গৃহ মন্ত্ৰালয়

আজি নতুন দিল্লীত ৩য় ‘সন্ত্ৰাসলৈ পুঁজি শূন্য’ মন্ত্ৰী সন্মিলনৰ ‘সন্ত্ৰাসবাদীক পুঁজি যোগান আৰু সন্ত্ৰাসবাদৰ বৈশ্বিক প্ৰৱণতা’ প্ৰসংগত প্ৰথম অধিৱেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সম্বোধনৰ পূৰ্ণ পাঠ

Posted On: 18 NOV 2022 12:13PM by PIB Guwahati

আৰম্ভণিতে মই আপোনালোক আটাইকে এই মন্ত্ৰী সন্মিলনলৈ আদৰণি জনাইছো। এই মঞ্চৰ জৰিয়তে আপোনালোক সকলোৰে সৈতে মোৰ অভিজ্ঞতা আৰু চিন্তাধাৰা শ্বেয়াৰ আৰু আলোচনা কৰিবলৈ পোৱাটো মোৰ বাবে পৰম সন্তোষৰ কথা। লগতে মানৱতাৰ সৰ্ববৃহৎ ভাবুকি অৰ্থাৎ সন্ত্ৰাসবাদ সন্দৰ্ভত আপোনালোকৰ মতামত শুনিবলৈ আগ্ৰহী হৈ উঠিছো।

আশা কৰিছো, দুদিনীয়া এই আলোচনাৰ অন্তত আমি এটা কাৰ্য্যকৰী আৰু ব্যৱহাৰিক পথ নিৰ্দেশনা যুগুত আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজত নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিব পাৰিম।

নিঃসন্দেহে সন্ত্ৰাসবাদ বিশ্ব শান্তি আৰু নিৰাপত্তাৰ বাবে আটাইতকৈ গুৰুতৰ ভাবুকি। কিন্তু মই বিশ্বাস কৰো যে সন্ত্ৰাসবাদীক পুঁজি যোগান সন্ত্ৰাসবাদতকৈয়ো অধিক বিপজ্জনক, কাৰণ সন্ত্ৰাসবাদৰ ‘কাৰ্য্যসাধন আৰু পন্থা’ এনে পুঁজিৰেই পৰিচালিত হয়। তদুপৰি, সন্ত্ৰাসবাদক পুঁজি যোগানে বিশ্বৰ দেশসমূহৰ অৰ্থনীতি দুৰ্বল কৰি তোলে।

ভাৰতে সকলো ধৰণৰ সন্ত্ৰাসবাদকে গৰিহণা জনাই আহিছে। আমি বিশ্বাস কৰো যে কোনো কাৰণতেই সন্ত্ৰাসবাদীৰ কোনো কামকে ন্যায্যতা প্ৰদান কৰিব নোৱাৰি, নিৰীহ লোকৰ প্ৰাণ লোৱাটো অত্যন্ত গৰিহণাযোগ্য কাম। সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা লোকসকললৈ মোৰ সহানুভূতি জ্ঞাপন কৰিছো। এই বৰ্বৰতাৰ সৈতে আমি কেতিয়াও আপোচ কৰা উচিত নহয়।

সীমান্তৰ সিপাৰৰ পৃষ্ঠপোষকতাত, ভাৰত কেইবা দশক ধৰি সন্ত্ৰাসবাদৰ বলি হৈ আহিছে। ভাৰতীয় নিৰাপত্তা বাহিনী আৰু সাধাৰণ নাগৰিকে স্থায়ী আৰু সমন্বিতভাৱে সংঘটিত হোৱা অত্যন্ত গুৰুতৰ সন্ত্ৰাসবাদী হিংসাৰ কূটাঘাতৰে মোকাবিলা কৰিবলগীয়া হৈছে। আন্তঃৰাষ্ট্ৰীয় সমাজৰ এক সামূহিক দৃষ্টি হৈছে সন্ত্ৰাসবাদক নিন্দা কৰা। কিন্তু প্ৰযুক্তিগত বিপ্লৱৰ বাবে সন্ত্ৰাসবাদৰ ৰূপ আৰু প্ৰকাশ অবিৰতভাৱে বৃদ্ধি হৈ আছে।

