গ্ৰামোন্নয়ণ মন্ত্ৰালয়

বৰ্ষান্ত সমীক্ষা-২০২২: গ্ৰামোন্নয়ন মন্ত্ৰালয়


২০২২ বৰ্ষত গ্ৰামোন্নয়ন মন্ত্ৰালয়(গ্ৰামোন্নয়ন বিভাগ)ৰ মুখ্য প্ৰচেষ্টাৱলী আৰু সফলতাসমূহ

Posted On: 30 DEC 2022 9:48AM by PIB Guwahati

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (এমজিএনৰেগা)ই ২০২২ চনৰ ১৫ ডিচেম্বৰলৈকে ১১.৩৭ কোটি ঘৰুৱা নিয়োগ সক্ষম কৰি ২.৮৯২৪ লাখ কৰ্মদিনৰ সৃষ্টি কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ- (পিএমএৱাই-জি) ২০২২ চনৰ ১৫ ডিচেম্বৰৰ ভিতৰত ২ কোটি ৫০ লাখ ঘৰ অনুমোদন জনোৱাৰ বিপৰীতে ইতিমধ্যে ২ কোটি ১১ লাখ ঘৰ নিৰ্মাণ কৰা হৈছে। ২০২২-২৩ বিত্তীয় বৰ্ষত ৫২ লাখ ৭৮ হাজাৰ ঘৰ নিৰ্মাণৰ লক্ষ্যৰ আগত লৈ ইতিমধ্যে ৩১ লাখ ৪৩ হাজাৰ ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানে (ডিএৱাইৱাই-এনআৰএলএম) সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ (দিল্লী আৰু চণ্ডীগড়ৰ বাহিৰে) ৭২৩খন জিলাৰ ৬,৮৬১ টা ব্লকত অৰিহণা যোগাইছে। দৰিদ্ৰ আৰু প্ৰান্তীয় লোকসকলৰ ৮.৬১ লাখ মহিলাক ৮১ লাখ এছআইজিৰ সৈতে জড়িত কৰা হৈছে। প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত ৩৯,৪১৩ কিলোমিটাৰ পথ আৰু ১,৩৯৪খন দলং নিৰ্মাণ কৰা হৈছে। ৰাজ্যৰ অংশীদাৰিত্ব যোগ কৰি ২০২২ চনত ২৩,৩৬৪ কোটি টকা ব্যয় কৰা হৈছে। ২০২২ চনৰ ৩০ নৱেম্বৰলৈকে অ’আৰএছটিটিআইয়ে ৩ লাখ ৭৪ হাজাৰ লোকক প্ৰশিক্ষণ দিছে। ইয়াৰে ২ লাখ ৫১ হাজাৰ প্ৰাৰ্থীয়ে উপাৰ্জনৰ উদ্দেশ্যে চাকৰি বাছি লৈছে। ২০২২-২৩ বিত্তীয় বৰ্ষত ২০২২ চনৰ ৩০ নৱেম্বৰলৈকে ডিডিইউ-জিকেৱাই কাৰ্যসূচীৰ অধীনত ১,০৯,২৯৩ জন প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰে ৫২,৪৫৬ জনে চাকৰি লাভ কৰিছে।

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিত গ্ৰামাঞ্চলৰ প্ৰতিটো ঘৰৰ পৰা চাহিদা ভিত্তিত প্ৰতিটো বিত্তীয় বৰ্ষত কমেও ১০০ দিনৰ কামৰ ব্যৱস্থা কৰা হয়। ইয়াৰ ফলত এফালে উৎপাদনশীল সম্পদৰ সৃষ্টি হয়, লগতে দৰিদ্ৰ লোকৰ জীৱিকা আৰু সামাজিক অন্তৰ্ভুক্তি আৰু পঞ্চায়তীৰাজৰ প্ৰতিষ্ঠানসমূহ শক্তিশালী হয়।

