নৌ-পৰিবহন মন্ত্ৰালয়

‘আইএমইউ’-ৰ সমাৱৰ্তনত ‘ভাৰত মহাসাগৰৰ নীল-অৰ্থনীতি’ৰ সম্ভাৱনাসমূহৰ উন্মুক্তকৰণ সম্পৰ্কীয় এলানি পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰিলে শ্ৰী সৰ্বানন্দ সোণোৱালে


কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিলে ‘চেণ্টাৰ ফৰ পলিচী ৰিছাৰ্চ ইন মেৰিটাইম ষ্টাডিজ’

‘একুৱাকালচাৰ’, ‘মেৰাইন বায়’টেক’, ‘অ’চেন এনাৰ্জী’কে ধৰি নুতুন যুগৰ সামুদ্ৰিক সম্ভাৱনাসমূহৰ সৰ্বাধিক সুযোগ গ্ৰহণ কৰিব পৰাকৈ শিক্ষাৰ্থীসকলক দক্ষ কৰি তোলাৰ বাবে ‘আইএমইউ’-ক গুৰুত্ব প্ৰদানৰ আহ্বান জনালে শ্ৰী সোণোৱালে

Posted On: 04 NOV 2022 6:19PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ, জলপথ আৰু আয়ুষ বিভাগৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি তামিলনাডুৰ চেন্নাই অৱস্থিত ‘ইণ্ডিয়ান মেৰিটাইম ইউনিভাৰ্ছিটী’ৰ ‘সপ্তম সমাৱৰ্তন’ত অংশগ্ৰহণ কৰি ভাৰতীয় ‘নীল-অৰ্থনীতি’ৰ সম্ভাৱনাসমূহৰ উন্মুক্তকৰণ সম্পৰ্কীয় বহুবোৰ পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ‘চেণ্টাৰ ফৰ পলিচী ৰিছাৰ্চ ইন মেৰিটাইম ষ্টাডিজ’(C-PRiMeS) শীৰ্ষক প্ৰতিষ্ঠানটিও আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে।

এই প্ৰতিষ্ঠানে সামুদ্ৰিক অধ্যয়ন ক্ষেত্ৰত গৱেষণামূলক কাৰ্যক্ৰম ৰূপায়ণ কৰাৰ লগতে দেশত সামুদ্ৰিক-অৰ্থনীতিৰ বিকাশসাধনৰ ক্ষেত্ৰত ‘থিংক-টেংক’-ৰ ভূমিকা পালন কৰিব। চৰকাৰৰ ‘সাগৰমালা কাৰ্যক্ৰম’ৰ দৃষ্টিভংগীক সহযোগিতা আগবঢ়োৱাৰ লগতে ভাৰত মহাসাগৰে আগবঢো়ৱা বিপুল সম্ভাৱনীয়তাসমূহৰ সদপ্ৰয়োগৰে দেশত ‘নীল-অৰ্থনীতি’ৰ বিকাশ সাধানৰ উদ্দেশ্যে যুগুতোৱা এলানি কাৰ্যক্ৰমৰো শুভাৰম্ভ কৰে মন্ত্ৰী শ্ৰী সোণোৱালে।  

সমাৱৰ্তনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, আজিৰ এই অতিকে গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকিবলৈ পাই অতিকে আনন্দিত হৈছো। ‘অমৃত কাল’ত এখন আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ বাবে দেশে কাৰ্যক্ৰম অব্যাহত ৰখাৰ মুহূৰ্তত, ভাৰতৰ উন্নয়ণী যাত্ৰাক আৰু অধিক হাৰত ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত ‘নীল-অৰ্থনীতি’য়ে অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৃষ্টিসম্পন্ন নেতৃত্বত, তেওঁৰ মন্ত্ৰালয়ে ‘সাগৰমালা কাৰ্যক্ৰম’ৰ জৰিয়তে দেশৰ উপকূলীয় অঞ্চলৰ অৰ্থনীতি শক্তিশালী কৰি তোলাৰ বাবে কাম কৰি আছে। আমাৰ আন্তঃগাঁথনিসমূহৰ উত্তৰণ সাধনৰ লগতে আমি হাততে পোৱা সুযোগসমূহৰ পূৰ্ণ সদ্ব্যৱহাৰত গুৰুত্ব দিবই লাগিব, কিয়নো মহাসাগৰ ভিত্তিক ‘নীল-অৰ্থনীতি’ হৈছে উন্নয়ণৰ বাবে পৰৱৰ্তি পৰ্যায়ৰ সম্ভাৱনা সমৃদ্ধ ক্ষেত্ৰ।

