প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হাৰিয়ানাৰ ফৰিদাবাদৰ অমৃতা চিকিৎসালয়ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ

Posted On: 24 AUG 2022 2:38PM by PIB Guwahati

অমৃতা চিকিৎসালয়ৰ ৰূপত আমাৰ সকলোকে আশীৰ্বাদধন্য কৰি তোলাৰ বাবে মা অমৃতানন্দময়ীজীক প্ৰণাম জনাইছোঁ। স্বামী অমৃতস্বৰূপানন্দ পুৰীজী, হাৰিয়ানাৰ ৰাজ্যপাল শ্ৰী বন্দাৰু দত্তাত্ৰেয়জী, মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লালজী, মোৰ কেবিনেট সহকৰ্মী শ্ৰী কৃষ্ণ পালজী, হাৰিয়ানাৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দুষ্মন্ত চৌটালাজী আৰু অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!

মাত্ৰ কেইদিনমান পূৰ্বে, দেশে এক নতুন শক্তিৰে 'আজাদী কা অমৃতকাল'ত প্ৰৱেশ কৰিছে। এই অমৃতকালত দেশৰ সামূহিক প্ৰচেষ্টাক স্বীকৃতি দিয়া হৈছে আৰু দেশৰ সামূহিক চিন্তাধাৰা জাগ্ৰত কৰা হৈছে। মই অতি আনন্দিত যে অমৃতকালৰ আৰম্ভণিতে ৰাষ্ট্ৰই মাতৃ অমৃতানন্দময়ীৰ আশীৰ্বাদ লাভ কৰিছে। ফৰিদাবাদত অমৃতা চিকিৎসালয়ৰ ৰূপত ইমান বৃহৎ স্বাস্থ্যসেৱা প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। এই চিকিৎসালয়খন ইয়াৰ নিৰ্মাণ ডিজাইন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত যিমান আধুনিক, সেৱা আৰু আধ্যাত্মিক চেতনাৰ ক্ষেত্ৰত সিমানেই অলৌকিক। মোৰ দৃঢ় বিশ্বাস যে আধুনিকতা আৰু আধ্যাত্মিকতাৰ এই অদ্ভূত সংমিশ্ৰণ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে স্বাস্থ্য সেৱাৰ, তেওঁলোকৰ বাবে আৰু সুলভ চিকিৎসাৰ মাধ্যম হৈ পৰিব। এই অভিনৱ কাম আৰু ইমান ডাঙৰ সেৱাৰ বাবে মই পূজনীয় আম্মাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

 

स्नेहत्तिन्डे, कारुण्यत्तिन्डे, सेवनत्तिन्डे, त्यागत्तिन्डे, पर्यायमाण अम्मा। माता अमृतानंन्दमयी देवी, भारत्तिन्डे महत्ताय, आध्यात्मिक पारंपर्यत्तिन्डे, नेरवकाशियाण।

It is said here , अयं निजः परो वेति गणना, लघुचेतसाम्। उदारचरितानां तु वसुधैव कुटुम्बकम्॥ एन्न महा उपनिषद आशयमाण, अम्मयुडे, जीविता संदेशम।

 

অৰ্থা আম্মা হৈছে প্ৰেম, সহানুভূতি, সেৱা আৰু ত্যাগৰ প্ৰতিমূৰ্তি। তেওঁ ভাৰতৰ আধ্যাত্মিক পৰম্পৰাৰ বাহক। আমি মহা উপনিষদত আম্মাৰ জীৱন বাৰ্তা বিচাৰি পাওঁ।

 

মঠৰ সৈতে জড়িত সাধুসকল, ট্ৰাষ্টৰ সৈতে জড়িত সকলো গণ্যমান্য ব্যক্তি, সকলো চিকিৎসক আৰু অন্যান্য কৰ্মচাৰীক আজিৰ এই পৱিত্ৰ অনুষ্ঠানত মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল

 

আমি বাৰে বাৰে শুনি আহিছোঁ,

 " त्वहम् कामये राज्यम्, स्वर्ग सुखानि च। कामये दुःख तप्तानाम्, प्राणिनाम् आर्ति नाशनम्"

 

বন্ধুসকল,
অৰ্থাৎ আমি ৰাজ্য বিচৰা নাই, আৰু স্বৰ্গৰ আনন্দও বিচৰা নাই। আমি কেৱল কামনা কৰোঁ যে দৰিদ্ৰ আৰু ৰোগীসকলক তেওঁলোকৰ বেদনা আৰু কষ্টৰ পৰা সকাহ দিয়াৰ সৌভাগ্য যাতে আমি অৰ্জন কৰিব পাৰোঁ। এনে চিন্তা আৰু মূল্যবোধৰ সমাজ এখনৰ বাবে, সেৱা আৰু চিকিৎসা সমাজৰ চেতনা হৈ পৰে। সেয়েহে, ভাৰত হৈছে এনে এখন ৰাষ্ট্ৰ য'ত চিকিৎসা হৈছে এক সেৱা আৰু সুস্বাস্থ্য হৈছে সম্পদ। ভাৰতত, স্বাস্থ্য আৰু আধ্যাত্মিকতা ইটো সিটোৰ সৈতে সম্পৰ্কিত। আমাৰ দেশত আৰ্য়ুবিজ্ঞান  এক বেদ । আমি আমাৰ চিকিৎসা বিজ্ঞানক আয়ুৰ্বেদ নাম দিছো। আমি আয়ুৰ্বেদৰ সৰ্বশ্ৰেষ্ঠ পণ্ডিতসকলক ঋষি আৰু মহৰ্ষিৰ মৰ্যাদা দিছো আৰু তেওঁলোকৰ ওপৰত আমাৰ সৰ্বোচ্চ বিশ্বাস প্ৰকাশ কৰিছোঁ-মহৰ্ষি চৰক, মহৰ্ষি সুশ্ৰুত আৰু মহৰ্ষি বাগভট্ট! এনে বহুতো উদাহৰণ আছে, যাৰ জ্ঞান আৰু স্থান আজি ভাৰতীয়ৰ মানসপটত অমৰ হৈ পৰিছে।

 

ভাই-ভনীসকল,

ভাৰতে দেশখনৰ সংস্কৃতি আৰু দৰ্শন অনেক শতিকাজুৰি বিদ্যমান দাসত্ব আৰু অন্ধকাৰ যুগতো ম্লান হ'বলৈ দিয়া নাছিল। আমি ইয়াক সংৰক্ষণ কৰিছোঁ। আজি দেশখনত আমাৰ আধ্যাত্মিক শক্তি আকৌ এবাৰ শক্তিশালী হৈ উঠিছে। আমাৰ আদৰ্শৰ শক্তি আকৌ এবাৰ শক্তিশালী হৈ উঠিছে। ৰাষ্ট্ৰ আৰু বিশ্বই এক গুৰুত্বপূৰ্ণ বাহক অৰ্থাৎ পূজনীয় আম্মাৰ ৰূপত ভাৰতৰ এই পুনৰ্জাগৰণৰ অভিজ্ঞতা লাভ কৰিছে। তেওঁৰ সংকল্প আৰু প্ৰকল্পবোৰ আজি আমাৰ সন্মুখত সেৱাৰ ইমান ডাঙৰ প্ৰতিষ্ঠানৰ ৰূপত আছে। আমি পূজনীয় আম্মাৰ সামাজিক জীৱনৰ সৈতে সম্পৰ্কিত প্ৰতিটো ক্ষেত্ৰতে মৰম আৰু সহানুভূতি দেখিবলৈ পাওঁ। আজি তেওঁৰ মঠে হাজাৰ হাজাৰ শিশুক বৃত্তি প্ৰদান কৰিছে আৰু স্ব-সহায়ক গোটৰ জৰিয়তে লাখ লাখ মহিলাক শক্তিশালী কৰি তুলিছে। স্বচ্ছ ভাৰত অভিযানতো আপুনি দেশলৈ অভূতপূৰ্ব অৱদান আগবঢ়াইছে। স্বচ্ছ ভাৰত কোষলৈ আপোনাৰ মূল্যৱান অৱদানৰ বাবে, গংগাৰ পাৰত থকা কিছুমান ক্ষেত্ৰত যথেষ্ট কাম কৰা হৈছে। এইটোৱে নমামি গংগে অভিযানত যথেষ্ট সহায় কৰিছে। সমগ্ৰ বিশ্বই পূজ্নীয় আম্মাক সন্মান কৰে। কিন্তু মই বহুত ভাগ্যৱান। যোৱা কেইবা দশক ধৰি, মই পূজনীয় আম্মাৰ মৰম আৰু আশীৰ্বাদ নিৰন্তৰভাৱে লাভ কৰি আহিছোঁ। মই তেওঁৰ সৰলতা আৰু মাতৃভূমিৰ বাবে এক মহান দৰ্শন দেখিছোঁ। আৰু সেয়েহে মই ক'ব পাৰোঁ যে এনে এখন দেশ য'ত ইমান উদাৰ আৰু সমৰ্পিত আধ্যাত্মিক নেতা আছে, তাৰ প্ৰগতি আৰু উত্থান অনিবাৰ্য।

