তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

আইজালত ‘ইণ্ডিয়ান ইনষ্টিটিউট অব মাছ কমিউনিকেশ্যন’(আইআইএমচি)ৰ ‘উত্তৰ-পূৰ্বাঞ্চল চৌহদ’ উদ্বোধন কৰিলে ৰাষ্ট্ৰপতিয়ে

Posted On: 03 NOV 2022 3:48PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰী দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ মিজোৰাম ভ্ৰমণ কালৰ মাজতে আজি ‘মিজোৰাম বিশ্ববিদ্যালয়’ত স্থাপন কৰা ‘ইণ্ডিয়ান ইনষ্টিটিউট অব মাছ কমিউনিকেশ্যন’(ভাৰতীয় জন সংঞ্চাৰ প্ৰতিষ্ঠান)-‘আইআইএমচি’-ৰ উত্তৰ-পূৰ্বাঞ্চল চৌহদটো ‘ভাৰ্চুৱেল’ মাধ্যমেৰে উদ্বোধন কৰে। ‘আইআইএমচি’ হৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ এটি ‘স্বতন্ত্ৰ’ প্ৰতিষ্ঠান।

https://static.pib.gov.in/WriteReadData/userfiles/image/WhatsAppImage2022-11-03at16.25.53RAIC.jpeg\

‘মিজোৰাম বিশ্ববিদ্যালয়ে’ উপলব্ধ কৰা এটা অস্থায়ী ভৱনত ২০১১ চনত ‘আইআইএমচি’-ৰ ‘উত্তৰ-পূৰ্বাঞ্চল চৌহদ’ৰ কাম-কাজ আৰম্ভ কৰা হৈছিল। ২০১৫ চনত এই চৌহদৰ স্থায়ী ভৱনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আৰু ২০১৯ চনত ইয়াৰ সামৰণি পৰিছিল। এই চৌহদৰ নিৰ্মাণত মুঠ ২৫ কোটি টকা ব্যয় কৰা হয়। মিজোৰাম বিশ্ববিদ্যালয়ে প্ৰদান কৰা ৮ একৰ ভূমিত নিৰ্মাণ কৰা ‘আইআইএমচি’-ৰ চৌহদটোত পৃথককৈ প্ৰশাসনীয় আৰু শিক্ষায়তনিক ভৱন আদিৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিবাসকে ধৰি অন্যান্য কৰ্মচাৰীসকলৰ বাবে আবাসো নিৰ্মাণ কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/WhatsAppImage2022-11-03at16.32.484K2R.jpeg

আৰম্ভণীৰে পৰা এই চৌহদলৈ অহা দেশৰ অন্য প্ৰান্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শিক্ষাৰ্থীসকললৈ ‘ইংৰাজী সাংবাদিকতা’ৰ ‘স্নাতকোত্তৰ ডিপ্লোমা পাঠ্যক্ৰম’ৰ শিক্ষা দান কৰা হয়। দ্বিতীয় বাৰৰ বাবে এই বছৰো ‘ইংৰাজী সাংবাদিকতা’ৰ ‘শীৰ্ষস্থান’ অধিকাৰ কৰাৰ গৌৰৱ অৰ্জন কৰে এইটো চৌহদে। এই প্ৰতিষ্ঠানৰ পৰা শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলে চৌহদতে সম্পন্ন হোৱা সাক্ষাত্কাৰৰ আধাৰত অথবা নিজা উদ্যোগতে হ’লেও সমগ্ৰ দেশৰ অগ্ৰণী প্ৰতিষ্ঠানতে নিয়োগৰ সুযোগ লাভ কৰি আহিছে। বছৰ পিচত বছৰ ধৰি শিক্ষাৰ্থীসকলে ‘দূৰদৰ্শন’ৰ দৰে প্ৰখ্যাত স্ংস্থাসমূহত তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আহিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/WhatsAppImage2022-11-03at16.27.49TSRK.jpeg

https://static.pib.gov.in/WriteReadData/userfiles/image/WhatsAppImage2022-11-03at16.27.47M2JY.jpeg

২০২২-২৩ শিক্ষাবৰ্ষৰ পৰা ‘আইআইএমচি’-ৰ আন দুটা চৌহদৰ লগতে ‘উত্তৰ-পূব চৌহদ’-তো ‘ডিজিটেল মিডিয়া’-ৰ ‘স্নাতকোত্তৰ ডিপ্লোমা পাঠ্যক্ৰম’ৰ শিক্ষাদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সাম্প্ৰতিক সময়ত ‘ডিজিটেল মিডিয়া’ৰ বাঢ়ি অহা গুৰুত্ব আৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই পাঠ্যক্ৰম আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

প্ৰতিষ্ঠানটোৱে আৰম্ভণীৰে পৰা প্ৰশাসনীয় আৰু শিক্ষায়তনিক প্ৰসংগসমূহকে ধৰি সামগ্ৰীক ভাবে আগবঢ়াই অহা সহায়-সহযোগিতাৰ বাবে ‘মিজোৰাম বিশ্ববিদ্যালয়’ৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

২০১১ চনৰ আৰম্ভণীৰ দিন ধৰি প্ৰতিষ্টানটোৰ মূৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে আঞ্চলিক সঞ্চালক শ্ৰী এল আৰ ছাইলোৱে। ‘গণ-সংযোগ’ ক্ষেত্ৰত দশকজোৰা অভিজ্ঞতাৰে অভিজ্ঞ শ্ৰী ছাইলোৱে বিগত কুৰি বছৰৰো অধিক কাল ধৰি মিজোৰাম চৰকাৰৰ ‘গণ সংযোগ বিভাগ’ৰ সঞ্চালক হিচাপেও কাৰ্য নিৰ্বাহ কৰি আহিছে।

‘তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়’ৰ অধীনস্থ ‘আইআইএমচি’ হৈছে সাংবাদিকতা-ক্ষেত্ৰৰ দেশৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান। দেশৰ লগতে অন্যান্য উন্নয়ণশীল দেশসমূহৰ সংবাদসেৱীসকলৰ প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰিব পৰাকৈ ১৯৬৫ চনত এই প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰা হৈছিল। পৰৱৰ্তি সময়ত দেশৰ বিভিন্ন প্ৰান্তত এই প্ৰতিষ্ঠানৰ ৫ টা চৌহদ স্থাপন কৰা হয়। 

***

Saurabh Singh/KB



(Release ID: 1874018) Visitor Counter : 102