গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

‘খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ’ৰ বৰ্ষান্তিক খটিয়ান-২০২২


‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ প্ৰায় ১১১৮ লাখ মেট্ৰিকটন খাদ্য-সামগ্ৰীৰ আৱণ্টন

২৯১খন জিলাৰ ২৫০(২৬খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ)খন জিলাই ‘লক্ষ্য-নিৰ্দ্ধাৰিত ৰাজহুৱা বিতৰণ’ ব্যৱস্থাৰ অধীনত সংগ্ৰহ কৰিছে ‘পুষ্টিবৰ্দ্ধিত চাউল’ৰ খেপ, ২০২৪ৰ মাৰ্চৰ ভিতৰত বাকী জিলাসমূহকো সামৰি লোৱা হ’ব

‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড’ পৰিকল্পনাৰ অধীনত সূচীভুক্ত হোৱা ৯৩ কোটি ‘প’ৰ্টেবিলিটী’ লেনদেনত আন্তঃৰাজ্য আৰু ৰাজ্যৰ ভিতৰৰ উভয় ক্ষেত্ৰতে ১৭৭ লাখ টনৰো অধিক খাদ্য সামগ্ৰীৰ সৰবৰাহ কৰা হৈছে

‘মানৱীয় সহযোগিতা’ হিচাপে আফগানিস্তানলৈ ৪০০৬৩ মেট্ৰিকটন আটাৰ যোগান ধৰা হৈছে

২০২১-২২ৰ ‘কুঁহিয়াৰ-বতৰ’ত খেতিয়কসকলক আদায় দিয়া হৈছে ১১৪৯৮১ কোটি টকা, কুঁহিয়াৰৰ বাবদ দিবলগা ৯৭শতাংশৰো অধিক বকেয়া আদায়

ইথানল মিশ্ৰিত মুঠ পেট্ৰোলৰ ৮৭শতাংশতকৈয়ো অধিক পৰিমাণৰ ইথানল যোগানৰ বাবদ ২০২২ত চেনীকল/ডিষ্টিলেৰীসমূহক আদায় দিয়া হৈছে ১৮০০০ কোটিৰো অধিক টকাৰ ৰাজহ

Posted On: 12 DEC 2022 4:14PM by PIB Guwahati

‘উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়’ৰ অধীনস্থ ‘খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ’(ডিএফপিডি)য়ে ২০২২বৰ্ষতো ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’(পিএমজিকেএওৱাই), ‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড’(অএনঅ’আৰচি), আৰু বিভিন্ন আঁচনিৰ জৰিয়তে বিতৰণ কৰি থকা ‘পুষ্টি-বৰ্দ্ধিত চাউল’ৰ বিতৰণ, ‘লক্ষ্য-নিৰ্দ্ধাৰিত ৰাজহুৱা বিতৰণ’কে ধৰি অন্যান্য আঁচনিৰ সুবিধাসমূহ সকলো হিতাধিকাৰীলৈকে যোগান ধৰাটো নিশ্চিত কৰি আহিছে।

ইয়াৰ লগতে বিভাগটোৱে খেতিয়কসকলৰ পৰা খাদ্যদ্ৰব্য সংগ্ৰহ কৰা আৰু বিভিন্ন দেশলৈ মানৱীয় সহায্য প্ৰদানৰ দৰে দায়িত্ব পালন কৰি আহিছে।

বছৰটোত বিভাগটোৱে লাভ কৰা বিশেষ কেতবোৰ সাফল্য হৈছে:

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা(পিএমজিকেএওৱাই)

ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিত বাধাগ্ৰস্থ হোৱা অৰ্থনীতিৰ পৰণতিত দুখীয়া ৰাইজে সন্মুখীন হ’বলগীয়া হোৱা সংকটৰ লগতে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত ক’ভিড-১৯ৰ নেতিবাচক প্ৰভাৱ প্ৰশমিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০২০চনৰ মাৰ্চ মাহত ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন’(এনএফএছএ)ৰ অধীনৰ (অন্ত্যোদয়া অন্ন যোজনা(এএওৱাই) আৰু ‘প্ৰায়’ৰিটী হাউছহল্ড’(পিএইচএইচ))হিতাধিকাৰীসকলক ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’(পিএমজিকেএওৱাই) অধীনত প্ৰতিগৰাকীকে প্ৰতিমাহে অতিৰিক্ত ভাবে ৫ কিলোগ্ৰামকৈ খাদ্যদ্ৰব্য বিনামূলীয়াকৈ যোগান ধৰাৰ কথা ঘোষণা কৰিছিল। এই পৰ্যন্ত এই আঁচনিৰ জৰিয়তে বিভাগটোৱে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰায় ১১১৮ লাখ মেট্ৰিকটন পৰিমাণৰ খাদ্যদ্ৰব্য আৱণ্টিত কৰিছে। তলত ইয়াৰ বিস্তৃত তথ্য দাঙি ধৰা হ’ল:

পৰ্যায়

খাদ্যদ্ৰব্যৰ আৱণ্টন

(লাখ মেট্ৰিকটন হিচাপত)

সৰ্বাধিক বিত্তীয় বোজা

(কোটি টকা হিচাপত))

পিএমজিকেএওৱাই-১ (এপ্ৰিল-জুন, ২০২০

120

44,834

পিএমজিকেএওৱাই-২ (জুলাই-নৱেম্বৰ, ২০২০)

201

68,351

পিএমজিকেএওৱাই-৩ (মে আৰু জুন, ২০২১)

80

26,602

পিএমজিকেএওৱাই-৪ (জুলাই-নৱেম্বৰ, ২০২১)

199

67,266

পিএমজিকেএওৱাই-৫(ডিচেম্বৰ, ২০২১-মাৰ্চ, ২০২২)

159

53,344

পিএমজিকেএওৱাই-৬  (এপ্ৰিল-ছেপ্টেম্বৰ, ২০২২)*

239

85,838

পিএমজিকেএওৱাই-৭ (অক্টোবৰ-ডিচেম্হৰ, ২০২২)

120

44,762

মুঠ

1118

390997

 

চাউলৰ পুষ্টি-বৰ্দ্ধন আৰু মান উত্তৰণ সন্দৰ্ভত মাননীয় প্ৰধানমন্ত্ৰীৰ ঘোষণা

মানননীয় প্ৰধানমন্ত্ৰী তেওঁৰ স্বাধীনতা দিৱস(১৫ আগষ্ট,২০২১)ৰ ভাষণত চৰকাৰী আঁচনিসমূহৰ অধীনত ‘পুষ্টি-বৰ্দ্ধিত চাউল’ জৰিয়তে পৰিপুষ্টি সাধন কৰাৰ কথা যোষণা কৰিছিল। সেই ঘোষণা বাস্তৱায়িত কৰাৰ উদ্দেশ্যেই ভাৰত চৰকাৰে ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন’ আৰু ‘আইচিডিএছ’ আৰু ‘পিএম পোষণ’কে ধৰি ভাৰত চৰকাৰৰ অন্যান্য কল্যাণমূলক আঁচনিৰ অধীনত দেশৰ সকলোবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যায়ক্ৰমে ‘লক্ষ্য-নিৰ্দ্ধাৰিত ৰাজহুৱা ব্যৱস্থা’(টিপিডিএছ)ৰ জৰিয়তে ‘পুষ্টি-বৰ্দ্ধিত চাউল’ যোগানৰ প্ৰস্তাৱলৈ অনুমোদন জনায়।

দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ‘আইচিডিএছ’ আৰু ‘পিএম পোষণ’ক সামৰি প্ৰথমটো পৰ্যায়ৰ ৰূপায়ণ আৰম্ভ হয় ২০২১-২২ বিত্তীয়বৰ্ষত। ‘আইচিডিএছ’ আৰু ‘পিএম পোষণ’-ৰ অধীনত প্ৰায় ১৭.৫১ লাখ মেট্ৰিকটন পৰিমাণৰ ‘পুষ্টি-বৰ্দ্ধিত চাউল’ৰ বিতৰণ কৰা হৈছে।

