শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

বৰ্ষান্তিক খতিয়ান ২০২২: শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়


২৮.৫ কোটি পঞ্জীয়ণভুক্ত কৰ্মচাৰীৰ সৈতে ‘ই-শ্ৰম পৰ্টেল’ৰ ‘এনচিএছ পৰ্টেল’, ‘উমং মোবাইল এপ্লিকেশ্যন’, ‘পিএম-এছওৱাইএম’ আৰু ‘ডিজি-লকাৰ’ৰে সংলগ্নীকৰণ

‘আজাদী কা অমৃত মহোত্সৱ’(একেএএম)-ৰ ‘আইকনিক উইক’-ৰ সময়ছোৱাত ‘ইপিএফঅ’-ই সম্পন্ন কৰিলে ১.৪৪ লাখ মহিলাৰ ৬৩৮ কোটি টকা পৰিমাণৰ দাবীৰ নিষ্পত্তিকৰণ প্ৰক্ৰিয়া

অনলাইনৰে প্ৰসৱকালীন লাভৰ বাবে দাবী জনাব পৰাকৈ ৫৮.৬৯ লাখ বীমাকৃত মহিলাৰ বাবে ‘এএছআইচি’-য়ে মুকলি কৰিলে অনলাইন পৰ্টেল

‘এনচিএছ পৰ্টেল’ত ‘ইণ্টাৰনেশ্যনেল জব মডিউল’ৰ শুভাৰম্ভ ঘোষণা

‘এনচিএছ আঁচনি’ৰ অধীনত বিভিন্ন ৰাজ্যৰ ‘মডেল কেৰিয়াৰ চেণ্টাৰ’সমূহে অনুষ্ঠিত কৰিলে ২২৯৭ ‘চাকৰি মেলা’

Posted On: 29 DEC 2022 7:42PM by PIB Guwahati

২০২২ বৰ্ষত শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সাফল্য আৰু পদক্ষেপসমূহ:

  1. ই-শ্ৰম
  • ই-শ্ৰম পৰ্টেল ২০২১ চনৰ ২৬ আগষ্টত মুকলি কৰা হৈছিল আৰু মাত্ৰ প্ৰায় ১৬ মাহৰো কম সময়ৰ ভিতৰতে ২৮.৫০ কোটিতকৈ অধিক শ্ৰমিকৰ তথ্য পঞ্জীয়ন কৰা হৈছে।
  • ই-শ্ৰমে ৩০ টা বিস্তৃত বৃত্তি খণ্ডৰ অধীনত ৪০০ টা বিভিন্ন বৃত্তিত পঞ্জীয়নৰ অনুমতি দিয়ে।
  • ই-শ্ৰম ‘কমন চাৰ্ভিচ চেণ্টাৰ’ (চিএছচি), ৰাজ্যিক সেৱা কেন্দ্ৰ (এছএছকে), ‘ম'বাইল এপ্লিকেশ্যন’ (ইউএমএএনজি) আৰু ‘ৱে’ব এপ্লিকেচন’ৰ দৰে একাধিক চেনেলত উপলব্ধ হয়।
  • ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰাৰ বাবে মডিউলও ৯ ছেপ্টেম্বৰ ২০২২ তাৰিখৰ পৰা পোনপটীয়াকৈ প্ৰস্তুত কৰা হৈছে।
  • এক পূৰ্ণাংগ অভিযোগ নিয়ন্ত্ৰণ প্ৰণালী প্ৰস্তুত কৰা হৈছে, যিটো বছৰৰ ৩৬৫ দিনেই উপলব্ধ।
  • ই-শ্ৰমত অসংগঠিত শ্ৰমিকৰ পঞ্জীয়নৰ পৰিসাংখ্যিক তথ্য প্ৰদান কৰিবলৈ এক বিস্তৃত ডেশ্বব'ৰ্ড উপলব্ধ কৰা হৈছে।
  • এটা বিশ্লেষণাত্মক ডেশ্বব'ৰ্ড বিকাশৰ কামো আগবাঢ়ি আছে। ই অৰ্থপূৰ্ণ অন্তৰ্দৃষ্টি, প্ৰৱণতা প্ৰাপ্ত কৰা আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত সহায়ক হ'ব।
  • ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে ই-শ্ৰম-ৰ তথ্য ভাগ বাটোৱাৰা কৰাৰ বাবে তথ্য ভাগ বাটোৱাৰা সম্পৰ্কীয় নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে। হাৰিয়ানাৰ সৈতে ইয়াৰ সংলগ্নীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু আন ৰাজ্যসমূহৰ সৈতে সংলগ্নীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
  • একেদৰে, কেন্দ্ৰীয় মন্ত্ৰালয়সমূহৰৰ সৈতে ই-শ্ৰম-ৰ তথ্য ভাগ বাটোৱাৰা কৰাৰ বাবে যুগুতাব খোজা এছঅ’পি/নিৰ্দেশনাসমূহ আলোচনা পৰ্যায়ত আছে।
  • ই-শ্ৰম তথ্যৰ প্ৰত্যায়িতকৰণৰ বাবে এটা ‘মোবাইল এপ্লিকেশ্যন’ৰ কামো আলোচনা পৰ্যায়ত আছে।
  • অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে কল্যাণমূলক আঁচনি ৰূপায়ণৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে এক উমৈহতীয়া মডেল পৰ্টেল/ডাটা শ্বেয়াৰিং পৰ্টেলৰ বিষয়েও আলোচনা চলি আছে।

