প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কেৰালাৰ কোচিত আইএনএছ বিক্ৰান্তক নৌসেনাত চামিল কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 02 SEP 2022 1:37PM by PIB Guwahati

কেৰালাৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰাই বিজয়নজী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিংজী, কেন্দ্ৰীয় কেবিনেটত থকা মোৰ আন সহকৰ্মীসকল, নৌ সেনা বাহিনীৰ প্ৰধান ষ্টাফ এডমিৰেল আৰ হৰিকুমাৰ জী,  কোচিন শিপইয়াৰ্ডৰ পৰিচালন সঞ্চালক, সকলো বিশিষ্ট অতিথি আৰু এই ঐতিহাসিক অনুষ্ঠানত উপস্থিত থকা মোৰ মৰমৰ দেশবাসী!

কেৰালাৰ সাগৰৰ পাৰত আজি প্ৰতিজন ভাৰতীয়ই এক নতুন ভৱিষ্যতৰ সূৰ্য্যোদয় প্ৰত্যক্ষ কৰিছে। আইএনএছ বিক্ৰান্তক ভাৰতীয় নৌবাহিনীত অন্তৰ্ভুক্ত কৰাৰ ফলত  বৈশ্বিক ক্ষেত্ৰত ভাৰতৰ এক নতুন দিগন্তৰ সূচনা হল। আজি আমি এক নতুন শক্তিশালী ভাৰতৰ ছবি দেখিব পাৰিছোঁ। আমাৰ স্বাধীনতা সংগ্ৰামীসকলে স্বাধীনতা আন্দোলনৰ সময়ত এইখন ভাৰতৰ সপোনেই দেখিছিল।

বিক্ৰান্তঃ বিশাল, বিৰাট, বিহংগম। বিক্ৰান্ত বিশিষ্ট, বিক্ৰান্ত বিশেষো। বিক্ৰান্ত কেৱল যুদ্ধ জাহাজ নহয়। এয়া একবিংশ শতিকাৰ ভাৰতৰ কঠোৰ পৰিশ্ৰম, প্ৰতিভা, প্ৰভাৱ আৰু প্ৰতিশ্ৰুতিৰ পৰিচয়বাহক। যেতিয়া পৰিস্থিতি ক্ৰমশঃ কঠিন হৈ থাকে আৰু এটাৰ পাছত আনটো প্ৰত্যাহ্বান আহি থাকে, সেই সময়ৰ বাবে ভাৰতৰ উত্তৰ হৈছে বিক্ৰান্ত। স্বাধীনতাৰ অমৃত মহোৎসৱৰ অতুলনীয় অমৃত হৈছে বিক্ৰান্ত। বিক্ৰান্ত হৈছে ভাৰত স্বাৱলম্বিতাৰ এক অনন্য প্ৰতিফলন। প্ৰতিজন ভাৰতীয়ৰ বাবে এয়া গৌৰৱৰ এক মূল্যৱান মুহূৰ্ত। এই যুদ্ধ জাহাজে প্ৰতিজন ভাৰতীয়ৰ সন্মান আৰু আত্মসন্মান বৃদ্ধিৰ  সুযোগ কৰি দিছে। ইয়াৰ বাবে মই প্ৰতিজন দেশবাসীক অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

লক্ষ্যবোৰ যিমান কঠিন নহওক, প্ৰত্যাহ্বানবোৰ যিমান ডাঙৰ নহওক, যেতিয়া ভাৰতে সিদ্ধান্ত লয়, তেতিয়া কোনো লক্ষ্যই অসম্ভৱ নহয়। আজি ভাৰতে বিশ্বৰ সেই দেশসমূহৰ সৈতে চামিল হৈছে, যিয়ে থলুৱা প্ৰযুক্তিৰে ইমান বৃহৎ বিমান বাহক নিৰ্মাণ কৰে। আজি আইএনএছ বিক্ৰান্তে দেশৰ জনসাধাৰণৰ মাজত এক নতুন আত্মবিশ্বাসৰ সৃষ্টি কৰিছে, দেশত এক নতুন আত্মবিশ্বাসৰ সূচনা কৰিছে। আজি বিক্ৰান্তক দেখি সাগৰৰ এই ঢৌবোৰে কৈছে-