প্ৰথম পৰ্যায়ৰ অঞ্চলসমূহৰ লগতে ১১২খন ‘মহতাকাংক্ষী জিলা’ৰ লগতে বিকাশ বাধাগ্ৰস্ত হোৱা ‘অধিক বোজাযুক্ত জিলা’(মুঠ ২৯১খন)ৰ ২৫০খনৰ ‘টিপিডিএছ’ আৰু ‘অ’ডব্লিউএছ’সমূহক সামৰি দ্বিতীয়টো পৰ্যায় আৰম্ভ হয় ২০২২ৰ এপ্ৰিল মাহৰ পৰা। ২৯১খনৰ জিলাৰ ২৫০খন(২৬খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল)জিলাই ‘টিপিডিএছ’, ‘আইচিডিএছ’ আৰু ‘পিএম পোষণ’ৰ অধীনত ১৩.১১.২০২২ পৰ্যন্ত প্ৰায় ১৬.৭৯ লাখ মেট্ৰিকটন পৰিমাণৰ ‘পুষ্টি-বৰ্দ্ধিত চাউল’ সংগ্ৰহ কৰিছে।

ৰূপায়ণৰ তৃতীয়টো পৰ্যায় আৰম্ভ হ’ব ২০২৩-২৪বিত্তীয় বৰ্ষত, যত দ্বিতীয়পৰ্যায়ত সামৰা অঞ্চলসমূহৰ লগতে দেশৰ বাকী থকা জিলাসমূহকো ২০২৪ৰ মাৰ্চ মাহৰ ভিতৰত সামৰি লোৱা হ’ব।

চাউলৰ পুষ্টিবৰ্দ্ধন আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে ইয়াৰ বিতৰণ সম্পৰ্কীয় কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাৰে ৰূপায়িত পৰীক্ষামূলক আঁচনি

দেশত ‘মাইক্ৰ নিউট্ৰিয়েণ্ট’ৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে “চাউলৰ পুষ্টিবৰ্দ্ধন আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে ইয়াৰ বিতৰণ” সম্পৰ্কীয় কেন্দ্ৰীয় চৰকাৰৰ আঁচনিখনলৈ অনুমোদন জনায়। প্ৰথমিক পৰ্যায়ত ২০১৯-২০ৰ পৰা তিনিটা বছৰৰ বাবে আঁচনিখনৰ পৰীক্ষামূলক ৰূপায়ণৰ সিদ্ধান্ত লোৱা হয়। দেশৰ পোন্ধৰখন ৰাজ্য চৰকাৰ যথা: অন্ধ্ৰ প্ৰদেশ, কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, ওড়িশা, গুজৰাট, উত্তৰ প্ৰদেশ, আসম, তামিল নাডু, তেলেগাণা, পাঞ্জাৱ, চত্তিশগড়, ঝাৰ্খণ্ড, উত্তৰাখণ্ড, আৰু মধ্য প্ৰদেশে এই পৰীক্ষামুলক আঁচনিখন ৰূপায়ণৰ বাবে সন্মতি প্ৰদান কৰাৰ লগতে ইয়াৰ বাবে জিলা (প্ৰতিখন ৰাজ্যত ১খন জিলাক প্ৰাথমিকতা)সমূহৰ চিনাক্তকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। ইয়াৰে ১১খন ৰাজ্য: অন্ধ্ৰ প্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, তামিল নাডু, চত্তিশগড়, উত্তৰ প্ৰদেশ, ওড়িশা, তেলেংগাণা, মধ্য প্ৰদেশ আৰু ঝাৰখণ্ডই তেওঁলোকৰ নিৰ্বাচিত জিলাসমূহত আঁচনিখনৰ জৰিয়তে পুষ্টিবৰ্দ্ধিত চাউল বিতৰণ কৰিছে। ৩১.৩.২০২২ত আঁচনিখনৰ পৰীক্ষামূলক ৰূপায়ণৰ ম্যাদ সম্পূৰ্ণ হৈছে।