আজি সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী গোটসমূহে আধুনিক অস্ত্ৰ তথা তথ্য-প্ৰযুক্তিৰ সূক্ষ্মতা, চাইবাৰ আৰু বিত্তীয় স্থানৰ কথা অতি ভালদৰে বুজি পায় আৰু ইয়াৰ ব্যৱহাৰ কৰে।

"ডিনামাইটৰপৰা মেটাভাৰ্চলৈ" আৰু "একে-৪৭ ৰপৰা ভাৰ্চুৱেল এচেটলৈ" সন্ত্ৰাসবাদৰ এই ৰূপান্তৰ নিশ্চিতভাৱে বিশ্বৰ দেশসমূহৰ বাবে চিন্তাৰ বিষয়। আৰু আমি সকলোৱে মিলি ইয়াৰ বিৰুদ্ধে এক উমৈহতীয়া কৌশল যুগুত কৰিব লাগিব।

আমি এইটোও বিবেচনা কৰিছো যে সন্ত্ৰাসবাদৰ ভাবুকি কোনো ধৰ্ম, ৰাষ্ট্ৰীয়তা বা গোটৰ সৈতে জড়িত হ’ব নোৱাৰে আৰু এনে হ’বও নালাগে। সন্ত্ৰাসবাদৰ সন্মুখীন হ’বলৈ আমি নিৰাপত্তা ব্যৱস্থাৰ লগতে আইনী আৰু বিত্তীয় ব্যৱস্থাকো সুদৃঢ়কৰণৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছো। ইয়াৰ পিছতো সন্ত্ৰাসবাদীয়ে হিংসা সংঘটিত কৰা, যুৱক-যুৱতীসকলক উগ্ৰপন্থাৰে জড়িত কৰা আৰু আৰ্থিক সম্পদ সংগ্ৰহৰ নতুন-নতুন উপায় বিচাৰি আছে। ডাৰ্কনেটক সন্ত্ৰাসবাদীয়ে ব্যৱহাৰেৰে মৌলবাদীৰে সম্পৰ্কীয় বিষয়বস্তু বিয়পাই নিজৰ পৰিচয় লুকুৱাই ৰাখিছে। ইয়াৰোপৰি, ক্ৰিপ্ট’কাৰেন্সীৰ দৰে ভাৰ্চুৱেল সম্পত্তিৰ ব্যৱহাৰ বৃদ্ধি পাইছে। আমি এই ডাৰ্কনেট কাৰ্য্যকলাপৰ আৰ্হিক বুজিব লাগিব আৰু ইয়াৰ সমাধান সূত্ৰ নিৰ্ণয় কৰিব লাগিব।

দুৰ্ভাগ্যজনকভাৱে এনে কিছুমান দেশ আছে যিয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ আমাৰ সামূহিক সংকল্পক ভেঙুচালি কৰিব বিচাৰে, আনকি বাধাও দিব খোজে। আমি দেখিছো যে কিছুমান দেশে সন্ত্ৰাসবাদীক সুৰক্ষা আৰু আশ্ৰয় প্ৰদান কৰে, এটা সন্ত্ৰাসবাদীক সুৰক্ষা দিয়াটো সন্ত্ৰাসবাদক প্ৰোৎসাহিতকৰণৰ সমতুল্য। এনে উপাদান যে কেতিয়াও নিজৰ উদ্দেশ্যত সফল নহয়, তাৰ নিশ্চিতকৰণ হৈছে আমাৰ সামূহিক দায়িত্ব।

