প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটৰ একতা নগত সকলো ৰাজ্যৰ পৰিৱেশ মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰীৰ


“ভাৰত এক দ্ৰুত বিকাশশীল অৰ্থনীতি আৰু ই নিজৰ পৰিৱেশ বিজ্ঞানকো ধাৰাবাহিকভাৱে শক্তিশালী কৰি আছে”

“আমাৰ বনাঞ্চল বৃদ্ধি পাইছে আৰু জলাশয়সমূহো দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে”

“মই সকলো পৰিৱেশ মন্ত্ৰীক আহ্বান জনাও যে ৰাজ্যসমূহত যিমান পাৰি বৃত্তাকাৰ অৰ্থনীতি প্ৰসাৰিত কৰক”

“মই ভাবো যে পৰিৱেশ মন্ত্ৰালয়ৰ ভূমিকা নিয়ন্ত্ৰক হিচাপে নহয়, পৰিৱেশৰ প্ৰসাৰক হিচাপেহে অধিক”

“প্ৰতিখন ৰাজ্যতে বন অগ্নিনিৰ্বাপক ব্যৱস্থা প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত আৰু শক্তিশালী হ’ব লাগে”

“পৰিৱেশ ব্যৱস্থাক প্ৰসাৰিত কৰাৰ বাবে ৰাজ্যসমূহৰ মাজত সুস্থ প্ৰতিযোগিতাৰ লগতে সহযোগিতাও থাকিব লাগে”

“ভাৰতৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিবলৈ নগৰীয়া নক্সালৰ দলসমূহে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু ফাউণ্ডেশ্যনৰ পৰা কোটি কোটি টকা লৈ নিজৰ শক্তি প্ৰদৰ্শন কৰি আহিছে”

“যেতিয়া পৰিবেশ মন্ত্ৰালয়সমূহৰ দৃষ্টিভংগী সলনি হ’ব, তেতিয়া প্ৰকৃতিও লাভৱান হ’ব বুলি মই নিশ্চিত”

“জয় অনুসন্ধনৰ মন্ত্ৰ মানি চলি আমাৰ ৰাজ্যসমূহৰ বিশ্ববিদ্যালয় আৰু পৰীক্ষাগাৰসমূহে পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত উদ্ভাৱনসমূহক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগে”

“পৰিৱেশ নিষ্পত্তি যিমানেই ক্ষীপ্ৰতাৰে উপলব্ধ হ’ব সিমানেই দ্ৰুতগতিত উন্নয়নো হ’ব”

“য’ত ৮ বছৰ আগতে পৰিৱেশজনিত অনুমতিৰ বাবে ৬০০ দিনতকৈ অধিক সময় লাগিছিল, বৰ্তমান মাত্ৰ ৭৫ দিন লাগে”

“প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন পৰিৱেশ সুৰক্ষাৰ এক মহান আহিলা”

“কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ে সেউজ ঔদ্যোগিক অৰ্থনীতিৰ দিশে আগবাঢ়িব লাগিব”

Posted On: 23 SEP 2022 12:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে গুজৰাটৰ একতা নগৰত পৰিৱেশ মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে৷

এই উপলক্ষে উপস্থিত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে একতা নগৰ আৰু পৰিৱেশ মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলনলৈ সকলোকে আদৰণি জনায়। ভাৰতে অহা ২৫ বছৰৰ বাবে নতুন লক্ষ্য নিৰ্ধাৰণ কৰাৰ সময়ত এই সন্মিলন অনুষ্ঠিত কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে৷ এই সন্মিলনত তাৎপৰ্য্যৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে বনাঞ্চল, জল সংৰক্ষণ, পৰ্যটন আৰু আমাৰ জনজাতীয় ভাই-ভনীসকলৰ ক্ষেত্ৰত একতা নগৰৰ সামগ্ৰিক বিকাশ পৰিৱেশ তীৰ্থযাত্ৰাৰ এক উজ্জ্বল উদাহৰণ।

আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী, দুৰ্যোগ সুস্থিৰতা আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট আৰু লাইফ আন্দোলনৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে কেৱল নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত ব্যাপক অগ্ৰগতি লাভ কৰা নাই, বৰঞ্চ বিশ্বৰ অন্যান্য ৰাষ্ট্ৰসমূহকো পথ প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয়, “আজিৰ নতুন ভাৰত নতুন চিন্তাধাৰাৰে, নতুন দৃষ্টিভংগীৰে আগবাঢ়িছে।” প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰত এখন দ্ৰুতগতিত বিকাশশীল অৰ্থনীতি আৰু ই নিজৰ পৰিৱেশ বিজ্ঞানকো ধাৰাবাহিকভাৱে শক্তিশালী কৰি আছে। “আমাৰ বনাঞ্চল বৃদ্ধি পাইছে আৰু জলাশয়সমূহো দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে”, তেওঁ লগতে কয়।

প্রধানমন্ত্রীয়ে কয় যে বৰ্তমান বিশ্বই ভাৰতৰ সৈতে যোগদান কৰিছে কাৰণ ইয়াৰ প্রতিশ্রুতি পূৰণৰ অভিলেখ আছে৷ “বছৰ বছৰ ধৰি সিংহ, বাঘ, হাতী, এশিঙীয়া গঁড় আৰু নাহৰফুটুকীৰ সংখ্যা বৃদ্ধি পাইছে। কিছুদিন পূৰ্বে মধ্যপ্ৰদেশত চিতাৰ ঘৰলৈ উভতি অহাৰ পৰা নতুন উৎসাহ ঘূৰি আহিছে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

২০৭০ চনৰ কাৰ্বন নিৰ্গমণৰ হাৰ শূন্যলৈ অনাৰ লক্ষ্য সকলোৰে দৃষ্টি আকৰ্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে সেউজ বিকাশ আৰু সেউজ চাকৰিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ প্ৰকৃতিৰ সৈতে ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ পৰিৱেশ মন্ত্ৰালয়সমূহৰ ভূমিকাকো আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “মই সকলো পৰিৱেশ মন্ত্ৰীক আহ্বান জনাও যে ৰাজ্যসমূহত যিমান পাৰি বৃত্তাকাৰ অৰ্থনীতি প্ৰসাৰিত কৰক।” শ্ৰী মোদীয়ে তেওঁৰ বক্তব্যৰ পৰিপূৰক হিচাপে উল্লেখ কৰি কয় যে ই কঠিন আৱৰ্জনা ব্যৱস্থাপনা অভিযানক যথেষ্ট শক্তিশালী কৰি তুলিব আৰু এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ কবলৰ পৰা আমাক মুক্ত কৰিব।

পৰিবেশ মন্ত্ৰালয়সমূহৰ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ভূমিকাক কঠোৰভাৱে ল’ব নালাগে। তেওঁ এই কথাটোৰ বাবে দুখ প্ৰকাশ কৰে যে দীৰ্ঘদিন ধৰি পৰিৱেশ মন্ত্ৰালয়সমূহে নিয়ন্ত্ৰক হিচাপে ভূমিকা পালন কৰিছিল। অৱশ্যে প্ৰধানমন্ত্ৰীয়ে কয়, “মই ভাবো যে পৰিৱেশ মন্ত্ৰালয়ৰ ভূমিকা নিয়ন্ত্ৰক হিচাপে নহয়, পৰিৱেশৰ প্ৰচাৰক হিচাপেহে অধিক।” তেওঁ ৰাজ্যসমূহক ভেহিকেল স্ক্ৰেপিং পলিচি আৰু ইথানল মিশ্ৰণৰ দৰে জৈৱ ইন্ধনৰ ব্যৱস্থাসমূহৰ মালিক হ’বলৈ আৰু ভেটি শক্তিশালী কৰিবলৈ কয়। তেওঁ এই ব্যৱস্থাসমূহক প্ৰসাৰিত কৰাৰ বাবে সুস্থ প্ৰতিযোগিতাৰ লগতে ৰাজ্যসমূহৰ মাজত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়।

