তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav
iffi banner

পোলেণ্ডৰ ফিল্ম 'পাৰফেক্ট নাম্বাৰ'ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াৰেৰে ইফ্ফিৰ সমাপ্তি


এই ফিল্মে সংকেত দিয়ে যে এনে সংকট আছে যি ভৌতিক জগতেৰে সম্পৃক্ত হোৱাৰ দৰকাৰ নাথাকে: নিৰ্দেশক কৰজিস্তোফ জানুছি

ফিল্ম 'পাৰফেক্ট নাম্বাৰ'ৰ নিৰ্দেশক কৰজিস্তোফ জানুছিয়ে কয়, "এই ফিল্মে সংকেত দিয়াৰ চেষ্টা কৰিছে যে এনে সংকট আছে, যি ভৌতিক জগতৰ সৈতে সংযুক্ত হোৱাৰ দৰকাৰ নাথাকে।" ৫৩তম ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফ্ফি)ৰ সময়ছোৱাত আয়োজিত এখন সংবাদমেলত বক্তব্য ৰাখি তেওঁ কয় যে ভৌতিক জগতৰ বাহিৰতো কিবা অন্য বাস্তৱিকতাও থাকিব পাৰে। আৰু বিজ্ঞানে এতিয়া এই কথা অস্বীকাৰ কৰা নাই কিয়নো আমাৰ ওচৰত কোৱাণ্টাম ভৌতিকী আছে যি অনুভৱ কৰায় যে নিউটন যুগ এতিয়া শেষ হ'ল আৰু সেই সকলো বস্তু যিবোৰ ১৯শ শতিকাত যিমান নিশ্চিত আছিল সেইবোৰ এতিয়া সিমান নিশ্চিত হৈথকানাই। তেওঁ কয় যে এতিয়া এই সকলোৰে ওপৰত প্ৰশ্ন উত্থাপিত আৰু এই ভাবনাৰ বাবেই মই এই ফিল্মখন নিৰ্মাণ কৰিছো।

ইফ্ফিৰ সমাপ্তি অনুভৱী পোলিছ চলচ্চিত্ৰ নিৰ্মাতা কৰজিস্তোফ জানুছিৰ চিন্তাগধূৰ চলচ্চিত্ৰ 'পাৰফেক্ট নাম্বাৰ'ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াৰেৰে হয়, যি কোৱাণ্টাম ভৌতিকতাৰ গাণিতিক সিদ্ধান্তৰাজি আৰু কেলকুলাছত দাৰ্শনিক উত্তৰসমূহৰ সন্ধান কৰে আৰু ভৌতিক বিজ্ঞানৰ সীমা পাৰ হৈ যায় য'ত বিজ্ঞান ট্ৰান্সেণ্ডেন্সৰ সৈতে মিলি যায়। এই চলচ্চিত্ৰখন এজন যুৱক গণিতজ্ঞৰ বিষয়ে যি দীৰ্ঘকাল ধৰি হেৰাই থকা নিজৰ ধনী খুৰাৰ পুত্ৰ ভাইক লগ পায় আৰু এই লগপোৱাই কেইবাটাও দিশত তেওঁৰ জীৱন সলাই দিয়ে।

এই চলচ্চিত্ৰ নিৰ্মাণৰ অন্তৰালৰ প্ৰেৰণা সন্দৰ্ভত উল্লেখ কৰি কৰজিস্তোফ জানুছিয়ে কয়, "এয়া এজন সঁচা মানুহৰ দ্বাৰা অনুপ্ৰাণিত। ছেণ্ট পিটাৰ্ছবাৰ্গত ৰুছী-ইহুদী গণিতজ্ঞ আছে, যি ১০ লাখ ডলাৰৰ পুৰস্কাৰ পায়। তেওঁ এইবুলি কৈ চেক ওভতাই পঠিয়ায় যে এয়া মনোযোগ বিপথে নিয়া বিধৰ আৰু তেওঁ বিপথগামী হ'ব নিবিচাৰে।"

তেওঁ কয়, "এই কথা দেখি মই ভাবিছো যে এয়া আজিকালি যথেষ্ট উল্লেখযোগ্য যে শতিকাজুৰি ধনৰ পিছত দৌৰাৰ অন্তত এতিয়া হয়তো এই উপলব্ধিৰ বাবে যে ইয়াক ৰখাটো জৰুৰী নহয়, মানৱতা পৰিপক্ক হৈ আছে। আমাৰ ওচৰত অন্য সমস্যাবোৰ আছে, যি সম্ভৱতঃ অধিক গুৰুত্বপূৰ্ণ আৰু হৃদয়স্পৰ্শী।"

আস্থা আৰু বিজ্ঞানৰ মাজত বিৰোধাভাস, যি পাৰফেক্ট নাম্বাৰৰ প্ৰধান বিষয়বস্তু, কিন্তু এটা প্ৰশ্নৰ উত্তৰ দি কৰজিস্তোফ জানুছিয়ে কৈছে, "এইটো মুকলি প্ৰশ্ন। আমি মুক্তভাৱে তেতিয়ালৈকে ইয়াক কেতিয়াও জানিব নোৱাৰিম যে মৃত্যুৰ পাছত কিবা আছে নে নাই, যেতিয়ালৈকে আমাৰ মৃত্যু হৈ নাযায়। মই আশা কৰো যে তাত কিবা আছে। এয়া সেই আশাৰ ওপৰত, যি হৈছে আস্থা।"