২০২১ ৰ আগষ্টৰ পিছত দক্ষিণ এছিয়া অঞ্চলৰ পৰিস্থিতি সলনি হৈছে। শাসন ​​ব্যৱস্থাৰ পৰিৱৰ্তন আৰু আল কায়দা আৰু আইচিছৰ ক্ৰমবৰ্ধমান প্ৰভাৱে আঞ্চলিক নিৰাপত্তাৰ বাবে এক উল্লেখযোগ্য প্ৰত্যাহ্বান হিচাপে আত্মপ্ৰকাশ কৰিছে। এই নতুন সমীকৰণসমূহে সন্ত্ৰাসবাদৰ পুঁজি যোগানৰ সমস্যাটোক অধিক গুৰুতৰ কৰি তুলিছে। তিনিটা দশকৰ পূৰ্বে এনে এটা শাসন ব্যৱস্থা পৰিৱৰ্তনৰ গুৰুতৰ পৰিণতি সমগ্ৰ বিশ্বই বহন কৰিবলগীয়া হৈছে, যাৰ ফল আমি সকলোৱে ৯/১১ ৰ ভয়াৱহ আক্ৰমণত প্ৰত্যক্ষ কৰিছো। এই পটভূমিত যোৱা বছৰ দক্ষিণ এছিয়া অঞ্চলৰ পৰিৱৰ্তন আমাৰ সকলোৰে বাবে চিন্তাৰ বিষয়। আল কায়দাৰ লগতে দক্ষিণ এছিয়াত লস্কৰ-ই-তৈবা আৰু জইছ-ই-মহম্মদৰ দৰে সংগঠনে সন্ত্ৰাস বিয়পাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

সন্ত্ৰাসবাদীৰ নিৰাপদ আশ্ৰয়স্থল বা তেওঁলোকৰ সম্পদক আমি কেতিয়াও আওকাণ কৰা উচিত নহয়। পৃষ্ঠপোষকতা আৰু সমৰ্থন কৰা এনে উপাদানৰ দুটা-কথা (double-speak) ও আমি উদঙাই দিব লাগিব। এই সন্মিলনত অংশগ্ৰহণকাৰী দেশসমূহে, সংগঠনসমূহে এই অঞ্চলৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি নিৰ্বাচিত বা আত্মসন্তুষ্টিমূলক দৃষ্টিভংগী গ্ৰহণ কৰিব নালাগিব।

সন্ত্ৰাসবাদক পুঁজি যোগানৰ ভয়াৱহতাই ব্যাপক ৰূপ ধাৰণ কৰিছে। যোৱা কেইবছৰমানৰপৰা ভাৰতে সন্ত্ৰাসবাদক পুঁজি যোগানক দমন কৰাত সফল হৈছে। সন্ত্ৰাসবাদক পুঁজি যোগানৰ বিৰুদ্ধে ভাৰতৰ কৌশল ছটা স্তম্ভৰ ভিত্তিত গঢ় লৈ উঠিছেঃ

প্ৰথম – বিধান আৰু প্ৰযুক্তিগত কাঠামোৰ সুদৃঢ়কৰণ,

দ্বিতীয় - এক ব্যাপক নিৰীক্ষণ ব্যৱস্থা

তৃতীয় – কাৰ্য্যকৰী চোৰাংচোৱা বিনিময় ব্যৱস্থা আৰু তদন্ত তথা আৰক্ষী অভিযানৰ সুদৃঢ়কৰণ,