 

(i) অন্য পৰ্টেলৰ সৈতে ই-শ্ৰম-ৰ সংযোগ সাধন

  • অসংগঠিত খণ্ড শ্ৰমিকসকলক চাকৰিৰ সুযোগ প্ৰদান কৰাৰ বাবে ‘এনচিএছ পৰ্টেল’ৰ সৈতে সংলগ্নীকৰণ কৰা হৈছে।
  • ই-শ্ৰম-ক উমং ম'বাইল এপ্লিকেশ্যনৰ সৈতে সংলগ্নীকৰণ কৰা হৈছে। ই এতিয়া শ্ৰমিকসকলৰ পঞ্জীয়ন আৰু তথ্যৰ শেহতীয়াকৰণৰ কৰিব পৰাকৈ ‘উমং ম'বাইল এপ’ৰ জৰিয়তেও উপলব্ধ হৈছে।
  • ই-শ্ৰমক ‘প্ৰধানমন্ত্ৰী শ্ৰম যোগী মান-ধন’ৰ (পিএম-এছৱাইএম) সৈতে সংলগ্ন কৰা হৈছে, যিটো হৈছে এমঅ’এলই-ৰ দ্বাৰা পৰিচালিত এক পেঞ্চন আঁচনি। ই-শ্ৰমত পঞ্জীয়ন কৰা যিকোনো কৰ্মীয়ে ‘ইউএএন’ ব্যৱহাৰ কৰি ‘পিএম-এছওৱাইএম’ত নিৰ্বিঘ্নে পঞ্জীয়ন কৰিব পাৰে।
  • শ্ৰমিকসকলে ই-শ্ৰম কাৰ্ড সহজে আৰু সুৰক্ষিতভাৱে ডাউনলোড কৰিব পৰাকৈ ই-শ্ৰমক ডিজিলকাৰৰ সৈতে সংলগ্ন কৰা হৈছে।
  • ই-শ্ৰমক ‘স্কিল ইণ্ডিয়া পৰ্টেল’ৰ সৈতে একত্ৰিত কৰা হৈছে যিয়ে শ্ৰমিকসকলক তেওঁলোকৰ প্ৰয়োজনীয়তা আৰু জীৱিকা অনুসৰি বিভিন্ন দক্ষতা কাৰ্যসূচী লাভ কৰিবলৈ সক্ষম কৰিব।
  • ইপিএফঅ’-ৰ সৈতে সংলগ্নকৰণ প্ৰক্ৰিয়া চলি আছে। ই কৰ্মী এগৰাকীৰ সংগঠিত/অসংগঠিত হিচাপে সঠিক স্থিতি স্বয়ংক্ৰিয় ভাৱে আপডেট/ফ্লেগিং কৰিব পৰা কৰিব। ই ই-শ্ৰমৰ তথ্যভাণ্ডাৰক নকল মুক্ত কৰাত সহায় কৰিব আৰু বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ডিবিটি/যোগ্য আৰু উপযুক্ত ব্যৱহাৰকাৰী গোটবোৰলৈ লাভৰ প্ৰসাৰণ নিশ্চিত কৰাত সহায় কৰিব।
  • ‘ডিএফপিডি’ৰ (খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ) সৈতে একত্ৰীকৰণৰ পৰিকল্পনা কৰা হৈছে। ই গৃহ ৰাজ্যৰ বিশ্লেষণ আৰু অ’এনঅ’আৰচি-ত বিক্ৰী ৰাজ্যিক প’ৰ্টেবিলিটি লেনদেনৰ ওপৰত আধাৰিত কৰি ঋতুগত, হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী প্ৰব্ৰজন প্ৰণালী চিনাক্ত কৰাত সহায় কৰিব, যি ‘শ্ৰম মন্ত্ৰালয়’-ক নীতি প্ৰণয়নৰ বাবে এক গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিব।

