বিত্ত মন্ত্ৰালয়

৭৫ খন জিলাৰ ৭৫ টা ডিজিটেল বেংকিং ইউনিট ৰাষ্ট্ৰলৈ উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ


আমি অন্তিম প্ৰান্তত বেংকিং সেৱাক উপলব্ধকৰণত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছো”

“ডিজিটেল অংশীদাৰিত্বৰে বিত্তীয় অংশীদাৰিত্ব সংযুক্ত হোৱা মাত্ৰেকে সম্ভাৱনাৰ সম্পূৰ্ণ নতুন বাট মুকলি হ’ব”

“আজি ভাৰতৰ প্ৰতি এক লাখ প্ৰাপ্তবয়স্ক নাগৰিকৰ বাবে শাখাৰ সংখ্যা জাৰ্মানী, চীন আৰু দক্ষিণ আফ্ৰিকাৰ দৰে দেশতকৈ অধিক”

“আইএমএফে ভাৰতৰ ডিজিটেল বেংকিঙৰ আন্তঃগাঁথনিক প্ৰশংসা কৰিছে”

“বিশ্ব বেংকে ডিজিটেলাইজেশ্যনৰ জৰিয়তে সামাজিক সুৰক্ষা নিশ্চিতকৰণত ভাৰত আগশাৰীৰ দেশ হৈ পৰিছে বুলি কৈছে”

“বেংকিং আজি বিত্তীয় লেনদেনৰ ওপৰিও ‘সুশাসন’ আৰু ‘উন্নত সেৱা প্ৰদান’ ৰো মাধ্যম হৈ পৰিছে”

“জন ধন একাউন্টে দেশখনত বিত্তীয় অন্তৰ্ভুক্তিৰ ভেটি স্থাপন কৰাৰ সমান্তৰালকৈ ফিনটেকে বিত্তীয় বিপ্লৱৰ আধাৰ গঠন কৰিছে”

“আজি সমগ্ৰ দেশে জন ধন বেংক একাউন্টৰ শক্তি অনুভৱ কৰিছে”

“এখন দেশৰ অৰ্থনীতি যিমানেই প্ৰগতিশীল হ’ব, সিমানেই ইয়াৰ বেংকিং ব্যৱস্থা সুদৃঢ় হৈ উঠিব”

উন্নয়নৰ লক্ষ্যত উপনীত হ’বলৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰাটো আমাৰ চৰকাৰৰ এক বৈশিষ্ট্য বুলি কয় শ্ৰীমতী সীতাৰমনে

ডিজিটেল বাতাবৰণত ডিবিইউ এক অনুঘটক, এইসমূহে নিৰৱচ্ছিন্ন

Posted On: 16 OCT 2022 2:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৭৫ খন জিলাৰ ৭৫ টা ডিজিটেল বেংকিং ইউনিট (DBU) ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001OT9Q.jpg

উক্ত কাৰ্য্যসূচী সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ৭৫ টা ডিজিটেল বেংকিং ইউনিটে (DBU) অধিক বিত্তীয় অন্তৰ্ভুক্তি প্ৰশস্ত আৰু নাগৰিকসকলৰ বেংকিঙৰ অভিজ্ঞতা বৃদ্ধি কৰিব বুলি কয়। “সাধাৰণ নাগৰিকৰ বাবে ইজ অৱ লিভিঙৰ দিশত ডিবিইউ এক বৃহৎ পদক্ষেপ”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে এনে বেংকিং ছেটআপৰে চৰকাৰখনে ন্যূনতম আন্তঃগাঁথনিৰে সৰ্বাধিক সেৱা আগবঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু এই সকলোবোৰ কাগজ-পত্ৰবিহীনভাৱে ডিজিটেল মাধ্যমেৰে সম্পন্ন হ’ব। ইয়াৰোপৰি ই বেংকিং পদ্ধতিক সৰলীকৰণৰ লগতে এক শক্তিশালী আৰু সুৰক্ষিত বেংকিং ব্যৱস্থাও প্ৰদান কৰিব। “সৰু চহৰ আৰু গাঁৱত বসবাস কৰা লোকসকলে ধন হস্তান্তৰ কৰি ঋণ লাভৰ দৰে সুবিধা লাভ কৰিব। এই ডিজিটেল বেংকিং ইউনিটসমূহ সেয়ে আন এক বৃহৎ পদক্ষেপ যিয়ে ভাৰতৰ সাধাৰণ লোকৰ জীৱন-যাত্ৰাক সহজ কৰি তুলিব”, তেখেতে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰখনৰ লক্ষ্য হৈছে সাধাৰণ নাগৰিকক সবল আৰু শক্তিশালী কৰি তোলা আৰু সেয়ে অন্তিমজন ব্যক্তিৰ প্ৰতি লক্ষ্য ৰাখি নীতিৰাজি গ্ৰহণ কৰা হৈছে আৰু সমগ্ৰ চৰকাৰখন তেওঁলোকৰ কল্যাণৰ অৰ্থে অগ্ৰসৰ হৈছে। তেখেতে চৰকাৰখনে একে সময়তে কাম কৰি থকা দুটা ক্ষেত্ৰৰ কথা উল্লেখ কৰে। প্ৰথমতে, বেংকিং ব্যৱস্থাৰ সংস্কাৰ সাধন, সুদৃঢ়কৰণ আৰু স্বচ্ছ কৰি তোলা আৰু দ্বিতীয়তে বিত্তীয় অন্তৰ্ভুক্তি।