লক্ষ্য-নিৰ্দ্ধাৰিত বিতৰণ ব্যৱস্থা(টিপিডিএছ)ৰ সংস্কাৰ

দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে ‘এনএফএছএ’-ৰ অধীনত বিতৰণ কৰা ৰেচন কাৰ্ড-হিতাধিকাৰীসকলৰ তথ্য ১০০শতাংশ ‘ডিজিটাইজ’ কৰা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ‘ট্ৰেন্সপাৰেঞ্চী প’ৰ্টেল’ত প্ৰায় ৮০কোটি হিতাধিকাৰীক সামৰি লোৱা প্ৰায় ১৯.৫ কোটি ৰেচন কাৰ্ডৰ বিস্তৃত তথ্য উপলব্ধ কৰা হৈছে।

৯৯.৫শতাংশৰো অধিক ৰোচন কাৰ্ডৰে আধাৰ সংলগ্ন(অন্ততঃ এগৰাকী সদস্যৰ)কৰা হৈছে।

স্বচ্ছতা আৰু হিতাধিকাৰীসকলৰ মাজত ৰাজসাহায্যযুক্ত খাদ্যদ্ৰব্যৰ বিতৰণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে দেশৰ প্ৰায় ৯৯.৮শতাংশ(মুঠ ৫.৩৪ লাখৰ ৫.৩৩ লাখেই)সুলভ মূল্যৰ দোকানত ‘ইলেক্ট্ৰনিক পইণ্ট অব ছেল(ইপিঅএছ) ডিভাইচ’-ৰ ব্যৱহাৰ কৰা হৈছে।  

‘এনএফএছএ’-ৰ অধীনত ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ মাহেকত আৱণ্টন দিয়া খাদ্যদ্ৰব্যৰ বিতৰণ প্ৰায় ৯০শতাংশই ‘বায়’মেট্ৰিকেলী’/‘আধাৰ প্ৰত্যায়িতকৰণ প্ৰক্ৰিয়া’ৰ মাজেৰে সম্পাদিত কৰা হৈছে।

এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড পৰিকল্পনাৰ অগ্ৰগতি

২০১৯ চনত ৪খন ৰাজ্যত আন্তঃৰাজ্যিক ‘প’ৰ্টেবিলিটী’ৰে আৰম্ভ কৰা ‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড’(অ’এনঅ’আৰচি) পৰিকল্পনাই এতিয়া সমগ্ৰ দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ৮০ কোটি ‘এনএফএছএ’-হিতাধিকাৰীক সামৰি লৈছে, অৰ্থাত্, ‘এনএফএছএ’-ৰ প্ৰায় ১০০শতাংশ জনসংখ্যাকে সামৰি লৈছে। চত্তিশগড় আৰু অসমে ২০২২ৰ ক্ৰমে ফেব্ৰুৱাৰী আৰু জুন মাহত ‘অ’এনঅ’আৰচি’ পৰিকল্পনাৰে সংযুক্ত হৈছে।

‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড’ পৰিকল্পনাৰ অধীনত সূচীভুক্ত হোৱা ৯৩ কোটি ‘প’ৰ্টেবিলিটী’ লেনদেনত আন্তঃৰাজ্য আৰু ৰাজ্যৰ ভিতৰৰ উভয় ক্ষেত্ৰতে ১৭৭ লাখ টনৰো অধিক খাদ্য সামগ্ৰীৰ সৰবৰাহ কৰা হৈছে

২০২২ বৰ্ষৰ ১১টা মাহত প্ৰায় ৩৯ কোটি ‘প’ৰ্টেবিলিটী’ লেনদেন সম্পাদিত কৰাৰ জৰিয়তে ৮০ লাখ মেট্ৰিকটনৰো অধিক খাদ্যদ্ৰব্যৰ সৰবৰাহ কৰা হৈছে। সম্প্ৰতি, প্ৰতি মাহে গড়ে ৩.৫ কোটিৰো অধিক ‘প’ৰ্টেবিলিটী’ লেনদেন সম্পাদিত কৰি থকা হৈছে।

খাদ্যদ্ৰব্যৰ সৰবৰাহ

২০২২ বৰ্ষ(জানুৱাৰীৰ পৰা অক্টোবৰ পৰ্যন্ত) ১৫৩ ‘কণ্টেইনাৰযুক্ত ৰেক’ৰ জৰিয়তে সামগ্ৰীৰ সৰবৰাহ কৰাৰ লগতে ৩৪৩ লাখ টকাৰ ভাড়া ৰাহি কৰিব পৰা গৈছে।