 

(ii) পুৰস্কাৰ

ই-শ্ৰম হৈছে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ বাবে এক সন্মানীয় প্ৰকল্প।  ই-শ্ৰম-য়ে ডিজিটেল ইণ্ডিয়া বঁটা-২০২২ত "ৰাজহুৱা ডিজিটেল প্লেটফৰ্ম-কেন্দ্ৰীয় মন্ত্ৰালয়, বিভাগ" শ্ৰেণীৰ অধীনত "সোণৰ পদক" লাভ কৰিছিল। ২০২৩ চনৰ ৭ জানুৱাৰীত অনুষ্ঠিত হব লগা বঁটা প্ৰদান অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি উপস্থিত থকাৰ লগতে ই-শ্ৰম দলক এই বঁটা প্ৰদান কৰিব।

 

(iii) পঞ্জীয়ণৰ তথ্য

২৮ ডিচেম্বৰ ২০২২ পৰ্যন্ত ই-শ্ৰম পৰ্টেল-ত ৰাজ্য অনুসৰি অ-সংগঠিত খণ্ডৰ কৰ্মচাৰীৰ পঞ্জীয়ণ

ক্ৰমিক নং

ৰাজ্য

মুঠ পঞ্জীয়ণ

1

উত্তৰ প্ৰদেশ

8,29,86,177

2

বিহাৰ

2,85,29,255

3

পশ্চিম বংগ

2,57,36,690

4

মধ্য প্ৰদেশ

1,68,19,135

5

মহাৰাষ্ট্ৰ

1,33,78,331

6

ওড়িশা

1,33,19,088

7

ৰাজস্থান

1,27,44,236

8

ঝাৰখণ্ড

91,18,026

9

গুজৰাট

91,03,657

10

তামিল নাডু

83,05,074

11

চত্তিশগড়

82,40,953

12

অন্ধ্ৰ প্ৰদেশ

78,72,913

13

কৰ্ণাটক

73,04,135

14

অসম

68,87,931

15

কেৰালা

59,02,079

16

পঞ্জাৱ

54,93,483

17

হাৰিয়ানা

52,43,117

18

তেলেংগাণা

40,23,415

19

জম্মু আৰু কাশ্মীৰ

33,53,891

20

দিল্লী

32,47,916

21

উত্তৰাখণ্ড

29,70,380

22

হিমাচল প্ৰদেশ

19,21,642

23

ত্ৰিপুৰা

8,43,199

24

মণিপুৰ

4,04,035

25

মেঘালয়

2,83,250

26

নাগালেণ্ড

2,18,401

27

পুডুচেৰী

1,76,235

28

চণ্ডীগড়

1,73,901

29

অৰুণাচল প্ৰদেশ

1,40,011

30

দাদ্ৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ

72,789

31

মিজোৰাম

58,083

32

গোৱা

51,379

33

আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ

28,404

34

লাডাখ

28,355

35

ছিক্কিম

23,072

36

লাক্ষাদ্বীপ

2,410

 

মুঠ পঞ্জীয়ন

28,50,05,048

 

2. তিৰুপতিত ৰাজ্য/কেন্দ্ৰীয় শাসিত শ্ৰম মন্ত্ৰী আৰু ৰাজ্য/ৰাজ্যৰ শ্ৰম সচিবসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় শ্ৰমিক সন্মিলন

ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে ২৫-২৬ আগষ্ট, ২০২২ তাৰিখে অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিত শ্ৰম মন্ত্ৰী আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত ৰাজ্য/ৰাজ্যসমূহৰ শ্ৰম সচিবসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় শ্ৰমিক সন্মিলনৰ অনুষ্ঠিত কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫.৮.২০২২ তাৰিখে উদ্বোধনী অধিৱেশনত ভাষণ দিছিল। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱ আৰু শ্ৰী ৰামেশ্বৰ তেলী, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ শ্ৰম সচিব আৰু চৰকাৰী বিষয়াসকল অনুষ্ঠানটোত উপস্থিত আছিল। ভাষণত প্ৰধানমন্ত্ৰীয়ে অন্যান্য বিষয়ৰ লগতে উল্লেখ কৰে যে অমৃত কালত এখন উন্নত ৰাষ্ট্ৰ গঢ়ি তোলাৰ ভাৰতৰ সপোন আৰু আকাংক্ষাক আগবঢ়াই অনাৰ ক্ষেত্ৰত ভাৰতৰ শ্ৰমিক শক্তিৰ এক বৃহৎ ভূমিকা আছে।