 

বন্ধুসকল,

আমাৰ ধৰ্মীয় আৰু সামাজিক প্ৰতিষ্ঠানসমূহৰ দ্বাৰা শিক্ষা আৰু স্বাস্থ্য সম্পৰ্কীয় দায়িত্ব পালনৰ এই ব্যৱস্থাটো এক প্ৰকাৰে প্ৰাচীন কালৰ সময়ৰ পিপিপি আৰ্হি। ইয়াক ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব বুলি কোৱা হয় কিন্তু মই ইয়াক এক 'পাৰস্পৰিক প্ৰচেষ্টা' হিচাপেও চাওঁ। ৰাজ্যসমূহে তেওঁলোকৰ নিজা প্ৰণালী সৃষ্টি কৰিছিল, ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয় নিৰ্মাণত ভূমিকা পালন কৰিছিল। কিন্তু একে সময়তে ধৰ্মীয় প্ৰতিষ্ঠানসমূহো ইয়াৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ। আজি চৰকাৰে সম্পূৰ্ণ আন্তৰিকতা আৰু সততাৰে দেশৰ স্বাস্থ্য আৰু শিক্ষা খণ্ডক মিছন মোডত পুনৰুজ্জীৱিত কৰাৰ বাবে পদক্ষেপ লোৱাটো নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছে। ইয়াৰ বাবে, সামাজিক সংগঠনবোৰকো উৎসাহিত কৰা হৈছে। ব্যক্তিগত খণ্ডৰ সৈতে অংশীদাৰীত্ব কৰি এটা কাৰ্যকৰী পিপিপি আৰ্হি বিকশিত কৰা হৈছে। মই এই মঞ্চৰ পৰা কৈছো যে অমৃতা চিকিৎসালয়ৰ এই প্ৰকল্পটো দেশৰ আন সকলো প্ৰতিষ্ঠানৰ বাবে এক আদৰ্শ হৈ পৰিব। আমাৰ আন বহুতো ধৰ্মীয় সংগঠনেও বিভিন্ন সংকল্পৰে কাম কৰি এনে প্ৰতিষ্ঠান চলাই আছে। আমাৰ ব্যক্তিগত খণ্ডই এনে সংগঠনসমূহক সম্পদ প্ৰদান কৰি আৰু তেওঁলোকক সহায় কৰি পিপিপি মডেলৰ সৈতে আধ্যাত্মিক ব্যক্তিগত অংশীদাৰিত্বকো আগুৱাই নিব পাৰে।