ভূগৰ্ভস্থ পানীৰ সমস্যাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰচুৰ পানী থকা ৰাজ্যসমূহো আজিকালি পানীৰ নাটনিৰ সন্মুখীন হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাসায়নিক দ্ৰব্যমুক্ত প্ৰাকৃতিক কৃষি, অমৃত সৰোবৰ আৰু জল সুৰক্ষাৰ দৰে প্ৰত্যাহ্বান আৰু ব্যৱস্থাসমূহ, কেৱল ব্যক্তিগত বিভাগসমূহৰ মাজতে সীমাবদ্ধ নহয় আৰু পৰিৱেশ বিভাগেও এইবোৰক সমানেই জৰুৰী প্ৰত্যাহ্বান হিচাপে বিবেচনা কৰিব লাগিব। “পৰিৱেশ মন্ত্ৰালয়সমূহে অংশগ্ৰহণমূলক আৰু সংহত পদ্ধতিৰে কাম কৰাটো অতি গুৰুত্বপূৰ্ণ। যেতিয়া পৰিবেশ মন্ত্ৰালয়সমূহৰ দৃষ্টিভংগী সলনি হ’ব, তেতিয়া প্ৰকৃতিও লাভৱান হ’ব বুলি মই নিশ্চিত।”

এই কাম কেৱল তথ্য বিভাগ বা শিক্ষা বিভাগতে সীমাবদ্ধ নহয় বুলি জোৰ দি প্ৰধানমন্ত্ৰীয়ে কয় যে জনসজাগতা পৰিৱেশ সুৰক্ষাৰ আন এক গুৰুত্বপূৰ্ণ দিশ। “যিহেতু আপোনালোক সকলোৱে ভালদৰেই জানে যে দেশত কাৰ্যকৰী হোৱা ৰাষ্ট্ৰীয় শিক্ষা নীতিত অভিজ্ঞতাভিত্তিক শিক্ষাৰ ওপৰত বহু গুৰুত্ব দিয়া হৈছে”, শ্ৰী মোদীয়ে লগতে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযান পৰিৱেশ মন্ত্ৰালয়ৰ নেতৃত্বত হ’ব লাগে। ইয়াৰ ফলত শিশুসকলৰ মাজত জৈৱ বৈচিত্ৰ্যৰ বিষয়ে সজাগতা সৃষ্টি হ’ব আৰু পৰিৱেশ সুৰক্ষাৰ বীজো ৰোপণ কৰা হ’ব। “আমাৰ উপকূলীয় অঞ্চলত বাস কৰা শিশুসকলকো সাগৰীয় পৰিস্থিতিতন্ত্ৰক কেনেকৈ সুৰক্ষিত কৰিব পাৰি সেই বিষয়ে শিকোৱা উচিত। আমি আমাৰ সন্তানক আৰু ভৱিষ্যত প্ৰজন্মক পৰিৱেশৰ প্ৰতি সংবেদনশীল কৰি তুলিব লাগিব”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়। জয় অনুসন্ধানৰ মন্ত্ৰ মানি আমাৰ ৰাজ্যসমূহৰ বিশ্ববিদ্যালয় আৰু পৰীক্ষাগাৰসমূহে পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত উদ্ভাৱনসমূহক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত। প্রধানমন্ত্রীয়ে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্রত প্রযুক্তি গ্রহণৰ ওপৰতো আলোকপাত কৰে৷ “বনাঞ্চলত বনাঞ্চলৰ অৱস্থাৰ ওপৰত অধ্যয়ন আৰু গৱেষণাও সমানেই গুৰুত্বপূৰ্ণ”, শ্ৰী মোদীয়ে লগতে কয়।