 

3. ৱৰ্ল্ড অব ৱৰ্ক শীৰ্ষ সন্মিলন

শান্তিৰ বাবে মানৱ-কেন্দ্ৰিক দৃষ্টিভংগীৰ জৰিয়তে বিশ্বৰ একাধিক সংকটৰ শ্ৰমিক আৰু সামাজিক পৰিণামসমূহৰ মোকাবিলা কৰিবলৈ আইএলঅ' আৰু ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰিব পৰা জৰুৰী পদক্ষেপ সন্দৰ্ভত আলোচনা কৰিবলৈ ২৯ মেৰ পৰা ১১ জুন ২০২২ লৈ জেনেভাত আন্তৰ্জাতিক শ্ৰমিক সন্মিলনৰ ১১০ সংখ্যক অধিৱেশনত আটাইতকৈ দুৰ্বল লোকসকলৰ প্ৰসংগত বিশেষ গুৰুত্ব দি স্থিতিস্থাপকতা, আৰু সামগ্ৰিক বিকাশৰ প্ৰসংগৰে ‘ৱৰ্ল্ড অব ৱৰ্ক’ (ৱাও) শীৰ্ষসন্মিলন অনুষ্ঠিত হৈছিল। শ্ৰম আৰু নিয়োগ দপ্তৰৰ মন্ত্ৰীয়ে ৱৰ্ল্ড অৱ ৱৰ্ক শীৰ্ষসন্মিলনত অংশগ্ৰহণ কৰে আৰু একাধিক গোলকীয় সংকটৰ মোকাবিলা কৰা, মানৱ-কেন্দ্ৰিক পুনৰুদ্ধাৰ আৰু স্থিতিস্থাপকতা বৃদ্ধি সন্দৰ্ভত এক উচ্চ-পৰ্যায়ৰ আলোচনাত অংশগ্ৰহণ কৰে।

 

4. জি-২০ৰ অধ্যক্ষতা গ্ৰহণ ভাৰতৰ

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়, জি-20ৰ শ্বেৰ্পা ট্ৰেকৰ অংশ হিচাপে, ভাৰত চৰকাৰে ৪টা নিয়োগ কৰ্মী গোট (ইডব্লিউজি)ৰ বৈঠক আয়োজন কৰিছে, যি শ্ৰম আৰু নিয়োগ মন্ত্ৰীসকলৰ বৈঠকত সমাপ্ত হ'ব। জি-২০ ‘এমপ্লয়মেণ্ট ৱৰ্কিং গ্ৰুপ’ৰ বহু-বছৰীয়া কাৰ্যসূচী আগবঢ়াবলৈ, ইয়াৰ বিবেচনাৰ বাবে নিম্নলিখিত অগ্ৰাধিকাৰ ক্ষেত্ৰ আৰু বিতৰণযোগ্য বোৰ চিনাক্ত কৰা হৈছে:

  1. গোলকীয় দক্ষতা সম্পৰ্কীয় ব্যৱধানবোৰ আঁতৰোৱাৰ দিহা: -
  • গোলকীয় দক্ষতা সম্পৰ্কীয় ব্যৱধান নিৰ্দেশক পৰ্টেল
  • দক্ষতা আৰু অৰ্হতাৰ সামঞ্জস্য সৃষ্টিৰ বাবে একত্ৰিত ফ্ৰেমৱৰ্ক
  1. গিগ তথা প্লেটফৰ্ম অৰ্থনীতি আৰু সামাজিক সুৰক্ষা: -
  • প্লেটফৰ্ম আৰু গিগ অৰ্থনীতিৰ শ্ৰমিকসকললৈ সামাজিক সুৰক্ষা কৱচ সম্প্ৰসাৰিত কৰা
  • গিগ আৰু প্লেটফৰ্মৰ কামকে ধৰি নতুন প্ৰকাৰৰ কামত ধৰিবলৈ ৰাষ্ট্ৰীয় পৰিসাংখ্যিক সামৰ্থ্য আৰু পদ্ধতিগত প্ৰয়াস বৃদ্ধি কৰা

 

  1. সামাজিক সুৰক্ষাৰ বহনক্ষম বিত্তীয় যোগান: -
  • সামাজিক সুৰক্ষাৰ বহনক্ষম বিত্তীয় যোগান নিশ্চিত কৰাৰ বাবে সামাজিক বীমা আঁচনি আৰু কৰ-বিত্তীয় আঁচনিকে ধৰি বিকল্প নীতি গ্ৰহণ
  • সদস্য দেশসমূহত সামাজিক সুৰক্ষা প্ৰণালীলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে আন্তৰ্জাতিক উন্নয়ন সহযোগিতা আৰু প্ৰণালী গ্ৰহণ