 

বন্ধুসকল,

সমাজৰ প্ৰতিটো শ্ৰেণী, প্ৰতিটো প্ৰতিষ্ঠান আৰু প্ৰতিটো খণ্ডৰ প্ৰচেষ্টাৰ সুফল যি লাভ কৰা যায় সেয়া আমি কৰোনা কালতো দেখিছো। এইক্ষেত্ৰত যিমান আধ্যাত্মিক ব্যক্তিগত অংশীদাৰিত্ব গঢ় লৈ উঠিছে, আজি মই সেইসমূহৰ বিষয়ে কথা পাতিব বিচাৰো। আপোনাসৱ সকলোৱে অৱগত যে যেতিয়া ভাৰতে ইয়াৰ ভেকছিন বিকশিত কৰিছিল, তেতিয়া কিছুমান লোকে ইয়াৰ বিৰুদ্ধে এক প্ৰকাৰৰ প্ৰচাৰ চলাই আছিল। এই অপপ্ৰচাৰৰ ফলত সমাজত বিভিন্ন উৰাবাতৰি বিয়পিবলৈ আৰম্ভ কৰে। কিন্তু যেতিয়া সমাজৰ ধৰ্ম্মগুৰু আৰু আধ্যাত্মিক নেতাসকল একত্ৰিত হৈছিল, তেওঁলোকে লোকসকলক উৰাবাতৰিৰ প্ৰতি মনোযোগ নিদিবলৈ কৈছিল, আৰু ইয়াৰ তাৎক্ষণিক প্ৰভাৱ পৰিছিল। ভাৰতে আন দেশত দেখা ধৰণৰ ভেকছিনক লৈ দ্বিধাৰ সন্মুখীন হোৱা নাছিল। আজি সকলোৰে প্ৰচেষ্টাৰ এই মনোভাৱৰ বাবেই ভাৰতে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ কাৰ্যসূচী সফলতাৰে আগুৱাই নিবলৈ সক্ষম হৈছে।

 

বন্ধুসকল,

 

এইবাৰ লালকিল্লাৰ পৰা মই দেশৰ সন্মুখত এই অমৃতকালৰ 'পঞ্চ-প্ৰাণ'ৰ এক দৰ্শন ৰাখিছো। এই পাঁচটা 'প্ৰাণ'ৰ ভিতৰত এটা হ'ল দাসত্বৰ মানসিকতাক সম্পূৰ্ণভাৱে ত্যাগ কৰা। এই সময়ত দেশত এই বিষয়টোক লৈ বহুত আলোচনা কৰা হৈছে। যেতিয়া আমি এই মানসিকতা ত্যাগ কৰোঁ, আমাৰ কামৰ দিশো সলনি হয়। এই পৰিৱৰ্তন আজি দেশৰ স্বাস্থ্য সেৱা ব্যৱস্থাতো দৃশ্যমান হৈছে। এতিয়া আমি আমাৰ পৰম্পৰাগত জ্ঞান আৰু অভিজ্ঞতাৰ ওপৰতো নিৰ্ভৰ কৰিব পাৰিছোঁ, এইবোৰৰ জৰিয়তে বিশ্ববাসীকো উপকৃত কৰিব পাৰিছোঁ। আমাৰ আয়ুৰ্বেদ আৰু যোগ আজি স্বাস্থ্যসেৱাৰ এক নিৰ্ভৰযোগ্য ব্যৱস্থা হৈ পৰিছে। ভাৰতৰ এই প্ৰস্তাৱ লৈ, সমগ্ৰ বিশ্বই অহা বছৰ আন্তৰ্জাতিক বাজৰা বৰ্ষ উদযাপন কৰিবলৈ গৈ আছে। মই আশা কৰিম যে আপোনালোক সকলোৱে অধিক উৎসাহেৰে একেধৰণে এই অভিযান অব্যাহত ৰাখিব।

