প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুজৰাটৰ কেভাদিয়াত ৰাষ্ট্ৰীয় একতা দিৱস পেৰেড, ২০২২ ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Posted On: 31 OCT 2022 12:19PM by PIB Guwahati

একতা নগৰ, কেভাদিয়াত একতাৰ দৌৰত অংশগ্ৰহণ কৰা আৰক্ষী বিভাগৰ মোৰ সতীৰ্থ, এনচিচিৰ কেডেট, শিল্পী, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, দেশখনৰ ভিন্ন প্ৰান্তৰ ভ্ৰাতৃ-ভগ্নী, আন-আন বিশিষ্ট ব্যক্তিসকল আৰু দেশবাসী!

মই একতা নগৰত আছো যদিও মোৰ মনটো মোৰবীৰ দুৰ্ঘটনাগ্ৰস্তসকলৰ বাবে বেয়া লাগি আছে। জীৱনত এনেকুৱা যন্ত্ৰণা খুব কমেইহে অনুভৱ কৰিছো। এফালে ভগ্ন হৃদয়, আনফালে কৰ্ম আৰু কৰ্তব্যৰ পথ। কৰ্তব্যৰ পথৰ প্ৰতি মোৰ দায়িত্বৰ অংশ হিচাপে মই আপোনালোকৰ মাজত আছো। কিন্তু মোৰ সেই ভুক্তভোগী পৰিয়ালসমূহলৈ মনত পৰি আছে।

মই এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হোৱাসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। দুখৰ এই মুহূৰ্তত চৰকাৰখন এই শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে সৰ্বতো প্ৰকাৰে আছে। গুজৰাট চৰকাৰে যোৱা সন্ধিয়াৰপৰা পূৰ্ণ শক্তিৰে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰেও ৰাজ্য চৰকাৰখনক সকলো সহায় আগবঢ়াইছে। উদ্ধাৰ অভিযানত এনডিআৰএফৰ দল মোতায়েন কৰা হৈছে। সেনা আৰু বায়ুসেনাৰ জোৱানসকলেও সাহায্যৰ কামত নিয়োজিত হৈছে। চিকিৎসালয়সমূহত চিকিৎসাধীন হৈ থকা লোকসকলকো চোৱা-চিতা কৰা হৈছে। ৰাইজৰ অসুবিধা ন্যূনতমকৰণত অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই য়ে দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে কালি নিশাই মোৰবীত উপস্থিত হয়। কালিৰেপৰাই তেওঁ সাহায্য আৰু উদ্ধাৰ অভিযানৰ তদাৰক কৰি আছে। এই ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰখনেও এখন কমিটি গঠন কৰিছে। দেশবাসীক সাহায্য আৰু উদ্ধাৰ অভিযানত বিলম্ব নকৰাৰ আশ্বাস প্ৰদান কৰিছো। আজিৰ ‘ৰাষ্ট্ৰীয় একতা দিৱস’ (National Unity Day) য়েও আমাক এই কঠিন সময়ৰে একত্ৰিতভাৱে মুখামুখি হ’বলৈ আৰু কৰ্তব্যৰ পথত থাকিবলৈ অনুপ্ৰাণিত কৰিছে। অতিশয় কঠিন পৰিস্থিতিত চৰ্দাৰ পেটেলৰ ধৈৰ্য্য আৰু তৎপৰতাৰপৰা শিক্ষা লৈ আমি কাম কৰি আছো আৰু ভৱিষ্যতেও কাম কৰি যাম।

