ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

কেবিনেটে ভাৰতত অৰ্ধপৰিবাহী আৰু ছেমিকণ্ডাক্টৰ উৎপাদনৰ উপযোগী পৰিৱেশ গঢ়ি তুলিবলৈ সংশ্লিষ্ট কাৰ্যসূচীৰ সংশোধনৰ প্ৰস্তাৱত অনুমোদন জনাইছে

प्रविष्टि तिथि: 21 SEP 2022 3:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে ভাৰতত ছেমিকণ্ডাক্টৰ ডিচপ্লে উৎপাদনৰ উপযোগী পৰিৱেশ গঢ়ি তুলিবলৈ সংশ্লিষ্ট কাৰ্যসূচীৰ কেইবাটাও সংশোধনৰ প্ৰস্তাৱত অনুমোদন জনাইছেবৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ভাৰতত ছেমিকণ্ডাক্টৰ ফেব স্থাপন সম্পৰ্কীয় আঁচনিৰ অধীনত সকলো ধৰণৰ প্ৰয়োগ সম্পৰ্কীয় প্ৰকল্প ব্যয়ৰ ক্ষেত্ৰতো সমানুপাতৰ ভিত্তিত ৫০% বিত্তীয় সমৰ্থন আগবঢ়োৱা হব ইয়াৰোপৰি ডিচপ্লে ফেব স্থাপন সম্পৰ্কীয় প্ৰকল্প ব্যয়ৰ ক্ষেত্ৰতো সমানুপাতৰ ভিত্তিত ৫০% বিত্তীয় সমৰ্থন আগবঢ়োৱাৰ প্ৰস্তাৱত সেউজ সংকেত দিছে মন্ত্ৰীসভাই।

ভাৰতত কম্পাউড ছেমিকণ্ডাক্টৰ্ছ/চিলিকন ফটোনিক্স/চেন্সৰ ফেব আৰু ছেমিকণ্ডাক্টৰ এটিএমপি/ওএছএটি সম্পৰ্কীয় সুযোগ-সুবিধাৰ প্ৰসাৰত সমানুপাতৰ ভিত্তিত মূলধনী ব্যয়ৰ ক্ষেত্ৰত ৫০% আৰ্থিক সাহায্য আগবঢ়াব

বিশ্বৰ ছেমিকণ্ডাক্টৰ উৎপাদক প্ৰতিষ্ঠানসমূহৰ অনেকেই ভাৰতত ফেব স্থাপনৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে। সংশোধিত প্ৰকল্পটোত ছেমিকণ্ডাক্টৰ আৰু ডিচপ্লে উৎপাদনৰ কামত বিনিয়োগৰ পৰিমাণ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। সংশ্লিষ্ট ক্ষেত্ৰত সম্ভাৱনাময় বিনিয়োগকাৰীৰ সৈতে আলোচনাৰ ভিত্তিত ভাৰতত ছেমিকণ্ডাক্টৰ উৎপাদনৰ সুযোগ-সুবিধা অনতি পলমে আৰম্ভ কৰা হব বুলি আশা কৰা হৈছে।

ভাৰতত ছেমিকণ্ডাক্টৰ মিশ্যনক পৰামৰ্শৰ বাবে উদ্যোগ আৰু শিক্ষা ক্ষেত্ৰৰ বিশেষজ্ঞসকলক লৈ এখন কমিটিও এই উদ্দেশ্যে গঠন কৰা হয়। কমিটিয়ে সৰ্বসন্মত ভাৱে ভাৰতত চিলিকন ছেমিকণ্ডাক্টৰ/চিলিকন ফটোনিক্স/চেন্সৰ/ডিচক্ৰিট ছেমিকণ্ডাক্টৰ ফেব আৰু এটিএমপি/ওএছএটি সম্পৰ্কীয় প্ৰকল্পসমূহত সকলোধৰণৰ প্ৰযুক্তি সমৰ্থন জড়িত কৰাৰ ছুপাৰিশ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সেয়া মানি লোৱা হৈছে।

 

***

DS//KG


(रिलीज़ आईडी: 1861385) आगंतुक पटल : 109
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Odia , Marathi , English , Urdu , हिन्दी , Punjabi , Gujarati , Telugu