পূৰ্বৰ পৰম্পৰাগত পদ্ধতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই চৰকাৰখনে বেংকিং ব্যৱস্থাক ৰাইজৰ মাজলৈ নি পন্থাটোৰ ৰূপান্তৰ সাধন কৰিছে। “বেংকিং সেৱাক অন্তিম প্ৰান্তত উপলব্ধকৰণত আমি সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছো”, তেখেতে কয়। দৰিদ্ৰ লোকসকল বেংকলৈ যাব বুলি আশা কৰা দিনৰপৰা বেংক কৰ্তৃপক্ষ তেওঁলোকৰ দুৱাৰদলিত উপস্থিত হোৱালৈকে এক বৃহৎ পৰিৱৰ্তন সাধন হৈছে। ইয়াৰ লক্ষ্য আছিল দৰিদ্ৰ লোক আৰু বেংকৰ মাজৰ ব্যৱধান হ্ৰাস কৰা। “আমি কেৱল শাৰীৰিক দূৰত্ব হ্ৰাসেই নহয়, বৰঞ্চ অতিশয় গুৰুত্বপূৰ্ণভাৱে আমি মানসিক ব্যৱধান আঁতৰাই পেলালো।” বেংকিঙে অত্যন্ত প্ৰত্যন্ত অঞ্চলসমূহক সামৰি লোৱাত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, আজি ভাৰতৰ ৯৯ শতাংশৰো অধিক গাঁৱত ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বেংক শাখা, বেংকিং আউটলেট বা ‘বেংকিং মিত্ৰ’ উপলব্ধ। “সাধাৰণ নাগৰিকসকলৰ বেংকিং প্ৰয়োজনীয়তাসমূহ পৰিপূৰণৰ বাবে ইণ্ডিয়া প’ষ্ট বেংকৰ জৰিয়তেও বিস্তৃত ডাকঘৰৰ নেটৱৰ্কক ব্যৱহাৰ কৰা হৈছিল”, তেখেতে কয়। “আজি ভাৰতৰ প্ৰতি এক লাখ প্ৰাপ্তবয়স্ক নাগৰিকৰ বাবে শাখাৰ সংখ্যা জাৰ্মানী, চীন আৰু দক্ষিণ আফ্ৰিকাৰ দৰে দেশতকৈ অধিক”, তেখেতে লগতে কয়।