বন্ধুসকল,

২০২২ ৰ ‘ৰাষ্ট্ৰীয় একতা দিৱস’ এক অতিশয় বিশেষ অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। এই বৰ্ষতে আমি আমাৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিলো। আমি নতুন সংকল্পৰে আগবাঢ়িছো। আজি একতা নগৰত অনুষ্ঠিত হোৱা পেৰেডেও আমাক সকলোৱে একেলগে খোজ কঢ়া আৰু একেলগে আগবঢ়া মাত্ৰেকে যে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি, তাৰেই উপলব্ধি প্ৰদান কৰে। আজি দেশখনৰ ভিন্ন প্ৰান্তৰ শিল্পীসকলে একাধিক সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিবলৈ ওলাই আহিছিল। ভাৰতৰ বিভিন্ন নৃত্যও প্ৰদৰ্শনৰ কথা আছিল। কিন্তু কালি ঘটা মৰ্মান্তিক ঘটনাটোৰ বাবে আজি তেওঁলোকৰ পৰিৱেশন-প্ৰদৰ্শনৰ অনুষ্ঠান স্থগিত ৰখা হৈছে। যিসকল শিল্পীয়ে কষ্ট সহকাৰে ইয়ালৈ আহিছিল, অথচ পৰিৱেশন-প্ৰদৰ্শনৰ সুযোগ নাপালে, সেই সকলো শিল্পীৰ যন্ত্ৰণা মই বুজিব পাৰো, কিন্তু পৰিস্থিতিয়ে এনে কৰিবলৈ বাধ্য কৰিছে।

বন্ধুসকল,

পৰিয়াল, সমাজ, গাওঁ, ৰাজ্য আৰু দেশৰ প্ৰতিটো স্তৰতে এই সংহতি আৰু অনুশাসন প্ৰয়োজনীয়। আৰু আজি আমি দেশখনৰ চুকে-কোণে এই উদ্দীপনা দেখিবলৈ পাইছো। আজি সমগ্ৰ দেশখনতে ঐক্যৰ বাবে ৭৫ হাজাৰ স্থানত দৌৰৰ আয়োজন কৰা হৈছে আৰু ইয়াত লাখ-লাখ লোকে অংশগ্ৰহণ কৰিছে। দেশবাসীয়ে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ দৃঢ়তাৰপৰা প্ৰেৰণা লাভ কৰিছে। আজি দেশবাসীয়ে ‘অমৃত কাল’ ৰ ‘পঞ্চ পণ’ (পাঁচটা প্ৰতিজ্ঞা) সিদ্ধিৰ অৰ্থে ৰাষ্ট্ৰখনৰ ঐক্য আৰু অখণ্ডতাৰ বাবে অংগীকাৰ গ্ৰহণ কৰিছে।

বন্ধুসকল,

কেভাদিয়াৰ একতা নগৰৰ এই ভূমিৰপৰা ‘ৰাষ্ট্ৰীয় একতা দিৱস’ ৰ উপলক্ষ আৰু একতাৰ প্ৰতিমূৰ্তিভাগে আমাক স্বাধীনতাৰ সময়ত চৰ্দাৰ পেটেলৰ দৰে ভাৰতৰ নেতৃত্ব নথকাহ’লে কি হ’লহেঁতেন, সেই কথা অহৰহ সোঁৱৰায়। ৫৫০ খনৰো অধিক উদাৰ ৰাজ্য একত্ৰিত নোহোৱা হ’লে কি হ’লহেঁতেন, সেই কথাই ব্যক্ত কৰে। আমাৰ প্ৰায়সমূহ উদাৰ ৰাজ্যই সৰ্বোচ্চ ত্যাগ স্বীকাৰ নকৰাহেঁতেন আৰু ভাৰত মাতাৰ প্ৰতি আস্থা প্ৰকাশ নকৰাহেঁতেন কি হ’লহেঁতেন বাৰু! আজি আমি যিখনি ভাৰত দেখিবলৈ পাইছো, তেতিয়া ইয়াৰ আমি কল্পনাও কৰিবপৰা নাছিলো। এই কঠিন আৰু অসম্ভৱ কামটো কেৱল চৰ্দাৰ পেটেলেহে সম্পন্ন কৰিছিল।

