তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
২৬ সংখ্যক ‘দিল্লী গ্ৰন্থমেলা’ত নিজৰ সাহিত্যিক ৰত্নসমূহৰ প্ৰদৰ্শন কৰিছে ‘পাব্লিকেশ্যন ডিভিজন’-য়ে
নতুন দিল্লীত অনুষ্ঠিত ২৬ সংখ্যক ‘দিল্লী গ্ৰন্থমেলা’ত ভাৰত চৰকাৰৰ অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান ‘পাব্লিকেশ্যন ডিভিজন’য়ে নিজৰ গ্ৰন্থ আৰু আলোচনীৰ সংগ্ৰহৰ প্ৰদৰ্শন কৰে
Posted On:
22 DEC 2022 8:31PM by PIB Guwahati
‘ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেশ্যন’(আই টি পি অ’)ৰ উদ্যোগত আৰু ফেডাৰেচন অৱ ইণ্ডিয়ান পাব্লিচাৰ্ছ (এফ আই পি)ৰ সহযোগত নতুন দিল্লীত ২২ৰ পৰা ২৬ ডিচেম্বৰ, ২০২২লৈ অনুষ্ঠিত হোৱা মহানগৰীখনৰ বহু প্ৰত্যাশিত ‘২৬ সংখ্যক দিল্লী গ্ৰন্থমেলা’ত ‘তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়’ৰ ‘পাব্লিকেশ্যন ডিভিজন’য়ে অংশগ্ৰহণ কৰিছে। ‘পাব্লিকেশ্যন ডিভিজন’য়ে গ্ৰন্থমেলাত নিজৰ গ্ৰন্থ আৰু আলোচনীসমূহৰ বিস্তৃত সম্ভাৰ প্ৰদৰ্শন কৰাৰ লগতে জনপ্ৰিয় গ্ৰন্থসমূহত ৯০% পৰ্যন্ত ৰেহাইৰ সুবিধা আগবঢ়াইছে।
গ্ৰন্থপ্ৰেমীসকলে ‘ৰাষ্ট্ৰপতি ভৱন’ আৰু প্ৰধানমন্ত্ৰীৰ ভাষণ সন্দৰ্ভত কেৱল ‘পাব্লিকেশ্যন ডিভিজন’য়েহে প্ৰকাশ কৰা গ্ৰন্থসমূহৰ অন্বেষণ কৰাৰ সুযোগ পাব।
‘আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি ‘পাব্লিকেশ্যন ডিভিজন’য়ে দৰ্শনাৰ্থী আৰু গ্ৰন্থপ্ৰেমীসকলৰ বাবে ভাৰতীয় স্বাধীনতা সংগ্ৰাম আৰু স্বাধীনতা সংগ্ৰামীসকলৰ ইতিহাস সন্দৰ্ভত প্ৰণয়ন কৰা গ্ৰন্থৰ সম্ভাৰ আগবঢ়াইছে। ‘ডিভিজন’য়ে ভাৰতীয় চিনেমা, শিল্প আৰু সংস্কৃতি, ভাৰতীয় ইতিহাস, বিশিষ্ট ব্যক্তিত্ব, শিশু সাহিত্য আদিৰো সংগ্ৰহ প্ৰদৰ্শন কৰিছে।
গ্ৰন্থসমূহৰ উপৰিও ‘পাব্লিকেশ্যন ডিভিজন’ৰ জনপ্ৰিয় আৰু বহুলভাৱে প্ৰচাৰিত আলোচনী যেনে: ‘যোজনা’, ‘কুৰুক্ষেত্ৰ’, ‘আজকাল’ আৰু ‘বাল ভাৰতী’ আদিও বিপনীখন উপলব্ধ হৈছে। দৰ্শণাৰ্থীসকলে বিভাগটোৰ দ্বাৰা প্ৰকাশিত আলোচনী আৰু ‘নিয়োগ বাতৰি’/’ৰোজগাৰ সমাচাৰ’ৰ বাৰ্ষিক সদস্যতাও ক্ৰয় কৰিব পাৰিব।
‘পাব্লিকেশ্যন ডিভিজন’ৰ গ্ৰন্থ প্ৰদৰ্শনী অনুষ্ঠিত হৈছে নতুন দিল্লীৰ ‘প্ৰগতি ময়দান’ৰ ৪ নং হলৰ ৪-০৩/বি.চি.ত স্থাপন কৰা বিপনীত।
***
Saurabh Singh/KB
(Release ID: 1885957)
Visitor Counter : 157