তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

চৰকাৰ আৰু ফিল্ম উদ্যোগৰ মাজৰ বাৰ্তালাপত মিডিয়া আৰু মনোৰঞ্জন ক্ষেত্ৰৰ সম্ভাৱনা সন্ধানৰ ৰণনীতিৰ ওপৰত আলোচনা কৰা হয়


বিভিন্ন প্লেটফৰ্মৰ সুযোগ লওক আৰু ভাৰতক গ্লবেল কণ্টেণ্ট হাব বনোৱাৰ চৰকাৰৰ প্ৰয়াসক সমৰ্থন কৰক: তথ্য আৰু সম্প্ৰচাৰ সচিবে মিডিয়া আৰু মনোৰঞ্জন উদ্যোগক আহ্বান জনায়

Posted On: 26 SEP 2022 6:10PM by PIB Guwahati

এই অডিঅ'-ভিজুৱেল ছেক্টৰৰ বিকাশৰ বাবে উদ্যোগ অনুকূল নীতি, সহযোগ আৰু চৰকাৰ তথা উদ্যোগ হিতধাৰকৰ মাজত নিয়মীয়া বাৰ্তালাপৰ প্ৰয়োজন আছে। ফিল্ম ক্ষেত্ৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নোডেল বিকাশ এজেঞ্চী, ৰাষ্ট্ৰীয় ফিল্ম বিকাশ নিগমে আজি মুম্বাইত এনেকুৱাই এখন হিতধাৰকৰ বৈঠকৰ আয়োজন কৰে। ২৬ ছেপ্টেম্বৰ, ২০২২ত মুম্বাইত হোৱা এই বৈঠকত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ সচিব অপূৰ্ব চন্দ্ৰা আৰু এনএফডিচিৰ এমডি ৰবিন্দৰ ভাকৰে ভাগ লয়।

এই বৈঠকত ফিল্ম উদ্যোগৰ প্ৰতিনিধিত্ব প্ৰখ্যাত চিত্ৰকৰসকল আৰু বৃত্তিধাৰীসকলে কৰে। ইয়াত মেডাক ফিল্মছৰ প্ৰতিষ্ঠাপক দিনেশ ৱিজান, ধৰ্মা প্ৰডাকচনৰ চিইঅ' অপূৰ্ব মেহতা, আয়ান মুখাৰ্জী, আৰ বাল্কী, এবাণ্ডনশিয়াৰ চিইঅ' বিক্ৰম মালহোত্ৰা, এমেজন প্ৰাইম ভিডিঅ'ৰ পৰা গৌৰৱ গান্ধী আৰু অপৰ্ণা পুৰোহিত, নেটফ্লিক্সৰ পৰা মনিকা শেৰগিল, পেন ইণ্ডিয়াৰ চেয়াৰমেন জয়ন্তী লাল গড়া, বালাজী মোশন পিকচাৰ্ছৰ চিইঅ' ভাৱিনী শেঠ, প্ৰডিউচাৰ্ছ গিল্ড অফ ইণ্ডিয়াৰ প্ৰেছিডেণ্ট শিৱাশীষ সৰকাৰ, প্ৰডিউচাৰ্ছ গিল্ড অফ ইণ্ডিয়াৰ চিইঅ' নীতিন তেজ আহুজা, নিৰ্মাতা মহাৱীৰ জৈন আৰু মধু মণ্টেনা অন্তৰ্ভুক্ত আছিল।

