ অসাধাৰণ সুযোগ প্ৰদান কৰে: অনুৰাগ সিং ঠাকুৰ

চলিত বৰ্ষৰ ৱাই-২০ ভাৰত সন্মিলনে যুৱকেন্দ্ৰিক প্ৰচেষ্টাৰ উদাহৰণ দাঙি ধৰিব: অনুৰাগ সিং ঠাকুৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত আঠ বছৰত উত্তৰ-পূব আৰু জম্মু-কাশ্মীৰত শান্তি প্ৰক্ৰিয়া আৰম্ভ হৈছেঃ অনুৰাগ সিং ঠাকুৰ

মুখ্য অনুষ্ঠানসমূহত ২১ গৰাকী বিদেশী প্ৰতিনিধি তথা ২০০ গৰাকী ভাৰতীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে

Posted On: 08 FEB 2023 4:00PM by PIB Guwahati

ৱাই ২০ এংগেজমেণ্ট গ্ৰুপৰ তিনিদিনীয়া প্ৰাৰম্ভিক বৈঠকৰ আজি গুৱাহাটীত সামৰণি পৰে।  ৱাই-২০ৰ পাঁচটা বিষয় সম্বলিত এখন শ্বেতপত্ৰ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে মুকলি কৰে। অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ড০ ৰনোজ পেগুৱে শ্ৰী অনুৰাগ সিং ঠাকুৰৰ সন্মুখত পাঁচটা বিষয়ৰ ওপৰত গৱেষণা পত্ৰ উপস্থাপন কৰে (কৰ্ম ভৱিষ্যত: উদ্যোগ ৪.০, উদ্ভাৱন আৰু একবিংশ শতিকা; জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ বিপদাশংকা হ্ৰাস: জীৱনৰ উপায় হিচাপে বহনক্ষমতা প্ৰস্তুত কৰা; শান্তি স্থাপন আৰু মীমাংসা: যুদ্ধবিহীন যুগৰ সূচনা; অংশীদাৰী ভৱিষ্যত: গণতন্ত্ৰ আৰু শাসনত যুৱসমাজ; স্বাস্থ্য, কল্যাণ আৰু ক্ৰীড়া: যুৱসকলৰ বাবে কাৰ্যসূচী)

ভাৰতৰ অধ্যক্ষতাকালত ৱাই-২০ৰ পাঁচটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ব সম্প্ৰদায়ৰ বাবে এক অংশীদাৰী ভৱিষ্যতৰ বাবে এই বিষয়বোৰ গভীৰভাৱে আলোচনা কৰাৰ বাবে বাছনি কৰা হৈছে। এই পাঁচটা বিষয়ে যুৱপ্ৰজন্মৰ বাবে জি-২০ৰ উন্নয়নমূলক কাৰ্যসূচীৰ প্ৰস্তুত, অৱদান আৰু সহযোগিতা আগবঢ়োৱাৰ এক অসাধাৰণ সুযোগ প্ৰদান কৰে, তেওঁ এইদৰে কয়।  

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চলিত বৰ্ষৰ ৱাই-২০ ভাৰত সন্মিলনে যুৱকেন্দ্ৰিক প্ৰচেষ্টাৰ উদাহৰণ দাঙি ধৰিব আৰু যুৱসমাজ তথা সমগ্ৰ বিশ্বৰ যুৱপ্ৰজন্মৰ প্ৰগতিশীল নীতিগত পদক্ষেপসমূহ প্ৰদৰ্শন কৰিব।

গুৱাহাটীত অনুষ্ঠিত তিনিদিনীয়া অনুষ্ঠানটোত মন্তব্য প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই তিনিদিনত মানৱজাতিয়ে সন্মুখীন হৈ অহা কেইটামান অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত উদ্দীপনামূলক ধাৰণা আৰু উৎসাহী বাৰ্তা তথা আলোচনা কৰা দেখা গৈছে।

ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত আঠটা বছৰত উত্তৰ-পূব আৰু জম্মু-কাশ্মীৰত শান্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলত বিদ্ৰোহৰ ঘটনা বহুলাংশে হ্ৰাস পাইছে। উত্তৰ-পূবৰ উন্নয়ন আৰু অঞ্চলটোত শান্তি প্ৰক্ৰিয়া বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।

মন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি ৱাই-২০ সজাগতা অভিযান আয়োজন কৰা বাবে অসম চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। অসমৰ প্ৰতিখন উচ্চ শিক্ষা প্ৰতিষ্ঠানে ১০খন নিকটৱৰ্তী বিদ্যালয়ত জি-২০ গোট আৰু কাৰ্যকলাপৰ বিষয়ে বিদ্যালয়ৰ শিশুসকলক সংবেদনশীল কৰাৰ বাবে সজাগতা অভিযানৰ আয়োজন কৰিছিল আৰু অসম চৰকাৰৰ এইটো এটা অতি প্ৰশংসনীয় প্ৰচেষ্টা হৈছে, তেওঁ লগতে কয়।

নতুন দক্ষতা, ছফ্টৱেৰ নিৰ্মাণ আৰু ষ্টাৰ্ট-আপ গঠনত ব্যস্ত যুৱক-যুৱতীসকলক কামৰ চাপ আৰু মানসিক স্বাস্থ্যৰ সমস্যাৰ পৰা সকাহ পাবলৈ এক প্ৰাণোচ্ছল জীৱনৰ বাবে আধ্যাত্মিক দিশৰ সৈতে সংযোগ স্থাপন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ড০ ৰনোজ পেগুৱে ৱাই-২০ৰ পাঁচটা বিষয়ৰ সন্দৰ্ভত অসমৰ শিক্ষাৰ্থী আৰু শিক্ষাবিদসকলৰ গৱেষণা পত্ৰৰ ওপৰত এক উপস্থাপন প্ৰদান কৰে।

ইয়াৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে এখন সংবাদমেলত অংশগ্ৰহণ কৰে।

বাওঁফালৰ পৰা সোঁফাললৈ ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি ন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্ৰধান শ্ৰী বি নাৰায়ণন, অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ড০ ৰনোজ পেগু, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰ, যুৱ আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰীমতী মিতা ৰাজীৱলোচন

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অংশ হিচাপে ৱাই-২০ গোটৰ প্ৰথম আৰম্ভণি সন্মিলনখন ফেব্ৰুৱাৰীৰ ৬ তাৰিখৰ পৰা ৮ তাৰিখলৈ গুৱাহাটীত অনুষ্ঠিত হৈছিল ৷ এই সন্মিলনত দেশৰ যুৱসমাজৰ সৈতে উন্নত ভৱিষ্যতৰ বাবে আলোচনা কৰা হয় আৰু পাঁচটা চিনাক্ত কৰা ৱাই-২০ বিষয়ৰ ওপৰত গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপৰ কাৰ্যসূচী প্ৰস্তুত কৰা হয়।

সজাগতাৰ অংশ হিচাবে অসমৰ প্ৰায় ৩৬খন মহাবিদ্যালয়ৰ ১০,০০০ শিক্ষাৰ্থীয়ে ৱাই-২০ সন্দৰ্ভত চেমিনাৰ, তৰ্ক অনুষ্ঠান, কৰ্মশালা আৰু কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। প্ৰায় ৪০খন বিদ্যালয়ৰ ১০ লাখতকৈও অধিক শিক্ষাৰ্থীয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।

আৰম্ভণি বৈঠকত ২১ গৰাকী বিদেশী প্ৰতিনিধি তথা ২০০ গৰাকী ভাৰতীয় প্ৰতিনিধিয়ে মুখ্য অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰে।

 

BN/PG/BM/SS



(Release ID: 1897367) Visitor Counter : 147


Read this release in: English , Urdu , Hindi