গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গুৰুতৰ অসৎ আচৰণৰ অভিযোগত আই এ এছ বিষয়া জিতেন্দ্ৰ নাৰায়ণক নিলম্বন কৰে

Posted On: 17 OCT 2022 5:57PM by PIB Guwahati

গৃহ মন্ত্ৰালয়ে আজি এ জি এম ইউ টি কেডাৰৰ জ্যেষ্ঠ আই এ এছবিষয়া জিতেন্দ্ৰ নাৰায়ণক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ নিৰ্দেশ দিয়ে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পূৰ্বৰ সচিব আই এ এছ (এজিএমইউটি: ১৯৯০) জিতেন্দ্ৰ নাৰায়ণৰ বিৰুদ্ধে গৃহ মন্ত্ৰালয়ে ১৬ অক্টোবৰত এগৰাকী মহিলাক যৌন আতিশায্য চলোৱাৰ গুৰুতৰ অভিযোগ লাভ কৰিছিল।

চৰকাৰী পদবীৰ অপব্যৱহাৰ কৰিগুৰুতৰ অপৰাধত জড়িত থকাৰ অভিযোগত জিতেন্দ্ৰ নাৰায়ণৰ বিৰুদ্ধে আইন অনুসৰি তাৎক্ষণিকভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। সেই অনুসৰি জিতেন্দ্ৰ নাৰায়ণক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক কাৰ্য্যবিধিৰ নিৰ্দেশ দিয়া হৈছে।

নাৰী নিৰ্যাতনৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীলতা নীতি অনুসৰণ কৰি বিষয়াগৰাকীৰ বিৰুদ্ধে এফ আই আৰ পঞ্জীয়ন কৰি অপৰাধমূলক গোচৰটোত আন্দামান আৰু নিকোবৰ আৰক্ষীৰ এছ আই টিয়ে পৃথকে পৃথকে ব্যৱস্থা গ্ৰহণ কৰি আছে।

***

RK/SM/AY/AK/RR/AS/MS



(Release ID: 1869164) Visitor Counter : 119