পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীয়ে সেউজ শক্তি খণ্ডত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ মুকলি কৰে, ইয়াৰ লগে লগে ভাৰত শক্তি সপ্তাহ ২০২৩ শুভাৰম্ভ হয়


ভাৰত শক্তি সপ্তাহে ভাৰতৰ 'অমৃত কাল'ৰ সপোন আৰু আকাংক্ষা কঢ়িয়াই আনিছে, লগতে একবিংশ শতিকাৰ গোলকীয় অৰ্থনীতিত 'বিশ্বগুৰু' হিচাপে ইয়াৰ ভূমিকাৰ কথা উল্লেখ কৰিছেঃ শ্ৰী হৰদীপ এছ পুৰী

ভাৰত শক্তি সপ্তাহে শক্তিৰ প্ৰৱেশ, ব্যয়সাধ্যতা আৰু উপলব্ধতাৰ বিশ্বব্যাপী শক্তি চতুৰ্ভুজ সমাধান সৃষ্টি কৰিব, যাৰ মূলত আছে সুৰক্ষাঃ শ্ৰী হৰদীপ এছ পুৰী

"আমি শক্তি দক্ষতা, জৈৱ ইন্ধন আৰু হাইড্ৰ’জেনকে ধৰি ভৱিষ্যতৰ ইন্ধনৰ গতি বৃদ্ধি আৰু নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো": শ্ৰী হৰদীপ এছ পুৰী

Posted On: 06 FEB 2023 6:54PM by PIB Guwahati

কেন্দ্ৰীয় পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ আৰু হাউচিং মন্ত্ৰী শ্ৰী হৰদীপ এছ পুৰীয়ে কয়, " বিশ্ব শক্তি পৰিৱৰ্তনৰ ক্ষেত্ৰত শক্তি সুৰক্ষা, সামৰ্থ্য আৰু দেশৰ নাগৰিকসকলৰ বাবে প্ৰৱেশাধিকাৰ নিশ্চিত কৰাৰ সময়ত ভাৰতৰ ভূমিকাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ পৰা ভাৰত শক্তি সপ্তাহৰ জন্ম হৈছিল। ২০২৩ চনৰ ৬ ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ বাংগালুৰুত অনুষ্ঠিত হ'বলগীয়া ভাৰত শক্তি সপ্তাহ (আইইডব্লিউ) ২০২৩ৰ উদ্বোধনী অনুষ্ঠানত নিজৰ আৰম্ভণি ভাষণত তেওঁ কয় যে ই ভাৰতৰ 'অমৃত কাল'ৰ সপোন আৰু আকাংক্ষাক প্ৰতিফলিত কৰে।

PM inaugurates India Energy Week 2023 at Bengaluru, in Karnataka on February 06, 2023.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুত ভাৰত শক্তি সপ্তাহ (আইইডব্লিউ) ২০২৩ উদ্বোধন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংগালুৰুত ভাৰত শক্তি সপ্তাহ (আই ই ডব্লিউ) ২০২৩ উদ্বোধন কৰে। ইণ্ডিয়ান অইলৰ ‘অনবটলড’ পদক্ষেপৰ অধীনত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰে এই ইউনিফৰ্ম। এই ইউনিফৰ্মসমূহ পুনঃব্যৱহৃত পিইটি বটলৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। তেওঁ ইণ্ডিয়ান অইলৰ ইনড’ৰ ছ’লাৰ কুকিং চিষ্টেমৰ টুইন-কুকটপ মডেলটোও মুকলি কৰাৰ লগতে ইয়াৰ বাণিজ্যিক ৰোল-আউটৰ ফ্লেগ অফ কৰে।

প্ৰধানমন্ত্ৰীয়ে ইথানল মিশ্ৰণ ৰোডমেপৰ আধাৰত ১১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ তেল বিপণন কোম্পানীসমূহৰ ৮৪টা খুচুৰা বিপণীত ই-২০ ইন্ধন মুকলি কৰে। তেওঁ গ্ৰীণ মবিলিটি ৰেলীৰো ফ্লেগ অফ কৰে, য’ত সেউজ শক্তিৰ উৎসত চলা বাহনসমূহে অংশগ্ৰহণ কৰিব আৰু সেউজ ইন্ধনৰ বাবে জনসচেতনতা সৃষ্টি কৰাত সহায় কৰিব।

পেট্ৰলিয়াম মন্ত্ৰী শ্ৰী হৰদীপ এছ পুৰীৰ উপৰিও কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰ চান্দ গেহলট, , কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসৰাজ বম্মাই, আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলে অনুষ্ঠানটোৰ শোভা বৃদ্ধি কৰে।

ভাৰত শক্তি সপ্তাহ ২০২৩ উদ্বোধনী অনুষ্ঠানত ভাষণ দিছে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক মন্ত্ৰী শ্ৰীযুত হৰদীপ এছ পুৰীয়ে

