উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

২০১৪ চনৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ ব্যাপক বৃদ্ধি বাজেট আবণ্টন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে পঞ্চদশ বিত্ত আয়োগৰ বাকী সময়ছোৱাৰ বাবে ১২৮৮২.২ কোটি টকা ব্যয়ৰে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ আঁচনিসমূহত অনুমোদন জনাইছে

ড’নাৰ মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত বিগত ৪ বছৰত প্ৰকৃত ব্যয় হৈছে ৭৫৩৪.৪৬ কোটি টকা আনহাতে, ২০২৫-২৬ চনলৈকে অহা চাৰি বছৰত ব্যয়ৰ বাবে ধাৰ্যকৃত পুঁজি ১৯৪৮২.২০ কোটি টকা (প্ৰায় ২.৬০ গুণ)

যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অঞ্চলটোৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে লোৱা হৈছে ব্যাপক প্ৰচেষ্টা

Posted On: 07 JAN 2023 6:48PM by PIB Guwahati

চৰকাৰে উত্তৰ-পূবৰ উন্নয়নক প্ৰধান অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে৷ বিগত ৮ বছৰত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫০বাৰতকৈ অধিক উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰাৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰীসকলেও ৪০০ বাৰতকৈ অধিক উত্তৰ-পূব ভ্ৰমণ কৰিছে৷

উত্তৰ-পূৰ্বাঞ্চলক পূৰ্বতে অশান্তি, বন্ধ আদিৰ বাবে পৰিচিত আছিল, কিন্তু বিগত আঠ বছৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত শান্তি প্ৰতিষ্ঠা হৈছে।

উগ্ৰপন্থীৰ ঘটনা ৭৪% হ্ৰাস, নিৰাপত্তা বাহিনীক আক্ৰমণৰ ঘটনা ৬০% হ্ৰাস আৰু নিৰীহ লোকৰ মৃত্যুৰ হাৰ ৮৯% হ্ৰাস পাইছে। প্ৰায় ৮,০০০ যুৱকে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে, নিজৰ আৰু পৰিয়ালৰ উন্নত ভৱিষ্যতক আদৰণি জনাইছে।

তদুপৰি, ২০১৯ চনত ত্ৰিপুৰাৰ নেচনেল লিবাৰেচন ফ্ৰণ্টৰ সৈতে চুক্তি, ২০২০ চনত দ্য ব্ৰু আৰু বড়ো চুক্তি, ২০২১ চনত কাৰ্বি চুক্তিত সহমতত উপনীত হয়। অসম-মেঘালয় আৰু অসম-অৰুণাচল সীমান্তৰ বিবাদৰো প্ৰায় অন্ত পৰিছে আৰু শান্তি পুনৰুদ্ধাৰৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলে উন্নয়নৰ পথত অগ্ৰসৰ হৈছে।

২০১৪ চনৰ পৰা আমি অঞ্চলটোলৈ বাজেট আবণ্টনৰ ব্যাপক বৃদ্ধিৰ সাক্ষী হৈছো। ২০১৪ চনৰ পৰা এই অঞ্চলৰ বাবে ১০% জিবিএছৰ অধীনত ৪ লাখ কোটিতকৈ অধিক ধন আবণ্টন দিয়া হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে পঞ্চদশ বিত্ত আয়োগৰ বাকী সময়ছোৱাৰ বাবে (২০২২-২৩ৰ পৰা ২০২৫-২৬) ১২,৮৮২.২ কোটি টকা ব্যয়ৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন বিভাগৰ আঁচনিসমূহত অনুমোদন জনাইছে।

ডনাৰ মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত বিগত ৪ বছৰত প্ৰকৃত ব্যয় আছিল ৭,৫৩৪.৪৬ কোটি টকা। আনহাতে, ২০২৫-২৬ চনলৈকে অহা চাৰি বছৰত ব্যয়ৰ বাবে ধাৰ্য পুঁজি ১৯,৪৮২.২০ কোটি টকা (প্ৰায় ২.৬০ গুণ)।

অঞ্চলটোৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যাপক প্ৰচেষ্টা হাতত লোৱা হৈছে। যোগাযোগ উন্নত কৰাটোত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি আহিছে।

