তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

চাওকচোন, আপোনালোকৰ সন্মুখত উপস্থাপন কৰা হৈছে ‘ভৱিষ্যতৰ ৭৫ সৃষ্টিশীল মনস্ক’-ৰ দ্বিতীয় তাঙৰণ

Posted On: 13 NOV 2022 8:17PM by PIB Guwahati

চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ ‘৭৫ ক্ৰিয়েটিভ মাইণ্ড অব টুমৰ’-‘ভৱিষ্যতৰ ৭৫ সৃষ্টিশীল মনস্ক’ শীৰ্ষক কাৰ্যক্ৰমৰ অংশ হিচাপে ১৮ৰ পৰা ৩৫ বছৰ বয়সসীমাৰ মাজৰ ৭৫গৰাকী যুৱ-প্ৰতিভাধৰে ৫৩ সংখ্যক ‘ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱ’ৰ বিশেষ অতিথি হিচাপে অংশ গ্ৰহণ কৰিব। প্ৰথমিক ভাবে চলোৱা প্ৰতিভা সন্ধান প্ৰক্ৰিয়াৰ পিচত এক নিৰ্বাচক মণ্ডলীয়ে কৰা নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত বিশেষ নিৰ্বাচকে চূড়ান্ত কৰা ‘ভৱিষ্যতৰ ৭৫ সৃষ্টিশীল মনস্ক’ৰ এই তালিকাখন ইতিমধ্যে প্ৰকাশিত হৈছে। ভাবী-কালৰ এইসকল চলচ্চিত্ৰীয়-প্ৰতিভাক নিৰ্বাচিত কৰা হৈছে ভাৰতৰ ১৯খন ৰাজ্য –অন্ধ্ৰ প্ৰদেশ, অসম, দিল্লী, গোৱা, হাৰিয়াণা, কৰ্ণাটক, কেৰালা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, ৰাজস্থান, বিহাৰ, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, ওড়িশা, তামিল নাডু, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ পৰা। চলচ্চিত্ৰীয়-প্ৰতিভাধৰ সকলৰ নাম আৰু তেওঁলোকৰ ৰাজ্যসমূহৰ তালিকাখন ইয়াত ( here.) পোৱা যাব।

ছবি-নিৰ্মাণৰ বিভিন্ন শীতানসমূহ যেনে- ছবি নিৰ্দেশনা, অভিনয়, চিনেমাটোগ্ৰাফী, সম্পাদনা, চিত্ৰনাট্য, নেপথ্য গায়ন,  সংগীত ৰচনা, প্ৰসাধন আৰু সাজসজ্জা, কলা-নিৰ্দেশনা আৰু এনিমেশ্যন, ভিজুৱেল এফেক্ট(ভিএফএক্স), অগমেণ্টেড ৰিয়েলিটী(এআৰ) আৰু ভাৰচুৱেল ৰিয়েলিটী(ভিআৰ) আদিত দেখুওৱা পাৰদৰ্শিতাৰ ভিত্তিত এই ৭৫গৰাকী সৃষ্টিশীল প্ৰতিভাধৰক নিৰ্বাচিত কৰা হৈছে। ইয়াৰে ১৫ গাৰকী হৈছে নিৰ্দেশক, ১৩গৰাকী উদীমান অভিনয় শিল্পী আৰু ১১ গৰাকী হৈছে সম্পাদনাৰে জড়িত।

এইসকল প্ৰতিভাধৰৰ ভিতৰত সৰ্ব কনিষ্ঠ হাৰিয়াণাৰ নীতিশ বাৰ্মা আৰু মহাৰাষ্ট্ৰৰ তৌফিক মণ্ডল নামৰ দুয়োগৰাকীৰে বয়স হৈছে ১৮বছৰ আৰু দুয়োগৰাকীয়েই সংগীত ৰচনাৰ বাবে নিৰ্বাচিত হৈছে। আনহাতে, তালিকাখনত অন্তৰ্ভক্ত হোৱাসকলৰ সৰ্বাধিক ২৩গৰাকী কলা-শিল্পীয়েই মহৰাষ্ট্ৰৰ, ইয়াৰ পিচতে আছে তামিল নাডুৰ  ৯গৰাকী আৰু ৬ গৰাকী আছে দিল্লীৰ।

 