এমজিএনৰেগাৰ সফলতা হ’ল গ্ৰাম পঞ্চায়তভিত্তিক জিআইএছ ব্যৱস্থা ব্যৱহাৰ কৰি জলভাগ সৃষ্টিৰ বাবে এক সৰ্বাংগীন পৰিকল্পনাৰ আয়োজন কৰা। এই জিএআইএছভিত্তিক পৰিকল্পনা ইছৰো, মহাকাশ সংস্থা আৰু ৰাষ্ট্ৰীয় দূৰৱৰ্তী সংবেদন কেন্দ্ৰৰ দ্বাৰা প্ৰস্তুত কৰা অনলাইন প’ৰ্টেলৰ জৰিয়তে আয়োজন কৰা হৈছে। এমজি এনৰেগা আঁচনিখনে ৰাষ্ট্ৰীয় বৈদ্যুতিন পুঁজি ব্যৱস্থাপনা ব্যৱস্থা আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে শ্ৰমিকৰ মজুৰি পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টলৈ নিৰ্দেশিত কৰে। ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই গাওঁ পঞ্চায়তভিত্তিক আঁচনিৰ প্ৰকৃত নিৰীক্ষণৰ উদ্দেশ্যে সামাজিক নিৰীক্ষণ ব্যৱস্থা আছে। জীৱিকাৰ ক্ষেত্ৰত এমজিএনৰেগা আঁচনিত নিয়োজিত শ্ৰমিকসকলৰ দক্ষতা “উন্নতি” নামৰ আঁচনিৰ জৰিয়তে গঢ় লৈ উঠে। এমজিএনৰেগা আঁচনিখনে ১১৭খন আকাংক্ষিত জিলাৰ ২৫০টা আৰু পিছপৰা অঞ্চলৰ ৫০টা ব্লকত সংগঠিত দিশৰ উন্নয়ন সম্ভৱ কৰি তুলিছে। এই প্ৰকল্পত নতুন বিবিধ পদক্ষেপ হৈছে অমৃতা সৰোৱৰ, জলদূত এপ আৰু ন্যায় পালিকাৰ নিযুক্তি।

প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ মূল উদ্দেশ্য হৈছে সকলোৰে বাবে আৱাসগৃহ সুনিশ্চিত কৰা। ইয়াৰ বাবে গৃহহীন বা কেঁচা ঘৰ বা প্ৰায় জৰাজীৰ্ণ ঘৰত বাস কৰা লোকৰ বাবে ২০২৪ চনৰ ভিতৰত গ্ৰামাঞ্চলৰ বাবে মৌলিক সা-সুবিধা থকা ২ কোটি ৯৫ লাখ পকী ঘৰ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ২০২২ চনৰ ১৫ ডিচেম্বৰলৈকে ২,৪৯,৮২,৭২৯ টা ঘৰৰ অনুমোদন লাভ কৰাৰ লগতে ২,১১,১৭,১৬৯ টা ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে সমগ্ৰ দেশতে অমৃত মহোৎসৱ উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ কাম-কাজ অধিক সুকলমে সংগঠিত কৰিবলৈ বিভিন্ন অভিনৱ পদক্ষেপ গ্ৰহণ কৰা হৈছে। নীতি নিৰ্দেশনা সংশোধন কৰি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰেৰণ কৰাৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন সাপেক্ষে ২০২৪ চনলৈ বৃদ্ধি কৰা হৈছে। প্ৰত্যক্ষ সুবিধা হস্তান্তৰৰ স্বাৰ্থত উপযুক্ত স্বচ্ছতা বজাই ৰাখিবলৈ আধাৰভিত্তিক পেমেণ্ট ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে যাতে ই নিৰ্দিষ্ট হিতাধিকাৰীৰ ওচৰ পায়গৈ। প্ৰকল্পটোৰ অগ্ৰগতি, এই প্ৰকল্পত ধনৰ আবণ্টন পৰ্যালোচনা কৰিবলৈ পিএমএজিৱাই ডেচব’ৰ্ড মুকলি কৰা হৈছে। তদুপৰি যিকোনো অভিযোগৰ শীঘ্ৰে নিষ্পত্তিৰ বাবে ন্যায়াধীশ নিযুক্তি দিয়া হৈছে। মহিলা সৱলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি আঁচনিখনে ঘৰ আবণ্টনত মহিলাৰ নাম থকাটো বাধ্যতামূলক কৰা হৈছে৷ সেই ক্ষেত্ৰত তেওঁ একক বা যৌথ মালিক হ’ব পাৰে। পুত্ৰৰ নামত প্ৰাথমিক অনুমোদন দিয়া ঘৰৰ ক্ষেত্ৰতো মহিলাৰ নাম দ্বিতীয় মালিক হিচাপে থকাটো বাধ্যতামূলক কৰা হৈছে।