প্ৰথম অৱস্থাত একাংশ শ্ৰেণীৰ মাজত সন্দেহৰ ভাৱ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আজি সমগ্ৰ দেশে জন ধন বেংক একাউন্টৰ শক্তি প্ৰত্যক্ষ কৰিছে।” তেখেতে অৱগত কৰে যে এই একাউন্টসমূহৰ জৰিয়তে চৰকাৰখনে অতি কম প্ৰিমিয়ামত দুৰ্বল লোকসকলক বীমাৰ সুবিধা প্ৰদান কৰিবলৈ সক্ষম হৈছে। “ইয়াৰ ফলত দৰিদ্ৰ লোকসকলৰ বাবে আমানত অবিহনে ঋণৰ পথ মুকলি হৈছে আৰু নিৰ্ধাৰিত হিতাধিকাৰীসকলৰ একাউন্টলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ ব্যৱস্থা কৰা হৈছে। এই একাউন্টসমূহৰ জৰিয়তেই গৃহ, টয়লেট, ৰন্ধন গেছৰ ৰাজসাহায্য আগবঢ়োৱা হৈছে আৰু কৃষকসকলৰ বাবে আঁচনিৰ সুবিধাসমূহ নিৰৱচ্ছিন্নভাৱে নিশ্চিত কৰিব পৰা গৈছে”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ ডিজিটেল বেংকিঙৰ আন্তঃগাঁথনিক সমগ্ৰ বিশ্বই স্বীকৃতি জনোৱাৰ কথা উল্লেখ কৰে। “আইএমএফে ভাৰতৰ ডিজিটেল বেংকিঙৰ আন্তঃগাঁথনিক প্ৰশংসা কৰিছে। ইয়াৰ কৃতিত্ব ভাৰতৰ দৰিদ্ৰ লোক, কৃষক আৰু শ্ৰমিকসকল। তেওঁলোকে নতুন প্ৰযুক্তি গ্ৰহণ কৰিছে, ইয়াক নিজৰ জীৱনৰ অংশ কৰি তুলিছে”, তেখেতে দৃঢ়তাৰে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয়, “ইউপিআইয়ে ভাৰতৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিছে। ডিজিটেল অংশীদাৰিত্বৰে বিত্তীয় অংশীদাৰিত্বক সংযুক্ত কৰা মাত্ৰেকে সম্ভাৱনাৰ সম্পূৰ্ণ নতুন বাট মুকলি হ’ব। ইউপিআইৰ দৰে এটা ভাল উদাহৰণ আমাৰ আছে। ভাৰতে ইয়াকে লৈ গৌৰৱান্বিত। কিয়নো ই বিশ্বৰ ভিতৰতে এনে ধৰণৰ প্ৰথম প্ৰযুক্তি।” তেখেতে জনাই যে আজি ৭০ কোটি থলুৱা ৰূপে কাৰ্ড কাৰ্য্যক্ষম হৈ আছে। যিয়ে ফৰেইন প্লেয়াৰৰ দিনৰ সলনি এক বৃহৎ পৰিৱৰ্তনক সূচিত কৰিছে। “প্ৰযুক্তি আৰু অৰ্থনীতিৰ এই সংমিশ্ৰণে দৰিদ্ৰসকলৰ মৰ্য্যাদা আৰু ব্যয়সাধ্যতাৰ বৰ্ধনেৰে মধ্যবিত্ত শ্ৰেণীটোক সুদৃঢ় কৰি তুলিছে, একে সময়তে ই দেশৰ ডিজিটেল বিভাজনো নিৰ্মূল কৰিছে”, তেখেতে কয়। লগতে দুৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত ডিবিটিৰ ভূমিকাক প্ৰশংসা কৰি তেখেতে কয় যে ডিবিটিৰ জৰিয়তে বিভিন্ন আঁচনিৰ ২৫ লাখ কোটিৰো অধিক টকা হস্তান্তৰ কৰা হৈছে। তেখেতে কাইলৈ ​​পৰৱৰ্তী কিস্তি কৃষকসকললৈ হস্তান্তৰ কৰিব বুলি জনায়। “আজি সমগ্ৰ বিশ্বই এই ডিবিটি আৰু ভাৰতৰ ডিজিটেল শক্তিৰ শলাগ লৈছে। আজি ইয়াক এক বৈশ্বিক আৰ্হি হিচাপে দেখা গৈছে। আনকি বিশ্ব বেংকে ডিজিটেলাইজেশ্যনৰ জৰিয়তে সামাজিক সুৰক্ষা নিশ্চিতকৰণত ভাৰত আগশাৰীৰ দেশ হৈ পৰিছে বুলিও কৈছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ফিনটেকে ভাৰতৰ নীতি আৰু প্ৰচেষ্টাৰাজিৰ মূলতে অৱস্থান গ্ৰহণ কৰিছে আৰু ই ভৱিষ্যৎ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি কয়। ডিজিটেল বেংকিং ইউনিটসমূহে ফিনটেকৰ এই ক্ষমতা অধিক সম্প্ৰসাৰিত কৰিব। “জন ধন একাউন্টে দেশখনত বিত্তীয় অন্তৰ্ভুক্তিৰ ভেটি স্থাপনৰ সমান্তৰালকৈ ফিনটেকে বিত্তীয় বিপ্লৱৰ ভিত্তি গঠন কৰিছে”, তেখেতে কয়।

ব্লকচেইন প্ৰযুক্তিৰ আধাৰত ডিজিটেল মুদ্ৰা মুকলি সম্পৰ্কে চৰকাৰখনৰ ঘোষণাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আগন্তুক সময়ত ডিজিটেল মুদ্ৰাই হওঁক বা আজিৰ সময়ত ডিজিটেল লেনদেনেই হওঁক, এইসমূহৰে অৰ্থনীতিৰ বাহিৰেও বহু গুৰুত্বপূৰ্ণ দিশ জড়িত হৈ আছে।” তেখেতে সঞ্চয়, ভৌতিক মুদ্ৰাৰ সমস্যা নিৰ্মূল কৰা আৰু পাৰিপাৰ্শ্বিক লাভৰ মূল সুবিধা হিচাপে এইসমূহৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে মুদ্ৰা ছপাৰ বাবে কাগজ আৰু চিয়াঁহী আমদানি কৰা হয় আৰু ডিজিটেল অৰ্থনীতি গ্ৰহণেৰে আমি এখনি আত্মনিৰ্ভৰশীল ভাৰতলৈ বৰঙণি যোগাইছো আৰু লগতে কাগজৰ ব্যৱহাৰ হ্ৰাসেৰে পৰিবেশকো উপকৃত কৰিছো।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বেংকিং ব্যৱস্থাটো আজি বিত্তীয় লেনদেনৰ বাহিৰেও ‘সুশাসন’ আৰু ‘উন্নত সেৱা প্ৰদান’ ৰো মাধ্যম হৈ পৰিছে। আজি এই ব্যৱস্থাই ব্যক্তিগত খণ্ড আৰু ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবেও বিকাশৰ অপৰিসীম সম্ভাৱনাৰ সঞ্চাৰ কৰিছে। তেখেতে আৰু কয় যে ভাৰতত প্ৰযুক্তিৰ জৰিয়তে সামগ্ৰী আৰু সেৱা আগবঢ়োৱাৰ ফলত নতুন ষ্টাৰ্টআপ বাতাবৰণৰ সৃষ্টি হৈছে। “ডিজিটেল অৰ্থনীতি আজি আমাৰ অৰ্থনীতি, আমাৰ ষ্টাৰ্টআপ বাতাবৰণ, মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ এক বৃহৎ শক্তি হৈ উঠিছে”, তেখেতে কয়। “আজি আমাৰ ক্ষুদ্ৰ উদ্যোগ, আমাৰ এমএছএমই সমূহেও জিইএম ৰ দৰে ব্যৱস্থাৰ জৰিয়তে চৰকাৰী নিবিদাত অংশগ্ৰহণ কৰিছে। এইসমূহে নতুন-নতুন ব্যৱসায়ৰ সুযোগ লাভ কৰিছে। এতিয়ালৈকে জিইএম ত ২.৫ লাখ কোটি টকাৰ অৰ্ডাৰ দিয়া হৈছে। ডিজিটেল বেংকিং ইউনিটসমূহৰ জৰিয়তে এতিয়া এই দিশত একাধিক নতুন সুযোগৰ সৃষ্টি হ’ব”, তেখেতে লগতে কয়।