জি-২০ সন্মিলন প্ৰথা অনুসৰি, প্ৰেচিডেন্সি, কেইটামান নিৰ্বাচিত আন্তৰ্জাতিক সংগঠন, সদস্য দেশ আৰু আমন্ত্ৰণপ্ৰাপ্ত দেশসমূহে ‘ইডব্লিউজি’ বৈঠকত ওপৰোক্ত অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহৰ সন্দৰ্ভত তেওঁলোকৰ ধাৰণা আৰু সমূহ উপস্থাপন কৰিব।

 

5. কৰ্মচাৰী ভৱিষ্য নিধি সংগঠন (ইপিএফঅ')

i. আজাদী কা অমৃত মহোৎসৱৰ (একেএএম) অধীনত ই-মনোনয়ন। আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে, ইপিএফঅ'য়ে সদস্যসকলক ই-মনোনয়ন দাখিল কৰিবলৈ উৎসাহিত কৰাৰ বাবে এক অভিযান আৰম্ভ কৰিছে, কিয়নো ই সদস্য আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক ইপিএফঅ' সেৱা প্ৰাপ্ত কৰাৰ সময়ত স্বাধীনতাৰ এক নতুন স্তৰ প্ৰদান কৰিব। ৩০-১১-২০২২ পৰ্যন্ত ১.৬৪ কোটি ই-মনোনয়নৰ ভিতৰত জানুৱাৰী, ২০২২-ত অভিলেখ সংখ্যক ১৬.৫৮ লাখ ই-মনোনয়ন লাভ কৰা হৈছিল।

ii. ইউনাইটেড কিংডমৰ সৈতে সামাজিক সুৰক্ষা চুক্তি সন্দৰ্ভত যুটীয়া আলোচনা। ভাৰত আৰু ইউনাইটেড কিংডমৰ মাজত সামাজিক সুৰক্ষা চুক্তি সন্দৰ্ভত যুটীয়া আলোচনাৰ দ্বিতীয়খন ভাৰ্চুৱেল বৈঠক ২০২২ চনৰ ১৯ জানুৱাৰীত অনুষ্ঠিত হৈছিল। ইপিএফঅ', শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু বাণিজ্য মন্ত্ৰালয়ৰ ভাৰতীয় পক্ষৰ বিষয়াসকলে অংশগ্ৰহণ কৰিছিল।

iii. আজাদী কা অমৃত মহোৎসৱ (একেএম)ৰআইকনিক উইক। আন্তৰ্জাতিক মহিলা দিৱসত, আজাদী কা অমৃত মহোৎসৱৰ আইকনিক সপ্তাহৰ সৈতে সংগতি ৰাখি, ইপিএফঅ'য়ে মহিলা-অনুকূল পদক্ষেপৰ এটা শৃংখলা চলাইছিল।

iv. চিন্তন শিৱিৰপৰৱৰ্তী পাঁচ বছৰৰ EPFO@2047 কল্পনা কৰিবলৈ 'EPFO@Amrit কাল-বেহতাৰ কাল' শীৰ্ষক এক চিন্তান শিবিৰ ২০২২ চনৰ ০৮ ছেপ্টেম্বৰত হাৰিয়ানাৰ সুৰজকুণ্ডত আয়োজন কৰা হৈছিল। ইয়াৰ অধ্যক্ষতা কৰিছিল কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী শ্ৰী ভূপিন্দৰ যাদৱে। শ্ৰম আৰু নিযুক্তি, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী আৰু সচিব (এল এণ্ড ই) শ্ৰী ৰামেশ্ব তেলী সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল। ইয়াত ডমেইন, বিশেষজ্ঞ, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ বিষয়া আৰু ইপিএফঅ'ৰ জ্যেষ্ঠ বিষয়ববীয়াসকল উপস্থিত আছিল।

 

vii. ইপিএফ সদস্যসকলৰ পৰা পোৱা আগতীয়া আবেদনৰ ক্ষেত্ৰত স্বয়ংক্ৰিয় নিষ্পত্তিৰ ব্যৱস্থা