দ্বিতীয় তাঙৰণৰ ভৱিষ্যতৰ ৭৫ সৃষ্টিশীল মনস্ক-ত ৪টা নতুন শীতান অন্তৰ্ভুক্ত কৰা হৈছে

দ্বিতীয় তাঙৰণৰ ‘ভৱিষ্যতৰ ৭৫ সৃষ্টিশীল মনস্ক’-ত ৪টা নতুন শীতান অন্তৰ্ভুক্ত কৰা হৈছে- সেয়া হৈছে- ক) সংগীত ৰচনা, খ) প্ৰসাধন আৰু সাজসজ্জা, গ) কলা, ঘ) এনিমেশ্যন/ভিএফএক্স/এআৰ/ভিআৰ। এইকেইটা শীতানক অ-পৰম্পৰাগত ক্ষেত্ৰ হিচাপে আৰু এনেবোৰ ক্ষেত্ৰক নতুন ‘কেৰিয়াৰ অপচুনিটী’ হিচাপে প্ৰস্তুত কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই ৭৫ গৰাকী উদীয়মান প্ৰতিভাধৰে ‘আইএফএফআই’-ৰ বিভিন্ন অধিৱেশন, কৰ্মশালা, চলচ্চিত্ৰ প্ৰদৰ্শনী, ফিল্ম বাজাৰ আদিত অংশগ্ৰহণ কৰাৰ লগতে অন্যান্য অভিজ্ঞতা সমূহ গ্ৰহণৰ সুযোগ লাভ কৰিব।

 

৭৫ গাৰকী উদীয়মান শিল্পীয়ে নিৰ্মাণ কৰিব ইণ্ডিয়া @১০০ শীৰ্ষক চুটি-ছবি

‘আইএফএফআই’-ত অংশগ্ৰহণ কৰিবলগীয়া এই ৭৫গৰাকী যুৱ-প্ৰতিভাক ১৫টা গোট ভাগ কৰি ৫৩-ঘণ্টীয়া প্ৰত্যাহ্বান-শীৰ্ষক প্ৰতিযোগিতাত ভাগ লোৱাৰ সুযোগ প্ৰদান কৰা হব। এই প্ৰতিযোগিতাত তেওঁলোকে ৫৩ঘণ্টা জোৰা ‘ইণ্ডিয়া @ ১০০’ শীৰ্ষক চুটি ছবি নিৰ্মাণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব। ‘শ্বৰ্ট টিভি’ৰ সহযোগিতাৰে ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ণ নিগম’ৰ পৃষ্ঠপোষকতাৰে এই ছবিসমূহ নিৰ্মাণ কৰা হ’ব।

‘ভৱিষ্যতৰ ৭৫ সৃষ্টিশীল মনস্ক’ হৈছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা যুৱ পৰিক্ৰমা তথা ক্ৰীড়া মন্ত্ৰী মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰৰ বিশেষ উদ্যোগত গ্ৰহণ কৰা ফল।

 

ভৱিষ্যতৰ ৭৫ সৃষ্টিশীল মনস্ক-ৰ দ্বিতীয় তাঙৰণৰ বাবে প্ৰায় ১০০০ আৱেদন লাভ কৰা হৈছিল : তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী

‘ভৱিষ্যতৰ ৭৫ সৃষ্টিশীল মনস্ক’-ৰ দ্বিতীয় তাঙৰণৰ বাবে প্ৰায় ১০০০ আৱেদন লাভ কৰা হৈছিল। দেশৰ অন্যান্য ঠাইসমূহৰ লগতে অসমৰ লখিমপুৰ, শোণিতপূৰ, ওড়িশাৰ খোৰ্দা, অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা আৰু প্ৰকাশম, তামিল নাডুৰ থেনি আৰু মহাৰাষ্ট্ৰৰ ভান্দাৰাৰ দৰে প্ৰত্যন্ত এলেকাৰ ঠাইসমূহৰ আৱেদন কৰাৰীয়েও এই ব্যতিক্ৰমী মঞ্চত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আৱেদন কৰিছিল।

এইসকল প্ৰতিভাধৰক নিৰ্বাচন কৰা চূড়ান্ত পৰ্যায়ৰ নিৰ্বাচকসকল আছিল:

 