“এখন দেশৰ অৰ্থনীতি যিমানেই প্ৰগতিশীল হ’ব, সিমানেই ইয়াৰ বেংকিং ব্যৱস্থাটো শক্তিশালী হ’ব”, বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ জনায় যে যোৱা ৮ টা বছৰত দেশখন ২০১৪ ৰ পূৰ্বৰ ‘ফোন বেংকিং’ ব্যৱস্থাৰপৰা ডিজিটেল বেংকিঙলৈ ৰূপান্তৰিত হৈছে আৰু ইয়াৰ ফলশ্ৰুতিত ভাৰতৰ অৰ্থনীতিয়ে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি অগ্ৰসৰ হৈছে। পুৰণি পদ্ধতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে ২০১৪ ৰ পূৰ্বে বেংকসমূহে ফোনৰ মাধ্যমেৰে নিজৰ কাম-কাজ সমাপন কৰিছিল। তেখেতে আৰু কয় যে ফোন বেংকিঙে হাজাৰ-হাজাৰ কোটি টকীয়া কেলেংকাৰিৰ বীজ সিঁচি বেংকসমূহক আৰু দেশৰ অৰ্থনীতিকো অসুৰক্ষিত কৰি তুলিছিল।

বৰ্তমানৰ চৰকাৰখনৰ এই ব্যৱস্থাটোক ৰূপান্তৰিতকৰণৰ পন্থা সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে ইয়াত স্বচ্ছতাক মূল কথা হিচাপে গণ্য কৰি অহা হৈছে। তেখেতে আৰু কয়, “এনপিএ চিনাক্তকৰণৰ ক্ষেত্ৰত স্বচ্ছতা আৰোপৰ পিছতে লাখ-লাখ কোটি টকা বেংকিং ব্যৱস্থালৈ ঘূৰাই অনা হৈছে। আমি বেংকসমূহক পুনৰ মূলধনীকৰণ (recapitalized) কৰিলো, গুৰুত্ব সহকাৰে ডিফল্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলো আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ সংস্কাৰ সাধন কৰিলো।” তেখেতে লগতে উল্লেখ কৰে যে ঋণৰ বাবে প্ৰযুক্তি আৰু ‘এনালাইটিক্স’ ৰ ব্যৱহাৰক প্ৰসাৰিতকৰণৰ লগতে আইবিচিৰ সহায়ত এনপিএ সম্পৰ্কীয় সমস্যাসমূহৰ সমাধান ক্ষীপ্ৰতাৰে কৰা হৈছিল, স্বচ্ছ আৰু বৈজ্ঞানিক ব্যৱস্থাৰ সৃষ্টিৰ বাবেই এনে কৰা হয়। তেখেতে জনাই যে ডিজিটেল বেংকিং ইউনিটৰ দৰে নতুন পদক্ষেপ আৰু ফিনটেকৰ অভিনৱ ব্যৱহাৰৰ জৰিয়তে এতিয়া বেংকিং ব্যৱস্থাৰ বাবে এক নতুন স্ব-চালিত ব্যৱস্থাৰ সৃষ্টি কৰা হৈছে। উপভোক্তাসকলৰ বাবে যিমানেই স্বাধীনতা আছে, বেংকসমূহৰ বাবেও একে সুবিধা আৰু স্বচ্ছতা আছে বুলি অংশীদাৰসকলক এই আন্দোলনক অধিক আগুৱাই নিবলৈ তেখেতে আহ্বান জনায়।

ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গাঁৱে-ভূঞে ক্ষুদ্ৰ ব্যৱসায়ীসকলক সম্পূৰ্ণভাৱে ডিজিটেল লেনদেনৰ দিশত আগবাঢ়ি যাবলৈ আহ্বান জনায়। দেশখনৰ স্বাৰ্থত সম্পূৰ্ণ ডিজিটেল আৰোপৰ বাবে তেওঁ বেংকসমূহক ১০০ জন ব্যৱসায়ীক তেওঁলোকৰ সৈতে সংযুক্ত কৰিবলৈ আহ্বান জনায়। “এই পদক্ষেপে আমাৰ বেংকিং ব্যৱস্থা আৰু অৰ্থনীতিক ভৱিষ্যতৰ বাবে সাজু কৰি তুলিব আৰু ইয়াৰ জৰিয়তে বিশ্ব অৰ্থনীতিক নেতৃত্ব দিয়াৰ ক্ষমতা আহৰণ কৰিব বুলি মই নিশ্চিত”, বুলি কৈ শ্ৰী মোদীয়ে সামৰণি মাৰে।

এই কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে কয় যে অমৃত কালৰ শুভ লগনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাৰতত প্ৰযুক্তিৰ অধিক ব্যৱহাৰ আৰু ডিজিটেল বেংকিঙৰ সঞ্চাৰ কৰিবলৈ দৃষ্টিৰ প্ৰতি সন্মান জনাই, অনুসূচিত বাণিজ্যিক বেংকসমূহে আমাৰ দেশৰ ৭৫ খন জিলাত ৭৫টা ডিজিটেল বেংকিং ইউনিট (DBU) স্থাপন কৰিছে।

ৱাশ্বিংটন ডিচিৰপৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সীতাৰমনে কয় যে ডিবিইউ সমূহৰ জৰিয়তে ব্যক্তিগত কম্পিউটাৰ, লেপটপ বা আনকি স্মাৰ্টফোনো নথকা লোকসকলেও বেংকিং সেৱা লাভ কৰিবলৈ সক্ষম হ’ব। তেওঁলোকে পেপাৰলেছ ম’ডত ডিজিটেল মাধ্যমেৰে এই সেৱা লাভ কৰিব পাৰিব। আনকি প্ৰযুক্তি সম্পৰ্কে অজ্ঞাত লোকসকলেও এই কাগজবিহীন সেৱাসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002GCGB.jpg

উন্নয়নৰ লক্ষ্যত উপনীত হ’বলৈ প্ৰযুক্তিৰ ব্যৱহাৰ আমাৰ চৰকাৰৰ এক বৈশিষ্ট্য বুলি বিত্তমন্ত্ৰীগৰাকীয়ে কয়।

শ্ৰীমতী সীতাৰমনে কয়, “ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰেও সদৰী কৰা অনুসৰি, এই কাগজবিহীন কাৰ্য্যকলাপ ২৪x৭ জুৰি উপলব্ধ হ’ব। আনকি নগদ ধন জমা দিয়াৰ সুবিধা বা ফিক্সড ডিপজিট বা ৰেকাৰিং ডিপ’জিট খোলা আদি সকলোবোৰ সেৱাৰ সুবিধা উপলব্ধ হ’ব। জন সমৰ্থ (Jan Samarth) পৰ্টেলটোৰ জৰিয়তে চৰকাৰখনৰ ক্ৰেডিট লিংক আঁচনিসমূহো সাধাৰণ ব্যৱহাৰকাৰীসকলৰ বাবে উপলব্ধ হ’ব, এমএছএমই আৰু খুচুৰা ঋণ ব্যৱহাৰকাৰীসকল ইয়াৰ পৰা লাভৱান হ’ব পাৰিব।”

ব্যাখ্যা কৰা অনুসৰি, কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এই ডিবিইউ ইউনিটসমূহৰ জৰিয়তে বিত্তীয় সাক্ষৰতাক প্ৰসাৰিত কৰিব পৰা যাব। বিত্তীয় অন্তৰ্ভুক্তি আৰু ডিজিটেল বেংকিঙে ভাৰতীয় অৰ্থনীতিক অধিক ডিজিটেলাইজেশ্যন আৰু আনুষ্ঠানিককৰণ সাধনত অধিক আগুৱাই নিছে। “মই আজি ইয়াত উপস্থিত থকা সকলো প্ৰতিনিধিকে বেংকৰ গ্ৰাহকসকলৰ বাবে আৰু আপোনালোকৰ ওচৰ-চুবুৰীয়া সৰু-সৰু সকলোবোৰ ব্যৱসায়িক ইউনিটৰ বাবে সাক্ষৰতা, বিত্তীয় সাক্ষৰতা, ডিজিটেল শিক্ষাৰ প্ৰসাৰৰ বাবে প্ৰতিদিনে অন্ততঃ কিছু সময় দিবলৈ আহ্বান জনাইছো”, বুলি শ্ৰীমতী সীতাৰমনে কয়।

