প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কুলগুৰু স্বামী ৰাজৰ্ষি মুনিৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 30 AUG 2022 12:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লকুলীশ পৰম্পৰাৰ কুলগুৰু স্বামী ৰাজৰ্ষি মুনিৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বহু বছৰ ধৰি যোগাসনৰ ক্ষেত্ৰত তেওঁৰ অনবদ্য অৱদানৰ কথা উল্লেখ কৰে। তেখেতে বিদেহ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনাৰ লগতে শোকসন্তপ্ত অনুৰাগীসকললৈ সমবেদনা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

"লকুলীশ পৰম্পৰাৰ কুলগুৰু স্বামী ৰাজর্ষি মুনিৰ প্রয়াণে শোকাহত কৰিছে। তেওঁ বহু বছৰ ধৰি যোগ চর্চাৰে এক অনন্য কীর্তি ৰাখি থৈ গ’ল। মই তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনাৰে তেওঁৰ শোকসন্তপ্ত অনুৰাগীসকললৈ সমবেদনা জ্ঞাপন কৰিছো।"

***

 

DS/ST/SB


(ৰিলিজ আই ডি : 1856258) অতিথি কক্ষ : 176