 ইপিএফঅ-য়ে নিম্নতম মানৱ হস্তক্ষেপৰ সৈতে প্ৰণালী-আধাৰিত প্ৰক্ৰিয়াকৰণৰ জৰিয়তে আগতীয়াকৈ জনোৱা দাবীৰ ক্ষেত্ৰত স্বয়ংক্ৰিয় নিষ্পত্তিৰ এক প্ৰণালী বিকশিত আৰু নিয়োজিত কৰিছে। দাবী উথ্থাপনৰ ২৪ ঘণ্টাৰ ভিতৰতে নিষ্পত্তি কৰিব পৰাকৈ এই ব্যৱস্থা টো বিকশিত আৰু নিয়োজিত কৰা হৈছিল। এইটোৱে মানুহৰ ন্যূনতম হস্তক্ষেপৰে সদস্যসকলক দ্ৰুত আৰু সহজে সেৱা প্ৰদান কৰাতো নিশ্চিত কৰিছিল।

 

viii. পেঞ্চন আৰু ইডিএলআই কেলকুলেটৰ্ছ

ইপিএছ-৯৫ আৰু ‘কৰ্মচাৰীৰ জমা সংযোজিত বীমা’ (ইডিএলআই) আঁচনিত উন্নত সেৱা প্ৰদান কৰাৰ বাবে পেঞ্চনাৰ আৰু পৰিয়ালৰ সদস্যসকলক পেঞ্চন আৰু মৃত্যু সংযোজিত বীমাৰ লাভালাভ গণনা কৰাৰ বাবে অনলাইন সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে ‘পেঞ্চন আৰু ইডিএলআই কেলকুলেটৰ’ মুকলি কৰা হৈছে যাৰ বাবে তেওঁলোক যোগ্য।

 

ix. জীৱন প্ৰমাণ পাত্ৰৰ বাবে মুখ প্ৰমাণীকৰণ প্ৰযুক্তি

মুখ প্ৰমাণীকৰণ কৌশলৰ জৰিয়তে ডিএলচি হৈছে এক যুগান্তকাৰী প্ৰযুক্তি যি বাহিঃ বায়-মেট্ৰিক উপকৰণৰ ওপৰত পেঞ্চনাৰসকলৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু প্ৰক্ৰিয়াটো অধিক সুলভ আৰু সহজ কৰি তুলিব, এনেদৰে সকলো পেঞ্চনাৰৰ স্বাচ্ছন্দ্যপূৰ্ণ জীৱন নিশ্চিত কৰিব। বৃদ্ধ বয়স বা স্বাস্থ্যজনিত সমস্যাৰ বাবে পেঞ্চনাৰসকলৰ  বায়-মেট্ৰিক (আঙুলিৰ ছাপ আৰু আইৰিছ) তথ্য গ্ৰহণৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা পৰিস্থিতিত মুখ প্ৰমাণীকৰণ প্ৰযুক্তিৰ ব্যৱহাৰ বিশেষভাৱে সহায়ক হ'ব পাৰে। মুখৰ প্ৰমাণীকৰণ পদ্ধতিৰ জৰিয়তে ডিএলচি দাখিল কৰাৰ অন্যান্য সুবিধাবোৰৰ ভিতৰত আছে :

  1. পেঞ্চনাৰসকলে ঘৰতে বহি তেওঁলোকৰ ডিএলচি দাখিল কৰিব পাৰে। ইয়াৰ বাবে বেঙ্ক, ডাকঘৰ, চিএছচি বা ইপিএফঅ'ৰ কোনো আঞ্চলিক/জিলা কাৰ্যালয়লৈ যোৱাৰ কোনো প্ৰয়োজন নাই।
  2. পেঞ্চনাৰসকলে কেৱল তেওঁলোকৰ নিজৰে নহয় বৰঞ্চ তেওঁলোকৰ আত্মীয় আৰু বন্ধুবৰ্গৰো ডিএলচি দাখিল কৰিব পাৰে।
  3. বিদেশত বাস কৰা পেঞ্চনাৰসকলেও দেশলৈ ভ্ৰমণ নকৰাকৈয়ে তেওঁলোকৰ ডিএলচি দাখিল কৰিব পাৰে।
  4. কোনো বাহ্যিকভাৱে পঞ্জীভুক্ত উপকৰণৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ প্ৰয়োজনীয়তা নাথাকে।

 

x. এছএমএছ সেৱা

জীৱন প্ৰমাণপত্ৰ দাখিল নকৰাৰ বাবে পেঞ্চন বন্ধ কৰা পেঞ্চনাৰসকললৈ এছএমএছ প্ৰেৰণৰ এক নতুন পদক্ষেপ লোৱা হৈছে।

 

xi. প্ৰয়াস

প্ৰয়াস পদক্ষেপৰ অধীনত ইপিএফঅ-ৰ ক্ষেত্ৰ কাৰ্যালয়বোৰে ই.পি.এছ. ১৯৯৫-ৰ বহুতো সদস্যৰ ক্ষেত্ৰত অৱসৰৰ দিনাই পিপিঅ-ৰ প্ৰক্ৰিয়া সম্পাদিত কৰি আহিছে।