পশ্চিমীয়া বিশ্বত বনজুইৰ আতংকজনক ঘটনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বনজুইৰ বাবে গোলকীয় কাৰ্বন নিৰ্গমনত ভাৰতৰ অংশ হয়তো নগণ্য হ’লেও কিন্তু আমি সকলো সময়তে সজাগ হৈ থাকিব লাগিব। প্রধানমন্ত্রীয়ে সজোৰে কয় যে প্রতিখন ৰাজ্যৰ বনজুই নিবাৰণ ব্যৱস্থা প্রযুক্তিচালিত আৰু শক্তিশালী হ’ব লাগে৷ শ্ৰী মোদীয়ে আমাৰ বনৰক্ষী সকলৰ প্ৰশিক্ষণৰ ওপৰত, বিশেষকৈ বনজুইৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া উচিত বুলি জোৰ দিয়ে।

পৰিৱেশৰ অনুমোদন লাভৰ ক্ষেত্ৰত জড়িত জটিলতাসমূহ আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে কয় যে আধুনিক আন্তঃগাঁথনিৰ বিকাশ আৰু দেশবাসীৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হৈছে। এই উপলক্ষে তেওঁ ১৯৬১ চনত পণ্ডিত নেহৰুৱে আৰম্ভ কৰা চৰ্দাৰ সৰোৱৰ বান্ধৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে পৰিৱেশৰ নামত চলোৱা ষড়যন্ত্ৰৰ বাবে ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ দশক দশক সময় লাগিছিল। প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ বিভিন্ন সংগঠন আৰু ফাউণ্ডেশ্যনৰ পৰা কোটি কোটি টকা লৈ ভাৰতৰ উন্নয়নত বাধাৰ সৃষ্টি কৰাত নগৰীয়া নক্সালসকলৰ ভূমিকাও চিনাক্ত কৰে। প্ৰধানমন্ত্ৰীয়ে এনে লোকৰ ষড়যন্ত্ৰৰ কথাও আঙুলিয়াই দিয়ে যাৰ বাবে বিশ্ব বেংকে মথাউৰিটোৰ উচ্চতা বৃদ্ধিৰ বাবে ঋণ দিবলৈ অস্বীকাৰ কৰিছিল। ‘এই ষড়যন্ত্ৰবোৰ বিফল কৰিবলৈ কিছু সময় লাগিছিল যদিও গুজৰাটৰ জনসাধাৰণ বিজয়ী হৈ ওলাই আহিল। বান্ধটোক পৰিৱেশৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰা হৈছিল আৰু আজি একেটা বান্ধ পৰিৱেশ সুৰক্ষাৰ সমাৰ্থক হৈ পৰিছে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়। তদুপৰি প্রধানমন্ত্রীয়ে নিজ নিজ ৰাজ্যত নগৰীয়া নক্সালৰ এনে গোটৰ পৰা সকলোকে সজাগ হৈ থাকিবলৈ আহবান জনায়৷ প্ৰধানমন্ত্ৰীয়ে পুনৰ দোঁহাৰে যে পৰিৱেশ নিষ্কাশনৰ বাবে ৬০০০তকৈ অধিক প্ৰস্তাৱ আৰু বন নিষ্কাশনৰ বাবে ৬৫০০ আবেদন ৰাজ্যসমূহৰ হাতত পৰি আছে। “প্ৰতিটো উপযুক্ত প্ৰস্তাৱ শীঘ্ৰেই নিষ্পত্তি কৰাৰ বাবে ৰাজ্যসমূহে প্ৰচেষ্টা চলাব লাগে। আপুনি অনুমান কৰিব পাৰে যে এই লেহেমীয়াকৰণৰ বাবে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্প আবদ্ধ হৈ পৰিব।’, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে কাম কৰাৰ পৰিৱেশৰ পৰিৱৰ্তন অনাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যাতে কামত বিলম্ব  হ্ৰাস পায় আৰু অনুমোদনো ক্ষিপ্ৰ হয়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে পৰিৱেশৰ অনুমোদন দিয়াৰ ক্ষেত্ৰত আমি নিয়মাৱলীৰো যত্ন লওঁ আৰু সেই অঞ্চলৰ জনসাধাৰণৰ উন্নয়নক অগ্ৰাধিকাৰ দিওঁ। “অৰ্থনীতি আৰু পৰিৱেশ দুয়োটাৰে বাবে ই এক উৎসাহজনক পৰিস্থিতি”, তেওঁ কয়। “আমাৰ প্ৰচেষ্টা হ’ব লাগে যাতে অপ্ৰয়োজনীয়ভাৱে পৰিৱেশৰ নাম উত্থাপন কৰি সহজ জীৱন-যাপন আৰু ব্যৱসায় কৰা সহজ পৰিৱেশৰ সন্ধানত কোনো বাধাৰ সৃষ্টি হ’বলৈ নিদিয়ে। আমি মনত ৰাখিব লাগিব যে যিমানেই দ্ৰুতগতিত পৰিৱেশ নিষ্পত্তিৰ ব্যৱস্থা হ’ব সিমানেই দ্ৰুতগতিত উন্নয়নো হ’ব।”