বন্ধুসকল,

চৰ্দাৰ চাহেবৰ জন্ম বাৰ্ষিকী আৰু ‘ৰাষ্ট্ৰীয় একতা দিৱস’ আমাৰ বাবে কেৱল এক অনুষ্ঠানেই নহয়। বৰঞ্চ এয়া ভাৰতৰ সাংস্কৃতিক সম্ভাৱনাৰ এক মহান উৎসৱো। ভাৰতৰ বাবে ঐক্যৰ উদ্দীপনাই কেতিয়াও বাধ্যবাধকতাৰ সন্মুখীন হোৱা নাই। ঐক্য সদায়েই ভাৰতৰ বিশেষত্ব হৈ আহিছে। ভাৰতৰ মনত, আমাৰ অন্তৰ্নিহিত আত্মাত ঐক্যবোধ ইমানেই গভীৰভাৱে নিহিত হৈ আছে যে আমি প্ৰায়ে এই গুণটো উপলব্ধি নকৰো আৰু কেতিয়াবা এয়া হেৰাই যায়। কিন্তু বুজি উঠিছো যে যেতিয়াই কোনো প্ৰাকৃতিক দুৰ্যোগে দেশখনক প্ৰভাৱিত কৰে, তেতিয়াই সমগ্ৰ দেশখন একেলগে থিয় হয়। দুৰ্যোগ উত্তৰ দিশতেই হওঁক বা দক্ষিণেই হওঁক, পূবতেই হওঁক বা পশ্চিমতেই হওঁক, কোনো কথা নাই। সমগ্ৰ ভাৰত সেৱা, সহযোগিতা আৰু মমতাৰে একত্ৰিত হৈ থিয় দিয়ে। চাওঁকচোন, কালি কি হ’ল। মোৰবীত সংঘটিত দুৰ্ঘটনাটোক লৈ প্ৰতিগৰাকী দেশবাসীয়ে ভুক্তভোগীসকলৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছে। চিকিৎসালয়তেই হওঁক বা দুৰ্ঘটনাস্থলীতেই হওঁক, স্থানীয় লোকসকলে নিজেই সম্ভৱপৰ সকলো সহায়ৰ বাবে আগবাঢ়ি আহিছে। এয়াই হৈছে ঐক্যৰ শক্তি। আমাৰ সন্মুখত ক’ৰোনাৰো এক বিশাল নিদৰ্শন আছে। হাত চাপৰি বজোৱাৰ আৱেগিক সংহতিৰপৰা আৰম্ভ কৰি ৰেচন, ঔষধ আৰু ভেকচিনৰ সমৰ্থনলৈকে দেশখনে এটা পৰিয়ালৰ দৰে আগবাঢ়িছিল। সীমান্তত বা সীমান্তৰ সিপাৰে যেতিয়া ভাৰতৰ সেনাই শৌৰ্য্য প্ৰদৰ্শন কৰে, তেতিয়া সমগ্ৰ দেশতে একে আৱেগ আৰু মনোভাৱৰ সৃষ্টি হয়। ভাৰতৰ যুৱক-যুৱতীসকলে যেতিয়া অলিম্পিকত ত্ৰিৰংগাৰ গৌৰৱ উৰুৱাই, তেতিয়া সমগ্ৰ দেশে একেদৰেই উদযাপন কৰে। ক্ৰিকেট মেচ এখনত যেতিয়া দেশ জয়ী হয়, তেতিয়া সমগ্ৰ দেশতে একেই আৱেগে বিৰাজ কৰে। আমাৰ উদযাপনৰ পৰম্পৰাগত পদ্ধতি বেলেগ-বেলেগ, কিন্তু উদ্দীপনা অভিন্ন। পাৰস্পৰিক এই ঐক্য, সংহতি আৰু আত্মীয়তাই এখনি ৰাষ্ট্ৰ হিচাপে ভাৰতৰ শিপাৰ গভীৰতাক সূচিত কৰিছে।