 

xii. ভিচিচি ছফ্টৱেৰৰ শুভাৰম্ভ

 

‘ভিচিচি’ৰ বাবে অনলাইন অনুৰোধ দাখিলৰ বাবে মাণ্ডলিক কাৰ্যালয়/আঞ্চলিক কাৰ্যালয়ৰ দ্বাৰা ‘সমৰ্পিত ছফ্টৱে’ৰ’ ‘ভিচিআইটি মডিউল’ মুকলি কৰা হৈছিল। এইটো ‘এইচআৰএম আৰু ভিজিলেন্স শাখা’ৰ বাবে স্বচ্ছতা প্ৰেৰিত কৰা আৰু বিলম্ব হ্ৰাস কৰাৰ বাবে এটা অতি উপযোগী সঁজুলি হ'ব। নতুন ছফ্টৱে’ৰ (ভিচিচি ছফ্টৱেৰ) সফলতাৰে ৰূপায়ণ কৰাৰ বাবে, কৰ্মচাৰীসকলৰ তথ্য পৰীক্ষা আৰু সংশোধন কৰিবলৈ সকলো ক্ষেত্ৰ কাৰ্যালয়লৈ এক বিজ্ঞপ্তি জাৰি কৰা হৈছিল।

 

  1. কৰ্মচাৰী ৰাজ্যিক বীমা নিগম(ইএছআইচি):

 

  1. ই.এছ.আই.চি. 'চিন্তান শিবিৰ', ১৭-১৮ আগষ্ট ২০২২কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে হাৰিয়ানাৰ সুৰজ কুণ্ডত দুদিনীয়া ‘ইএছআইচি’ 'চিন্তান শিবিৰ' উদ্বোধন কৰে। এয়া ইএছআইচি-ৰ ইতিহাসত এনে ধৰণৰ প্ৰথম প্ৰয়াস আছিল।

 

 

ii. চিকিৎসা সুবিধাৰ সম্প্ৰসাৰণ: চিকিৎসা সেৱা সম্প্ৰসাৰণৰ বাবে, ইএছআই কৰ্পোৰেশ্যনে ৭৬ খন নতুন চিকিৎসালয় আৰু ১৮০ খন ঔষধালয় স্থাপনৰ বাবে নীতিগত অনুমোদন জনাইছে।

iii. মাতৃত্বকালীন লাভালাভ: ইএছআইচি-য়ে ইয়াৰ বীমাকৃত মহিলাসকলৰ বাবে প্ৰসূতিৰ লাভালাভৰ বাবে অনলাইন দাবী দাখিল কৰাৰ বাবে ১০-১১-২০২২ তাৰিখে অনলাইন পৰ্টেল মুকলি কৰিছে। এই সুবিধাটোৱে ইএছআই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত ৫৮.৬৯ লাখ বীমাকৃত মহিলাক লাভান্বিত কৰিব বুলি আশা কৰা হৈছে যিসকলে এতিয়া কাগজপত্ৰ দাখিল কৰাৰ বাবে তেওঁলোকৰ ইএছআইচি শাখা কাৰ্যালয়লৈ নোযোৱাকৈ তেওঁলোকৰ নিজৰ সুবিধাজনক সময় আৰু স্থানত মাতৃত্বকালীন লাভৰ বাবে অনলাইন দাবী উথ্থাপন কৰিব পাৰে।

 

বিশেষভাবে সক্ষমসকলৰ বাবে ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা কেন্দ্ৰ(এনচিএছচি-ডিএ)

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে সমগ্ৰ দেশত ২৪টা এনচিএছচি-ডিএ নেটৱৰ্কৰ জৰিয়তে প্ৰতিবন্ধী ব্যক্তিসকলক বৃত্তিমূলক পুনৰ্সংস্থাপন সেৱা প্ৰদান কৰি আহিছে।

এই কেন্দ্ৰবোৰৰ উদ্দেশ্য হৈছে পিডব্লিউডিৰ অৱশিষ্ট ক্ষমতা মূল্যাঙ্কন কৰা, তেওঁলোকক নিযুক্তি, স্ব-নিয়োজন, পৰামৰ্শ আৰু নিৰ্দেশনা, অনানুষ্ঠানিক বৃত্তিমূলক প্ৰশিক্ষণৰ জৰিয়তে অৰ্থনৈতিক পুনৰ্সংস্থাপন প্ৰক্ৰিয়াত সহায় কৰা। এই কেন্দ্ৰবোৰে চাকৰি মেলা, শিবিৰ আদিৰ দৰে প্ৰচাৰ কাৰ্যক্ৰমৰো আয়োজন কৰে।