ৰে’ল যোগাযোগ উন্নত কৰাৰ বাবে ২০১৪ চনৰ পৰা ৫১,০১৯ কোটি টকা ব্যয় কৰা হৈছে। ৭৭,৯৩০ কোটি টকা  ব্যয়সাপেক্ষ ১৯টা নতুন প্ৰকল্পৰ অনুমোদন জনোৱা হৈছে।

ৰে’লৱেৰ বাবে বাৰ্ষিক গড় বাজেট আবণ্টনৰ ক্ষেত্ৰত ২০০৯-১৪চনৰ ২,১২২ কোটি টকাৰ তুলনাত  বিগত ৮ বছৰত গড় বাৰ্ষিক বাজেট ৩৭০% বৃদ্ধিৰে মুঠ ৯,৯৭০ কোটি টকা আবণ্টন দিয়া হৈছে।

পথ যোগাযোগ উন্নত কৰাৰ বাবে ১.০৫ লাখ কোটি টকা ব্যয়সাপেক্ষ ৩৭৫টা প্ৰকল্পৰ কাম চলি আছে। অহা তিনি বছৰত ২০৯টা প্ৰকল্পৰ অধীনত ৯,৪৭৬ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১,০৬,০০৪ কোটি টকা ব্যয় কৰিব।

বিমান যোগাযোগৰ ক্ষেত্ৰতো ব্যাপক উন্নতি হৈছে। ৬৮ বছৰত উত্তৰ-পূবত মাত্ৰ ৯টা বিমানবন্দৰ আছিল, আঠ বছৰতকৈ কম সময়ৰ ভিতৰতে এই সংখ্যা ১৭টালৈ বৃদ্ধি পালে।

২০১৪ চনৰ পৰা (সাপ্তাহিক ভিত্তিত) বৰ্তমানলৈকে উত্তৰ-পূবত বিমান পৰিবহণৰ গতি ১১৩% বৃদ্ধি পাইছে। বিমান যোগাযোগক আৰু অধিক উদ্গনি যোগাবলৈ উত্তৰ-পূৰ্বাঞ্চলত অসামৰিক বিমান পৰিবহণত ২,০০০ কোটি টকা বিনিয়োগ কৰা হ’ব।

টেলিকম সংযোগ উন্নত কৰাৰ বাবে ২০১৪ চনৰ পৰা ১০% জিবিএছৰ অধীনত ৩৪৬৬ কোটি টকা ব্যয় কৰা হৈছে। এন ই আৰৰ ৪৫২৫খন গাঁৱত ৪জি সংযোগৰ অনুমোদনও কেবিনেটে দিছে। কেন্দ্ৰীয় চৰকাৰে ২০২৩ চনৰ শেষৰ ফালে অঞ্চলটোত সম্পূৰ্ণ টেলিকম সংযোগ প্ৰদানৰ বাবে ৫০০ দিনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

দূৰসংযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে ২০১৪ চনৰ পৰা ১০% জিবিএছৰ অধীনত ৩,৪৬৬ কোটি টকা ব্যয় কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৪,৫২৫খন গাঁৱত ৪জি সংযোগতো কেবিনেটে অনুমোদন দিছে। কেন্দ্ৰীয় চৰকাৰে ২০২৩ চনৰ শেষৰ ফালে অঞ্চলটোত সম্পূৰ্ণ টেলিকম সংযোগ প্ৰদানৰ বাবে ৫০০ দিনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

জলপথ উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন  চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ এই গুৰুত্বপূৰ্ণ খণ্ডটোৰ উন্নয়নৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে। ২০১৪ চনৰ আগতে উত্তৰ-পূৰ্বাঞ্চলত মাত্ৰ এটা ৰাষ্ট্ৰীয় জলপথ আছিল। এতিয়া উত্তৰ-পূৰ্বাঞ্চলত ২০টা জলপথ ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় জলপথ ২ আৰু ৰাষ্ট্ৰীয় জলপথ ১৬ৰ উন্নয়নৰ বাবে ৬০০ কোটি টকা অনুমোদন দিয়া হৈছে।