আৰু বন্ধুসকল,

ভাৰতৰ এই ঐক্যই আমাৰ শত্ৰুবোৰক পদানত কৰে। এয়া আজিৰ কথা নহয়, শ-শ বছৰৰ আগৰপৰাই আনকি দাসত্বৰ দীঘলীয়া সময়ছোৱাতো ভাৰতৰ ঐক্যই আমাৰ শত্ৰুবোৰক অস্থিৰ কৰি তুলিছিল। সেয়ে শ-শ বছৰৰ দাসত্বৰ সময়ছোৱাত আমাৰ দেশখনলৈ হোৱা আটাইকেইটা বিদেশী আগ্ৰাসনে ভাৰতত বিভাজনৰ সৃষ্টি কৰিবলৈ সকলো সম্ভৱ কৰি তুলিছিল। ভাৰতক বিভাজিত আৰু ভাঙিবলৈ সকলো কৰিলে। তথাপিও আমি সিহঁতৰ মুখামুখি হ’ব পাৰিছিলো, কাৰণ আমাৰ মাজত ঐক্যৰ অমৃত তেতিয়াও আছিল আৰু ই নদীৰ দৰে বৈ আছিল। আমি বিভাজন দেখিছো আৰু ভাৰতৰ শত্ৰুৱে ইয়াৰ সুবিধাও লোৱা দেখিছো। সেইবাবেই আজিও আমি অধিক সাৱধান হ'ব লাগিব! অতীতৰ দৰেই ভাৰতৰ উত্থানত যিবোৰ শক্তি বিচলিত হৈছিল, সেইবোৰ আজিও আছে। এনে শক্তিবোৰে আজিও আমাক ভাঙি বিভাজিত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। জাত-পাতৰ নামত আমাক জড়িত কৰিবলৈ বিভিন্ন আখ্যান সৃষ্টি কৰা হয়। প্ৰদেশৰ নামত আমাক বিভাজনৰ প্ৰয়াস কৰা হৈছে। কেতিয়াবা এটা ভাৰতীয় ভাষাক আন এটা ভাৰতীয় ভাষাৰ শত্ৰু কৰিবলৈ অভিযান চলোৱা হয়। ইতিহাসকো এনেদৰে উপস্থাপন কৰা হৈছে যে দেশখনৰ জনসাধাৰণে একত্ৰিত হৈ নাথাকি পৰস্পৰে-পৰস্পৰৰপৰা দূৰত্ব বজাই ৰাখে।

আৰু ভ্ৰাতৃ-ভগ্নীসকল,

আমি আৰু এটা কথা মনত ৰাখিব লাগিব। দেশখনক দুৰ্বল কৰা শক্তিবোৰে সদায়েই আমাৰ প্ৰথম শত্ৰু হিচাপে নিজকে উপস্থাপন কৰাটো প্ৰয়োজনীয় নহয়। বহু সময়ত এই শক্তি আমাৰ ভিতৰত দাস মানসিকতাৰ ৰূপত সোমাই পৰে। কেতিয়াবা এই শক্তিয়ে আমাৰ ব্যক্তিগত স্বাৰ্থৰ অযথা সুবিধা লয়। কেতিয়াবা দেশখনক বিভাজিত আৰু দুৰ্বল কৰাৰ বাবে তুষ্টি, বংশ, লোভ আৰু দুৰ্নীতিৰ আশ্ৰয় লয়। কিন্তু আমি সেইবোৰৰ প্ৰত্যুত্তৰ প্ৰদান কৰিব লাগিব। ভাৰত মাতাৰ সন্তান হিচাপে আমি সেইবোৰক প্ৰত্যুত্তৰ দিব লাগিব। আমি ভাৰতীয় হিচাপে তেওঁলোকৰ প্ৰত্যুত্তৰ দিব লাগিব। আমি একত্ৰিত হ’ব লাগিব। বৈষম্যৰ বিষৰ উত্তৰ আমি এই ঐক্যৰ অমৃতেৰে দিব লাগিব। এয়াই হৈছে নব্য ভাৰতৰ শক্তি।