দৰিদ্ৰতা নিৰ্মূলৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ে দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান(ডিএৱাইএনআৰএলএম) আৰম্ভ কৰে। এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে গ্ৰামাঞ্চলত দৰিদ্ৰ লোকসকলৰ বাবে স্ব-নিয়োজন প্ৰসাৰিত কৰা আৰু ইয়াৰ বাবে সংস্থাটোক শক্তিশালী কৰা যাতে দৰিদ্ৰ লোকসকলে বিভিন্ন প্ৰশিক্ষণৰ পদক্ষেপৰ জৰিয়তে নিজৰ দক্ষতা বিকাশ কৰিব পাৰে আৰু লগতে নিজৰ কৰ্মসংস্থাপনৰ সুযোগো সম্প্ৰসাৰণ কৰিব পাৰে। দৰিদ্ৰ লোকৰ উন্নত জীৱিকাৰ বাবে ইয়াক বিশ্বৰ সৰ্ববৃহৎ পদক্ষেপ হিচাপে গণ্য কৰা হয়। ইয়াৰ এটা উদ্দেশ্য হৈছে গ্ৰাম্য দৰিদ্ৰসকলৰ আৰ্থিক অন্তৰ্ভুক্তি, তেওঁলোকৰ বহনক্ষম জীৱিকা আৰু সামাজিক অন্তৰ্ভুক্তিৰ সৈতে সামাজিক উন্নয়নক একত্ৰিত কৰা। এই আঁচনিৰ অধীনত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ (দিল্লী আৰু চণ্ডীগড়ৰ বাহিৰে) ৭২৩ খন জিলা আৰু ৬,৮৬১ টা ব্লক সামৰি লোৱা হৈছে। জানুৱাৰীৰ পৰা ডিচেম্বৰৰ ভিতৰত ১৭খন নতুন জিলা আৰু ১০১টা ব্লকো ইয়াত সংযোজন কৰা হয়। ৮১ লাখ আত্ম সহায়ক গোটত ৮.৭১ লাখ মহিলা সংযোজন কৰা হৈছে। গ্ৰুপ ইনভেষ্টমেণ্ট ছাপৰ্ট কেপিটেল হিচাপে ১৯,৭০৭ কোটি ২৪ লাখ টকা গ্ৰাম্য মহিলাৰ বিভিন্ন প্ৰতিষ্ঠানক প্ৰদান কৰা হৈছে। ২০২২ চনত আত্মসহায়ক গোটসমূহক মুঠ ৩,৮৮৬ কোটি ৭০ লাখ টকা প্ৰদান কৰা হৈছে। বেংকৰ ঋণ আত্ম সহায়ক গোটৰ সৈতে সংযুক্ত কৰা হৈছে আৰু চলিত বৰ্ষৰ ভিতৰত ৩৫,৮৭,০০০ আত্ম সহায়ক গোটে বেংকৰ জৰিয়তে ৮৮,৯৫৫.৫৭ লাখ টকাৰ ঋণ লাভ কৰিছে। চলিত বৰ্ষত অনুৎপাদনশীল সম্পত্তি যথেষ্ট হ্ৰাস পাইছে। সেই পৰিমাণ প্ৰায় ২৩ শতাংশৰ পৰা ২.২২ শতাংশলৈ হ্ৰাস পাইছে। এই আত্মসহায়ক গোটসমূহে বেংকৰ ঋণ নিয়মীয়াকৈ পৰিশোধ কৰাৰ ক্ষেত্ৰত এয়া এক উল্লেখযোগ্য সফলতাৰ কাৰক। লাখপতি মহিলা কৃষক বিশেষভাৱে উল্লেখযোগ্য৷ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক তেওঁলোকৰ জীৱিকাৰ উন্নতি আৰু অধিক লাভজনক হোৱাৰ বাবে বিশেষ গুৰুত্ব দিয়া হয়। ২.৫ কোটি লাখপতিৰ পদক্ষেপে ২.৫ কোটি আত্মসহায়ক গোটক তিনি বছৰৰ ভিতৰত ১ লাখ টকাৰ বাৰ্ষিক আয় কৰিবলৈ সক্ষম কৰি তুলিছে। চৰকাৰী পদক্ষেপৰ অধীনত জীৱিকা উপাৰ্জনৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি সম্ভৱ হৈছে। লিংগ সমতাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে। প্ৰতিষ্ঠানিক পদক্ষেপত এই লিংগ সমতা বজাই ৰখাটোও নিশ্চিত কৰা হৈছে। গোটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ ক্ষেত্ৰতো ইয়াক নিশ্চিত কৰা হৈছে। ডিএৱাই-এনআৰএলএমে লিংগভিত্তিক হিংসাক ব্যক্তিগত সফলতা বা সামাজিক সফলতাৰ বাবে এক ডাঙৰ বাধা হিচাপে চিনাক্ত কৰিছিল। গতিকে এই ক্ষেত্ৰত বিভিন্ন প্ৰতিষ্ঠানিক হস্তক্ষেপৰ জৰিয়তে এই সমস্যা সম্পূৰ্ণৰূপে দূৰ কৰাৰ উদ্যোগ লোৱা হৈছে।

