প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শক্তি খণ্ডৰ পুনর্গঠিত বিতৰণ খণ্ড আঁচনিৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Posted On: 30 JUL 2022 3:43PM by PIB Guwahati

মোৰ কেবিনেট সতীৰ্থসকল, বিভিন্ন ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰীসকল, বিদ্যুৎ আৰু শক্তি খণ্ডৰে জড়িত আন সকলো গণ্যমান্য ব্যক্তি, ভদ্ৰলোক আৰু ভদ্ৰমহিলাসকল!

আজিৰ এই কাৰ্য্যক্ৰম একবিংশ শতিকাৰ নব্য ভাৰতৰ নতুন লক্ষ্য আৰু নতুন সফলতাৰ প্ৰতীক। এই ‘আজাদী কা অমৃতকাল’ ৰ সময়ছোৱাত ভাৰতে আগন্তুক ২৫ বছৰৰ বাবে নিজৰ দৃষ্টি সন্দৰ্ভত কাম আৰম্ভ কৰিছে। আগন্তুক ২৫ বছৰত ভাৰতৰ অগ্ৰগতি ত্বৰান্বিতকৰণৰ ক্ষেত্ৰত বিদ্যুৎ খণ্ড আৰু শক্তি খণ্ডৰ এক বৃহৎ ভূমিকা আছে। শক্তি খণ্ডটোৰ শক্তি ইজ অৱ ডুয়িং বিজনেছৰ বাবেও গুৰুত্বপূৰ্ণ আৰু ইজ অৱ লিভিঙৰ বাবেও সমানেই আৱশ্যকীয়। মই এইমাত্ৰ মত-বিনিময় কৰা হিতাধিকাৰীসকলৰ জীৱনত বিদ্যুতে সাধন কৰা পৰিৱৰ্তন সন্দৰ্ভত আমি সকলো জ্ঞাত হৈছো।

 

বন্ধুসকল,

আজি আৰম্ভ হোৱা বা আধাৰশিলা স্থাপন কৰা হাজাৰ কোটি টকাৰ প্ৰকল্পৰাজি হৈছে ভাৰতৰ শক্তি সুৰক্ষা আৰু সেউজ ভৱিষ্যতৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই প্ৰকল্পসমূহে নবীকৰণযোগ্য শক্তিৰ বাবে আমাৰ লক্ষ্য, সেউজ প্ৰযুক্তিৰ প্ৰতি আমাৰ দায়বদ্ধতা আৰু সেউজ গতিশীলতা (green mobility) ৰ বাবে আমাৰ আকাংক্ষাক সুদৃঢ় কৰিব। এই প্ৰকল্পসমূহৰ জৰিয়তে দেশখনত বৃহৎ সংখ্যক সেউজ নিয়োগো (green jobs) সৃষ্টি হ’ব। এই প্ৰকল্পসমূহ তেলেংগানা, কেৰেলা, ৰাজস্থান, গুজৰাট আৰু লাডাখত হ’লেও ইয়াৰ সুফল সমগ্ৰ দেশেই লাভ কৰিব।

 

বন্ধুসকল,

হাইড্ৰ’জেন গেছৰ ব্যৱহাৰৰে দেশসমূহত বাহনৰ লগতে ৰন্ধনশালা চলোৱা সম্পৰ্কে বিগত বছৰসমূহত গভীৰ চিন্তা-চৰ্চা অব্যাহত আছে। আজি ভাৰতেও একে দিশতে এটি বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। লাডাখ আৰু গুজৰাটত সেউজ হাইড্ৰ’জেনৰ দুটা বৃহৎ প্ৰকল্পৰ কাম-কাজ আজিৰেপৰা আৰম্ভ হৈছে। লাডাখত স্থাপন কৰা এই উদ্যোগটোত দেশখনৰ যান-বাহনৰ বাবে সেউজ হাইড্ৰ’জেন উৎপাদন কৰা হ’ব। এইটোৱেই হ’ব দেশখনৰ প্ৰথমটো প্ৰকল্প যিয়ে সেউজ হাইড্ৰ’জেনচালিত পৰিবহণৰ বাণিজ্যিক ব্যৱহাৰক প্ৰশস্ত কৰি তুলিব। অৰ্থাৎ লাডাখ হ’ব দেশখনৰ ভিতৰতে প্ৰথমটো স্থান য’ত অতি সোনকালে ফুৱেল চেল ইলেকট্ৰিক বাহনৰ চলাচল আৰম্ভ হ’ব। ই লাডাখক কাৰ্বন নিউট্ৰেল মণ্ডল হিচাপে গঢ়ি তোলাতো সহায় কৰিব।

 