अमर्त्य वीर पुत्र हो, दृढ़ प्रतिज्ञ सोच लो,

प्रशस्त पुण्य पंथ है, बढ़े चलो, बढ़े चलो।

 

বন্ধুসকল,

এই ঐতিহাসিক অনুষ্ঠানত মই ভাৰতীয় নৌসেনা, কোচিন শিপইয়াৰ্ডৰ সকলো অভিযন্তা, বিজ্ঞানী আৰু কৰ্মৰত ভাই-ভনীসকলক অভিনন্দন জনাইছোঁ যিসকলে এই সপোন বাস্তৱায়িত কৰিছে। কেৰালাৰ এই পবিত্ৰ ভূমিত এই সাফল্য লাভৰ সময়তে  পবিত্ৰ ওনাম উৎসৱো চলি আছে। এই উপলক্ষে মই সকলো নাগৰিকক উষ্ম শুভেচ্ছা জনাইছোঁ।

 

বন্ধুসকল,

আইএনএছ বিক্ৰান্তৰ প্ৰতিটো অংশৰেই বিশেষত্ব আছে, এক নতুন শক্তি আছে, নিজা বিকাশ যাত্ৰা আছে। ই থলুৱা সামৰ্থ্য, থলুৱা সম্পদ আৰু থলুৱা দক্ষতাৰ প্ৰতীক। ইয়াৰ এয়াৰবেচত স্থাপন কৰা ষ্টীলো থলুৱা। ভাৰতৰ কোম্পানীবোৰে প্ৰস্তুত কৰা এই ষ্টীল ডিআৰডিঅ'ৰ বিজ্ঞানীসকলে বিকশিত কৰিছিল।

ই যুদ্ধজাহাজ, এখন ফ্লোটিং এয়াৰফিল্ড, এখন ফ্লোটিং চহৰতকৈও ডাঙৰ। ইয়াত উৎপাদিত বিদ্যুতে ৫০০০ ঘৰ পোহৰ কৰিব পাৰে। ইয়াৰ ফ্লাইট ডেকটো দুখন ফুটবল খেলপথাৰৰ সমান। বিক্ৰান্তত ব্যৱহৃত সকলো তাঁৰ একলগ কৰিলে কোচিৰ পৰা কাশী পাব। আমাৰ অভিযন্তাসকলৰ কঠোৰ পৰিশ্ৰমৰ নিদৰ্শন হৈছে এই বিক্ৰান্ত। মেগা-ইঞ্জিনিয়াৰিঙৰ পৰা নেনো বৰ্তনীলৈকে, যিটো ভাৰতৰ বাবে পূৰ্বে অকল্পনীয় আছিল, সেয়া বাস্তৱলৈ ৰূপান্তৰিত হৈছে।

 

বন্ধুসকল,

এইবাৰ স্বাধীনতা দিৱসত মই লালকিল্লাৰ পৰা 'পঞ্চ প্ৰাণ'ৰ আহ্বান জনাইছোঁ আৰু আমাৰ হৰিজীয়েও কিছুসময় পূৰ্বে এই কথা উল্লেখ কৰিছে। এই পাঁচটা শপতৰ ভিতৰত প্ৰথমটো হ'ল- উন্নত ভাৰতৰ ডাঙৰ সংকল্প! দ্বিতীয় শপতটো হ'ল দাসত্বৰ মানসিকতাৰ পৰা সম্পূৰ্ণ মুক্তি। তৃতীয়টো হ'ল-নিজৰ ঐতিহ্যৰ বাবে গৌৰৱান্বিত হোৱা। চতুৰ্থ আৰু পঞ্চম প্ৰতিজ্ঞা হৈছে দেশৰ একতা, সংহতি আৰু নাগৰিক কৰ্তব্য পালন! আইএনএছ বিক্ৰান্তৰ নিৰ্মাণৰ এই যাত্ৰাত, আমি এই সকলো পঞ্চ প্ৰাণৰ শক্তি দেখিবলৈ পাওঁ। আইএনএছ বিক্ৰান্ত এই শক্তিৰ এক জীৱন্ত উদাহৰণ। এতিয়ালৈকে, এনে বিমান বাহক কেৱল উন্নত দেশবোৰেহে নিৰ্মাণ কৰিছিল। আজি ভাৰতে এই লীগত যোগদান কৰি এখন উন্নত ৰাষ্ট্ৰৰ দিশত আন এঢাপ আগুৱাইছে।