বিত্তমন্ত্ৰীগৰাকীয়ে কয়, “ডিজিটেল বেংকিংক জনপ্ৰিয় কৰাটো গুৰুত্বপূৰ্ণ। এনে কৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল ই গ্ৰাহকৰ বাবে ব্যয় সাশ্ৰয়ী হ’ব আৰু তেওঁলোকৰ বাবে ইয়াৰ ব্যৱহাৰ একেবাৰে নিৰাপদ আৰু সুৰক্ষিত হ’ব। এই কথাবোৰ বেংক এজেন্ট অৰ্থাৎ বেংকিং এজেন্ট, বেংকিং কৰেছপণ্ডেন্ট, বেংক মেনেজাৰ আৰু সকলো বিষয়াই প্ৰচাৰ কৰিব লাগিব। ইয়াৰ জৰিয়তেহে ভাৰতীয় অৰ্থনীতিৰ অধিক আনুষ্ঠানিকতা লাভ সম্ভৱ হ’ব।”

এই বিষয়টো অতিশয় ক্ষীপ্ৰতাৰে অতি কাৰ্যক্ষমভাৱে কাৰ্য্যকৰী কৰাৰ বাবে আৰবিআই আৰু ইণ্ডিয়ান বেংক এছ’চিয়েশ্যনক অভিনন্দন জনাই শ্ৰীমতী সীতাৰমনে কয় যে ডিবিইউ সমূহে ভাৰতত অধিক আৰু দ্ৰুত ডিজিটেল বেংকিং সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই যাব আৰু আমাৰ অৰ্থনীতিক নগদবিহীন আৰু অন্তৰ্ভুক্ত অৰ্থনীতিৰ অভিমুখে আগুৱাই যোৱাত সহায় কৰিব।

উক্ত কাৰ্য্যসূচীত আৰবিআই ৰ গৱৰ্নৰ শ্ৰী শক্তিকান্ত দাসে কয় যে ‘আজাদী কা অমৃত মহোৎসৱ’ ৰ শুভ লগনত এয়া দৰাচলতে এক ঐতিহাসিক অনুষ্ঠান। আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৭৫ টা ডিজিটেল বেংকিং ইউনিট (DBU) ৰাষ্ট্ৰৰ সেৱাত উৎসৰ্গা কৰিছে। এয়া চৰকাৰ, আৰবিআই, ইণ্ডিয়ান বেংক এছ’চিয়েশ্যন আৰু অংশগ্ৰহণকাৰী বেংকসমূহৰ এক যৌথ পদক্ষেপ।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003BY2G.jpg

আৰবিআইৰ গৱৰ্নৰজনে কয় যে বিগত বৰ্ষসমূহত দেশখনত বেংকিং সেৱা প্ৰদানৰ ক্ষেত্ৰত ডিজিটেল বেংকিঙে এক পছন্দৰ মাধ্যম হিচাপে আত্মপ্ৰকাশ কৰিছে। বেংকিং সেৱাৰ অৰ্থে ডিজিটেল আন্তঃগাঁথনিৰ উপলব্ধতা বৃদ্ধি কৰিবলৈ ৰিজাৰ্ভ বেংকে প্ৰগতিশীল ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ৭৫ টা ডিবিইউ স্থাপন সম্পৰ্কে ২০২২-২৩ ৰ কেন্দ্ৰীয় বাজেটত ঘোষণাৰ পিছতে আৰবিআইয়ে ভাৰতীয় বেংক এছ’চিয়েশ্যনৰ লগতে এই ক্ষেত্ৰৰ অন্যান্য বিশেষজ্ঞসকলৰ সৈতে পৰামৰ্শ গ্ৰহণেৰে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছিল।

শ্ৰী দাসে উল্লেখ কৰে যে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড উভয়ৰে বাণিজ্যিক বেংকসমূহে এই পদক্ষেপৰ প্ৰতি অতিশয় ইতিবাচক সঁহাৰি জনাইছে। আমাৰ স্বাধীনতাৰ ৭৫ বছৰ পালনৰ উদ্দীপনাৰে দেশখনৰ ৭৫ খন জিলাত মাত্ৰ ছমাহতে এই ৭৫ টা ডিবিইউ স্থাপন কৰা হৈছে।

শ্ৰী দাসে কয় যে এই ডিবিইউ সমূহে ডিজিটেল বাতাবৰণত এক অনুঘটক হিচাপে কাম কৰিব আৰু নিৰৱচ্ছিন্ন বেংকিং লেনদেনৰ সুবিধা প্ৰদানেৰে গ্ৰাহকৰ অভিজ্ঞতা মধুৰ কৰাৰ লগতে কাগজবিহীন, কাৰ্য্যক্ষম, নিৰাপদ আৰু সুৰক্ষিত ব্যৱস্থাত বেংকিং সেৱা প্ৰদানেৰে বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰসাৰৰ বাবে আমাৰ প্ৰচেষ্টাক বাস্তৱায়িত কৰিব।