এই সন্দৰ্ভত প্রধানমন্ত্রীয়ে কেইসপ্তাহমান পূর্বে দেশবাসীক উৎসর্গিত কৰা দিল্লীৰ প্রগতি ময়দান সুৰংগৰ উদাহৰণ দাঙি ধৰে৷ ‘এই সুৰংগৰ বাবে দিল্লীৰ জনসাধাৰণে যান-যঁটত আবদ্ধ হৈ পৰাৰ অসুবিধা হ্ৰাস পাইছে। প্ৰগতি ময়দান সুৰংগইও প্ৰতি বছৰে ৫৫লাখ লিটাৰতকৈ অধিক ইন্ধন ৰাহি কৰাত সহায় কৰিব”, তেওঁ লগতে কয়। ইয়াৰ ফলত প্ৰতি বছৰে প্ৰায় ১৩ হাজাৰ টন কাৰ্বন নিৰ্গমন হ্ৰাস পাব যিটো ৬লক্ষাধিক গছৰ সমান বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে। “উৰণ সেতুয়েই হওক, পথেই হওক, এক্সপ্ৰেছৱেই হওক বা ৰে’লৱে প্ৰকল্পই হওক, ইয়াৰ নিৰ্মাণে কাৰ্বন নিৰ্গমন সমানে হ্ৰাস কৰাত সহায় কৰে। অনুমোদনৰ সময়ত আমি এই দিশটোক আওকাণ কৰা উচিত নহয়,” শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে পৰিৱেশৰ সৈতে জড়িত সকলো ধৰণৰ অনুমোদনৰ বাবে একক খিড়িকী ব্যৱস্থা পৰিৱেশ পৰ্টেলৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সমান্তৰালভাৱে অনুমোদন লাভৰ হৈ চৈ হ্ৰাস কৰাত ইয়াৰ স্বচ্ছতা আৰু কাৰ্যকাৰিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “য’ত ৮ বছৰ আগতে পৰিৱেশ অনুমোদনৰ বাবে ৬০০দিনতকৈ অধিক সময় লাগিছিল, বৰ্তমান ইয়াৰ বাবে ৭৫ দিনহে লাগে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন ৰূপায়ণৰ পাছৰে পৰা বহু প্ৰকল্পই গতি লাভ কৰাৰ লগতে আন্তঃগাঁথনি প্ৰকল্পত সমন্বয় বৃদ্ধি পাইছে। পৰিৱেশ সুৰক্ষাৰ বাবেও প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন এক প্ৰধান আহিলাত পৰিণত হৈছে৷ তেওঁ দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে কয় যে জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আমি অৰ্থনীতিৰ প্ৰতিটো সম্ভাৱনাপূৰ্ণ খণ্ডৰ সদ্ব্যৱহাৰ কৰিব লাগিব। “কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুয়োখনেই একেলগে সেউজ ঔদ্যোগিক অৰ্থনীতিৰ দিশত আগবাঢ়িব লাগিব”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিৱেশ মন্ত্ৰালয় কেৱল এটা নিয়ন্ত্ৰক সংস্থা নহয় বৰঞ্চ জনসাধাৰণৰ অৰ্থনৈতিক সবলীকৰণ আৰু নিয়োগৰ নতুন মাধ্যম সৃষ্টিৰ বাবেও এক মহান মাধ্যম। “একতা নগৰত আপুনি বহুত শিকিবলৈ, চাবলৈ আৰু কৰিবলৈ বিচাৰি পাব। গুজৰাটৰ কোটি কোটি জনসাধাৰণক অমৃত প্ৰদান কৰা চৰ্দাৰ সৰোবৰ বান্ধ নিজেই ইয়াৰ সাক্ষী।’ তেওঁ লগতে কয়, ‘চৰ্দাৰ চাহেবৰ এনে বিশাল প্ৰতিমূৰ্তিয়ে আমাক ঐক্যৰ প্ৰতিজ্ঞাত অটল থাকিবলৈ অনুপ্ৰাণিত কৰে।”