এই সময়ছোৱাত হোৱা বাৰ্তালাপ এমএণ্ডডি ইণ্ডাষ্ট্ৰীৰ সম্ভাৱনাসমূহৰ সন্ধান কৰিবলৈ চৰকাৰৰ দ্বাৰা কৰা ৰণনীতিগত পদক্ষেপৰ আশেপাশে কেন্দ্ৰীভূত আছিল। ফিল্ম সুবিধা কাৰ্যালয়ৰ মাধ্যমত ভাৰতত ফিল্মাংকনক সহজ কৰা আৰু দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় ফিল্ম উদ্যোগত নিজৰ উপস্থিতি বঢ়াবলৈ ইনভেষ্ট ইণ্ডিয়াৰ অন্তৰ্ভুক্ত হোৱাক লৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰা হয়। আন্তঃৰাষ্ট্ৰীয় ফিল্ম নিৰ্মাণ আৰু অফিচিয়েল কো-প্ৰডাকচন্সৰ বাবে অলপতে আৰম্ভ কৰা উদগণি যোজনাৰ ওপৰত বিস্তাৰিতভাৱে আলোচনা কৰা হয়, য'ত সেই লাভো অন্তৰ্ভুক্ত আছে যি ভাৰতত কণ্টেণ্ট ক্ৰিয়েচনৰ পৰা হ'ব। উদ্যোগৰ সৈতে জড়িত প্ৰধানসকলক আহ্বান জনোৱা হয় যে এফএফঅ' ইকো-ছিষ্টেমৰ সুযোগ লওক আৰু এই উদগণিবিলাকৰ ওপৰত তেওঁলোকৰ পৰামৰ্শ বিধিগতভাৱে নথিভুক্তও কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় ফিল্ম মহোৎসৱৰ অহা ৫৩তম সংস্কৰণক সফল কৰাৰ লগতে এই উদ্যোগৰ বাবে সুযোগৰ সৃষ্টি কৰিবৰ বাবে চৰকাৰৰ প্ৰয়াসৰ ওপৰতো জোৰ দিয়া হয়। ড্ৰাফ্ট চিনেমেটোগ্ৰাফ (সংশোধন) বিধেয়ক, ২০২১ত কৰা সংশোধনৰ ওপৰত প্ৰতিক্ৰিয়া বিচৰা হৈছিল। উদ্যোগৰ অংশীদাৰসকলৰ পৰা পোৱা প্ৰতিক্ৰিয়া ইতিবাচক আছিল আৰু তেওঁলোকে সৰ্বসন্মতিৰে প্ৰস্তাৱিত সংশোধনলানি মানি লয়।

এই হিতধাৰকসকলক কোৱা হয় যে ভাৰতত চিত্ৰগৃহৰ ঘনত্বৰ প্ৰতি উদ্যোগৰ চিন্তাৰ বিষয়ে মন্ত্ৰালয় অৱগত আৰু ইয়াৰ পৰিণাম স্ক্ৰীণ/থিয়েটাৰ নিৰ্মাণৰ অনুমতিত সুচলতাৰ বাবে এটা ছিংগল উইণ্ডো ইকো-ছিষ্টেমৰ বিকাশ আৰু এক মডেল আইনৰ ওপৰত কাম কৰি থকা হৈছে। মন্ত্ৰালয়ৰ দ্বাৰা এই অডিঅ'-ভিজুৱেল ক্ষেত্ৰত মন্ত্ৰালয়ৰ দ্বাৰা কৰি থকা একাধিক অন্য প্ৰয়াসৰ দিশতো উদ্যোগৰ মনোযোগ আকৰ্ষণ কৰা হয়।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰাই আজিৰ আলোচনাক সাৰ্থক বুলি উল্লেখ কৰে আৰু কয়: "উদ্যোগৰ লগতে এই বাৰ্তালাপে ফিল্ম উদ্যোগক গতি দিয়াত মন্ত্ৰালয়ৰ দ্বাৰা কৰি থকা প্ৰয়াসৰ প্ৰতি বিভিন্ন হিতধাৰকসকলক অৱগত কৰোৱাৰ এক সঠিক সুযোগ প্ৰদান কৰিলে। অংশগ্ৰহণকাৰীসকলৰ প্ৰতিক্ৰিয়া উৎসাহজনক আছিল আৰু আমি তেওঁলোকক এই বিভিন্ন প্লেটফৰ্মৰ সুযোগ গ্ৰহণ কৰা আৰু ভাৰতক বিশ্বজনীন কণ্টেণ্ট হাব বনোৱাৰ আমাৰ প্ৰয়াসৰ সমৰ্থন কৰিবলৈ আহ্বান জনাইছো।"  

 

***

PIB Mumbai | DJM/CP/D.Rane



(Release ID: 1862543) Visitor Counter : 127