গ্ৰাম্য সংযোগ গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ এক উল্লেখযোগ্য দিশ। এই সকলো বতৰৰ উপযোগী পথ ব্যৱস্থাটোক গ্ৰামাঞ্চলৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ পৰিপূৰক দিশ হিচাপে চোৱা হৈছে। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা বিভিন্ন সময়ত সংশোধন কৰি ২০১৬ চনত ৯ খন চৰম মাওবাদী ৰাজ্যৰ ৪৪খন জিলা আৰু কাষৰীয়া অঞ্চলত পথ সংযোগ প্ৰকল্প গঢ়ি তোলা হয় আৰু তাৰ পিছত ২০১৯ চনত বিভিন্ন গ্ৰাম্য বসতি, গ্ৰাম্য কৃষি বজাৰ, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চিকিৎসালয়ত গড়কাপ্তানী প্ৰকল্প গঢ়ি তোলা হয় ইয়াৰ মাজতে পিএমজিএছৱাইৰ তৃতীয় পৰ্যায়ত ১ লাখ ২৫ হাজাৰ কিলোমিটাৰ পথ সংযোগ নিৰ্মাণ কৰা হ’ব। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৰাজ্যৰ অংশৰে ২,৯০,৭০৬ কোটি টকা ব্যয় সাপেক্ষে ৭,২২,৭৮০ কিলোমিটাৰ পথ নিৰ্মাণ আৰু বহল কৰাৰ লগতে ৭,৭৬৩খন দলং নিৰ্মাণ কৰা হৈছে।

