নৌ-পৰিবহন মন্ত্ৰালয়

শ্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ ৰোজগাৰ মেলাত দুশৰো অধিক সফল প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে

যুৱচামে দেশৰ সমৃদ্ধি আৰু বিকাশৰ বাবে সততা আৰু নিষ্ঠাৰে কাম কৰা উচিত: সোণোৱাল

Posted On: 22 OCT 2022 3:30PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ মালিগাঁৱৰ পৰা ১০ লাখ কৰ্মচাৰীৰ নিযুক্তি অভিযান ‘ৰোজগাৰ মেলা’ত যোগদান কৰে য'ত আজি দুশতকৈও অধিক সফল প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।

 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "আজিৰ দিনটো দেশৰ যুৱপ্ৰজন্মৰ বাবে এক ঐতিহাসিক দিন। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত দেশৰ প্ৰায় ৭৫,০০০ যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিছে । মোদীজীয়ে সঠিকভাৱে উল্লেখ কৰাৰ দৰে, অমৃত কালৰ সময়ছোৱাত নতুন ভাৰত গঢ়ি তোলাত আমাৰ যুৱপ্ৰজন্মৰ ভূমিকা ২০৪৭ চনৰ ভিতৰত ভাৰত আত্মনিৰ্ভৰশীলতাৰ দিশত আগবঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। মোদীজীৰ নেতৃত্বত চৰকাৰে দেশৰ যুৱচামক সৱলীকৃত কৰিবলৈ আৰু তেওঁলোকক এই নতুন শক্তিশালী ভাৰতৰ চালিকা শক্তি হ'বলৈ দৃঢ়তাৰে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। ধনতেৰাছৰ এই পৱিত্ৰ দিনটোত মই যুৱচামক ভাৰতৰ সমৃদ্ধি আৰু বিকাশৰ বাবে আমাৰ নেতা শ্ৰী নৰেন্দ্ৰ মোদীজীৰ সৈতে সংযুক্ত হ'বলৈ আহ্বান জনাইছো।"

উল্লেখ্য, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ১০ লাখ কৰ্মচাৰীৰ নিযুক্তি অভিযানৰ শুভাৰম্ভ কৰে ৷ অনুষ্ঠানৰ সময়ত, নতুনকৈ অন্তৰ্ভুক্ত ৭৫,০০০ সফল যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। কেন্দ্ৰীয় চৰকাৰে দেশত অধিক সংখ্যক কৰ্মসংস্থাপন সৃষ্টিৰ বাবে বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

 

পৃষ্ঠভূমি

যুৱচামৰ বাবে চাকৰিৰ সুযোগ প্ৰদান আৰু নাগৰিকসকলৰ কল্যাণ নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা নিৰন্তৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত আজিৰ পদক্ষেপটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি, সকলো মন্ত্ৰালয় আৰু বিভাগে অভিযানভিত্তিত অনুমোদিত পদসমূহৰ বিপৰীতে বিদ্যমান খালী পদসমূহ পূৰণ কৰাৰ দিশত কাম কৰি আছে।

সমগ্ৰ দেশৰ পৰা বাছনি কৰা নতুনকৈ নিযুক্তি লাভ কৰা সকলে ভাৰত চৰকাৰৰ ৩৮টা মন্ত্ৰালয়/বিভাগত যোগদান কৰিব। নিযুক্তি লাভ কৰা সকলে বিভিন্ন স্তৰত চৰকাৰত যোগদান কৰিব যেনে গোট – এ, গোট – বি (ৰাজপত্ৰিত), গোট – বি (ৰাজপত্ৰিত নহয়) আৰু গোট – চি। যিবোৰ পদত নিযুক্তি দিয়া হৈছে তাৰ ভিতৰত আছে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ কৰ্মচাৰী, উপ পৰিদৰ্শক, কনিষ্টবল, এলডিচি, ষ্টেনো, পিএ, আয়কৰ পৰিদৰ্শক আৰু এমটিএছ তথা অন্যান্য।

এই নিযুক্তিবোৰ মন্ত্ৰালয় আৰু বিভাগৰ দ্বাৰা ইউপিএছচি, এছএছচি আৰু ৰেলৱে নিযুক্তি ব'ৰ্ডৰ দৰে নিয়োগকাৰী সংস্থাৰ জৰিয়তে অভিযানভিত্তিত কৰা হৈছে। বাছনি প্ৰক্ৰিয়াবোৰ সৰল কৰা হৈছে আৰু দ্ৰুত নিযুক্তিৰ বাবে প্ৰযুক্তি-অনুকূল কৰা হৈছে।

 

অধিক তথ্যৰ বাবে চাওক: 

https://pib.gov.in/PressReleseDetailm.aspx?PRID=1870216

 

****



(Release ID: 1870279) Visitor Counter : 136


Read this release in: English , Urdu , Hindi , Tamil , Telugu