‘ভাৰতীয় খাদ্য নিগম’(এফচিআই)য়ে উপকূলীয় জাহাজ আৰু স্থলপথৰে অন্ধ্ৰ্ প্ৰদেশৰ মনোনীত দ্ৰব্য-ভাণ্ডাৰৰ পৰা কেৰালা আৰু আন্দামান-নিকোবৰৰ মনোনীত দ্ৰব্য-ভাণ্ডাৰলৈ চাউল সৰবৰাহৰ ব্যৱস্থা গ্ৰহণ কৰে। ২০২২ বৰ্ষ(জানুৱাৰীৰ পৰা অক্টোবৰ পৰ্যন্ত)ত এই ব্যৱস্থাৰে ৩৯০০০মেট্ৰিকটন পৰিমাণৰ চাউলৰ সৰবাৰহ কৰা হয় আৰু এই ব্যৱস্থা পৰম্পৰাগত পৰিবহণ ব্যৱস্থাৰ তুলনাত কম-খৰচী বুলি পৰিগণিত হয়। 

তদুপৰি, ‘এফচিআই’য়ে ২০২২ বৰ্ষ(জানুৱাৰীৰ পৰা অক্টোবৰ পৰ্যন্ত)ত ‘এনএফএছএ’ আৰু ‘পিএমজিকেএওৱাই’-ৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে মুঠ ১৫০১৯ৰেকত প্ৰায় ৫১৩.০৮ লাখমেট্ৰিকটন পৰিমাণৰ খাদ্যদ্ৰব্যৰ সৰবৰাহ কৰে।

মেটা খাদ্যদ্ৰব্যৰ সংগ্ৰহ, আৱণ্টন, বিতৰণ আৰু নিষ্পত্তিৰ বাবে সংশোধিত বিধি-নিৰ্দেশণা

মোটা খাদ্যদ্ৰব্য সংগ্ৰহ-বিতৰণৰ ক্ষেত্ৰত কেতবোৰ ৰাজ্যই সন্মুখীন হৈ অহা  সমস্যা আঁতৰোৱাৰ লগতে কেন্দ্ৰীয় পুলৰ অধীনত মোটা খাদ্যদ্ৰব্য সংগ্ৰহৰ পৰিমাণ বৃদ্ধি, বিতৰণৰ ম্যাদ/’শ্বেল্ফলাইফ’ৰ ম্যাদ আদি বৃদ্ধি কৰি ২৮.০৩.২০২২ তাৰিখে চাৰ্কুলাৰ জাৰি কৰা হৈছে।

 

সংগ্ৰহ প্ৰক্ৰিয়াত ই-গভাৰ্নেন্স

ভাৰত চৰকাৰে খাদ্যদ্ৰব্য সংগ্ৰহ সম্পৰ্কীয় যাৱতীয় তথ্য একত্ৰে লাভ কৰি সকলোৰে বাবে সমতাপূৰ্ণ বিধি-ব্যৱস্থা তথা স্বচ্ছতা অক্ষুন্ন ৰখাৰ লগতে কৌশলগত সিদ্ধান্ত গ্ৰহণ পৰাকৈ সকলো ৰাজ্যৰ সংগ্ৰহ-সম্পৰ্কীয় প’ৰ্টেলসমূহ সংযোজিত কৰি ‘মিনিমাম থ্ৰেচহ’ল্ড পেৰামিটাৰ’ চমুকৈ ‘এমটিপি’-শীৰ্ষক এক ‘এপ্লিকেশ্যন ইক’-ছিষ্টেম’ গঢ়ি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

খাদ্যদ্ৰব্যৰ সংগ্ৰহ(ধান-ঘেহু):