নতুন সেউজ প্ৰযুক্তি ব্যৱহাৰ কৰি পথ নিৰ্মাণ শক্তি আৰু ইন্ধন ক্ষমতাশালী বুলি প্ৰমাণিত হৈছে। ২০২১ চনত য’ত এই প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে ১৪,৩৮৭ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছিল, ২০২২ চনত ই ১৬,৩৮৫ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। ২০২২ চনৰ ২৪-২৬ মে’ত নতুন দিল্লীত আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে মন্ত্ৰালয়ৰ উদ্যোগত গ্ৰাম্য পথৰ নতুন প্ৰযুক্তি আৰু উদ্ভাৱনৰ ওপৰত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰা হয়। গ্ৰাম্য পথ নিৰ্মাণত নতুন সামগ্ৰী আৰু নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হৈছে। এই নতুন সেউজ প্ৰযুক্তিয়ে সকলো বতৰৰ উপযোগী গ্ৰাম্য পথ নিৰ্মাণত বিশেষভাৱে ফলপ্ৰসূ হিচাপে প্ৰমাণিত হৈছে আৰু মন্ত্ৰালয়ে এই সন্দৰ্ভতো প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে। চিমেণ্টজাতীয় সামগ্ৰীৰ মিশ্ৰণেৰে ৰাস্তা-ঘাট বেছি দিন স্থায়ী কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত পথটো অতি ডাঠ আৰু মসৃণ আৰু দীৰ্ঘদিনলৈকে ব্যৱহাৰ উপযোগী হৈ থাকে৷ আত্মনিৰ্ভৰ ভাৰতৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাই ভূ-স্থানীয় প্ৰযুক্তিৰ ক্ষেত্ৰত তথ্য-প্ৰযুক্তিৰ পদক্ষেপ গ্ৰহণ কৰি জিআইএছ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। পথৰ কাষে কাষে বিদ্যালয়, চিকিৎসালয়, বজাৰ ইত্যাদি বিভিন্ন সা-সুবিধা উপলব্ধ হৈছে নে নাই সেইবিষয়ে জানিব পৰা গৈছে।

দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ জৰিয়তে দক্ষতা বিকাশ কাৰ্যসূচীক ৰাষ্ট্ৰীয় গ্ৰাম্য আয় অভিযানৰ সৈতে একত্ৰিত কৰি প্ৰধানমন্ত্ৰীৰ মেক ইন ইণ্ডিয়া অভিযানত এই দক্ষতা বিকাশ কাৰ্যসূচীয়ে ফল দিবলৈ সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। ভাৰতক বিশ্বৰ নিৰ্মাণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মেক ইন ইণ্ডিয়া অভিযান এক ফলপ্ৰসূ ব্যৱস্থা হিচাপে আত্মপ্ৰকাশ কৰিছে। দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাই দুটা বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে যেনে-ৰোশনী কাৰ্যসূচী। ৯খন ৰাজ্যৰ উগ্ৰ মাওবাদীৰ আধিপত্য থকা অঞ্চলত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ জৰিয়তে এই অঞ্চলসমূহত বসবাস কৰা লোকসকলৰ দক্ষতা প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলৰ মাজত মহিলাৰ সংখ্যা ৪০ শতাংশ হোৱাটো নিশ্চিত কৰা হয়। দ্বিতীয়তে হিমায়ত কাৰ্যসূচী। এই কাৰ্যসূচীত কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখৰ সকলো যুৱ সম্প্ৰদায়ক ১০০ শতাংশ কেন্দ্ৰীয় পুঁজি আবণ্টনৰ জৰিয়তে দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ মূল সফলতাৰ কাৰক হ’ল ইয়াৰ আৰম্ভণিৰে পৰা মুঠ ১৩,৭০০০ প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰে ২০২২ চনৰ ৩০ নৱেম্বৰলৈকে ৭,৯০,০০০ প্ৰাৰ্থীয়ে কৰ্মসংস্থাপন লাভ কৰিছে। ২০২২-২৩ বিত্তীয় বৰ্ষত ২০২২ চনৰ ৩০ নৱেম্বৰলৈকে ১,০৯,২৯৩ জন প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়া হৈছিল আৰু ৫২,৪৫৬ জন প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছিল। প্ৰশিক্ষণ কাৰ্যসূচী শক্তিশালী কৰাৰ বাবে প্ৰাৰ্থীসকলৰ সুবিধাৰ্থে কৌশল পাঞ্জী নামেৰে মুকলি কৰা এপত ৩৬,৩৭,০০০ প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছে। তেওঁলোকক স্বনিয়োজনকে ধৰি কৰ্মসংস্থাপনৰ বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী (এনএছএপি)ৰ মূল উদ্দেশ্য হৈছে বৃদ্ধাৱস্থা, বিধৱা আৰু বিভিন্ন সামৰ্থ্যৱান ব্যক্তি, দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়াল আৰু তেওঁলোকৰ আত্মীয়ক একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যুৰ ক্ষেত্ৰত আৰ্থিক সাহায্য প্ৰদান কৰা। এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এনএছএপিৰ নিৰ্দেশনা অনুসৰি চিহ্নিত কৰা হয়৷