• প্ৰসূন যোশী

• ৰেছুল পুকুট্টী

• আৰ বাল্কি

• ৰিকী কেজ

• মালা ডে বাণ্টিয়া

• গৌতমী টড়িমল্লা

• বাল্লু সালুজা

• মুঞ্জাল শ্ৰফ

• নৰেন্দ্ৰ ৰহুৰিকৰ

• ৰৱি কে চন্দ্ৰন

 

অনুসন্ধান-নিৰ্বাচনৰ বাবে গঠিত বিচাৰকৰ তালিকাত সন্নিৱিষ্টসকল:

 

• নিখিল মহাজন

• উজ্জ্বল আনন্দ

• বিশাখা জ্যোতি

• মালৱিকা

• প্ৰনীতা সুভাষ

• আইমী বৰুৱা

• ধ্বনী দেশাই

• দীপক সিং

• কাৰ্তিক পালানি

• সুজিত সাৱন্ত

 

ভাৰতৰ অস্থিৰ সৃষ্টিশীল মনবোৰ আগুৱাই যোৱাৰ বাবে উদ্বাউল হৈছে : প্ৰসূন যোশী

 ভাৰতে বহণ কৰি অহা বৈচিত্ৰ্যতাক মই সদায়ে দেশখনৰ বিশেষ শক্তি বুলি বিশ্বাস কৰি আহিছো। এই বৈচিত্ৰ্যতাক প্ৰকৃতাৰ্থতে ন্যায় প্ৰদান কৰিবলৈ হ’লে মাত্ৰ কেইখনমান অগ্ৰণী ঠাইৰ কাহিনী শুনি ক্ষান্ত থকাৰ পৰিৱৰ্তে ভাৰতৰ প্ৰতিটো প্ৰান্তৰ কাহিনীকে মনোযোগেৰ শুনিব লাগিব। ‘ভৱিষ্যতৰ ৭৫ সৃষ্টিশীল মনস্ক’ৰ সিদ্ধান্ত গ্ৰহণৰ নেপথ্যত এই কথাটোৱেই ক্ৰিয়া কৰিছে।

ভাৰতৰ অস্থিৰ সৃষ্টিশীল মনবোৰ আগুৱাই যোৱাৰ বাবে উদ্বাউল হৈছে বুলি উল্লেখ কৰা যোশীয়ে কয়, “চলচ্চিত্ৰ সদায়ে যাদুকৰী হোৱা উচিত। হঠাতে হোৱা ছবি নিৰ্মাতাতকৈ আমাক তিলে তিলে গঢ়ি উঠা নিৰ্মাতাৰহে প্ৰয়োজন। সেয়া সম্ভৱ হ’ব যেতিয়া আমি আমাৰ উদীয়মানসকলক তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদাৰ্শনৰ সুযোগ প্ৰদান কৰিম”।

 

যুৱ-প্ৰজন্মক পৃথিৱীৰ পৰিধি নেওচি দৃষ্টি প্ৰসাৰিত কৰিব পৰাকৈ অনুপ্ৰাণিত কৰক : ৰেছুল পুকুট্টী

প্ৰসিদ্ধ ‘ছাউণ্ড ডিজাইনা’ৰ তথা ‘চূড়ান্ত জুৰি’ ৰেছুল পুকুট্টীয়ে দেশত চলচ্চিত্ৰীয় প্ৰগতিৰ যাত্ৰা অধিক অৰ্থবহ কৰি তোলাৰ স্বাৰ্থতে “যুৱ-প্ৰজন্মক পৃথিৱীৰ পৰিধি নেওচি দৃষ্টি প্ৰসাৰি কৰিব পৰাকৈ অনুপ্ৰাণিত কৰা”ৰ আহ্বান জনায়।

 

সৃষ্টিশীল মনস্কসকলৰ সৈতে যোগাযোগ কৰিব বিচাৰে নেকি

সৃষ্টিশীল মনস্কসকলৰ সৈতে যোগাযোগ কৰিব বিচাৰিলে iffi-pib[at]nic[dot]in,যোগাযোগ কৰিব পাৰিব।

যাৱতীয় অন্যান্য তথ্যৰ বাবে https://pib.gov.in/PressReleaseIframePage.aspx?PRID=1773530

ৰে সংযোজিত হ’ব পাৰে।

 

***

PIB IFFI Cast & Crew | Dheep / Parshuram | IFFI – 20/KB



(Release ID: 1875735) Visitor Counter : 150