২০১৪ চনৰ পৰা ২০২১ চনৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলত দক্ষতা বিকাশৰ আন্তঃগাঁথনি বৃদ্ধি আৰু বৰ্তমানৰ চৰকাৰী আইটিআইসমূহক আদৰ্শ আইটিআইলৈ উন্নীতকৰণৰ দিশত ১৯০কোটি টকা ব্যয় কৰা হৈছে। ১৯৩টা নতুন দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। দক্ষতা বিকাশৰ দিশত ব্যয় হিচাপে ব্যয় কৰা হৈছে ৮১.৮৩ কোটি টকা। বিভিন্ন আঁচনিৰ অধীনত মুঠ ১৬,০৫,৮০১ জন লোকক দক্ষ কৰি তোলা হৈছে।

ঔদ্যোগীকৰণৰ বিকাশৰ বাবে বিভিন্ন আঁচনিৰ অধীনত এমএছএমইক প্ৰচাৰ কৰা হৈছে। ৯৭৮টা ইউনিট সমৰ্থন/স্থাপনৰ বাবে ৬৪৫.০৭ কোটি টকা ব্যয় কৰা হৈছে। ডিপিআইআইটিৰ তথ্য অনুসৰি উত্তৰ-পূবৰ পৰা ৩,৮৬৫টা ষ্টাৰ্টআপ পঞ্জীয়ন হৈছিল।

বিগত আঠ বছৰত স্বাস্থ্য আন্তঃগাঁথনি উন্নত কৰাটো এটা অন্যতম গুৰূত্বপূৰ্ণ বিষয় হৈ আছে। চৰকাৰে ২০১৪-১৫ চনৰ পৰা স্বাস্থ্য খণ্ডত ৩১,৭৯৩.৮৬ কোটি টকা ব্যয় কৰিছে।

কৰ্কট ৰোগৰ সেৱা পৰ্যায়ৰ যত্ন আঁচনিৰ অধীনত ১৯খন ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান আৰু ২০টা টাৰ্চিয়েৰী কেয়াৰ কেন্সাৰ কেন্দ্ৰত অনুমোদন জনোৱা হৈছে।

যোৱা আঠ বছৰত অঞ্চলটোৰ শিক্ষাৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে।

২০১৪ চনৰ পৰা এতিয়ালৈকে উত্তৰ-পূবৰ উচ্চ শিক্ষাৰ প্ৰসাৰৰ বাবে চৰকাৰে ১৪,০০৯ কোটি টকা ব্যয় কৰিছে। ১৯১খন নতুন উচ্চ শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। ২০১৪ চনৰ পৰা স্থাপন কৰা বিশ্ববিদ্যালয়ৰ সংখ্যা ৩৯% বৃদ্ধি পাইছে। ২০১৪-১৫ চনৰ পৰা স্থাপন কৰা কেন্দ্ৰীয় উচ্চ শিক্ষানুষ্ঠান ৪০% বৃদ্ধি পাইছে।

ফলস্বৰূপে, উচ্চ শিক্ষাত মুঠ নামভৰ্তি কৰা শিক্ষাৰ্থীৰ ২৯% বৃদ্ধি পাইছে৷

অঞ্চলটোৰ উন্নয়নত ইন্ধন যোগাবলৈ শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰা হৈছে। ২০১৪-১৫ চনৰ পৰা চৰকাৰে ৩৭,০৯২ কোটি টকা অনুমোদন জনাইছে যাৰ ভিতৰত ১০,০০৩ কোটি টকা এতিয়ালৈকে ব্যয় কৰা হৈছে।

নৰ্থ ইষ্ট গেছ গ্ৰীড (এনইজিজি) প্ৰকল্পৰ অধীনত ৯,২৬৫ কোটি টকাৰ কাম চলি আছে আৰু ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত অৰ্থনীতি উন্নত হ’ব।

প্ৰথমবাৰৰ বাবে জিলা পৰ্যায়ৰ বহনক্ষম উন্নয়ন লক্ষ্যৰ সূচকাংক স্থাপন কৰা হৈছে। বহনক্ষম উন্নয়ন লক্ষ্যৰ সূচকাংকৰ দ্বিতীয় সংস্কৰণ সাজু হৈছে আৰু অতি সোনকালে প্ৰকাশ পাব।

 

***

MG/DB



(Release ID: 1889660) Visitor Counter : 123