গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা মুলায়ম সিং যাদৱৰ মৃত্যুত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে শোক প্ৰকাশ কৰিছে

শ্ৰী অমিত শ্বাহে গুৰুগ্ৰামৰ মেদান্ত হাস্পতালত নেতাজীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ পুত্ৰ শ্ৰী অখিলেশ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক সমবেদনা জ্ঞাপন কৰে

শ্ৰী মুলায়ম সিং যাদৱৰ মৃত্যুৰ বাবে উত্তৰ প্ৰদেশ আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত এক বৃহৎ শূন্যতাৰ সৃষ্টি হৈছে

শ্ৰী মুলায়ম সিং যাদৱে নিজৰ অনন্য ৰাজনৈতিক দক্ষতাৰে দশক দশক ধৰি দেশৰ ৰাজনীতিত সক্ৰিয় হৈ থাকিল

জৰুৰীকালীন সময়ত তেওঁ গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে কণ্ঠস্বৰ তুলিছিল, তৃণমূল পৰ্যায়ৰ নেতা হিচাপে তেওঁ সদায় স্মৰণীয় হৈ থাকিব, তেওঁৰ মৃত্যুত ভাৰতীয় ৰাজনীতিৰ এটা যুগৰ অন্ত পৰিল

प्रविष्टि तिथि: 10 OCT 2022 4:01PM by PIB Guwahati

সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা শ্ৰী মুলায়ম সিং যাদৱৰ মৃত্যুত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী অমিত শ্বাহে গুৰুগ্ৰামৰ মেদান্ত হাস্পতালত নেতাজীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ পুত্ৰ অখিলেশ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

এলানি টুইটত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে মুলায়ম সিং যাদৱৰ মৃত্যুৰ বাবে উত্তৰ প্ৰদেশ আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত এক বৃহৎ শূন্যতাৰ সৃষ্টি হৈছে।

শ্ৰী মুলায়ম সিং যাদৱে নিজৰ অনন্য ৰাজনৈতিক দক্ষতাৰে দশক দশক ধৰি ৰাজনীতিত সক্ৰিয় হৈ থাকিল। জৰুৰীকালীন সময়ত তেওঁ গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে মাত মাতিছিল। জনসাধাৰণৰ তৃণমূল পৰ্যায়ৰ নেতা হিচাপে তেওঁক সদায় স্মৰণ কৰা যাব। তেওঁৰ মৃত্যুত ভাৰতীয় ৰাজনীতিৰ এটা যুগৰ অন্ত পৰিল।

শ্ৰী অমিত শ্বাহে কয় যে এই দুখৰ সময়ত তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ঈশ্বৰে যাদৱৰ বিদেহ আত্মাক চিৰশান্তি দিয়ক। ওম শান্তি শান্তি শান্তি।

***

RK/SM/AY/AK/RR/AS/MS


(रिलीज़ आईडी: 1866989) आगंतुक पटल : 200
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , Gujarati , Tamil , Telugu , Kannada