অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

অসামৰিক বিমান পৰিবহন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচখন চহৰক সংযোগ কৰা তিনিখন বিমান উদ্বোধন কৰে

আৰচিএছ উড়ানৰ অধীনত ইম্ফল-আইজল-ইম্ফলসংযোগী বিমানখনৰ চলাচল ৩০ অক্টোবৰ ২০২২ তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু সপ্তাহত ৫ বাৰকৈ যাত্ৰা কৰিব

আৰচিএছ উড়ানৰ অধীনত শ্বিলং-লীলাবাৰী-শ্বিলং সংযোগী বিমানখনৰ চলাচল ৩০ অক্টোবৰ ২০২২ তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু সপ্তাহত ৪ বাৰকৈ যাত্ৰা কৰিব

লীলাবাৰী-জিৰো-লীলাবাৰী সংযোগী বিমানখনৰ চলাচল ৩০ অক্টোবৰ ২০২২ তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু সপ্তাহত ২ বাৰকৈ যাত্ৰা কৰিব

আন্তৰ্জাতিক উড়ানৰ অধীনত, আগৰতলা-চিটাগং-আগৰতলা আৰু ইম্ফল-মন্দালয়-ইম্ফলৰ মাজত দুটা নতুন পথ কাৰ্যকৰী কৰা হ'ব: শ্ৰী সিন্ধিয়া

Posted On: 30 OCT 2022 6:26PM by PIB Guwahati

অসামৰিক বিমান পৰিবহন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই আজি অসামৰিক বিমান পৰিবহন ৰাজ্যিক মন্ত্ৰী জেনেৰেল ড০ বিজয় কুমাৰ সিঙৰ (আৰটিডি) উপস্থিতিত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ আৰু মিজোৰামৰ পাঁচখন চহৰক সংযোগ কৰিবলগীয়া তিনিখন বিমানৰ কাৰ্যকৰী চলাচল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচখন ৰাজ্যৰ পাহাৰীয়া চহৰসমূহত বৰ্ধিত আকাশী সংযোগে অঞ্চলটোৰ বাসিন্দাসকলৰ জীৱন ধাৰণৰ সুচলাতা সৃষ্টি কৰাত আৰু পৰ্যটন তথা বাণিজ্য বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

উদ্বোধনী ভাষণত অসামৰিক বিমান পৰিবহন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই অঞ্চলটোৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰি কয় যে আজিৰ দিনটো অতি শুভ দিন কিয়নো আমি দেশৰ প্ৰতিটো প্ৰান্তলৈ বিমান সংযোগ প্ৰদানৰ দিশত এনে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছো।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিমান সংযোগৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। বিগত আঠ বছৰত, অঞ্চলটোত সাতটা বিমানবন্দৰ স্থাপন তথা বিকশিত কৰা হৈছে। উড়ান আঁচনিৰ অধীনত, উত্তৰ-পূৱতেই ১৪% পথ প্ৰদান কৰা হৈছে। উড়ান ৪.২-ৰ অধীনত, উত্তৰ-পূৱলৈ প্ৰায় ১৮% আকাশী পথ প্ৰদান কৰা হৈছে।  উত্তৰ-পূৱৰ বিমান সংযোগৰ বাবে ৫০০ কোটি টকাৰ পুঁজিও উৎসৰ্গিত কৰা হৈছে।  কৃষি উদানৰ অধীনত, অঞ্চলটোত ২৫ টা বিমানবন্দৰলৈ সাহায্য প্ৰদান কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে আজি ঘোষণা কৰে যে আন্তঃৰাষ্ট্ৰীয় উড়ানৰ অধীনত আগৰতলা-চিটাগং-আগৰতলা আৰু ইম্ফল-মান্দালয়-ইম্ফলৰ মাজত দুটা নতুন পথ কাৰ্যকৰী কৰা হ'ব, আৰু ইয়াৰ ফলত উত্তৰ-পূৱৰ ৰাজ্যসমূহত বিমান সংযোগৰ পৰিসৰ ৰাষ্ট্ৰীয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ সম্প্ৰসাৰিত হ'ব।

অসামৰিক বিমান পৰিবহন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল ড০ বিজয় কুমাৰ সিঙে (আৰটিডি) কয় যে দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এই অতিৰিক্ত বিমান সংযোগ প্ৰদান কৰাটো অতি আনন্দৰ বিষয়। ই ৰাজ্যসমূহৰ মাজত ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব আৰু বিভিন্ন উদ্দেশ্যেৰে ভ্ৰমণ কৰাত ইয়াৰ স্থানীয় লোকসকলক সহায় কৰিব, লগতে অঞ্চলটোৰ বিকাশত অৰিহণা যোগাব।

উল্লেখ্য যে এই বিমানখন এলায়েন্স এয়াৰৰ দ্বাৰা পৰিচালিত হ'ব আৰু নিম্নলিখিত সূচী অনুসৰি পৰিচালনা কৰা হ'ব:

ইম্ফল-আইজল-ইম্ফল (আৰচিএছ উড়ানৰ অধীনত): ৩০ অক্টোবৰ ২০২২

উড়নৰ স্থান

গন্তব্য স্থান

সঘনতা

প্ৰস্থানৰ সময়

প্ৰৱেশৰ সময়

কাৰ্যকৰী হোৱা তাৰিখ

বিমানৰ ধৰণ

ইম্ফল

আইজল

সপ্তাহত ৫ বাৰ

1005

1045

৩০ অক্টোবৰ, ২০২২

ATR72-600

আইজল

ইম্ফল

সপ্তাহত ৫ বাৰ

1115

1155

ATR72-600

 

লীলাবাৰী-জিৰো-লীলাবাৰী: ৩০ অক্টোবৰ ২০২২

উড়নৰ স্থান

গন্তব্য স্থান

সঘনতা

প্ৰস্থানৰ সময়

প্ৰৱেশৰ সময়

কাৰ্যকৰী হোৱা তাৰিখ

বিমানৰ ধৰণ

লীলাবাৰী

ZIRO

সপ্তাহত ২ বাৰ

1155

1225

৩০ অক্টোবৰ, ২০২২

Dornier Do-228

ZIRO

লীলাবাৰী

সপ্তাহত ২ বাৰ

1245

1315

Dornier Do-228

 

শ্বিলং-লীলাবাৰী-শ্বিলং (আৰচিএছ উড়ানৰ অধীনত): ৩১ অক্টোবৰ ২০২২

 

উড়নৰ স্থান

গন্তব্য স্থান

সঘনতা

প্ৰস্থানৰ সময়

প্ৰৱেশৰ সময়

কাৰ্যকৰী হোৱা তাৰিখ

বিমানৰ ধৰণ

শ্বিলং

লীলাবাৰী

সপ্তাহত ৪ বাৰ

1035

1135

৩০ অক্টোবৰ, ২০২২

ATR72-600

লীলাবাৰী

শ্বিলং

সপ্তাহত ৪ বাৰ

1155

1255

ATR72-600

 

উদ্বোধনী অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙ, অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা (পূৰ্বৰেকৰ্ড কৰা ভিডিঅ' বাৰ্তাৰ দ্বাৰা), কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৰ লগতে আন আন ৰাজ্যসমূহৰ ভালেমান মন্ত্ৰী আৰু সাংসদো উপস্থিত থাকে।

***

YB/DNS



(Release ID: 1872125) Visitor Counter : 135


Read this release in: English , Urdu , Hindi , Manipuri