উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰ কাৰিকৰী সমৰ্থন গোটসমূহৰ সৈতে এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে

Posted On: 24 NOV 2022 6:00PM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে উত্তৰ-পূব অঞ্চলৰ ক্ষেত্ৰ কাৰিকৰী সমৰ্থন গোটসমূহৰ সৈতে এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে৷

এই উন্নয়নৰ ৰোডমেপক অধিক শক্তিশালী কৰি উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে 'ক্ষেত্ৰ কাৰিকৰী সমৰ্থন গোট (এফটিএছইউ) গঠনৰ সিদ্ধান্ত লয় যি এনইআৰত আঁচনি আৰু পদক্ষেপৰ অগ্ৰগতিৰ বাবে ৰাজ্য চৰকাৰ আৰু এমড’নাৰৰ মাজত এক সাঁকো আৰু যোগাযোগ সহায়ক হিচাপে কাম কৰিব।

এফটিএছইউৰ ফলাফল আৰু মুখ্য শিক্ষাৰ বিষয়ে অনুসৰণ কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱন পৰিশিষ্টত এফটিএছইউৰ সৈতে এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। শ্ৰী ৰেড্ডীয়ে অঞ্চলটোত নিয়োজিত সকলো এফটিএছইউৰ সৈতে বাৰ্তালাপ কৰে আৰু যোৱা ২ মাহত তেওঁলোকৰ অভিজ্ঞতা শুনে।  বৈঠকত এমড’নাৰৰ সচিব আৰু মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলও উপস্থিত আছিল।

প্ৰতিখন ৰাজ্যৰ এফটিএছইউৰ এজন ৰাজ্যিক সমন্বয়ক আৰু ২ জন প্ৰকল্প সহযোগী আছে। তেওঁলোক বৰ্তমানৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ নিৰীক্ষণৰ বাবে দায়বদ্ধ আৰু তেওঁলোকৰ নিয়মীয়া প্ৰতিবেদন এমড’নাৰৰ সৈতে ভাগ বতৰা কৰে।  ৰাজ্যিক প্ৰকল্পসমূহৰ লগতে এফটিএছইউয়ে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্প আৰু আগন্তুক প্ৰকল্পসমূহ নিৰীক্ষণ কৰিব।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰেড্ডীয়ে উত্তৰ-পূবৰ ৮খন ৰাজ্যত সংযোগ, পৰ্যটন, স্বাস্থ্যসেৱা, শিক্ষা আদিৰ সৈতে সম্পৰ্কিত চলিত প্ৰকল্পসমূহৰ দ্ৰুত গতিত অনুসৰণ কৰাৰ সন্দৰ্ভত তেওঁলোকৰ পৰামৰ্শ আৰু মতামত বিচাৰে আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত অংশীদাৰীত্ব আৰু সহযোগিতাৰ সৈতে প্ৰকল্পসমূহৰ দ্ৰুত সম্পূৰ্ণতাৰ ওপৰত চিন্তা-চৰ্চা কৰে। শ্ৰী ৰেড্ডীয়ে কয় যে এফটিএছইউ উত্তৰ-পূব ভাৰতৰ বিকাশত অনুঘটক হিচাপে প্ৰমাণিত হ'ব ৷

মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে এমড’নাৰৰ সচিব আৰু মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এমড’নাৰৰ বিভিন্ন আঁচনি/প্ৰকল্পৰ পৰ্যালোচনা কৰে।

***

MG/RNM/DK/MANN



(Release ID: 1878814) Visitor Counter : 60


Read this release in: English , Urdu , Hindi , Telugu