শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
ত্ৰিমাসিক নিয়োগ জৰীপ (QES)ৰ চতুৰ্থ ৰাউণ্ডৰ (জানুৱাৰী-মাৰ্চ, ২০২২) প্ৰতিবেদন প্ৰকাশ
অৰ্থনীতিৰ নিৰ্বাচিত খণ্ডসমূহত নিয়োগ বৃদ্ধিৰ ধাৰা দেখুৱাইছে: কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী
আনুমানিক নিয়োগ তৃতীয় ত্ৰৈমাসিকৰ ৩.১৪ কোটিৰ পৰা ৪ৰ্থ ত্ৰৈমাসিকত ৩.১৮ কোটিলৈ বৃদ্ধি পাইছে
মুঠ শ্ৰমিকৰ ভিতৰত উৎপাদন খণ্ডত শ্ৰমিকৰ হাৰ সৰ্বাধিক
বিত্তীয় সেৱা ক্ষেত্ৰত স্বনিয়োজিত ব্যক্তিৰ ভিতৰত মহিলাৰ সংখ্যা পুৰুষতকৈ অধিক
Posted On:
27 SEP 2022 5:37PM by PIB Guwahati
কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে সৰ্বভাৰতীয় ত্ৰিমাসিক প্ৰতিষ্ঠান আধাৰিত নিযুক্তি জৰীপ (একিউইইএছ)ৰ ত্ৰিমাসিক নিযুক্তি জৰীপৰ (কিউইএছ) চতুৰ্থ পৰ্যায়ৰ (জানুৱাৰী-মাৰ্চ, ২০২২) ওপৰত প্ৰতিবেদন প্ৰকাশ কৰিছে।
নটা নিৰ্বাচিত খণ্ডৰ সংগঠিত আৰু অসংগঠিত দুয়োটা খণ্ডত প্ৰতিষ্ঠানসমূহৰ নিযুক্তি আৰু সম্পৰ্কিত চলকৰ বিষয়ে ত্ৰিমাসিক আকলন প্ৰদান কৰাৰ বাবে শ্ৰমিক ব্যুৰ’ৰ দ্বাৰা একিউইইএছ গ্ৰহণ কৰা হৈছে যি অ-কৃষি প্ৰতিষ্ঠানবোৰত মুঠ নিযুক্তিৰ অধিকাংশ নিৰ্দেশিত কৰিছে । নিৰ্বাচিত নটা খণ্ড হৈছে উৎপাদন, নিৰ্মাণ, বাণিজ্য, পৰিবহণ, শিক্ষা, স্বাস্থ্য, বাসস্থান আৰু ৰেষ্টুৰেণ্ট, আইটি / বিপিঅ' আৰু বিত্তীয় সেৱা।
সৰ্বভাৰতীয় ত্ৰিমাসিক প্ৰতিষ্ঠান আধাৰিত নিযুক্তি জৰীপ (একিউইইএছ)"ৰ দুটা উপাদান আছে - প্ৰথমটো হৈছে "ত্ৰিমাসিক নিযুক্তি জৰীপ (কিউইএছ)" আৰু দ্বিতীয়টো "এলেকা ফ্ৰেম প্ৰতিষ্ঠান জৰীপ (এএফইএছ)"। প্ৰথমটো ১০বা ততোধিক শ্ৰমিক নিয়োগ কৰা প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্কিত আনহাতে দ্বিতীয়টো ৯ বা তাতকৈ কম শ্ৰমিক নিয়োগ কৰা প্ৰতিষ্ঠানবোৰৰ সৈতে সম্পৰ্কিত ৷
অৰ্থনীতিৰ সংগঠিত খণ্ডত নিযুক্তি আৰু সম্পৰ্কিত চলকৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ বাবে এপ্ৰিল, ২০২১-ত একিউইইএছৰ অংশ হিচাপে কিউইএছ আৰম্ভ কৰা হৈছিল। প্ৰতি তিনিমাহত প্ৰায় ১২,০০০ প্ৰতিষ্ঠানৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছে। এপ্ৰিল-জুন, ২০২১ সময়ৰ বাবে এনে ধৰণৰ প্ৰথম প্ৰতিবেদন ছেপ্টেম্বৰ, ২০২১ মাহত প্ৰকাশ কৰা হৈছিল ৷