বৰ্তমানৰ বিশ্ব শক্তিৰ প্ৰেক্ষাপটত এই অনুষ্ঠানৰ তাৎপৰ্য্য উল্লেখ কৰি শ্ৰী হৰদীপ এছ পুৰীয়ে কয় যে, “ভাৰত শক্তি সপ্তাহে শক্তিৰ প্ৰৱেশ, ব্যয়সাধ্যতা আৰু উপলব্ধতাৰ বিশ্বব্যাপী শক্তিৰ চতুৰ্ভুজ সমাধানৰ বাবে নিৰাপত্তাক ইয়াৰ মূল স্থানত ৰাখি ভৱিষ্যতৰ বিশ্ব শক্তি পৰিৱৰ্তনৰ বাবে সমাধান উদ্ভাৱন কৰিব।” এইবাৰৰ বিষয়বস্তু ‘বৃদ্ধি সহযোগিতা পৰিৱৰ্তন’ অতি উপযুক্ত, কাৰণ ই আমাৰ সহযোগিতা আৰু একেলগে বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে বুলিও তেওঁ কয়।

পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে তেল আৰু গেছৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি আহিছে তথাপিও জলবায়ু পৰিৱৰ্তন প্ৰশমনৰ লক্ষ্যৰ প্ৰতি আমাৰ দায়বদ্ধতা অক্ষুন্ন আছে। দেশখনে শক্তিৰ এক এজেণ্ডা খোদিত কৰিছে যিটো অন্তৰ্ভুক্ত, বজাৰভিত্তিক, আৰু জলবায়ু সংবেদনশীল। তেওঁ পৰ্যবেক্ষণ কৰে যে ভাৰতে ইতিমধ্যে ২০৭০ চনৰ ভিতৰত নিৰ্গমনৰ ক্ষেত্ৰত শূন্য হোৱাৰ প্ৰতিশ্ৰুতি দিছে আৰু ২০৩০ চনৰ শেষলৈকে নিৰ্গমন ১ বিলিয়ন টন হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছে। বিশ্বৰ নিৰ্গমনত ভাৰতৰ ঐতিহাসিক অৱদান (১৮৯০ চনৰ পৰা) প্ৰায় ৪%, পঞ্চম বৃহত্তম অৰ্থনীতি আৰু বিশ্বৰ ১৭% জনসংখ্যাৰ বাসস্থান হোৱা আৰু ভাৰতৰ জনমূৰি নিৰ্গমন জি-২০ দেশসমূহৰ ভিতৰত সৰ্বনিম্ন আৰু বিশ্বৰ গড়ৰ প্ৰায় আধা হোৱাৰ পিছতো ভাৰতে এই প্ৰতিশ্ৰুতি দিবলৈ সক্ষম হৈছে।

“আমি শক্তি দক্ষতা, জৈৱ ইন্ধন আৰু হাইড্ৰ’জেনকে ধৰি ভৱিষ্যতৰ ইন্ধনৰ ওপৰত প্ৰেৰণা যোগোৱা, আৰু নবীকৰণযোগ্য শক্তি আদিৰ ব্যৱহাৰ বৃদ্ধিৰ ওপৰত মনোনিৱেশ কৰি আছো। একে সময়তে আমি ঘৰুৱা অন্বেষণ আৰু পৰম্পৰাগত হাইড্ৰ’কাৰ্বনৰ উৎপাদন বৃদ্ধিৰ বাবে পৰিৱৰ্তনশীল পদক্ষেপ গ্ৰহণ কৰিছো,” শ্ৰী হৰদীপ এছ পুৰীয়ে লগতে কয়।

ভাৰতীয় তেলৰ ‘অনবটল’ পদক্ষেপৰ বিষয়ে কোৱাৰ সময়ত মন্ত্ৰীগৰাকীয়ে কয়, “মাননীয় প্ৰধানমন্ত্ৰীয়ে দিয়া স্পষ্ট আহ্বানৰ সৈতে সংগতি ৰাখি আমি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰী পৰ্যায়ক্ৰমে বন্ধ কৰা, ১০ কোটি পিইটিৰ বটল পুনৰ ব্যৱহাৰৰ বাবে বিশ্বৰ সৰ্ববৃহৎ পদক্ষেপ আৰম্ভ কৰিছো।” প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা বিশ্বব্যাপী পদক্ষেপ ‘পৰিৱেশৰ বাবে জীৱনশৈলী (LiFE) আন্দোলনৰ সৈতেও ই অনুৰণিত হয়। তেল বিপণন কোম্পানী (অ’এমচি)ৰ ফ্ৰণ্ট লাইন কৰ্মীসকলৰ বাবে পিইটি বটল কাপোৰলৈ ৰূপান্তৰিত কৰা হ’ব, সশস্ত্ৰ বাহিনী আৰু অন্যান্য প্ৰতিষ্ঠান আৰু খুচুৰা বিক্ৰীৰ বাবে নন-কম্বেট ইউনিফৰ্মলৈ ৰূপান্তৰিত কৰা হ’ব বুলি তেওঁ জনায়।

সামৰণি ভাষণত ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে ভাৰত শক্তি সপ্তাহে সকলোৰে বাবে এক অতুলনীয় বিশ্বব্যাপী নেটৱৰ্কিং মঞ্চ প্ৰদান কৰিব, য’ত মূল অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰা হ’ব, আৰু শক্তি খণ্ডত নতুন অংশীদাৰিত্ব গঢ়ি তোলা হ’ব।

"ভাৰত শক্তি সপ্তাহ ২০২৩-ৰ উদ্বোধনী অনুষ্ঠান" চাবলৈ নিম্নলিখিত লিংকত ক্লিক কৰক- https://www.youtube.com/live/Ir2nYBuuVnQ?feature=share

***

RKJ/M/MS



(Release ID: 1897252) Visitor Counter : 127


Read this release in: English , Hindi , Gujarati , Kannada