হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
আৱাস আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে 'স্বচ্ছতা'ক আমাৰ জীৱনৰ অভিন্ন অংগৰ দৰে সংস্থাগত ৰূপ দিবলৈ বিশেষ অভিযান ২.০ৰ আয়োজন কৰে
Posted On:
03 NOV 2022 11:45AM by PIB Guwahati
ভাৰত চৰকাৰে ১৪ৰ পৰা ৩০ ছেপ্টেম্বৰ,২০২২লৈকে প্ৰাৰম্ভিক চৰণৰ জৰিয়তে লম্বিত বিষয়বোৰ চিনাক্ত কৰাৰ পাছত বিশেষ অভিযান ২.০ৰ ঘোষণা কৰে, য'ত অভিযান অৱধিৰ বাবে স্পষ্ট লক্ষ্য নিৰ্ধাৰিত কৰা হৈছিল। এই বছৰ আৱাস আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহত মনোযোগ কেন্দ্ৰীভূত কৰা হৈছিল। চিনাক্ত কৰাৰ সময়ত, প্ৰধান ক্ষেত্ৰসমূহত লম্বিত বিষয়বোৰ হ্ৰাস কৰা আৰু উন্নত ৰেকৰ্ড প্ৰবন্ধন, দক্ষতাৰ সংশোধন তথা পাৰদৰ্শিতাৰ বাবে স্বচ্ছতাক উৎসাহিত কৰাটো নিৰ্ধাৰিত কৰা হৈছিল।
অভিযানৰ ৰূপায়ণ চৰণ (০২ৰ পৰা ৩১ অক্টোবৰ, ২০২২)ৰ সময়ছোৱাত, ৭২টা এমপি সন্দৰ্ভৰ ভিতৰত ৫৩টা; ১৪টা সংসদীয় আশ্বাসৰ ভিতৰত ৪টা; ৩৩৫টা লোক অভিযোগৰ ভিতৰত ২১৪টা আৰু ৯৪টা লোক অভিযোগ আপীলৰ ভিতৰত ৮৭টা নিষ্পত্তি কৰা হয় আৰু ১৩৫২৬টা কাগজৰ ফাইল আঁতৰোৱা হয়। মুঠ ৬৬টা আউটডোৰ চাফাই অভিযান চলোৱা হয়। বিভিন্ন কাৰ্যালয়ত অনুপযোগী বস্তুৰ অপসাৰণৰ মাধ্যমত মুঠ ৪৪৮৬০.০০ টকাৰ ৰাজহ প্ৰাপ্ত কৰা হয় আৰু প্ৰায় ২২৩৬ বৰ্গ ফুট ঠাইক স্ক্ৰেপ/ৰেকৰ্ড, পেলনীয়াৰ অপসাৰণৰ পাছত খালী কৰা হয়। এই অভিযানৰ সময়ত সেই কাৰ্যালয়সমূহক প্ৰাথমিকতা দি থকা হৈছে, য'লৈ সাধাৰণ লোকে অহা-যোৱা কৰি থাকে আৰু যি সেৱা প্ৰদান কৰিবলৈ দায়িত্বশীল।
মন্ত্ৰালয়ে নিয়মীয়াকৈ ছচিয়েল মিডিয়াত নিজৰ কাৰ্যকলাপৰ প্ৰচাৰ কৰি আছে। অভিযানৰ সময়ত, এই মন্ত্ৰালয়ৰ কামৰ বিষয়ে ৮০টা টুইট, ৮০টা ফেচবুক পোষ্ট, ৮০টা ইনষ্টাগ্ৰাম বাৰ্তা আৰু ৫টা ইউটিউব ভিডিঅ' আপলোড কৰা হয়।
যুটীয়া সচিবে আৱাস আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ত বিশেষ অভিযান ২.০ৰ ৰূপায়ণৰ সময়ত সমগ্ৰ স্বচ্ছতাৰ নিৰীক্ষণ কৰিবলৈ আৰু অগ্ৰগতিৰ সমীক্ষা কৰিবলৈ দৈনিক নিৰ্মাণ ভৱন, নতুন দিল্লীস্থিত মন্ত্ৰালয় পৰিসৰ ভ্ৰমণ কৰে আৰু নিৰ্দেশৰ পাছত, চিপিডব্লিউডিয়ে সাধাৰণ মেৰামতিৰ কাম আৰম্ভ কৰি দিছে।
বিশেষ অভিযানৰ এটা অংশ হিচাপে, মন্ত্ৰালয়ে বিভিন্ন ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশৰ বিভিন্ন কাৰ্যালয়ক আত্মসহায়ক গোট (এছএইচজি)ৰ সৈতে জোঁট বন্ধনৰ সুবিধা প্ৰদান কৰিছিল। ব্যৱস্থাৰ জৰিয়তে, আত্মসহায়ক গোটসমূহক সংশ্লিষ্ট কাৰ্যালয়সমূহত কিয়োস্কৰ বাবে ঠাইৰ ব্যৱস্থা কৰা হয়, য'ত তেওঁলোকে পুনৰ্চক্ৰণৰ বাবে কাৰ্যালয়ৰ পেলনীয়া একত্ৰিত কৰিব পাৰে। ইয়াৰ উদ্দেশ্য হৈছে স্বচ্ছতা অভিযানৰ এটা অংশ হিচাপে 'ৰিডিউছ, ৰিইউজ, ৰিচাইকল- 3 আৰ- (কম কৰা; পুনৰ ব্যৱহাৰ কৰা আৰু পুনৰ্চক্ৰণ)ক উৎসাহিত কৰা। মুঠ ১৮৭টা কিয়োস্ক লগোৱা হয়।
এটা সমৰ্পিত টীমৰ দ্বাৰা দৈনিক অগ্ৰগতিৰ নিৰীক্ষণ কৰি থকা হৈছে আৰু ইয়াক প্ৰশাসনিক সংশোধন আৰু লোক অভিযোগ বিভাগৰ দ্বাৰা প্ৰবন্ধিত এছচিপিডিএম পৰ্টেলত আপলোড কৰি থকা হৈছে।
***
RKJ/M
(Release ID: 1873643)