সামুদ্ৰিক ক্ষেত্ৰই আগবঢ়োৱা নতুন নতুন সুযোগসমূহৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, জাহাজ পৰিবহণ, মাজ সাগৰত খনিজ অন্বেষণ, মত্স্য চিকাৰ, ‘সাগৰতলৰ কেবল তথা পৰ্যটন’ৰ দৰে পৰম্পৰাগত খণ্ডসমূহৰ উপৰি আমি ‘একুৱা কালচাৰ’, ‘মেৰাইন বায়’টেকনলজী’, ‘অ’চেন এনাৰ্জী’ আৰু ‘ছী বেড মাইনিং’-ৰ দৰে নতুনকৈ থন্ ধৰি উঠা খণ্ডসমূহে আগবঢ়োৱা বিপুল সম্ভাৱনীয়তা সমূহৰো অন্বেষত গুৰুত্ব দিব লাগিব। আমাৰ প্ৰতিভাধৰসকলক যথা সম্ভৱ উত্তম জ্ঞানৰে সমৃদ্ধ কৰাৰ বাবে  প্ৰয়োজনীয় প্ৰশিক্ষণৰ দিহা কৰিব পাৰিলেহে এই সপোন বাস্তৱায়িত কৰিব পৰা যাব। আৰু এয়া সম্ভৱ কৰাৰ কামেই কৰি আহিছে ‘আইএমইউ’-য়ে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উত্তম প্ৰশিক্ষণ প্ৰদানৰে সামুদ্ৰিক অৰ্থনীতিৰে সঞ্চালিত হ’ব লগা উন্নয়ণৰ সম্ভাৱনাসমূহক দেশৰ সামগ্ৰিক বিকাশৰ সমল কৰি তুলিব পাৰিম বুলিও তেওঁ বিশ্বাস প্ৰকট কৰে।

শিৰ্ক্ষাৰ্থী সকলক বিশ্ব মানৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে ‘গ্লোবেল ইনিচিয়েটিভ অব একাডেমিক নেটৱৰ্ক’(গিয়ান) আঁচনিৰ অধীনত কাৰ্যক্ৰম চলাই থকা হৈছে। ‘আইএমইউ’-ৰ ঔদ্যোগীক গৱেষণা, পৰামৰ্শ দান তথা নীতি সম্পৰ্কীয় অধ্যয়ন শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে ‘ইনষ্টিটিউট অব মেৰাইন ইঞ্জিনীয়াৰ অব ইণ্ডিয়া’(আইএমই-আই)ৰ সহযোগিতাৰে এখন আসন প্ৰতিস্থা কৰাৰ লগতে ‘কোম্পানী অব মাষ্টাৰ মেৰাইন ইঞ্জিনীয়াৰ অব ইণ্ডিয়া’(চিএমএমআই) সৈতে শিক্ষাৰ্থী আৰু কেডেটসকলৰ পেছাদাৰিত্ব বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে। অনুষদৰ প্ৰশিক্ষণৰ বাবে তিনিবছৰৰ বাবে ৩ লাখ টকাৰ এটা ক্ৰমবৰ্দ্ধমান বিকাশ ভাট্টা(চিপিডিএ)ও আৰম্ভ কৰা হৈছে। ‘আইএমইউ’-য়ে সামুদ্ৰিক অৰ্থনীতি অধ্যয়নৰ উদ্দেশ্যে ইতিমধ্যে বাংগালুৰুৰ ‘নেশ্যনেল ইনষ্টিটিউট অব এডভান্স ষ্টাডী’ আৰু নতুন দিল্লীস্থিত  ‘ৰিছাৰ্চ এণ্ড ইনফৰমেশ্যন ছীষ্টেম’(আৰআইএছ)ৰ সৈতে জোঁট বান্ধিছে। সেইদৰে প্ৰশিক্ষকৰ প্ৰশিক্ষণৰ লগতে শিক্ষাৰ্থীসকল বিভিন্ন প্ৰশিক্ষণৰ বাবেও বেলজিয়ামৰ ‘প’ৰ্ট ট্ৰেইনিং চেণ্টাৰ’ৰ সৈতে ‘আইএমইউ’-য়ে কাৰ্যক্ৰম অব্যাহত ৰাখিছে।

 

***

MJPS/KB



(Release ID: 1874020) Visitor Counter : 83