উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূৰ্বাঞ্চলৰ নাৰী-শক্তি: শ্ৰীমতী য়োবিনা লীংডো মাৰ্শ্বিলঙৰ প্ৰেৰণা দায়ক জীৱনগাঁথা-‘এনইআৰচিআৰএমএছ’-ডনাৰ মন্ত্ৰালয়ৰ এনইচি-ৰ অধীনত পঞ্জীয়ণকৃত এক সমিতি
পোষ্ট কৰা হৈছে:
09 DEC 2022 5:08PM by PIB Guwahati
শ্ৰীমতী য়োবিনা লিংডো মাৰ্শ্বিলং হৈছে মেঘালয়ৰ ৱেষ্ট খাছী হিল্ছ জিলাৰ জখোং গাঁৱৰ এগৰাকী নিবাসী। অতিকে দুৰ্গম অঞ্চল এটাৰ নিবাসী হোৱা হেতুকে তেওঁ তেওঁলোকৰ কৃষিজাত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে উপযুক্ত বজাৰৰ অভাৱ অনুভৱ কৰি আহিছিল। ফলত এগৰাকী সফল উদ্যোগী হোৱাৰ বাবে তেওঁ দেখি অহা সপোনটো সপোন হৈ ৰৈ যাবলগীয়া হৈছিল। ২০০১ চনত ভাৰত চৰকাৰে গ্ৰহণ কৰা ‘উত্তৰ-পূৰ্বাঞ্চল উমৈহতীয়া সমল প্ৰবন্ধন প্ৰকল্প’(এনইআৰচিঅআৰএমপি)ই গাঁওখন সামৰি নোলোৱা পৰ্যন্ত এই পৰিস্থিতিয়েই অব্যাহত আছিল।

এনইআৰচিঅআৰএমপি আছিল ‘উত্তৰ-পূব পৰিষদ’ আৰু ভাৰত চৰকাৰ যুটীয়া উদ্যোগত আৰু ৰোমত মুখ্য-কাৰ্যালয় থকা ‘ইণ্টাৰনেশ্যনেল ফাণ্ড ফৰ এগ্ৰিকালশ্যাৰেল ডেভেলপমেণ্ট’(আইএফএডি)ৰ পৃষ্ঠপোষকতাৰে ৰূপায়িত এক কৰ্মসংস্থাপনমূলক কাৰ্যক্ৰম।
এই প্ৰকল্পৰ অধীনত, শ্ৰীমতী য়োবিনা ‘কা বুইট কা লং কা বোৰ’(জ্ঞানেই শক্তি) নামৰ আত্ম সহায়ক গোটটোৰ সদস্য হৈছিল। ২০০২ চনৰ ১৬ এপ্ৰিলত এইটো আত্ম সহায়ক গোটৰ জন্ম হৈছিল। নেতৃত্বসুলভ গুণ আৰু প্ৰবন্ধন-দক্ষতাৰ সুবাদত তেওঁ কম দিনৰ ভিতৰতে গোটটোৰ অধ্যক্ষ হ’বলৈ সক্ষম হয়।
এনইআৰচিঅআৰএমপি সমগ্ৰ গাঁওখনৰ বাবেই উপকাৰী বুলি সাব্যস্ত হয়। এই প্ৰকল্পৰ জৰিয়তে পোণতে ‘মুকলিত শৌচ কৰা’ৰ বদ অভ্যাস আঁতৰোৱাৰ পদক্ষেপ হিচাপে ব্যয়সাধ্য শৌচাগাৰ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। গাঁওবাসীয়ে এই পদক্ষেপলৈ বিশেষ সঁহাৰি জনাই আৰু তেওঁলোকে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্যবিধিৰ প্ৰতি সজাগতাৰ অভ্যাস গঢ়ি তোলাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰে।
এই প্ৰকল্পৰ সহায়ত গ্ৰহণ কৰা আন এক পদক্ষেপ হৈছে আত্মসহায়ক গোটটোৰ বাবে ‘পৰিক্ৰমী নিধি’ৰ গঠন। আৰম্ভণিতে গোটটোৱে ১.০০(এক)লাখ টকাৰ সহযোগিতা লাভ কৰিছিল। শ্ৰীমতী য়োবিনাই এই নিধিৰ পৰা ১৪০০০টকাৰ এটি ঋণ গ্ৰহণ কৰি ইয়াৰে গাঁওখনত এখন গেলা-মালৰ দোকান খুলিছিল। এই প্ৰকল্পৰ জৰিয়তে দক্ষতা-বিকাশ সংক্ৰান্তীয় সহযোগিতা গ্ৰহণ কৰি তেওঁ তেওঁৰ উদ্যোমশীলতা বৃদ্ধি কৰাৰ লগতে ব্যৱসায়ৰ পৰিসৰো সম্প্ৰসাৰণ কৰে। কিছুদিনৰ ভিতৰতে তেওঁ গাঁওখনতে আৰু এখন দোকান মুকলি কৰিলে।

গাঁওখনত সফলতাৰে দুখনকৈ দোকান মুকলি কৰাৰ পিচত তেওঁ তেওঁলোকৰ উত্পাদিত সামগ্ৰীসমূহ সমীপবৰ্তি চহৰ মৈৰাং আৰু শ্বিলং-তো বিক্ৰী কৰিবলৈ ধৰে। গোটটোৱে যিহেতু তেওঁলোকৰ উত্পাদিত সামগ্ৰীসমূহ চহৰাঞ্চলত পোনপটীয়াকৈ বিক্ৰী কৰেগৈ সেয়ে তেওঁলোকে দিনৌ ১০ৰ পৰা ১৫ হাজাৰ পৰ্যন্ত আয় কৰিবলৈ সক্ষম হয়। তেওঁ আনসকলকো এই কাম কৰাৰ বাবে উত্সাহিত কৰিবলৈ ধৰে আৰু নতুন আত্মসহায়ক গোট গঠনৰ উদ্যোগ গ্ৰহণ কৰে। আজিৰ তাৰিখত এই গোটবোৰত ৭০গাৰাকী সদস্য আছে।
এনইআৰচিঅআৰএমপি-য়ে তেওঁৰ জীৱনৰ লগতে গোটটোৰ সদস্যসকলৰো জীৱনলৈ পৰিৱৰ্তনৰ সূচনা কৰে। ই তেওঁলোকৰ জীৱনৰ মান উন্নত কৰাত বাৰুকৈয়ে সহযোগিতা আগবঢ়ায়।
শ্ৰীমতী য়োবিনা লিংডো মৰ্শ্বিলং-য়ে জখোং গাঁৱৰ নিবাসীসকললৈ সহযোগিতা আগবঢ়োৱাৰ লগতে আত্ম নিৰ্ভৰতাৰ নতুন অৰ্থ অনুভৱ কৰিব পৰাকৈ পৰিৱেশ ৰচনাৰ বাবে এনইআৰচিআৰএমএছ, এনইচি, আৰু ভাৰত চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
***
MG/RK/MPW/KB
(ৰিলিজ আই ডি : 1882578)
অতিথি কক্ষ : 140