একতা নগৰৰ কেৱাদিয়াত শিক্ষণৰ সুবিধাসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিৱেশ আৰু অৰ্থনীতিৰ সমান্তৰাল বিকাশ, পৰিৱেশ শক্তিশালী কৰা আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি, জৈৱ বৈচিত্ৰ্য ইক’-টুৰিজিম বৃদ্ধিৰ এক মাধ্যম হিচাপে পৰিগণিত হোৱা আৰু বনাঞ্চলৰ সম্পত্তিৰ লগতে আমাৰ জনজাতীয় ভাই-ভনীসকলৰ সম্পত্তি বৃদ্ধি কৰা আদি বিষয়সমূহৰ সমাধান৷

এই উপলক্ষে অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱ উপস্থিত থাকে৷

পটভূমি

সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ মনোভাৱক উৎসাহিত কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত সমন্বয় বৃদ্ধিৰে বহুমুখী পদ্ধতিৰ জৰিয়তে প্লাষ্টিক প্ৰদূষণ নিৰ্মূল কৰা, জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্যিক কাৰ্য্য পৰিকল্পনা আদি বিষয়সমূহৰ ওপৰত উন্নত নীতি প্ৰণয়নৰ ক্ষেত্ৰত অধিক সহযোগিতা সৃষ্টিৰ বাবে এই সন্মিলন আয়োজন কৰা হৈছে৷ ইয়াৰ জৰিয়তে পৰিৱেশ আৰু জীৱনশৈলীৰ ওপৰত ফলপ্ৰসূভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি, অৱক্ষয়ী ভূমি পুনৰুদ্ধাৰ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব দি বনাঞ্চল বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

২৩ আৰু ২৪ ছেপ্টেম্বৰত দুদিনীয়া আয়োজন কৰা সন্মিলনত লাইফ, জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়া (কাৰ্বন নিগমন প্ৰশমনৰ বাবে জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাজ্যিক কাৰ্য্য পৰিকল্পনা উন্নীত কৰা আৰু জলবায়ু প্ৰভাৱৰ সৈতে খাপ খুৱাই লোৱা) বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব; পৰিৱেশ (সংহত সেউজীয়া নিষ্কাশনৰ বাবে একক খিড়িকী ব্যৱস্থা); বন ব্যৱস্থাপনা; প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ; বন্যপ্ৰাণী ব্যৱস্থাপনা; প্লাষ্টিক আৰু আৱৰ্জনা ব্যৱস্থাপনা ইত্যাদি ছটা বিষয়ভিত্তিক অধিবেশন অনুষ্ঠিত হ’ব৷

 

***

DS/TS/DB



(Release ID: 1861756) Visitor Counter : 159