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিঃ

৬০-৬৯ বছৰ বয়সৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা জ্যেষ্ঠ নাগৰিকৰ বাবে ২০০ টকা, ৮০বছৰ বা তাতকৈ ঊৰ্ধ্বৰ লোকসকলৰ বাবে ৫০০ টকা প্ৰদান কৰা হয়।

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধবা পেঞ্চন আঁচনিঃ ৪০-৭৯ বছৰ বয়সৰ ভিতৰত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা বিধৱা মহিলাৰ বাবে ৩০০ টকা, ৮০ বছৰ আৰু তাতকৈ অনূৰ্ধ্ব লোকক ৫০০ টকাকৈ প্ৰদান কৰা হয়৷

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় অক্ষমতা পেঞ্চন আঁচনিঃ

যদি কোনো ব্যক্তি ১৮-৭৯ টকা ৮০ শতাংশ শাৰীৰিকভাৱে অক্ষম লোকৰ বাবে ৩০০ টকা, ৮০ বছৰ বা তাতকৈ ঊৰ্ধ্বৰ লোকৰ বাবে ৫০০ টকাকৈ প্ৰদান কৰা হয়। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালৰ ক্ষেত্ৰত ১৮-৫৯ বছৰৰ ভিতৰৰ একমাত্ৰ উপাৰ্জনকাৰী লোকজনৰ মৃত্যুৰ পিছত পৰিয়ালৰ জীয়াই থকা মুৰব্বীজনক ৰাষ্ট্ৰীয় পৰিয়াল সাহায্য আঁচনি ৫০লাখ টকা দিয়া হ’ব। ২০২২ চনত ২১ ডিচেম্বৰলৈকে ৩ কোটি ০১ লাখ হিতাধিকাৰী আছে। এই ক্ষেত্ৰত পুঁজিলৈ আবণ্টিত ধনৰাশি ৬ হাজাৰ ৭২৪ কোটি ২৯ লাখ।

কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সাংসদ আদৰ্শ গ্ৰাম যোজনা এক অনন্য আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে গ্ৰাম পঞ্চায়ত পৰ্যায়ত নেতৃত্বৰ ক্ষমতা গঢ়ি তোলা আৰু প্ৰশিক্ষণৰ জৰিয়তে সাংসদৰ জবাবদিহিতাৰ বিষয়সমূহ স্পষ্ট কৰি তোলা হৈছে। ২০১৪ চনৰ ১১ অক্টোবৰত সাংসদ আদৰ্শ গ্ৰাম যোজনা আৰম্ভ হৈছিল৷ ইয়াৰ প্ৰথম লক্ষ্য আছিল ২০১৯ চনৰ মাৰ্চ মাহৰ ভিতৰত সমগ্ৰ দেশতে আদৰ্শ গাঁও পঞ্চায়ত আৰু ২০১৯ চনৰ ভিতৰত তিনিখন আদৰ্শ গাঁও গঢ়ি তোলা৷ ২০১৬ চনত এখন আদৰ্শ গাঁও প্ৰতিষ্ঠা কৰা হৈছিল। ২০২৪ চনৰ ভিতৰত ৫ খন আদৰ্শ গাঁও নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে। এই গাঁওসমূহে সুস্বাস্থ্য, পৰিষ্কাৰ-পৰিচ্ছন্নতা, সেউজীয়াকৰণ আৰু গাঁৱৰ গোট, বিদ্যালয়ৰ মাজত সুসম্পৰ্ক আৰু গ্ৰাম পঞ্চায়তৰ সুশাসন নিশ্চিত কৰিব। ইয়াত এজন সাংসদৰ ভূমিকা অনুঘটক হিচাপে ব্যৱহাৰ কৰা হৈছে। পুনৰীক্ষণ সভাত অংশ লোৱাৰ লগতে গাঁও পঞ্চায়তৰ মুৰব্বীকো মাহেকীয়া সভালৈ আমন্ত্ৰণ জনোৱা হ’ব। নিয়োজিত বিষয়াসকলৰ বাবে এছএজিৱাইৰ বিভিন্ন দক্ষতা বিকাশৰ কাৰ্যসূচী আছে। ইয়াৰ উপৰিও গ্ৰাম্য উন্নয়নৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে, যেনে-গাঁও পঞ্চায়ত পৰ্যায়ত সফলতাৰ কাহিনীৰ ওপৰত আলোকপাত কৰা, সংহত চৰকাৰী প্ৰশিক্ষণ কাৰ্যসূচীক এছএজিৱাই অনলাইনৰ সৈতে সংযোগ কৰা। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ২০২২ চনৰ ৪ আৰু ৫ আগষ্টত দুদিনীয়া প্ৰশিক্ষণৰ আয়োজন কৰে। ই সাংসদসকলক এই এছএজিৱাইৰ সৈতে কেনেকৈ অধিক সক্ৰিয়ভাৱে জড়িত হ’ব পাৰে সেই বিষয়ে প্ৰশিক্ষণ দিব। এছএজিৱাইৰ জৰিয়তে সৃষ্টি কৰা সম্পদসমূহৰ প্ৰকৃত চিনাক্তকৰণ আৰু বিকাশৰ বাবে জিঅ’ টেগিং এপ্লিকেচন বিকশিত কৰা হৈছে।

দিশা কমিটীৰ বৈঠকৰ সংখ্যা বৃদ্ধি কৰাটো আন এক গুৰুত্বপূৰ্ণ দিশ। বিভাগটোৱে নিয়মীয়াকৈ এনে সভাৰ আয়োজন কৰিবলৈ ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনক অনুৰোধ জনাইছে। ফলত ২০২২ চনৰ ২০ ডিচেম্বৰলৈকে এনে বৈঠকৰ সংখ্যা যথেষ্ট বৃদ্ধি পালে। ডিছা ডেচব’ৰ্ডত চিনাক্ত কৰা প্ৰকল্পৰ সংখ্যা বহুগুণে বৃদ্ধি কৰা হৈছে, ৰাজ্যভিত্তিক লগতে জিলাভিত্তিক দিশা বৈঠকৰ সংখ্যা বৃদ্ধি কৰিবলৈ মিটিং ৰিপ’ৰ্ট মডিউল নামৰ এটা ৱেব প’ৰ্টেল প্ৰৱৰ্তন কৰা হৈছে। দিশা ডেচব’ৰ্ড ৰাইজৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ২০২৩ চনত দিশা ডেচব’ৰ্ড জনসাধাৰণৰ বাবে উপলব্ধ হোৱাৰ সম্ভাৱনা আছে।