চতুৰ্থ - সম্পত্তি বাজেয়াপ্তকৰণৰ ব্যৱস্থা,

পঞ্চম - আইনী প্ৰতিষ্ঠান আৰু নতুন প্ৰযুক্তিৰ অপব্যৱহাৰ ৰোধ কৰা আৰু

ষষ্ঠতে - আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সমন্বয় স্থাপন।

এই ক্ষেত্ৰত ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখন সুদৃঢ়, অবৈধ কাৰ্য্যকলাপ প্ৰতিৰোধ আইন সংশোধন, ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (NIA) ক সুদৃঢ়কৰণ, বিত্তীয় চোৰাংচোৱাক এক নতুন দিশ প্ৰদান কৰিছে। আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলশ্ৰুতিত ভাৰতত সন্ত্ৰাসবাদীৰ কূটাঘাত লক্ষণীয়ভাৱে হ্ৰাস পাইছে। ইয়াৰ ফলত সন্ত্ৰাসবাদ সৃষ্ট অৰ্থনৈতিক ক্ষতিও ৰোধ হৈছে।

ভাৰতে বিশ্বাস কৰে যে সন্ত্ৰাসবাদৰে মোকাবিলাৰ অৰ্থে আটাইতকৈ ফলপ্ৰসূ কৌশলটো হৈছে আন্তঃৰাষ্ট্ৰীয় সমন্বয় আৰু ৰাষ্ট্ৰসমূহৰ মাজত সময়োচিত আৰু নিকা সহযোগিতা। প্ৰত্যৰ্পণ, বিচাৰ, চোৰাংচোৱা তথ্য বিনিময়, সামৰ্থ্য বিকাশ আৰু “সন্ত্ৰাসবাদক পুঁজি যোগানৰ বিৰুদ্ধে যুঁজ (CFT)” আদি ক্ষেত্ৰত দেশসমূহৰ মাজত সহযোগিতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনত অতিশয় গুৰুত্বপূৰ্ণ। সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী গোটসমূহে সীমান্তৰ সিপাৰে নিজৰ সম্পদসমূহ সহজেই সমন্বয় আৰু একত্ৰিতকৰণৰ পৰিপ্ৰেক্ষিতত আমাৰ পাৰস্পৰিক সহযোগিতা অধিক গুৰুত্বপূৰ্ণ হৈ পৰে।

নিচাযুক্ত দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ নতুন ধাৰা আৰু নিচাযুক্ত দ্ৰব্যৰ সন্ত্ৰাসবাদৰ প্ৰত্যাহ্বানেই সন্ত্ৰাসবাদৰ পুঁজি যোগানক এক নতুন মাত্ৰা প্ৰদান কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সকলো ৰাষ্ট্ৰৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ প্ৰয়োজন। ৰাষ্ট্ৰসংঘৰ দৰে বহুপক্ষীয় সংস্থা আৰু বিত্তীয় কাৰ্য্য টাস্ক ফ’ৰ্চ (FATF) ৰ দৰে মঞ্চসমূহে “সন্ত্ৰাসবাদক পুঁজি যোগানৰ বিৰুদ্ধে যুঁজ (CFT)” ৰে সন্ত্ৰাসবাদ প্ৰতিৰোধৰ ক্ষেত্ৰত আটাইতকৈ ফলপ্ৰসূ উপায় হিচাপে ক্ৰিয়া কৰিছে। এফএটিএফে ধন সৰবৰাহ আৰু সন্ত্ৰাসবাদক পুঁজি যোগান কাৰ্য্যক প্ৰতিৰোধ আৰু প্ৰতিহতকৰণৰ অৰ্থে বৈশ্বিক মানদণ্ড নিৰ্ধাৰণ আৰু কাৰ্য্যকৰীকৰণত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

আমাৰ সন্মুখত ভাৰ্চুৱেল এচেটৰ ৰূপত এক নতুন প্ৰত্যাহ্বান আহি পৰিছে। আৰ্থিক লেনদেনৰ বাবে সন্ত্ৰাসবাদীয়ে ভাৰ্চুৱেল সম্পত্তিৰ নতুন পদ্ধতি ব্যৱহাৰ কৰিছে। ভাৰ্চুৱেল এচেট চেনেল, পুঁজিৰ আন্তঃগাঁথনি আৰু ডাৰ্কনেটৰ ব্যৱহাৰক দমন কৰিবলৈ আমি এটা “শক্তিশালী আৰু দক্ষ কাৰ্য্যকৰী ব্যৱস্থা” গঢ়ি তুলিবলৈ সু-সংহতভাৱে কাম কৰিব লাগিব।