২০২২-২৩ৰ চলিত ‘খাৰিফ বিপণন বতৰ’(কেএমএছ)ৰ ৪.১২.২০২২ পৰ্যন্ত ৩৩৯.৮৮লাখ মেট্ৰিকটন ধান(চাউল ২২৭.৮২লাখ মেট্ৰিকটন)সংগ্ৰহৰে ২৯,৯৮,৭৯০গৰাকী খেতিয়কক ৭০০১৫.১৯ কোটি টকাৰ ‘এমএছপি’-ৰে লাভাৱান্বিত কৰে। ২০২২-২৩ৰ ‘ৰবি বিপণন বতৰ’(আৰএমএছ)ত ১৮৭.৯২লাখ মেট্ৰিকটন ঘেহু সংগ্ৰহৰে ১৭,৮৩,১৯২গৰাকী খেতিয়কক ৩৭,৮৬৬.১৩ কোটি টকাৰ ‘এমএছপি’-ৰে লাভাৱান্বিত কৰে।

মোটা ফচলৰ সংগ্ৰহ

২০২২-২৩ৰ চলিত ‘খাৰিফ বিপণন বতৰ’ত ‘মোটা ফচল’ সংগ্ৰহৰ বাবে ৭.১২.২০২১-২৮.০৩.২০২২ তাৰিখৰ বিধি-নিৰ্দেশনাৰ আধাৰত বিভাগটোৱে বিভিন্ন ৰাজ্য চৰকাৰৰ বাবে সংগ্ৰহ-পৰিকল্পনা অনুমোদন কৰিছে। তলত এই সম্পৰ্কীয় বিস্তৃত তথ্য দাঙি ধৰা হ’ল:

২০২২-২৩ৰ চলিত খাৰিফ বিপণন বতৰত মোটা ফচল সংগ্ৰহৰ বাবে অনুমোদিত পৰিমাণ

৩০.১১.২০২২ তাৰিখৰ হিচাপত

পৰিমাণ মেট্ৰিকটন(এমটি) হিচাপত

ক্ৰমিক নং

ৰাজ্য

সামগ্ৰী

পৰিমাণ

(এমটি)

1.

হাৰিয়ানা

বজ্ৰা

মেইজ

1,60,000

5000

2.

কৰ্ণাটক

জোৱাৰ

ৰাগী

2,00,000

5,00,000

3.

মহাৰাষ্ট্ৰ

জোৱাৰ

বজ্ৰা

মেইজ

ৰাগী

16063

2279

42379

354

4.

মধ্য প্ৰদেশ

জোৱাৰ

বজ্ৰা

40,000

1,40,000

5.

উত্তৰ প্ৰদেশ

মেইজ

বজ্ৰা

1,00,000

50,000

6.

গুজৰাট

মেইজ

বজ্ৰা

10,000

20,000

7.

তামিল নাডু

ৰাগী

17,000

8.

মুঠ

 

13,03,075

 

পেন মাৰ্কেট ছেল স্কিম (আভ্যন্তৰীণ) (অএমএছএছ(ডি))

২০২২ বৰ্ষৰ এই পৰ্যন্ত ‘অ’এমএছএছ(ডি)’ৰ জৰিয়তে মুঠ ০.১০ লাখ মেট্ৰিক টন পৰিমাণৰ আটা আৰু ১.২২ লাখ মেট্ৰিকটন পৰিমাণৰ চাউল মুকলি বজাৰত বিক্ৰী কৰা হৈছে।

 

মানৱীয় সাহায্য হিচাপে খাদ্যৰ যোগান

মানৱীয় সহযোগিতা হিচাপে আফগানিস্তানলৈ ৪০০৬৩ মেট্ৰিকটন আটাৰ যোগান ধৰা হৈছে

মানৱীয় সহযোগিতা হিচাপে টিমোৰ লেষ্টিলৈ ২০০০ মেট্ৰিকটন অনা-বাছমতী চাউলৰ যোগান ধৰা হৈছে

মানৱীয় সহযোগিতা হিচাপে মোজাম্বিকলৈ ২০০০ মেট্ৰিকটন অনা-বাছমতী চাউলৰ যোগান ধৰা হৈছে

চেনী খণ্ড

ভাৰতীয় চেনী উদ্যোগটো হৈছে এক গুৰুত্বপূৰ্ণ কৃষি-ভিত্তিক উদ্যোগ যিয়ে প্ৰায় ৫ কোটি কুঁহিয়াৰ-খেতিয়ক আৰু তেওঁলোকৰ গ্ৰামীণ জীৱন আৰু জীৱিকাক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰি আহিছে। সেইদৰে চেনীকলসমূহত প্ৰায় ৫ লাখ লোকে প্ৰত্যক্ষ কৰ্ম-সংস্থান লাভ কৰি আহিছে। তদুপৰি পৰিবহণ, কল-কাৰখানৰ মেৰামতিকে ধৰি অন্যান্য সেৱা তথা খেতিৰ বাবে প্ৰয়োজনী আনুষংগিক দিশসমূহতো পৰোক্ষ কৰ্ম-সংস্থানৰ দিহা আগবঢ়াই আহিছে এই উদ্যোগে। ভাৰত হৈছে পৃথিৱীৰ ভিতৰতে সৰ্বাধিক চেনী উত্পাদন কৰোতা তথা উপভোক্তাৰ দেশ। আজিৰ তাৰিখত ভাৰতৰ চেনী-উদ্যোগৰ বাৰ্ষিক আয়ৰ পৰিমাণ প্ৰায় ১,৪০,০০০কোটি টকা।

২০২১-২২ৰ চেনীৰ বতৰত দেশত ৫২১টা চেনীৰ কাৰখান সক্ৰিয় আছিল আৰু এই কাৰখানাসমূহত দেশৰ ঘৰুৱা চাহিদা ২৬০ লাখমেট্ৰিক টন চেনীৰ বিপৰীতে ৩৬০ লাখ মেট্ৰিকটন পৰিমাণৰ চেনীৰ উত্পাদন কৰা হয়। দেশৰ বজাৰত পৰ্যাপ্ত পৰিমাণে চেনী উপলব্ধ কৰাৰ লগতে চেনীৰ দাম যাতে বৃদ্ধি নহয় সেয়া নিশ্চিত কৰাৰ বাবে ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ৰ ‘ডিজিএফটি’-য়ে চেনীৰ ৰপ্টানীৰ ক্ষেত্ৰত ২০২২চনৰ ১জুনৰ পৰা বলবত্ হোৱাকৈ নিয়ন্ত্ৰণৰ দিহা কৰে। অৱশ্যে, ২০২১-২২ৰ চেনীৰ-বতৰত ভাৰতে ১১০ লাখ মেট্ৰিকটনৰো অধিক পৰিমাণৰ চেনী ৰপ্টানী কৰি পৃথিৱীৰ সৰ্বাধিক চেনী উত্পাদনকাৰী দেশ হিচাপে পৰিণিত হোৱাৰ উপৰি চেনীৰ দ্বিতীয় সৰ্ববৃহত্ ৰপ্টানী কৰোতা দেশ হিচাপেও পৰিগণিত হয়।

ইফালে, ২০২১-২২ৰ কুঁহিয়াৰ-বতৰত  খেতিয়কসকলক আদায় দিয়া হৈছে ১১৪৯৮১ কোটি টকা। ইয়াৰ ফলত কুঁহিয়াৰৰ বাবদ দিবলগা ৯৭শতাংশৰো অধিক  বকেয়া আদায় দিয়া হৈছে।

ইথানল মিশ্ৰিত মুঠ পেট্ৰোলৰ ৮৭শতাংশতকৈয়ো অধিক পৰিমাণৰ  ইথানল যোগানৰ বাবদ ২০২২ত চেনীকল/ডিষ্টিলেৰীসমূহক আদায় দিয়া হৈছে ১৮০০০ কোটিৰো অধিক টকাৰ ৰাজহ।

