প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ড’নি পোলো বিমানবন্দৰৰ ফলত অৰুণাচল প্ৰদেশত পৰ্যটন বৃদ্ধিৰ আশা কৰিছে
प्रविष्टि तिथि:
30 NOV 2022 4:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্ৰকাশ কৰিছে যে ইটানগৰত শেহতীয়াকৈ মুকলি হোৱা ড’নি পোলো বিমানবন্দৰৰ ফলত অৰুণাচল প্ৰদেশৰ পৰ্যটন খণ্ডই বৃহৎ উদগনি লাভ কৰিব। প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৱে শ্বেয়াৰ কৰা এটা ভিডিঅ'ত প্ৰদৰ্শিত মনোৰম দৃশ্যৰ প্ৰশংসা কৰে।
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৰ এটা টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয়;
"দেখিবলৈ অতি সুন্দৰ লাগিছে! নতুন বিমানবন্দৰ আৰু বিমানসেৱা সংযুক্ত হোৱাৰ পিছত অধিক লোকে সহজে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব পাৰিব আৰু তাৰ উষ্ণ আতিথ্য গ্ৰহণ কৰিব পাৰিব।"
***
DS/TS/MS
(रिलीज़ आईडी: 1880742)
आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam