ৰাষ্ট্ৰপতি সচিবালয়

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অসম চৰকাৰ তথা কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু ৰে’ল মন্ত্ৰালয়ৰ বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে

Posted On: 14 OCT 2022 1:24PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে আজি (১৪ অক্টোবৰ, ২০২২) গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা অসম চৰকাৰ তথা কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু ৰে'ল মন্ত্ৰালয়ৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা উদ্বোধন কৰে তথা আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত আছে শিলচৰৰ মইনাৰবন্দত ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ ৰে’লহেড ডিপো উদ্বোধন আৰু দুটা ঘাইপথ প্ৰকল্প উদ্বোধন; অসমৰ চাহ বাগিচা অঞ্চলত ১০০খন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন; ৩০০০টা মডেল অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন; দুটা ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন; আৰু গুৱাহাটীৰ আগিয়াঠুৰীত আধুনিক কাৰ্গো-কাম-কোচিং টাৰ্মিনেলৰ আধাৰশিলা স্থাপন। ৰাষ্ট্ৰপতিয়ে গুৱাহাটীৰ পৰা লামডিং পাছ-লৈ শুখুভি (নাগালেণ্ড) আৰু মন্দিপথাৰ (মেঘালয়) লৈ এখন ৰে'লৰ শুভাৰম্ভ কৰে।   

 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিয়ে আজি আৰম্ভ কৰা স্বাস্থ্য, শিক্ষা, ৰে'লপথ, পথ নিৰ্মাণ, পেট্ৰ'লিয়াম আৰু মহিলা সশক্তিকৰণ সম্পৰ্কীয় প্ৰকল্পসমূহৰ সফলতা কামনা কৰে। এই আঁচনিসমূহৰ সফল ৰূপায়ণে ব্যৱসায় আৰু নিযুক্তিৰ বাবে নতুন সুযোগ প্ৰদান কৰিব, পৰিবহনৰ সুবিধা বৃদ্ধি কৰিব আৰু অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অৰ্থনীতি শক্তিশালী কৰিব বুলি তেওঁ বিশ্বাস ব্যক্ত কৰে ৷

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উন্নত আন্তঃগাঁথনি হৈছে যিকোনো ৰাজ্যৰ বিকাশৰ আধাৰ। উত্তৰ-পূৰ্বাঞ্চল হৈছে ভাৰতৰ 'এক্ট ইষ্ট পলিচী'ৰ কেন্দ্ৰবিন্দু। কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলত আন্তঃগাঁথনি আৰু সংযোগৰ প্ৰতি বিশেষ মনোযোগ দিয়াৰ বাবে তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে অসমৰ উন্নয়ন সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে উন্নয়নৰ ইঞ্জিন হিচাপে বিবেচিত হ'ব পাৰে।

 

ৰাষ্ট্ৰপতিয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চল প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ। ভাৰতৰ মুঠ খাৰুৱা তেল উৎপাদনৰ ১৩ শতাংশ অসমে অৰিহণা যোগায় বুলি তেওঁ উল্লেখ কৰে। লগতে, ভাৰতৰ মুঠ প্ৰাকৃতিক গেছ উৎপাদনৰ ১৫ শতাংশ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আহে। আজি মইনাৰবন্দত উদ্বোধন কৰা অত্যাধুনিক ডিপোটোৱে সমগ্ৰ বৰাক উপত্যকাৰ লগতে ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামৰ পেট্ৰ'লিয়াম সামগ্ৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে পথ আৰু ৰে'ল সংযোগৰ প্ৰতি বিশেষ মনোযোগ দিছে। পথ আৰু ৰে'লপথৰ সৈতে সম্পৰ্কিত বিভিন্ন প্ৰকল্প যাৰ আধাৰশিলা স্থাপন/উদ্বোধন কৰা হৈছে, সেইবোৰে অঞ্চলটোত বাণিজ্য আৰু পৰিবহণৰ সুবিধা বৃদ্ধি কৰাৰ উপৰিও পৰ্যটনৰ সুযোগ বৃদ্ধি কৰিব বুলি তেওঁ উল্লেখ কৰে ৷

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মহিলা আৰু শিশুসকলৰ সুৰক্ষা আৰু চৌপাশৰ বিকাশ এক সভ্য সমাজৰ লক্ষণ। অসমত মহিলা আৰু শিশুসকলৰ বাবে বিভিন্ন সেৱাক অধিক সৱলীকৃত কৰাৰ বাবে আজি আৰম্ভ কৰা ৩০০০ টা মডেল অংগনৱাড়ী কেন্দ্ৰ এক প্ৰশংসনীয় পদক্ষেপ হিচাপে বিবেচিত হৈছে। তেওঁ চাহ বাগিচাৰ শ্ৰমিকসকলৰ সন্তানৰ বাবে উন্নত শিক্ষা প্ৰদানৰ লক্ষ্যৰে ১০০ খন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি সন্তোষ প্ৰকাশ কৰে।

 

 

***



(Release ID: 1867726) Visitor Counter : 190