বন্ধুসকল,

আজি মই ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উপলক্ষে চৰ্দাৰ চাহেবে আমাক দি থৈ যোৱা দায়িত্বৰ পুনৰাবৃত্তি কৰিব বিচাৰিছো। তেখেতে আমাক দেশখনৰ ঐক্যৰ সুদৃঢ়কৰণৰ লগতে দেশখনক শক্তিশালী কৰাৰ দায়িত্বও প্ৰদান কৰি গৈছে। এই ঐক্য শক্তিশালী তেতিয়াহে হ’ব যেতিয়া প্ৰতিজন নাগৰিকেই সমান কৰ্তব্যবোধেৰে এই দায়িত্ব পালন কৰিব। আজি দেশখনে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস’ ৰ মন্ত্ৰ অনুসৰণ কৰি একে কৰ্তব্যবোধেৰে উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। আজি দেশখনত কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ প্ৰতিটো ইয়াৰ কোণত, প্ৰতিখন গাঁৱতে, প্ৰতিটো শ্ৰেণীৰ বাবে আৰু প্ৰতিজন ব্যক্তিৰ বাবে একেধৰণৰ নীতি উপলব্ধ। আজি যদি সাধাৰণ জনতাই গুজৰাটৰ চুৰাটত বিনামূলীয়াকৈ ভেকচিন লাভ কৰি আছে, তেন্তে অৰুণাচলৰ ছিয়াঙতো বিনামূলীয়া ভেকচিন সমানে উপলব্ধ। আজি যদি এইমছ গোৰখপুৰত আছে, তেন্তে বিলাসপুৰ, দাৰভাংগা, গুৱাহাটী, ৰাজকোট আদি দেশৰ অন্যান্য চহৰতো আছে। আজি এফালে তামিলনাডুত প্ৰতিৰক্ষা কৰিডৰ নিৰ্মাণ কৰা হৈছে আনফালে উত্তৰ প্ৰদেশতো প্ৰতিৰক্ষা কৰিডৰ ক্ষীপ্ৰতাৰে আগবাঢ়িছে। আজি উত্তৰ-পূৰ্বাঞ্চলৰ কোনো গৃহস্থীৰ পাকঘৰত বা তামিলনাডুৰ যিকোনো “সময়ল-আৰাই” ত যদি খাদ্য ৰন্ধা হৈছে, তেন্তে ভাষাটো বেলেগ হ’ব পাৰে, খাদ্য বেলেগ হ’ব পাৰে, কিন্তু ধোঁৱাৰপৰা মাতৃ-ভগ্নীক মুক্ত কৰা উজ্জ্বলা চিলিণ্ডাৰটো বেলেগ হ’ব নোৱাৰে সকলোতে। আমাৰ সকলো নীতিৰ উদ্দেশ্য একেই -- সমাজৰ অন্তিমজন লোকৰ ওচৰলৈ নিয়া, তেওঁক উন্নয়নৰ মূলসুঁতিৰে সংযোগ কৰা।

বন্ধুসকল,

আমাৰ দেশখনৰ লাখ-লাখ লোকে আনকি নিজৰ প্ৰাথমিক প্ৰয়োজনীয়তাসমূহৰ বাবেও বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল। মৌলিক সুবিধাৰ ব্যৱধান যিমানেই কম হ’ব, সিমানেই ঐক্য সুদৃঢ় হ’ব। সেয়ে দেশখনত চেচুৰেচনৰ নীতি সন্দৰ্ভত কাম অব্যাহত আছে। ইয়াৰ লক্ষ্য হৈছে প্ৰতিখন আঁচনিৰ সুবিধা প্ৰতিগৰাকী হিতাধিকাৰীৰ ওচৰলৈ নিয়া। গতিকে, আজি এনে বহু অভিযান অব্যাহত আছে যেনেঃ হাউছিং ফৰ অল, ডিজিটেল কানেক্টিভিটি ফৰ অল, ক্লিন কুকিং ফৰ অল, বিদ্যুৎ ফৰ অল আদি। এই অভিযান ঐক্যবদ্ধ লক্ষ্য, ঐক্যবদ্ধ উন্নয়ন আৰু ঐক্যবদ্ধ প্ৰচেষ্টাৰো মিছন। আজি জীৱনৰ মৌলিক প্ৰয়োজনীয়তাসমূহৰ ১০০% ক’ভাৰেজ, দেশ আৰু সংবিধানৰ প্ৰতি সাধাৰণ মানুহৰ বিশ্বাসৰ মাধ্যম হৈ পৰিছে। এয়া সাধাৰণ মানুহৰ আত্মবিশ্বাসৰ মাধ্যম হৈ পৰিছে। এয়াই চৰ্দাৰ পেটেলৰ ভাৰতৰ দৃষ্টিভংগী য'ত প্ৰতিজন ভাৰতীয়ই সমান সুযোগ লাভ কৰিব আৰু সমতাৰ ভাৱো থাকিব। আজি দেশখনে এই দৃষ্টিভংগী বাস্তৱায়িত কৰিছে।