ৰাষ্ট্ৰসংঘ, আইএমএফ, ইন্টাৰপ’ল আৰু অন্যান্য অংশীদাৰ যেনেঃ আইন বলবৎকাৰী সংস্থা, বিত্তীয় তদন্তকাৰী আৰু ভিন্ন দেশৰ নিয়ন্ত্ৰকসকলে এই ক্ষেত্ৰত অধিক ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। আমি এই প্ৰত্যাহ্বানসমূহক গভীৰভাৱে বুজি উঠিব লাগিব আৰু সন্ত্ৰাসবাদক পুঁজি যোগানৰ নতুন কৌশলসমূহ ৰোধৰ ক্ষেত্ৰত বিশ্বজুৰি প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব, যিদৰে নতুন দিল্লীত সদ্যসমাপ্ত ইন্টাৰপ’ল সাধাৰণ পৰিষদত কৰা হৈছিল।

ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ সকলো প্ৰচেষ্টা গ্ৰহণৰ অংগীকাৰ কৰিছে, চোৰাংচোৱা তথ্যৰ আদান-প্ৰদান, ফলপ্ৰসূতাৰে সীমা নিয়ন্ত্ৰণৰ সামৰ্থ্য বিকাশ, আধুনিক প্ৰযুক্তিৰ অপব্যৱহাৰ ৰোধ, অবৈধ বিত্তীয় প্ৰবাহৰ নিৰীক্ষণ আৰু ইয়াক প্ৰতিৰোধ, তদন্ত আৰু ন্যায়িক প্ৰক্ৰিয়াত সহযোগিতাত ভাৰতে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

“সন্ত্ৰাসলৈ পুঁজি শূন্য” (No Money for Terror) ৰ লক্ষ্যত উপনীত হ'বলৈ বিশ্ব সমাজে সন্ত্ৰাসবাদলৈ বিত্তীয় সাহায্যৰ "ম'ড - মিডিয়াম - মেথড" বুজিব লাগিব আৰু ইয়াক দমন কৰিবলৈ 'এক মন, এক পন্থা' ৰ নীতি গ্ৰহণ কৰিব লাগিব।

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধনেৰে আজি আমি এই সন্মিলন আৰম্ভ কৰিছো। মোৰ বিশ্বাস যে এই দুদিনত সন্ত্ৰাসক পুঁজি যোগানৰ ভিন্ন দিক সন্দৰ্ভত অৰ্থপূৰ্ণ আলোচনা হ’ব আৰু বৰ্তমান তথা ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে ফলপ্ৰসূ সমাধান সূত্ৰ যুগুত কৰা হ’ব। ভাৰতৰ গৃহমন্ত্ৰী হিচাপে মই আপোনালোকক আশ্বস্ত কৰিব খুজিছো যে ‘সন্ত্ৰাসলৈ পুঁজি শূন্য’ ৰ উদ্দেশ্যৰ প্ৰতি আমাৰ দায়বদ্ধতা এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আপোনালোকৰ উদ্যমৰ দৰেই শক্তিশালী!

এতিয়া মোৰ সতীৰ্থ পেনেলিষ্ট বক্তাসকলৰপৰা শুনিবলৈ আগ্ৰহী হৈ উঠিছো। কাইলৈ সামৰণি অধিৱেশনত কেতবোৰ প্ৰাসংগিক বিষয়ত মোৰ মতামত দাঙি ধৰিব বিচাৰিছো। এতিয়াৰ বাবে সকলোকে শুভেচ্ছা জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিছো!

ধন্যবাদ।

***

NW/AY/AK/AS/SB



(Release ID: 1877478) Visitor Counter : 142