তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

নতুন দিল্লীৰ ‘আকাশবাণী ভৱন’ত সম্পাদিত ‘বিশেষ স্বচ্ছতা অভিযান’ৰ কাম-কাজৰ সমীক্ষা কৰিলে তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবে

Posted On: 28 OCT 2022 6:16PM by PIB Guwahati

নতুন দিল্লীৰ সংসদ মাৰ্গত থকা ‘আকাশবাণী ভৱন’ চৌহদত সম্পাদন কৰা ‘বিশেষ স্বচ্ছতা অভিযান’ৰ অগ্ৰগতিৰ সমীক্ষা কৰিলে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী অপূৰ্ব চন্দ্ৰই। যোৱা ২৭ অক্টোবৰ ২০২২ত কৰা সমীক্ষাৰ এই সময়ছোৱাত ‘প্ৰচাৰ ভাৰতী’ৰ ‘মুখ্য কাৰ্যবাহী বিষয়া’ ময়াংক আগৰৱাল, ‘এএছ এণ্ড এফএ’ শ্ৰী জয়ন্ত সিন্হা আৰু ‘তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়’ৰ ‘জ্যেষ্ঠ অৰ্থনৈতিক উপদেষ্টা’ শ্ৰী আৰ কে জানাকে ধৰি আকাশবাণীৰ জ্যেষ্ঠ বিষয়া-বৰ্গও উপস্থিত থাকে। সমীক্ষাৰ সময়ছোৱাত শ্ৰী চন্দ্ৰই ‘আকাশবাণী ভৱন’ৰ কেউটা মহলা পৰিদৰ্শন কৰাৰ লগতে পুৰণি তথা অব্যৱহৃত সা-সামগ্ৰী, ই-আৱৰ্জনাসমূহ দমাই ৰখাৰ বাবে আচুতীয়া ঠায়ো নিৰ্দিষ্ট কৰে। সচিবগৰাকীয়ে ‘আকাশবাণী ভৱন’ৰ আভ্যন্তৰ ক্ষেত্ৰলৈ গৈ সদ্যহতে চলি থকা ভৱনসমূহৰ পুনৰ্নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত সেই ঠাইত জমাই ৰাখিবলগীয়া হোৱা পূৰণি ভৱনৰ ভগ্নাংশ, নিৰ্মাণ-সামগ্ৰীৰ অৱশিষ্ট আৰু ভৱনসমূহৰ পৰা এৰুৱাই পেলোৱা বিভিন্ন আচবাবৰ অৱশিষ্টসমূহৰ ৰক্ষণা-বেক্ষণৰ বুজ লয়। সচিবগৰাকীয়ে সংশ্লিষ্ট এলেকাডোখৰ সম্পূৰ্ণ ৰূপে পুনৰ্নিৰ্মাণ কৰি তাত ‘ডাক-ভৱন’ চৌহদত স্থাপন কৰা ‘ফুড-কোৰ্ট’খনৰ দৰেই এখন খাদ্য-সামগ্ৰীৰ ভাণ্ডাৰ গঢ়ি তোলাৰ পোষকতা কৰে।

ইফালে, ‘ডিডিজি(এ)’ শ্ৰী জিতেন্দ্ৰ আৰোৰাই ‘এছচিপিডিএম ২.০’ত আকাশবাণীয়ে লাভ কৰা অসাধাৰণ সাফল্য; পেলনীয়া সামগ্ৰীৰ নিলাম, পুৰণি যান-বাহনৰ বিক্ৰী, পুৰণি ফাইলৰ নিৰণি কৰাৰ দৰে কাম-কাজসমূহৰ ক্ষেত্ৰত ‘আকাশবাণী’ৰ কেন্দ্ৰসমূহে লাভ কৰা সাফল্য সন্দৰ্ভত ফটো-সম্বলিত এক খটিয়ান দাঙি ধৰে। তলত ‘আকাশবাণী’ৰ কেন্দ্ৰসমূহে লাভ কৰা কেতবোৰ সাফল্য দাঙি ধৰা হ’ল:

  • প্ৰায় ৩০০০০ কিলোগ্ৰাম পৰিমাণৰ পুৰণি ফ্ৰণিচাৰ, মেটেল স্ক্ৰেপ, ই-ৱেষ্ট, পুৰণি-অব্যৱহাৰযোগ্য এএম ট্ৰেন্সমিটাৰ আৰু ষ্টুডিঅ’ৰ সা-সৰঞ্জাম আদিৰ চিনাক্তকৰণ আৰু নিলাম সাম্পাদনৰ লগতে সেইবোৰৰ অপসাৰণৰ প্ৰক্ৰিয়া চলি আছে।
  • ই-ৱেষ্ট আৰু পুৰণি ফাৰ্নিচাৰৰ নিলামৰ জৰিয়তে ২.৫ কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰিব পৰা গৈছে।
  • এই অভিযানৰ সময়ত  ১০০০০বৰ্গফুট পৰিমাণৰ আভ্যন্তৰীণ এলেকা মুকলি কৰিব পৰা যাব বুলি আশা কৰা হৈছে।
  • বিভিন্ন চৌহদত পৰি থকা ১০০ৰো অধিক যান-বাহন চিনাক্ত কৰাৰ লগতে এইবোৰৰ নিলাম প্ৰক্ৰিয়া আগবঢ়াই থকা হৈছে।
  • ৫০০০০ৰো অধিক ফাইলৰ পৰিষ্কৰণ আৰু নিৰণিৰ কাম চলাই থকা হৈছে
  • ‘আকাশবাণী’ চৌহদত বৃষ-ৰোপণৰ কাম চলাই থকা হৈছে
  • ‘ট্ৰেন্সমিটিং ছাইট’সমূহত গজি উঠা বন-জংঘলৰ পৰিষ্কৰণৰ কাম-কাজ চলাই থকা হৈছে
  • ‘চিপিজিআৰএএম পৰ্টেল’ত লাভ কৰা ৰাজহুৱা ওজৰ-আপত্তিসমূহৰ দ্ৰুত নিষ্পত্তিকৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে
  • স্বচ্ছতা দিৱস : সপ্তাহৰ এটা দিন বিশেষ পৰিচ্ছন্ন দিৱস হিচাপে নিৰ্দ্ধাৰিত কৰা হৈছে
  • নিয়মীয়া ব্যৱধানত কাৰ্যলয়ৰ আভ্যন্তৰ পৰিষ্কৰণৰ অনুশীলনত গুৰুত্ব দিয়া হৈছে
  • কেন্দ্ৰ-কাৰ্যালয়সমূহত শক্তি-সমীক্ষাৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে

এই পৰ্যন্ত লাভ কৰা অগ্ৰগতি আৰু ‘বিশেষ স্বচ্ছতা অভিযান ২.০’ত ‘আকাশবাণী’য়ে লাভ কৰা উল্লেখনীয় সাফল্যসমূহক লৈ সন্তুষ্টি প্ৰকাশ কৰা ‘তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়’ৰ সচিবগৰাকীয়ে বাকী থকা কাম-কাজখিনিও অচিৰেই সম্পাদন কৰাত গুৰুত্ব আৰোপ কৰে।

***

Saurabh Singh/KB



(Release ID: 1871950) Visitor Counter : 102