প্ৰতিৰক্ষা মন্ত্ৰালয়

উত্তৰ-পূৰ্বাঞ্চলত চৰকাৰৰ ত্বৰান্বিত উন্নয়ন পদক্ষেপৰাজিয়ে ‘লুক ইষ্ট পলিচি’ ক ‘এক্ট ইষ্ট পলিচি’ লৈ ৰূপান্তৰিত কৰিছেঃ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং



উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিগত সা-সুবিধাৰ বিকাশৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী গতি শক্তি মাষ্টাৰ প্লেনে শক্তি গুণক হিচাপে ক্ৰিয়া কৰিবঃ প্ৰতিৰক্ষা মন্ত্ৰী

দৃঢ় নীতি সংস্কাৰ, বিশ্বমানৰ আন্তঃগাঁথনি আৰু উন্নত-মানৰ প্ৰতিভাৰদ্বাৰাহে নব্য ভাৰত সম্ভৱ হ’ব পাৰেঃ প্ৰতিৰক্ষা মন্ত্ৰী

Posted On: 21 NOV 2022 5:35PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে কয় যে উত্তৰ-পূবত চৰকাৰৰ ত্বৰান্বিত উন্নয়ন পদক্ষেপৰাজিয়ে ‘লুক ইষ্ট পলিচি’ ক ‘এক্ট ইষ্ট পলিচি’ লৈ ৰূপান্তৰিত কৰিছে। ইয়াৰ ফলশ্ৰুতিত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীন উন্নয়ন সাধন হৈছে। ইয়াৰ সকলো ৰাজ্যই দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে বাণিজ্যৰ অগ্ৰগতি সাধন কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় সেনা আৰু অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু নাগালেণ্ডৰ ৰাজ্য চৰকাৰ তথা গুৱাহাটীস্থিত উত্তৰ-পূব মণ্ডল সাংস্কৃতিক পৰিষদ (NEZCC) য়ে আয়োজন কৰা ‘ৰাষ্ট্ৰ নিৰ্মাণত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৱদানৰ উদযাপন’ শীৰ্ষক দুদিনীয়া সন্মিলনখনি ভিডিঅ’ বাৰ্তাযোগে সম্বোধন কৰিয়েই তেওঁ এইদৰে কয়।

প্ৰতিৰক্ষা মন্ত্ৰীজনে কয় যে প্ৰধানমন্ত্ৰী গতি শক্তি মাষ্টাৰ প্লেনে উত্তৰ-পূৰ্বাঞ্চলত আন্তঃগাঁথনিগত সা-সুবিধাৰ বিকাশৰ ক্ষেত্ৰত শক্তি গুণক হিচাপে ক্ৰিয়া কৰিব। “পথ নির্মাণেই হওঁক বা ৰে’লপথৰ সম্প্ৰসাৰণেই হওঁক বা জলপথৰ উন্নতি সাধনেই হওঁক, প্রধানমন্ত্রী গতি শক্তিৰ জৰিয়তে আমি উন্নয়নৰ গতি সুদৃঢ় কৰিবলৈ অংগীকাৰবদ্ধ। শক্তিৰ ক্ষেত্ৰতো আমি ব্যাপক অগ্ৰগতি লাভ কৰিছো। আমি সৌৰ আৰু জল প্ৰকল্পৰাজিৰ অগ্ৰগতি নিশ্চিত কৰিছো আৰু প্ৰতিটো প্ৰান্তত বিদ্যুৎ যোগান ধৰিবলৈ কাম কৰিছো।”

৫-জি ৰ সুবিধা প্ৰৱৰ্তনকাৰী নিৰ্বাচিত দেশসমূহত যোগদানেৰে ভাৰতে সাধন কৰা টেলিকম বিপ্লৱ সন্দৰ্ভত আলোকপাতেৰে প্ৰতিৰক্ষা মন্ত্ৰীজনে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰতিটো প্ৰান্ততে আইটি আৰু টেলিকমৰ সা-সুবিধাসমূহ সম্প্ৰসাৰণৰ আশ্বাস প্ৰদান কৰে। “ইয়াৰ জৰিয়তে অৰ্থনৈতিক উন্নয়ন, সুশাসন আৰু জনকল্যাণ নিশ্চিত হ’ব। মই ভাবো উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মৰ কঠোৰ পৰিশ্ৰমী স্বভাৱৰ বিনিময়ত আৰু ইজ অৱ ডুয়িং বিজনেছৰ ক্ষেত্ৰত চৰকাৰখনে আগবঢ়োৱা সা-সুবিধাৰ ফলশ্ৰুতিত উত্তৰ-পূৰ্বাঞ্চলে সোণালী ভৱিষ্যতৰ দিশে অগ্ৰসৰ হৈছে”, প্ৰতিৰক্ষা মন্ত্ৰীজনে কয়।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আৰু কয় যে দৃঢ় নীতি সংস্কাৰ, বিশ্ব মানৰ আন্তঃগাঁথনি আৰু উন্নত মানৰ প্ৰতিভাৰদ্বাৰাহে নব্য ভাৰত নিৰ্মাণ সম্ভৱ হ’ব পাৰে। “স্বাস্থ্য, শিক্ষা, পৰিবেশ, ক্ৰীড়া, গ্ৰামোন্নয়ন, নিয়োগ আৰু ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে আমি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিজন নাগৰিকৰ উন্নয়ন সাধনৰ বাবে অংগীকাৰবদ্ধ। আমাৰ চৰকাৰৰ মূলমন্ত্ৰ ‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’ ত উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে এটি অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।”