 

বন্ধুসকল,

জল পৰিবহণৰ ক্ষেত্ৰত ভাৰতৰ এক অতি গৌৰৱময় ইতিহাস আছে, আমাৰ এক সমৃদ্ধ ঐতিহ্য আছে। আমাৰ ইয়াত নাও আৰু জাহাজ সম্পৰ্কীয় শ্লোকত কোৱা হৈছে-

दीर्घिका तरणि: लोला, गत्वरा गामिनी तरिः।

जंघाला प्लाविनी चैव, धारिणी वेगिनी तथा॥

এইটো আমাৰ শাস্ত্ৰত বহুত বৰ্ণনা কৰা হৈছে। দীৰ্ঘিকা, তৰনি লোলা, গাটৱাৰা, গামিনি, জাংঘালা, প্লাবিনি, ধাৰিণী, বেগিনি... আমাৰ বিভিন্ন আকাৰ আৰু প্ৰকাৰৰ জাহাজ আৰু নাও আছিল। আনকি আমাৰ বেদতো নাও, জাহাজ আৰু সাগৰৰ সৈতে সম্পৰ্কিত বহুতো মন্ত্ৰ আছে। বৈদিক যুগৰ পৰা গুপ্ত যুগ আৰু মৌৰ্য যুগলৈকে, ভাৰতৰ সামুদ্ৰিক শক্তিৰ দংশন সমগ্ৰ বিশ্বতে পৰিচিত আছিল। ছত্ৰপতি বীৰ শিৱাজী মহাৰাজে এই সামুদ্ৰিক শক্তিৰ আধাৰত এনে নৌবাহিনী নিৰ্মাণ কৰিছিল, যি শত্ৰুসকলক নিদ্ৰাহীন কৰি ৰাখিছিল।

যেতিয়া ব্ৰিটিছসকল ভাৰতলৈ আহিছিল, তেওঁলোকে ভাৰতীয় জাহাজৰ শক্তি আৰু ইয়াৰ জৰিয়তে হোৱা বাণিজ্যৰ শক্তিক ভয় কৰিছিল। সেয়েহে তেওঁলোকে ভাৰতৰ সামুদ্ৰিক ক্ষমতা ধ্বংস কৰিবলৈ সিদ্ধান্ত লৈছিল। সেই সময়ত ব্ৰিটিছ সংসদত আইন প্ৰণয়ন কৰি ভাৰতীয় জাহাজ আৰু ব্যৱসায়ীসকলৰ ওপৰত কেনেকৈ কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰা হৈছিল, ইতিহাস তাৰ সাক্ষী।

ভাৰতৰ প্ৰতিভা আৰু অভিজ্ঞতা আছিল। কিন্তু আমাৰ মানুহবোৰ এই কুটিলতাৰ বাবে মানসিকভাৱে প্ৰস্তুত নাছিল। আমি দুৰ্বল হৈ পৰিছিলোঁ আৰু তাৰ পিছত দাসত্বৰ সময়ত লাহে লাহে আমাৰ শক্তি পাহৰি গলোঁ। এতিয়া স্বাধীনতাৰ অমৃত মহোৎসৱত, ভাৰতে ইয়াৰ সেই হেৰুওৱা শক্তি ঘূৰাই আনিছে, সেই শক্তি পুনৰ জাগ্ৰত কৰিছে।

 

বন্ধুসকল,

আজি, ২ছেপ্টেম্বৰ, ২০২২ৰ ঐতিহাসিক তাৰিখত, ইতিহাস সলনি কৰা আন এটা কাম  হৈছে। আজি ভাৰতে ঔপনিৱেশিক শাসনকালৰ আৰু এক বোজাৰ পৰা মুক্ত হল। আজিৰ পৰা ভাৰতীয় নৌসেনাই এখন নতুন পতাকা লাভ কৰিছে। এতিয়ালৈকে, ভাৰতীয় নৌসেনাৰ পতাকাত ঔপনিৱেশিক শাসনকালৰ প্ৰতিচ্ছবি আছিল। কিন্তু এতিয়াৰ পৰা ছত্ৰপতি শিৱাজী মহাৰাজৰ দ্বাৰা অনুপ্ৰাণিত হৈ নৌসেনাৰ নতুন পতাকা সাগৰ আৰু আকাশত উৰিব।

ৰামধাৰী সিং দিনকৰে এবাৰ তেওঁৰ কবিতাত লিখিছিলঃ

नवीन सूर्य की नई प्रभा, नमो, नमो, नमो!