কৰজিস্তোফ জানুছিয়ে এই প্ৰক্ৰিয়া আৰু ইয়াৰ পৰিভাষাত নিৰন্তৰ পৰিৱৰ্তন সন্দৰ্ভত কয় যে ২০ বছৰৰ আগতে প্ৰগতিৰ যি অৰ্থ আছিল, এতিয়া সেয়া নাই। তেওঁ আৰু কয়, "যিহেতু এই গ্ৰহত আমাৰ অস্তিত্বক ইকো-ছিষ্টেমৰে জড়িত বিনাশ, যাক আমি উদগণি যোগাই আছো আৰু আমাৰ দ্বাৰা নিৰ্মিত অস্ত্ৰৰ কাৰণে প্ৰত্যাহ্বান জনাই থকা হৈছে, আমি অন্ততঃ জীয়াই থাকিবলৈ প্ৰগতিৰ নতুন পৰিভাষা বা মানৱতাৰ নতুন লক্ষ্যসমূহৰ সন্ধান কৰিব লাগিব। এই অস্ত্ৰ আত্ম-বিনাশৰ উপকৰণ প্ৰতিপন্ন হ'ব পাৰে।"

কৰজিস্তোফ জানুছিয়ে লগতে কয়, "মানুহ অন্য জন্তুৰ বিপৰীতে আত্ম-বিনাশকাৰী। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি এয়া এক এনেকুৱা বিষয়, যি মোক খুবেই চিন্তিত কৰে। হয়তো এই কথাই মই ফিল্মখনত দেখুওৱাৰ প্ৰয়াস কৰিছো। বিশ্বৰ ভৱিষ্যতৰ বিষয়ে মোৰ চিন্তা এইটো যে কি কৰা যায়, যাৰ জৰিয়তে মানৱতাৰ বৃদ্ধি সুনিশ্চিত হ'ব পাৰে।"

 

"পাৰফেক্ট নাম্বাৰ"ৰ বিষয়ে:

নিৰ্দেশক: কৰজিস্তোফ জানুছি

নিৰ্মাতা: জবিগন্যু ডোমাগালস্কি, ফেলিছ ফৰিণা, পাওল মাৰিয়া স্পাইনা

কাহিনী: কৰজিস্তোফ জানুছি

চিনেমেটোগ্ৰাফাৰ: পিওট্ৰ নীমেস্কি

সম্পাদক: মিলেনিয়া ফিডলাৰ

অভিনেতা: আণ্ড্ৰেজ ছৱেৰিণ, জন মাৰ্কজৱেস্কি

সাৰাংশ: জীৱনক কোনটো বস্তুৱে সাৰ্থক কৰে: সফলতা নে প্ৰেমে? জোৱাচিমে এই দোদুল্যমানতাৰ মোকাবিলা কৰে, এজন সন্তুষ্ট ব্যক্তি, যি নিজৰ জীৱনৰ শেষ সময়ত, এজন যুৱক গণিত প্ৰতিভা, ডেভিডৰ ফালে আগবাঢ়ে। 'পাৰফেক্ট নাম্বাৰ'ত, জানুছি নিজৰ ফিল্মৰ কেন্দ্ৰীয় বিষয়ৰ দিশত উভতি আহে, যি 'ক্ৰিষ্টেল ষ্ট্ৰাকচাৰ' আৰু 'ইল্যুমিনেচন'ৰ দৰে ক্লাছিকেল ফিল্মৰো কেন্দ্ৰীয় ভাব। এইবাৰ, যি তেওঁ উত্তৰ দিছে, সেয়া স্পষ্ট নহয়। এজন যুৱক গণিতজ্ঞ-ভৌতিক বিজ্ঞানীয়ে নিজৰ বৈজ্ঞানিক গৱেষণা আৰু নিজৰ বিষয়বোৰ পঢ়োৱাত ডুবি আছে। ডেভিডৰ বয়সস্থ ইহুদী-পোলিছ ভাতৃ জোৱাচিমে নিজৰ জীৱন কালত সঞ্চিত ধন তেওঁক দান কৰিব বিচাৰিছে। ডেভিডে এই প্ৰস্তাৱ অস্বীকাৰ কৰে, কিয়নো তেওঁ দুখীয়া, অথচ সুখী হৈ থাকিব বিচাৰে। চহৰত, যেতিয়াই কথাটো বিয়পি পৰে, বহু মানুহে ধাৰণা কৰে যে ডেভিড বহুত ধনী হৈ গ'ল, আৰু যুৱক গৱেষকজনে নিজকে অপহৃত অৱস্থাত পায়!

 

নিৰ্দেশক:

কৰজিস্তোফ জানুছি- নিৰ্দেশক, নিৰ্মাতা, কাহিনী লেখক। বিশ্ব প্ৰসিদ্ধ ফিল্মৰ লেখক: 'ক্ৰিষ্টেল ষ্ট্ৰাকচাৰ' (১৯৬৮), 'ইল্যুমিনেচন' (১৯৭৩), 'কণষ্টেন্স' (১৯৮০), 'দ্য ইয়েৰ অফ দ্য কোৱাইট ছন' (১৯৮৪), 'এনিহোৱেৰ, ইফ ইউ আৰ' (১৯৮৮), 'কোৱাল' (১৯৯৬), 'পাৰ্ছোনা নান গ্ৰাটা' (২০০৪), 'ৰিৱিজিটা' (২০০৯), 'ফৰেণ বডী' (২০১৪); আদি কেইবাখনো চলচ্চিত্ৰক কাঁ, ভেনিছ, লোকাৰ্ণ, মস্কো, ছিকাগো, মণ্ট্ৰিয়েল, বাৰ্লিন, টকিঅ'ৰ দৰে আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত সন্মানিত কৰা হৈছে। কৰজিস্তোফ জানুছিয়ে থিয়েটাৰ প্ৰস্তুতিৰো নিৰ্দেশনা কৰে আৰু তেওঁ কেইবাখন কিতাপো লিখিছে।

 

***

iffi reel

(Release ID: 1879712) Visitor Counter : 185