উত্তৰ-পূৰ্বাঞ্চলৰ বীৰ-বীৰাংগনাসকলৰ বীৰত্ব আৰু সাহসিকতাক শ্ৰদ্ধা জনাই প্ৰতিৰক্ষা মন্ত্ৰীজনে শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে বীৰ সেনাপতি লাচিত বৰফুকনে আহোম সৈন্যক নেতৃত্ব প্ৰদানৰ গৌৰৱময় ঐতিহ্য স্মৰণ কৰে। ১৮৫৭ ৰ বিদ্ৰোহত অসমক ব্ৰিটিছৰ শাসনৰপৰা মুক্ত কৰিবলৈ মণিৰাম দেৱানৰ বলিদান, ১৮৯০ ত মণিপুৰী সেনাক নেতৃত্ব প্ৰদান কৰা বীৰ টিকেন্দ্ৰজিৎ সিং, অৰুণাচল প্ৰদেশৰ মোজে ৰিবা নাগ, ব্ৰিটিছ সেনাৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজ দিয়া মণিপুৰৰ ৰাণী গাইডিনলিউক স্মৰণ কৰি শ্ৰী ৰাজনাথ সিঙে কয়, “মই মেঘালয়ৰ খাচী প্ৰধান ইউ টিৰোট সিঙক প্ৰণাম জনাইছো। তেখেত এগৰাকী সুদক্ষ গেৰিলা যোদ্ধা আছিল। কাছাৰ বিদ্ৰোহত নেতৃত্ব প্ৰদান কৰা বীৰ চেংগ্যা সম্বুধন ফংলোক প্ৰণাম জনাইছো। একেদৰে, মই মিজোৰামৰ ৰাণী ৰপুইল্লানীক প্ৰণাম জনাইছো।”

আজাদী কা অমৃত মহোৎসৱ (AKAM) উদযাপনৰ অংশ হিচাপে ভাৰতীয় সেনাই ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্য্যালয়ৰ উদ্য়োগত ২০ আৰু ২১ নৱেম্বৰ, ২০২২ ত গুৱাহাটীত ‘ৰাষ্ট্ৰ নিৰ্মাণত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ (NER) অৱদানৰ উদযাপন’ শীৰ্ষক এই দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। এই আয়োজনৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰ গঠনত পূৰ্বোত্তৰৰ অৱদানক আলোকপাতৰে বীৰ-নাৰীসকলক সম্বৰ্ধনা জ্ঞাপন আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিক থূপাই প্ৰদৰ্শন কৰা। ইয়াৰ জৰিয়তে ভাৰতৰ স্বাধীনতা সংগ্ৰামত উত্তৰ-পূৰ্বাঞ্চলৰ অকথিত বীৰসকলৰ ভূমিকা সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে।

এই উদযাপনৰ অংশ হিচাপে ২০ নৱেম্বৰ, ২০২২ ত নাৰংগী সামৰিক ঘাটিত এক বিশেষ অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ সাহসী বীৰ-নাৰীসকলক সম্বৰ্ধনা জনোৱা হয়। প্ৰায় ১০০ গৰাকী বীৰ-নাৰীয়ে পোন প্ৰথমবাৰৰ বাবে আয়োজিত এনে কাৰ্য্যক্ৰমত অংশগ্ৰহণ কৰে। আন-আন কাৰ্য্যক্ৰমণিকাৰ ভিতৰত আছেঃ সশস্ত্ৰ বাহিনীসমূহৰ অস্ত্ৰ/সঁজুলি প্ৰদৰ্শন আৰু দুঃসাহসিক কাৰ্য্যকলাপ প্ৰদৰ্শন, ফিউজন বেণ্ড কনচাৰ্ট, উত্তৰ-পূৰ্বাঞ্চলৰ বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান, স্থানীয় পপ বেণ্ডৰ বিশেষ পৰিবেশন, এক অনন্য মিউজিকেল থিয়েটাৰ প্ৰদৰ্শনৰ পিছতেই গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে ড্ৰোন শ্ব’ অনুষ্ঠিত হয়।

এই সন্মিলনত অসম, মণিপুৰ আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী, ইষ্টাৰ্ণ কমাণ্ডৰ জিঅ’চি-ইন-চি লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে।

***



(Release ID: 1877917) Visitor Counter : 201


Read this release in: English , Urdu , Hindi , Telugu