नमो स्वतंत्र भारत की ध्वजा, नमो, नमो, नमो!

আজি মই নৌসেনাৰ এই নতুন পতাকাখন ছত্ৰপতি বীৰ শিৱাজী মহাৰাজৰ প্ৰতি উৎসৰ্গা কৰিছোঁ। মই নিশ্চিত যে ভাৰতীয়ত্বৰ মনোভাৱৰে পৰিপূৰ্ণ এই নতুন পতাকাই ভাৰতীয় নৌসেনাৰ আত্মবিশ্বাস আৰু আত্মসন্মানক নতুন শক্তি প্ৰদান কৰিব।

 

বন্ধুসকল,

মই সকলো দেশবাসীৰ সন্মুখত আমাৰ বাহিনী কেনেদৰে সলনি হৈ আছে তাৰ আন এটা গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰিব বিচাৰো। যেতিয়া বিক্ৰান্তক আমাৰ সামুদ্ৰিক এলেকা সুৰক্ষিত কৰিবলৈ অৱতৰণ কৰোৱা হব, তেতিয়া বহুতো মহিলা সৈনিককো অন্তৰ্ভুক্ত কৰা হব। সাগৰৰ অপৰিসীম শক্তিৰ সৈতে ভাৰতীয় নাৰী শক্তিৰ ক্ষমতা মিলিত হৈ এক নতুন ভাৰতৰ পৰিচয় হৈ পৰিছে।

মোক কোৱা হৈছে যে এই মুহূৰ্তত নৌসেনাত প্ৰায় ৬০০ মহিলা বিষয়া আছে। কিন্তু, এতিয়া ভাৰতীয় নৌসেনাই মহিলাসকলৰ বাবে ইয়াৰ সকলো শাখা খোলাৰ সিদ্ধান্ত লৈছে। তাত থকা প্ৰতিবন্ধকতাবোৰ এতিয়া আঁতৰ কৰা হৈছে। যিদৰে শক্তিশালী ঢৌৰ বাবে কোনো সীমা নাই, ঠিক তেনেদৰে ভাৰতৰ কন্যাসকলৰ বাবে আৰু কোনো প্ৰতিবন্ধকতা নাই।

মাত্ৰ এবছৰ বা দুবছৰ আগতে, মহিলা বিষয়াসকলে তাৰিণী নাও এখনেৰে সমগ্ৰ পৃথিৱীক প্ৰদক্ষিণ কৰিছিল। আগন্তুক সময়ত, ভাৰতৰ বহুতো কন্যাই বিশ্বৰ সন্মুখত এইধৰণৰ আৰু নানা শক্তিশালী পদক্ষেপ লৈ আগবাঢ়ি আহিব, পৃথিৱীখনক তেওঁলোকৰ শক্তিৰ সৈতে পৰিচয় কৰাব। নৌসেনাৰ দৰেই, মহিলাসকলক সশস্ত্ৰ বাহিনীৰ তিনিওটা বিভাগতেই এতিয়া অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত তেওঁলোকৰ বাবে দায়িত্ব পালনৰ নতুন পথ মুকলি হৈছে।

 

বন্ধুসকল,

আত্মনিৰ্ভৰশীলতা আৰু স্বাধীনতা- এই দুটি শব্দ ইটো আনটোৰ পৰিপূৰক। এখন দেশ যিমানে আন এখন দেশৰ ওপৰত নিৰ্ভৰশীল হব, সিমানেই সমস্যাৰ সৃষ্টি হব। দেশ যিমানেই আত্মনিৰ্ভৰশীল হব, সিমানেই শক্তিশালী হৈ উঠিব। কৰোনাৰ অতিমাৰীৰ সময়ত, আমি সকলোৱে দেখিছোঁ, বুজি পাইছোঁ আত্মনিৰ্ভৰশীল হোৱাৰ এই অসীম শক্তি। সেয়েহে, আজি ভাৰতে আত্মনিৰ্ভৰশীল হ'বলৈ সম্পূৰ্ণ শক্তিৰে কাম কৰি আছে।