চতুৰ্থ ত্ৰিমাসিক প্ৰতিবেদন মুকলি কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীয়ে কয় যে অৰ্থনীতিৰ নিৰ্বাচিত খণ্ডসমূহত নিযুক্তিৰ প্ৰৱণতা বৃদ্ধি পাইছে। আনুমানিক নিযুক্তি তৃতীয়টো ত্ৰিমাসিকৰ (ছেপ্টেম্বৰ-ডিচেম্বৰ, ২০২১) ৩.১৪ কোটিৰ পৰা ৪ৰ্থ ত্ৰিমাসিকৰ ৩.১৮ কোটিলৈ বৃদ্ধি হৈছে (জানুৱাৰী-মাৰ্চ, ২০২২)। ইয়াত উল্লেখ কৰাটো গুৰুত্বপূৰ্ণ যে ষষ্ঠ অৰ্থনৈতিক লোকপিয়লত (২০১৩-১৪) সামূহিকভাৱে গ্ৰহণ কৰা এই ৯টা নিৰ্বাচিত খণ্ডত মুঠ নিযুক্তিৰ সংখ্যা ২.৩৭ কোটি বুলি জনা গৈছিল।
ত্ৰিমাসিক নিযুক্তি সৰ্বেক্ষণ হৈছে যোগানৰ সৰ্বেক্ষণৰ সৈতে এক চাহিদাৰ সৰ্বেক্ষণ অৰ্থাৎ পৰ্যাবৃত্ত শ্ৰমিক বাহিনী সৰ্বেক্ষণ (পিএলএফএছ)ৰ প্ৰতিবেদনে দেশত নিযুক্তিৰ তথ্যৰ ব্যৱধান দূৰ কৰিব।
চতুৰ্থ ত্ৰিমাসিক নিযুক্তি স্ৰবেক্ষণ প্ৰতিবেদনৰ মুখ্য বিষয়বোৰ নিম্নলিখিত ধৰণৰ:
- চতুৰ্থ পৰ্যায়ত আনুমানিক মুঠ ৩.১৮ কোটি শ্ৰমিক ৫.৩১ লাখ প্ৰতিষ্ঠানত নিয়োজিত আছিল, তৃতীয় ত্ৰিমাসিকত মুঠ ৩.১৪ কোটিৰ বিপৰীতে।

- মুঠ শ্ৰমিকৰ সংখ্যাৰ ভিতৰত উৎপাদন খণ্ডৰ সৰ্বাধিক শতাংশ (৩৮.৫%), তাৰ পিছত আছে ২১.৭%, আইটি/বিপিঅ' খণ্ডত ১২% আৰু স্বাস্থ্য খণ্ডত ১০.৬% ।
- প্ৰতিষ্ঠানবোৰৰ আকাৰ (শ্ৰমিকৰ সংখ্যা) লৈ লক্ষ্য কৰি, আনুমানিক ৮০% প্ৰতিষ্ঠানে ১০ৰ পৰা ৯৯জন শ্ৰমিক নিয়োজিত কৰিছিল। যদি আমি নিজকে ১০বা অধিক শ্ৰমিক থকা প্ৰতিষ্ঠানত সীমাবদ্ধ ৰাখোঁ তেন্তে এই সংখ্যা ৮৮% লৈ বৃদ্ধি হয়। প্ৰায় ১২% প্ৰতিষ্ঠানে ১০জনতকৈ কম শ্ৰমিকৰ প্ৰতিবেদন প্ৰদান কৰিছিল।
- কেৱল ১.৪% প্ৰতিষ্ঠানে কমেও ৫০০ শ্ৰমিকৰ প্ৰতিবেদন প্ৰদান কৰিছিল। এনে বৃহৎ প্ৰতিষ্ঠানবোৰ বেছিভাগ তথ্য প্ৰযুক্তি/বিপিঅ' খণ্ড আৰু স্বাস্থ্য খণ্ডত আছিল।
- মহিলা শ্ৰমিকৰ অংশগ্ৰহণ তৃতীয় ত্ৰিমাসিকৰ ৩১.৬% ৰ পৰা ৪ৰ্থ তিনিমাহৰ প্ৰতিবেদনত ৩১.৮% লৈ সামান্য বৃদ্ধি হোৱাৰ প্ৰতিবেদন প্ৰদান কৰা হৈছে। অৱশ্যে, স্বাস্থ্য খণ্ডত কৰ্মশক্তিৰ প্ৰায় ৫২% মহিলা শ্ৰমিক আছিল, শিক্ষা, বিত্তীয় সেৱা আৰু তথ্য প্ৰযুক্তি/বিপিঅ' খণ্ডত সংশ্লিষ্ট শতাংশ আছিল ক্ৰমান্বয়ে ৪৪%, ৪১% আৰু ৩৬%। এইটো লক্ষণীয় যে বিত্তীয় সেৱাত, মহিলাসকলৰ সংখ্যা স্ব-নিয়োজিত ব্যক্তিসকলৰ মাজত পুৰুষতকৈ বহু বেছি।
******
(Release ID: 1862697)