প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মণিপুৰৰ নোনি জিলাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোকাহত প্ৰধানমন্ত্ৰী


পিএমএনআৰএফৰপৰা এক্স-গ্ৰেচিয়া ঘোষণা

Posted On: 21 DEC 2022 8:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ নোনি জিলাত সংঘটিত শোকাৱহ বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (PMNRF) ৰপৰা মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ এক্স-গ্ৰেচিয়া আৰু আহতসকললৈ ৫০,০০০ টকাকৈ ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;

"মণিপুৰৰ নোনি জিলাত সংঘটিত শোকাৱহ বাছ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছো। মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। তদুপৰি, আহতসকলৰ আশু-আৰোগ্য কামনা কৰিলো। ভুক্তভোগীসকলক মণিপুৰ চৰকাৰে সম্ভৱপৰ সকলো সহায় আগবঢ়াইছেঃ প্ৰধানমন্ত্ৰী @narendramodi"

"বাছ দুৰ্ঘটনাটোত নিহতসকলৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ এক্স-গ্ৰেচিয়া আগবঢ়োৱা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ'বঃ প্ৰধানমন্ত্ৰী @narendramodi"

 

***

DS/ST/SB


(Release ID: 1886647) Visitor Counter : 127