আজি, যেতিয়া আইএনএছ বিক্ৰান্ত-এ অটল সাগৰত ভাৰতৰ গৌৰৱৰ কাহিনী দাঙি ধৰিছে, সেই সময়তে তেজছে অসীম আকাশত পাখি মেলি নিজৰ গৌৰৱৰ কাহিনী শুনাইছে। এইবাৰ ১৫ আগষ্টত সমগ্ৰ দেশে লালকিল্লাৰ পৰা থলুৱা কামানৰ শব্দ শুনিছে। স্বাধীনতাৰ ৭৫ বছৰৰ পিছত, সৈন্যবাহিনীৰ সংস্কাৰ কৰি, ভাৰতে নিৰন্তৰভাৱে নিজৰ সেনা বাহিনীৰ আধুনিকীকৰণ কৰি আহিছে আৰু তেওঁলোকক স্বাৱলম্বী কৰি তুলিছে।

আমাৰ বাহিনীয়ে এনে সঁজুলিৰ এক দীঘলীয়া তালিকাও প্ৰস্তুত কৰিছে, যিবোৰ এতিয়া কেৱল থলুৱা কোম্পানীৰ পৰাহে ক্ৰয় কৰা হ'ব। দেশৰ বিশ্ববিদ্যালয় আৰু দেশৰ কোম্পানীসমূহক প্ৰতিৰক্ষা খণ্ডত গৱেষণা আৰু বিকাশৰ বাবে বাজেটৰ ২৫ শতাংশ প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তামিলনাডু আৰু উত্তৰ প্ৰদেশত দুটা মুখ্য প্ৰতিৰক্ষা কৰিডৰো গঢ়ি তোলা হৈছে। প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাৰ বাবে লোৱা এই পদক্ষেপবোৰে দেশত বহুতো নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিছে।

 

বন্ধুসকল,

লালকিল্লাৰ পৰা ভাষণত, মই নাগৰিক কৰ্তব্যৰ বিষয়েও কথা পাতিছো। আজি মই ইয়াৰ পুনৰাবৃত্তি কৰিলোঁ। টোপাল টোপাল পানীৰ দ্বাৰাই বিশাল সাগৰৰ সৃষ্টি হয়। একেদৰে, যদি ভাৰতৰ প্ৰতিজন নাগৰিকে 'ভোকেল ফৰ লোকেল' মন্ত্ৰৰে জীয়াই থাকিবলৈ আৰম্ভ কৰে, তেন্তে দেশখন স্বাৱলম্বী হ'বলৈ বেছি সময় নালাগিব। যেতিয়া সকলো দেশবাসীয়ে স্থানীয় লোকসকলৰ বাবে মাত মাতিব, ইয়াৰ প্ৰতিধ্বনি কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে শুনা যাব আৰু ইয়াক দেখি বিশ্বৰ সকলো নিৰ্মাতাই ভাৰতলৈ আহি উৎপাদনৰ পথত খোজ কাঢ়িবলৈ বাধ্য হ'ব। এই ক্ষমতা প্ৰতিজন নাগৰিকৰ নিজা অভিজ্ঞতাত আছে।

 

বন্ধুসকল,

আজি, যি গতিত বিশ্বৰ পৰিৱেশ সলনি হৈছে, গোলকীয় পৰিস্থিতি সলনি হৈছে, ই বিশ্বক বহু-মেৰু কৰি তুলিছে। সেয়েহে, আগন্তুক সময়ত, ভৱিষ্যতৰ কাৰ্যকলাপৰ লক্ষ্য স্থিৰ কৰিবলৈ নতুন পন্থা গ্ৰহণ কৰিব লাগিব। উদাহৰণ স্বৰূপে, ভাৰত-প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰত নিৰাপত্তাৰ চিন্তা দীৰ্ঘদিন ধৰি উপেক্ষা কৰা হৈছে। কিন্তু, আজি এই ক্ষেত্ৰসমূহ আমাৰ বাবে দেশৰ এক ডাঙৰ প্ৰতিৰক্ষা অগ্ৰাধিকাৰ। সেয়েহে আমি নৌসেনাৰ বাবে বাজেট বৃদ্ধিৰ পৰা ইয়াৰ ক্ষমতা বৃদ্ধিলৈকে সকলো দিশত কাম কৰি আছোঁ।