গ্ৰামোন্নয়নত সহযোগিতা বৃদ্ধিৰ বাবে ২০২২ বৰ্ষত কেইবাখনো বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। উন্নয়নশীল দেশসমূহৰ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ প্ৰসাৰৰ বাবে ২০২২ চনৰ ১৭ মাৰ্চত ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন প্ৰতিষ্ঠান আৰু পঞ্চায়তী ৰাজ আৰু ব্ৰিটেইনৰ ৰিডিং বিশ্ববিদ্যালয়ৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। লগতে ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন প্ৰতিষ্ঠান আৰু পঞ্চায়তীৰাজে ২০২২ চনৰ ২ আগষ্টত মালদ্বীপৰ স্থানীয় চৰকাৰ প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ মূল উদ্দেশ্য হৈছে স্থানীয় পৰিষদকে ধৰি মহিলা উন্নয়ন সমিতিৰ সদস্যসকলৰ উপৰি পঞ্চায়ত পৰ্যায়ৰ শ্ৰমিকসকলৰ দক্ষতা বিকাশ কৰা। এই মন্ত্ৰালয়ৰ বিষয়াসকলে আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণৰ বাবে কেইবাবাৰো চৰকাৰী ভ্ৰমণত বহিঃৰাজ্যলৈ গৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে বিভিন্ন কৃতিত্ব আৰু খিতাপ অৰ্জন কৰিছে। আজিজুল হকে সংহত গ্ৰাম্য উন্নয়ন আৰু গ্ৰাম্য অঞ্চলত জীৱিকাৰ সুযোগ সম্প্ৰসাৰণ আৰু দৰিদ্ৰতা নিৰ্মূলকৰণৰ প্ৰতি থকা দায়বদ্ধতাৰ স্বীকৃতি স্বৰূপে ২০২২ চনত গ্ৰাম্য উন্নয়ন পদক লাভ কৰে। মন্ত্ৰালয়ে বিভিন্ন পৰ্যায়ত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰে আৰু দুৰ্যোগ, বিপদ হ্ৰাস কৰিবলৈ এম জি এনৰেগাৰ লগতে বহনক্ষম গ্ৰাম্য উন্নয়নৰ লক্ষ্যৰে পৰিৱেশ অনুকূল ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ব্যৱস্থা গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰা হয়।

মিজোৰামৰ আইজল জিলাৰ আইবক ক্লাষ্টাৰে শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান মিছনৰ অধীনত প্ৰথম ক্লাষ্টাৰ বিকাশৰ সফলতা লাভ কৰিছে। এই ক্লাষ্টাৰৰ জনসংখ্যা ৫২২বৰ্গ কিলোমিটাৰ এলেকাৰ ১১খন গাঁৱত ১০,৯৬৩ জন। এই অভিযানৰ মূল উদ্দেশ্য হৈছে মূল্য শৃংখলৰ বিকাশ আৰু বজাৰৰ সুযোগ বৃদ্ধি কৰা। ইয়াৰ ভিতৰত কৃষিক পথৰ সৈতে সংযোগ কৰা, পথচাৰীৰ বাবে ফুটপাথ, আন্তঃগাওঁ পথ সংযোগ প্ৰকল্প আদি অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি ইক’ টুৰিজিম আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰ কৃষি সম্প্ৰসাৰণৰ সৈতে জড়িত। ঐতিহাসিক গুৰুত্বপূৰ্ণ স্থানত স্থানীয় পৰিৱেশ সংৰক্ষণৰ জৰিয়তে পৰ্যটনক উৎসাহিত কৰাটো অগ্ৰাধিকাৰ দিয়া হৈছে। ড্ৰেগন ফ্ৰুটৰ খেতি, হাঁহ-কুকুৰাৰ পালন বৃদ্ধি, পৰিৱেশৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্ৰকল্প, প্ৰকৃতি উদ্যান নিৰ্মাণ আদিৰ জৰিয়তে স্থানীয় ৰাইজৰ কৰ্মসংস্থাপন বহু পৰিমাণে বৃদ্ধি পায়। তদুপৰি শিক্ষানুষ্ঠানৰ সুযোগ বৃদ্ধি, সামাজিক আন্তঃগাঁথনি নিৰ্মাণ, ক্ৰীড়া আন্তঃগাঁথনি ইয়াৰ আন এটা দিশ।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ প্ৰচেষ্টাৰ লগতে স্থানীয় জনগোষ্ঠীৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে গ্ৰাম্য উন্নয়নৰ এই ক্লাষ্টাৰ উন্নয়নৰ কামে দ্বিতীয় পৰ্যায়ত দৰিদ্ৰতা নিৰাময়ৰ উপৰিও স্থানীয় জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰি আছে।

***

SNC/NR/PK/MS/DB



(Release ID: 1888013) Visitor Counter : 254