পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
শ্ৰী নীতিন গাডকাৰীয়ে উত্তৰ-পূৰ্বাঞ্চল আৰু ছিক্কিমৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ তিনিদিনীয়া পৰ্যালোচনা কাৰ্যসূচীত প্ৰকল্পসমূহৰ সমস্যা আৰু অগ্ৰগতিৰ ওপৰত আলোচনা কৰে
प्रविष्टि तिथि:
09 NOV 2022 6:05PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চল আৰু ছিক্কিমত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ তিনিদিনীয়া পৰ্যালোচনা কাৰ্যসূচীৰ প্ৰথম দিনা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে অসম, মেঘালয়, ছিক্কিম আৰু নাগালেণ্ডৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে ৷ এই বৈঠকত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰধান ভি কে সিং, মন্ত্ৰালয় আৰু ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল তথা ঠিকাদাৰসকল।

এই বৈঠকত ভূমি অধিগ্ৰহণৰ বিষয়, চলিত প্ৰকল্পৰ অগ্ৰগতি, প্ৰস্তাৱিত প্ৰকল্প, নতুন প্ৰযুক্তিৰ ব্যৱহাৰ, বিবাদ আৰু মধ্যস্থতা তথা সাম্ভাৱ্য বিত্তীয় হস্তক্ষেপ সম্পৰ্কীয় আলোচনা কৰা হয়।
শ্ৰী গাডকাৰীয়ে বিলম্বৰ কাৰণ জানিবলৈ ৪খন ৰাজ্যৰ বিলম্বিত প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰে আৰু সেইবোৰ পুনৰ তৎকালীনভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দিষ্ট নিৰ্দেশনা জাৰি কৰে।

শ্ৰী গাডকাৰীয়ে সকলো বিষয়াক প্ৰকল্পসমূহ দ্ৰুতগতিত সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত শীৰ্ষ শ্ৰেণীৰ পৰিবহণ আন্তঃগাঁথনিৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিকসংস্থাসমূহৰ মাজত সমন্বয় তথা অংশীদাৰীত্বৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
********
(रिलीज़ आईडी: 1874786)
आगंतुक पटल : 166