 

বন্ধুসকল,

 

স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন সেৱাৰ পৰিসৰ কেৱল চিকিৎসালয়, ঔষধ আৰু চিকিৎসাতে সীমাবদ্ধ নহয়। আন বহুতো বস্তু আছে যিয়ে এখন স্বাস্থ্যৱান সমাজৰ ভেটি স্থাপন কৰে। উদাহৰণস্বৰূপে, সাধাৰণ নাগৰিকৰ বাবে পৰিষ্কাৰ আৰু খোৱা পানীৰ অধিকাৰ সমানে গুৰুত্বপূৰ্ণ। প্ৰদূষিত পানী আমাৰ দেশত কেইবাটাও ৰোগৰ কাৰণ। সেইকাৰণে দেশখনে ৩ বছৰ আগতে জল জীৱন মিছনৰ দৰে দেশজুৰি অভিযান আৰম্ভ কৰিছিল। এই তিনি বছৰত, দেশৰ ৭ কোটি গ্ৰাম্য পৰিয়ালক পাইপযোগে পানী যোগান ধৰা হৈছে। লক্ষণীয়ভাৱে, হাৰিয়ানা চৰকাৰেও এই অভিযানত এক কাৰ্যকৰী কাম কৰিছে। মই বিশেষকৈ সেই বিষয়টোত জোৰ দিব বিচাৰো। হাৰিয়ানা আজি দেশৰ এখন আগশাৰীৰ ৰাজ্য য'ত প্ৰতিটো পৰিয়াল পাইপযুক্ত পানীৰ সুবিধাৰ সৈতে সংযুক্ত হৈ আছে।. একেদৰে, হাৰিয়ানাৰ জনসাধাৰণে 'বেটি বচাও, বেটি পঢ়াও'ৰ ক্ষেত্ৰত এক প্ৰশংসনীয় কাম কৰিছে। ফিটনেছ আৰু ক্ৰীড়া হাৰিয়ানা আৰু ইয়াৰ সংস্কৃতিৰ সমাৰ্থক। আৰু সেইকাৰণে ইয়াত যুৱপ্ৰজন্মই ক্ৰীড়াক্ষেত্ৰত ত্ৰিৰংগাৰ মৰ্যাদা  বৃদ্ধি কৰি আছে। একে গতিত, আমি দেশৰ আন ৰাজ্যসমূহতো কম সময়ত অভূতপূৰ্ব ফলাফল লাভ কৰিব লাগিব। আমাৰ সামাজিক সংগঠনবোৰে এইক্ষেত্ৰত এক বৃহৎ অৱদান আগবঢ়াব পাৰে।

 

বন্ধুসকল,

 

প্ৰকৃত বিকাশ হৈছে সেয়া যি সকলোকে স্পৰ্শ কৰে আৰু সকলোকে লাভান্বিত কৰে। গুৰুতৰ ৰোগৰ চিকিৎসা সকলোৰে বাবে উপলব্ধ কৰি তোলাৰ এই ভাৱনা হৈছে অমৃতা চিকিৎসালয়ৰো ভাবনা। মই নিশ্চিত যে সেৱাৰ সংকল্পৰে হাৰিয়ানা আৰু দিল্লীৰ লাখ লাখ পৰিয়ালক আপোনাসৱে স্বাস্থ্যৱান কৰি তুলিব। পুনৰ এবাৰ পূজ্যনীয় আম্মাৰ শ্ৰীচৰণত প্ৰণাম জনাই, আৰু আপোনালোক সকলোকে অন্তৰৰ পৰা অভিনন্দন জনাই, মই মোৰ শুভেচ্ছা জনাইছোঁ! বহুত ধন্যবাদ!

 

***

DS/IG/AK/KG



(Release ID: 1855710) Visitor Counter : 128