 

অনুসূচিত জাতি-জনজাতিসকলৰ বাবে ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা কেন্দ্ৰ(এনচিএছচি-এছচি-এছটি)

শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ে অনুসূচীত জাতি/জনজাতিৰ চাকৰিপ্ৰাৰ্থীসকলক উপযুক্ত নিযুক্তিৰ সৈতে সংযুক্ত কৰাৰ লক্ষ্যৰে সমগ্ৰ দেশতে অনুসূচীত জাতি/জনজাতিৰ বাবে ২৫টা এনচিএছচি স্থাপন কৰিছে।

এই কেন্দ্ৰবোৰে অনুসূচীত জাতি/জনজাতিৰ চাকৰিপ্ৰাৰ্থীসকলৰ নিয়োগযোগ্যতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে নিৰ্দেশনা, পৰামৰ্শ, আত্মবিশ্বাস নিৰ্মাণ কাৰ্যসূচী, নিযুক্তিৰ পূৰ্ব প্ৰশিক্ষণ, কম্পিউটাৰ আৰু সচিবীয় পদ্ধতি প্ৰশিক্ষণ আদি প্ৰদান কৰে।

 

iv. আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনা(এবিআৰওৱাই)

  • ২০২২ চনৰ ২৩ নৱেম্বৰ তাৰিখলৈকে ১.৫১ লাখ প্ৰতিষ্ঠানৰ জৰিয়তে ৬০.১৩ লাখ হিতাধিকাৰীক ৭৮৩৩.২৭ কোটি টকাৰ মুঠ লাভ প্ৰদান কৰা হৈছে। অৱশ্যে, আঁচনিখনৰ অধীনত ২৩-১১-২০২২ লৈকে মুঠ পঞ্জীয়ন হৈছে ৭৫.১১ (আৰু আঁচনিখনৰ সমাপ্তি তাৰিখৰ পৰা এই সংখ্যাটো স্থিৰ হৈ আছে)।

 

নতুন পদক্ষেপ –

  1. পেঞ্চনাৰসকলে ঘৰতে বহি তেওঁলোকৰ ডিএলচি দাখিল কৰিব পাৰে। বেঙ্ক, ডাকঘৰ, চিএছচি বা ইপিএফঅ'ৰ কোনো আঞ্চলিক/জিলা কাৰ্যালয়লৈ যোৱাৰ কোনো প্ৰয়োজন নাই।
  2. পেঞ্চনাৰসকলে কেৱল তেওঁলোকৰ নিজৰ নহয় কিন্তু তেওঁলোকৰ আত্মীয় আৰু বন্ধুবৰ্গৰ ডিএলচি দাখিল কৰিব পাৰে।
  3. বিদেশত বাস কৰা পেঞ্চনাৰসকলেও দেশভ্ৰমণ নকৰাকৈ তেওঁলোকৰ ডিএলচি দাখিল কৰিব পাৰে।
  4. কোনো বাহ্যিক ভাৱে পঞ্জীভুক্ত উপকৰণৰ ওপৰত কোনো নিৰ্ভৰ হোৱাৰ প্ৰয়োজন নাথাকিব।
  5. ডিটিএনবিডব্লিউইডিৰ প্ৰশিক্ষণ মডিউল/প্ৰশিক্ষণ সামগ্ৰী পুনৰ সংগঠিত কৰাৰ বাবে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ দ্বাৰা স্থাপন কৰা ৰোডমেপ সমিতিৰ পৰামৰ্শ অনুসৰি নতুন মডুলাৰ প্ৰশিক্ষণ কাৰ্যসূচী প্ৰৱৰ্তন কৰা। সমিতিৰ সামগ্ৰীৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰা হৈছে।
  6. বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰু ভিডিঅ'ৰ বাবে সমল বিকশিত কৰাৰ বাবে ‘ইগনৌ’ৰ সৈতে বুজাবুজিৰ চুক্তি।
  7. ‘এমএনএনআইটি’, এলাহাবাদৰ– প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ আৰু আন্তঃগাঁথনিৰ আদান-প্ৰদানৰ বাবে সৈতে বুজাবুজিচুক্তি।
  8. এন.এছ.ডি.চি.-ৰ সৈতে– পূৰ্বশিক্ষণৰ স্বীকৃতিৰ বাবে দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী (এছ.বি.টি.পি.) আৰম্ভ কৰাৰ বাবে অষ্টম বুজাবুজি চুক্তি

 

***

MJPS/SSV/KB



(Release ID: 1888498) Visitor Counter : 150