বন্ধুসকল,

যোৱা আঠটা বছৰে দেশখনে দশক-দশক ধৰি অৱহেলিত হৈ থকা সমাজৰ প্ৰতিটো শ্ৰেণীকে অগ্ৰাধিকাৰ প্ৰদান কৰিছে। সেয়ে জনজাতি সমাজৰ গৌৰৱ স্মৰণেৰে ‘জনজাতীয় গৌৰৱ দিৱস’ (Tribal Pride Day) উদযাপনৰ পৰম্পৰা আৰম্ভ হ’ল। জনজাতীয় স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ ভূমিকাক আলোকপাত কৰিবলৈ দেশখনৰ বহু ৰাজ্যত সংগ্ৰহালয় স্থাপন কৰা হৈছে। কাইলৈ ​​মই মংগড়লৈ যাম আৰু তাৰ পিছত মই জাম্বুঘোদালৈয়ো যাম। মই দেশবাসীক আহ্বান জনাইছো যে মংগড় ধাম আৰু জাম্বুঘোদাৰ ইতিহাস সম্পৰ্কেও জানোচোন আহক। বিদেশী আক্ৰমণকাৰীৰ ইমানবোৰ গণহত্যাৰ সন্মুখত আমি কেনেকৈ স্বাধীনতা লাভ কৰিছিলো, সেয়া জনাটো আজিৰ নৱপ্ৰজন্মৰ বাবে অতিশয় প্ৰয়োজনীয়। তেতিয়াহে আমি স্বাধীনতা আৰু সংহতিৰ মূল্য বুজিব পাৰিম।

বন্ধুসকল,

আমাৰ দেশত এষাৰ কথা আছেঃ

ऐक्यं बलं समाजस्य तद्भावे स दुर्बलः। तस्मात् ऐक्यं प्रशंसन्ति दृढं राष्ट्र हितैषिणः॥