আৰবিআইৰ গৱৰ্নৰজনে আৰু কয় যে এই ডিবিইউ সমূহে আগবঢ়াবলগীয়া নিৰ্দিষ্ট বিত্তীয় সেৱাসমূহৰ ভিতৰত অন্যান্য বিষয়সমূহৰ লগতে সঞ্চয়, ঋণ, বিনিয়োগ আৰু বীমা আদিও অন্তৰ্ভুক্ত হৈছে। ক্ৰেডিট ডেলিভাৰীৰ ক্ষেত্ৰ, আৰম্ভণিতে, ডিবিইউ সমূহে অনলাইন আবেদনৰপৰা আৰম্ভ কৰি বিতৰণলৈকে ‘স্মল টিকট ৰিটেইল’ আৰু এমএছএমই ঋণৰ আদিৰপৰা অন্তলৈকে ডিজিটেল প্ৰচেছিং সম্পন্ন কৰিব।

শ্ৰী দাসে কয়, "এই ডিবিইউ সমূহে কেতবোৰ চিনাক্তকৃত চৰকাৰীভাৱে পৃষ্ঠপোষকতা কৰা আঁচনিৰ সৈতে জড়িত সেৱাও প্ৰশস্ত কৰিব। এই ইউনিটসমূহত থকা প্ৰডাক্ট আৰু সেৱাসমূহ দুটা ধৰণেৰে আগবঢ়োৱা হ'ব, যথাঃ স্ব-সেৱা (self-service) আৰু সহায়ক ধৰণ (assisted modes) ৰ। ইয়াৰে স্ব-সেৱা ম’ড ২৪*৭*৩৬৫ জুৰি উপলব্ধ হ'ব।" ডিবিইউ সমূহৰ ফুটপ্ৰিণ্ট সম্প্ৰসাৰণ কৰিবলৈ ডিজিটেল ব্যৱসায়িক ফেচিলিটেটৰ আৰু ব্যৱসায়িক কৰেছপণ্ডেন্টসকলৰ সেৱাকো জড়িত কৰিবলৈ বেংকসমূহ সাজু।"

ইয়াত কেন্দ্ৰীয় বিত্তমন্ত্ৰী; মুখ্যমন্ত্ৰীসকল; কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰীসকল; আৰবিআই ৰ গৱৰ্নৰ; এলজিসকল; সাংসদ আৰু বিধায়কসকল; ভাৰত চৰকাৰৰ সচিব আৰু আন-আন উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে। দেশখনৰ ভিন্ন ডিবিইউ সমূহৰপৰা এমডি আৰু চিইঅ’, বেংকৰ বিষয়া আৰু আন-আন জনপ্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে। এই কাৰ্য্যসূচীত উক্ত ৭৫ টা ডিবিইউত নিযুক্ত সকলো বিষয়াও সংযুক্ত হয়।

ডিজিটেল বেংকিং ইউনিট (DBU) সমূহৰ সম্পৰ্কে

ডিবিইউসমূহৰ জৰিয়তে আইচিটি আন্তঃগাঁথনি নথকা লোকসকলক বেংকিং সেৱাসমূহ ডিজিটেলভাৱে লাভ কৰিবলৈ সক্ষম কৰি তোলা হ’ব। লগতে এইসমূহে প্ৰযুক্তি সম্পৰ্কে অজ্ঞাত লোকসকলক ডিজিটেল বেংকিং গ্ৰহণ কৰাত সহায় কৰিব। ডিবিইউ সমূহত, প্ৰডাক্ট আৰু সেৱাসমূহ গ্ৰাহকক ২ টা ধৰণেৰে প্ৰদান কৰা হ'বঃ

  • স্ব-সেৱা (self-service) ম’ড
  • ডিজিটেল সহায়ক (Digital Assistance) ম’ড

ডিবিইউসমূহ তলত উল্লেখ কৰা দিশসমূহত পৰম্পৰাগত শাখাতকৈ পৃথক হ’বঃ

  • ২৪ x ৭ জুৰি নগদ ধন জমা আৰু উলিওৱাকে ধৰি বেংকিং সেৱা আগবঢ়াব।
  • সেৱাসমূহ ডিজিটেলভাৱে আগবঢ়োৱা হ’ব।
  • সংযোগ বা কম্পিউটিং ডিভাইচ নথকা লোকসকলে ডিবিইউ জৰিয়তে পেপাৰলেছ ম’ডত বেংকিং লেনদেন কৰিব পাৰিব।
  • সহায়ক পদ্ধতিত বেংকিং লেনদেনৰ বাবে ব্যৱহাৰকাৰীসকলক সহায় আৰু তত্বাৱধান কৰিবলৈ বেংকৰ কৰ্মচাৰীসকল সাজু থাকিব।
  • ডিজিটেল বিত্তীয় সাক্ষৰতা আগবঢ়োৱাত সহায় কৰিব আৰু ডিজিটেল বেংকিঙৰ অভিযোজনাৰ বাবে সজাগতা সৃষ্টি কৰিব।