অফশ্বৰ পেট্ৰ'ল জাহাজ, চাবমেৰিন বা বিমান বাহক- সকলো ক্ষেত্ৰতেই আজি ভাৰতৰ নৌসেনাৰ শক্তি অভূতপূৰ্ব গতিত বৃদ্ধি পাইছে। ইয়ে অনাগত সময়ত আমাৰ নৌসেনাক অধিক শক্তিশালী কৰিব। অধিক সুৰক্ষিত 'চি-লেন্স', উন্নত নিৰীক্ষণ আৰু উন্নত সুৰক্ষাই আমাৰ ৰপ্তানি, সামুদ্ৰিক বাণিজ্য আৰু সামুদ্ৰিক উৎপাদন বৃদ্ধি কৰিব। ই কেৱল ভাৰতৰ বাবেই নহয়, বিশ্বৰ আন দেশসমূহৰ বাবে আৰু বিশেষকৈ আমাৰ চুবুৰীয়া বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰসমূহৰ বাবে বাণিজ্য আৰু সমৃদ্ধিৰ নতুন পথ মুকলি কৰিব।

 

বন্ধুসকল,

আমাৰ ইয়াত শাস্ত্ৰত কোৱা হয় আৰু বহুত মহত্ত্বপূৰ্ণ কথা কোৱা হয় আৰু আমাৰ মানুহে সংস্কাৰৰ ৰূপত জীয়াই আছে। আমাৰ ইয়াত শাস্ত্ৰত কোৱা হৈছে-

विद्या विवादाय धनं मदाय, शक्तिः परेषां परिपीडनाय।

खलस्य साधोः विपरीतम् एतद्, ज्ञानाय दानाय रक्षणाय॥

অৰ্থাৎ দুষ্টলোকৰ জ্ঞান হৈছে বিবাদ কৰিবলৈ, ধন-সম্পত্তি হৈছে গৌৰৱ কৰিবলৈ আৰু শক্তি হৈছে আনক অত্যাচাৰ কৰিবলৈ। কিন্তু, ভদ্ৰলোকৰ বাবে, ই হৈছে জ্ঞান, দান আৰু দুৰ্বলসকলৰ সুৰক্ষাৰ এক মাধ্যম। এয়া হৈছে ভাৰতৰ সংস্কৃতি, সেয়েহে বিশ্বক অধিক শক্তিশালী ভাৰতৰ প্ৰয়োজন।

মই এবাৰ পঢ়িছিলো যে এবাৰ যেতিয়া কোনোবাই ডঃ এ পি জে আব্দুল কালামক সুধিছিল যে আপোনাৰ ব্যক্তিত্ব অতি শান্তিপ্ৰিয়, আপুনি এজন অতি শান্ত ব্যক্তি যেন লাগিছে, তেন্তে আপুনি অস্ত্ৰৰ প্ৰয়োজনীয়তা কিয় অনুভৱ কৰে? কালাম চাহেবে কৈছিল -শক্তি আৰু শান্তি এটা আনটোৰ বাবে প্ৰয়োজনীয়। আৰু সেয়েহে, আজি ভাৰতে শক্তি আৰু পৰিৱৰ্তন দুয়োটা একেলগে লৈ আগুৱাই গৈছে।

মই নিশ্চিত যে শক্তিশালী ভাৰতে এখন শান্তিপূৰ্ণ আৰু সুৰক্ষিত বিশ্বৰ পথ প্ৰশস্ত কৰিব। এই মনোভাবেৰে মই আমাৰ বীৰ সৈনিক, সাহসী যুঁজাৰুসকলক সন্মানসহকাৰে গৌৰৱান্বিত কৰি আৰু আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো তেওঁলোকৰ সাহসিকতাৰ বাবে উৎসৰ্গা কৰি অন্তৰৰ পৰা আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।

জয় হিন্দ!

 

***

DS/ST/NS/KG



(Release ID: 1859123) Visitor Counter : 110