অৰ্থাৎ, যিকোনো সমাজৰ ঐক্যতে ইয়াৰ শক্তি নিহিত হৈ থাকে। গতিকে শক্তিশালী সমাজৰ শুভাকাংক্ষীসকলে এই ঐক্যৰ মনোভাৱক প্ৰশংসা কৰে আৰু ইয়াৰ বাবে চেষ্টা কৰে। গতিকে দেশখনৰ ঐক্য আৰু সংহতি আমাৰ এক সামূহিক দায়িত্ব। একতা নগৰ ভাৰতৰ এনে এখন আদৰ্শ চহৰ হিচাপে বিকশিত হৈছে যি কেৱল দেশখনতে নহয় বৰঞ্চ সমগ্ৰ বিশ্বতে অভূতপূৰ্ব হিচাপে পৰিগণিত হ’ব। ৰাইজৰ ঐক্য আৰু তেওঁলোকৰ অংশগ্ৰহণেৰে বিকশিত হোৱা একতা নগৰ আজি প্ৰেৰণা হৈ উঠিছে। একতাৰ প্ৰতিমূৰ্তিৰ ৰূপত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিমূৰ্তিটো প্ৰেৰণা হিচাপে আমাৰ লগত আছে। ভৱিষ্যতে একতা নগৰ ভাৰতৰ এনে এখন চহৰ হৈ উঠিব যি হ’ব অভূতপূৰ্ব আৰু অবিশ্বাস্য। দেশখনৰ পৰিবেশ-অনুকূল আদৰ্শ চহৰৰ কথা ওলোৱা মাত্ৰেকে একতা নগৰ সন্মুখত থাকিব। বিদ্যুৎ সাশ্ৰয়ী এলইডিৰে আলোকিত মডেল চিটিৰ কথা আহিলেই মানুহে একতা নগৰৰ কথাকে ক’ব। দেশখনত সৌৰশক্তি চালিত স্বচ্ছ পৰিবহণ ব্যৱস্থাৰ কথা আহিলে একতা নগৰৰ নাম প্ৰথম স্থানত থাকিব। বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু চৰাইৰ সংৰক্ষণৰ কথা আহিলে একতা নগৰৰ নাম প্ৰথমে আহিব। মাথো কালি ইয়াত মিয়াৱাকি বনাঞ্চল আৰু মেজ উদ্যান উদ্বোধনৰ সুযোগ লাভ কৰিছিলো। একতা মল, একতা নাৰ্চাৰী, বৈচিত্ৰ্যৰ মাজত ঐক্য প্ৰদৰ্শনকাৰী বিশ্ব ভান, একতা ফেৰী, একতা ৰেলৱে ষ্টেচন আদিৰ দৰে পদক্ষেপে ৰাষ্ট্ৰীয় ঐক্য সুদৃঢ়কৰণত প্ৰেৰণা যোগাইছে। এতিয়া একতা নগৰত আন এটা আশ্চৰ্য্যও সংযোজন হ’ব। আজি এই সম্পৰ্কেও ক'ব খুজিছো। আপুনি মাত্ৰ চৰ্দাৰ চাহেবৰ কথা শুনিছে। আমি সেই আৱেগক আমাৰ এই প্ৰচেষ্টাত প্ৰতিফলিত কৰিব খুজিছো। স্বাধীনতাৰ পিছত দেশখনৰ একত্ৰীকৰণৰ ক্ষেত্ৰত চৰ্দাৰ চাহেবে যি ভূমিকা পালন কৰিছিল, তাত দেশখনৰ ৰজা-ৰাজকুমাৰসকলেও বহুখিনি অৱদান আগবঢ়াইছিল। যুগ-যুগ ধৰি ক্ষমতা দখল কৰি থকা ৰাজ পৰিয়ালসমূহে দেশখনৰ ঐক্যৰ বাবে এক নতুন ব্যৱস্থাত নিজৰ অধিকাৰ বিসৰ্জন দিছিল। স্বাধীনতাৰ পিছত দশক- দশক ধৰি তেওঁলোকৰ অৱদান অৱহেলিত হৈ আহিছে। এতিয়া সেই ৰাজ পৰিয়াল আৰু নৃপতি ৰাজ্যসমূহৰ অৱদানৰ বাবে একতা নগৰত এটি সংগ্ৰহালয় স্থাপন কৰা হ’ব। এই সংগ্ৰহালয়ে দেশখনৰ ঐক্যৰ বাবে ত্যাগৰ পৰম্পৰাৰাজিক নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিব আৰু মই গুজৰাট চৰকাৰৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰিছো। চৰকাৰখনে ইয়াৰ অৰ্থে বহু কাম সম্পূৰ্ণ কৰিছে। চৰ্দাৰ চাহেবৰ প্ৰেৰণাই সকলোকে ৰাষ্ট্ৰীয় ঐক্য সুদৃঢ়কৰণৰ ক্ষেত্ৰত অহৰহ পথ প্ৰদৰ্শন কৰিব বুলি মই নিশ্চিত। আমি একেলগে শক্তিশালী ভাৰতৰ সপোন পূৰণ কৰিম। এই বিশ্বাসেৰে মই আপোনালোকক মই ‘চৰ্দাৰ পেটেল’ বুলি কোৱাৰ পিছত ‘অমৰ ৰহে, অমৰ ৰহে’ বুলি ক’বলৈ আহ্বান জনাইছো।

চৰ্দাৰ পেটেল – অমৰ ৰহে, অমৰ ৰহে!

চৰ্দাৰ পেটেল – অমৰ ৰহে, অমৰ ৰহে!

ভাৰত মাতা কী – জয়!

ভাৰত মাতা কী – জয়!

ভাৰত মাতা কী – জয়!

বহু-বহু ধন্যবাদ।

 

***

DS/VJ/VK/AK/SB


(Release ID: 1872953) Visitor Counter : 152