পেট্ৰোলত ইথানলৰ মিশ্ৰণ কাৰ্যক্ৰম

ইথানল হৈছে এক কৃষি ভত্তিক সামগ্ৰী, যাক ইন্ধন হিচাপে পেট্ৰলৰ সৈতে মিশ্ৰিত কৰাৰ লগতে ‘চেনিটাইজাৰ’ৰ উত্পাদনকে ধৰি আন বহুবোৰ উদ্যোগত বিভিন্ন কাম-কাজত ব্যৱহাৰ কৰা হয়। এনে প্ৰেক্ষাপটতে ৰাহি হৈ ৰোৱা কুঁহিয়াৰবোৰক ইথনললৈ পৰিৱৰ্তিত কৰাৰ বাবে চেনীকলসমূহক চৰকাৰে উত্সাহিত কৰি আহিছে। দেশৰ শক্তি-সুৰক্ষাৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে ইন্ধনৰ ক্ষেত্ৰত থকা আমদানী-নিৰ্ভৰশীলতা হ্ৰাস কৰা, বিদেশী মুদ্ৰাৰ বিনিময় ৰাহি কৰা, পৰিৱেশ সংক্ৰান্তীয় প্ৰসংগসমূহৰ মোকাবিলা কৰা আৰু আভ্যন্তৰীণ কৃষি খণ্ডক উত্সাহিত কৰা উদ্দেশ্য আগত ৰাখি ভাৰত চৰকাৰে ‘ইথানল ব্লেণ্ডেড পেট্ৰল’(ইবিপি) কাৰ্যক্ৰমৰ ৰূপায়ণৰ দিহা কৰে। কেইবছৰ মান আগতে দেশে পেট্ৰলত ১০ শতাংশ ‘ইথানল ব্লেণ্ডিং’-ৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছিল, আৰু দেশ এই লক্ষ্যত নিৰ্দ্ধাৰিত সময়তকৈ আগতেই উপনীত হৈছিল। আৰু এতিয়া ২০২৫ চনৰ ভিতৰত ২০শতাংশ পৰ্যন্ত ‘ইথানল ব্লেণ্ডিং’-ৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।

পেট্ৰলত ইথানল মিহলি কৰাৰ বাবে ৰূপায়ণ কৰা অভিযানৰ জৰিয়তে শেহতীয়া ৭-৮টা বছৰত দেশে প্ৰায় ৫০ হাজাৰ কোটি টকা ৰাহি কৰিবলৈ সক্ষম হৈছে। এই অভিযানৰ পৰা দেশৰ কৃষকসমাজো বাকুকৈয়ে লাভাৱান্বিত হৈছে।

২০১৩-১৪ চনত তৈল-প্ৰতিষ্ঠানসমূহলৈ যোগান ধৰা ইথানলৰ পৰিমাণ আছিল মাত্ৰ ৩৮ কোটি লিটাৰ, আৰু ইথানল মিহলিৰ পেট্ৰোলৰ হাৰ আছিল মাত্ৰ ১.৫৩শতাংশ। পিচে, ২০১৩-১৪ৰ পৰা ২০২০-২১ৰ মাজৰ সময়ছোৱাত ইন্ধনত মিহলিযোগ্য ইথানল আৰু তৈল-প্ৰতিষ্ঠানসমূহলৈ ইয়াৰ যোগানৰ পৰিমাণ ৮গুণে বৃদ্ধি পায়। আজিৰ তাৰিখত ইয়াৰ উত্পাদনৰ পৰিমাণ হৈছে প্ৰায় ৪০০কোটি লিটাৰ।

২০১৮ চনত চৰকাৰে অধিসূচিত কৰা জৈৱ-ইন্ধন সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতিত ২০৩০ চনৰ ভিতৰত পেট্ৰলত ২০শতাংশ ইথানল মিহলিৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল। পিচে, ২০১৪ চনৰ পৰা চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ধৰণৰ পদক্ষেপৰ পৰিপ্ৰেক্ষিতত ২০২১ চনৰ ৫ জুন তাৰিখে ‘বিশ্ব পৰিবেশ দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা ‘ইথানল ব্লেণ্ডিং ইন ইণ্ডিয়া ২০২০-২৫’ শীৰ্ষক পথ-নিৰ্দেশনাখনত ২০শতাংশ ‘ইথানল ব্লেণ্ডিং’-ৰ লক্ষ্যত উপনীত হোৱাৰ কথা উল্লেখ কৰা হৈছে।

ইথানল মিশ্ৰিত মুঠ পেট্ৰোলৰ ৮৭শতাংশতকৈয়ো অধিক পৰিমাণৰ  ইথানল যোগানৰ বাবদ ২০২২ত চেনীকল/ডিষ্টিলেৰীসমূহক আদায় দিয়া হৈছে ১৮০০০ কোটিৰো অধিক টকাৰ ৰাজহ।

***

AD/NS/KB



(Release ID: 1884062) Visitor Counter : 155