ডিবিইউ ৰ জৰিয়তে আগবঢ়োৱা সেৱাসমূহৰ ভিতৰত আছে ভিন্ন বেংকিং সুবিধা যেনেঃ চেভিংছ একাউন্ট খোলা, বেলেন্স-চেক, প্ৰিন্ট পাছবুক, ধন হস্তান্তৰ, ফিক্সড ডিপ’জিটত বিনিয়োগ, ঋণৰ আবেদন, জাৰি কৰা চেকৰ বাবে ষ্টপ-পেমেন্ট- নিৰ্দেশনা, ক্ৰেডিট / ডেবিট কাৰ্ডৰ বাবে আবেদন, একাউন্টৰ ষ্টেটমেন্ট চোৱা, কৰ প্ৰদান, বিল প্ৰদান, মনোনীত কৰা ইত্যাদি। এই ডিবিইউ সমূহে জন সমৰ্থ পৰ্টেলটোৰ জৰিয়তে চৰকাৰী ক্ৰেডিট লিংক আঁচনিসমূহলৈ অনবৰ্ডিং আৰু এটা সৰু টিকট এমএছএমই/খুচৰা ঋণৰ আদিৰপৰা অন্তলৈকে ডিজিটেল প্ৰচেছিঙৰ সুবিধাও প্ৰশস্ত কৰিব।

পটভূমি

বিত্তীয় অন্তৰ্ভুক্তিৰ সম্প্ৰসাৰণৰ অৰ্থে আন এটি পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৭৫টা ডিজিটেল বেংকিং ইউনিট (DBU) ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে।

২০২২-২৩ ৰ কেন্দ্ৰীয় বাজেট ভাষণ প্ৰদান কৰি বিত্তমন্ত্ৰীয়ে আমাৰ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ শুভলগনত দেশখনৰ ৭৫ খন জিলাত ৭৫ টা ডিবিইউ স্থাপনৰ কথা ঘোষণা কৰিছিল। ডিজিটেল বেংকিঙৰ সুবিধাসমূহ দেশখনৰ প্ৰতিটো প্ৰান্ততে উপলব্ধ হোৱাটো নিশ্চিতকৰণৰ উদ্দেশ্যেৰে এই ডিবিইউসমূহ স্থাপন কৰা হৈছে আৰু এইসমূহে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি ল’ব। ১১ টা ৰাজহুৱা খণ্ডৰ বেংক, ১২ টা ব্যক্তিগত খণ্ডৰ বেংক আৰু এটা ক্ষুদ্ৰ বিত্তীয় বেংকে এই প্ৰচেষ্টাত অংশগ্ৰহণ কৰিছে।

এই ডিবিইউ আউটলেটসমূহে জনসাধাৰণক বিভিন্ন ধৰণৰ ডিজিটেল বেংকিং সুবিধা যেনেঃ চেভিংছ একাউন্ট খোলা, বেলেন্স-চেক, প্ৰিন্ট পাছবুক, ধন হস্তান্তৰ, ফিক্সড ডিপ’জিটত বিনিয়োগ, ঋণৰ আবেদন, চেকৰ বাবে ষ্টপ-পেমেন্ট নিৰ্দেশনা, ক্ৰেডিট / ডেবিট কাৰ্ডৰ বাবে আবেদন কৰা, একাউন্টৰ ষ্টেটমেন্ট চোৱা, কৰ পৰিশোধ কৰা, বিল পৰিশোধ কৰা, মনোনয়ন কৰা আদিক প্ৰশস্ত কৰিব।

ডিবিইউসমূহে গ্ৰাহকসকলক বছৰজুৰি বেংকিং প্ৰডাক্ট আৰু সেৱাসমূহৰ ব্যয় সাশ্ৰয়ী, সুবিধাজনক প্ৰৱেশ আৰু বৰ্ধিত ডিজিটেল অভিজ্ঞতা লাভৰ পথ প্ৰশস্ত কৰিব। এইসমূহে ডিজিটেল বিত্তীয় সাক্ষৰতাক প্ৰোৎসাহিত কৰিব আৰু চাইবাৰ সুৰক্ষা সজাগতা আৰু ৰক্ষাকৱচ সন্দৰ্ভত গ্ৰাহক শিক্ষাত বিশেষ গুৰুত্ব প্ৰদান কৰিব। লগতে, প্ৰয়োজনীয় সময়ত সহায় আগবঢ়াবলৈ আৰু ডিবিইউসমূহে প্ৰত্যক্ষভাৱে বা ব্যৱসায়িক ফেচিলিটেটৰ/কৰেছপণ্ডেন্টৰ জৰিয়তে আগবঢ়োৱা ব্যৱসায় আৰু সেৱাসমূহৰপৰা উদ্ভৱ হোৱা গ্ৰাহকৰ অভিযোগসমূহ সমাধান কৰিবলৈ পৰ্য্যাপ্ত ডিজিটেল ব্যৱস্থাও ইয়াত থাকিব।

ডিজিটেল বেংকিং ইউনিট (DBU) সমূহৰ তালিকাৰ বাবে ইয়াত ক্লিক কৰক

 

***



(Release ID: 1868327) Visitor Counter : 210