বন্ধুসকল,

দেশখনত প্ৰথমবাৰৰ বাবে গুজৰাটত সেউজ হাইড্ৰ’জেনক পাইপ আধাৰিত প্ৰাকৃতিক গেছৰ সৈতে ব্লেণ্ডিঙৰ প্ৰকল্পও আৰম্ভ হৈছে। এতিয়ালৈকে আমি পেট্ৰ’ল আৰু বিমান ইন্ধনত ইথানল মিহলাই আহিছো, কিন্তু এতিয়া আমি পাইপ আধাৰিত প্ৰাকৃতিক গেছৰ সৈতে সেউজ হাইড্ৰ’জেন মিহলোৱাৰ দিশত অগ্ৰসৰ হৈছো। ইয়াৰ ফলত প্ৰাকৃতিক গেছৰ বাবে বিদেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব আৰু পূৰ্বে দেশৰ বাহিৰলৈ যোৱা ধনখিনি দেশতে ব্যৱহাৰ হ’ব।

 

বন্ধুসকল,

৮ বছৰ পূর্বে দেশখনৰ শক্তি খণ্ডটোৰ অৱস্থা সম্পৰ্কে এই কার্য্যসূচীত উপস্থিত সকলো জ্যেষ্ঠ লোকৰে জ্ঞাত। আমাৰ দেশত গ্ৰীডৰ সমস্যা আছিল। গ্ৰীডবোৰ বিকল হৈ পৰিছিল, বিদ্যুৎ উৎপাদন হ্ৰাস পাইছিল, বিদ্যুৎ কৰ্তনৰ ঘটনা বাঢ়িছিল আৰু বিতৰণ ব্যৱস্থাটো অস্থিৰ হৈ পৰিছিল। এনে পৰিস্থিতিত ৮ বছৰ পূর্বে আমি দেশৰ শক্তি খণ্ডটোৰ প্রতিটো অংশৰে ৰূপান্তৰৰ উদ্যোগ গ্ৰহণ কৰিছিলো।

শক্তি ব্যৱস্থাটোৰ অগ্ৰগতি সাধনৰ বাবে চাৰিটা ভিন্ন দিশত একেলগে কাম কৰা হৈছিল – যথাঃ উৎপাদন, সংবহন (Transmission), বিতৰণ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল সংযোগ। আপোনালোকৰ জ্ঞাত যে এই সকলোবোৰ পাৰস্পৰিকভাৱে সম্পৰ্কীয়। উৎপাদন বৃদ্ধি নহ’লে সংবহন-বিতৰণ ব্যৱস্থাটো শক্তিশালী নহ’ব। তেনে ক্ষেত্ৰত সংযোগৰ ক্ষেত্ৰত আগবাঢ়িবপৰা নাযাব। সেয়েহে আমি সৰ্বাধিক শক্তি উৎপাদনৰ বাবে, সমগ্ৰ দেশখনতে বিদ্যুতৰ ফলপ্ৰসূ বিতৰণৰ অৰ্থে, সংবহনৰ সৈতে সংযুক্ত পুৰণি নেটৱৰ্কৰ আধুনিকীকৰণৰ লক্ষ্যৰে আৰু দেশখনৰ কোটি-কোটি গৃহস্থীক বিদ্যুৎ সংযোগ প্ৰদান কৰিবলৈ সকলো প্ৰচেষ্টা হাতত লৈছো।

আজি এই প্ৰচেষ্টাৰাজিৰ ফলশ্ৰুতিত দেশখনৰ প্ৰতিঘৰ গৃহস্থীতে বিদ্যুতৰ যোগান ধৰাই নহয়, এতিয়া ঘন্টাৰ পিছত ঘন্টা ধৰি বিদ্যুৎ উপলব্ধও হৈছে। যোৱা ৮ টা বছৰত দেশখনত প্ৰায় ১ লাখ ৭০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতা সংযোজিত হৈছে। ওৱান নেশ্যন ওৱান পাৱাৰ গ্ৰীড আজি দেশখনৰ শক্তি হৈ পৰিছে। সমগ্ৰ দেশখনক সংযোগ কৰিবলৈ প্ৰায় ১ লাখ ৭০ হাজাৰ চাৰ্কিট কিলোমিটাৰ ট্ৰেন্সমিশ্যন লাইন সংস্থাপন কৰা হৈছে। আমিও সৌভাগ্য যোজনাৰ অধীনত প্ৰায় ৩ কোটি বিদ্যুৎ সংযোগ প্ৰদানেৰে চেচুৰেশ্যনৰ লক্ষ্যত উপনীত হৈছো।

 

বন্ধুসকল,

আমাৰ শক্তি খণ্ডটোক কাৰ্য্যক্ষম, ফলপ্ৰসূ আৰু সাধাৰণ জনতাৰ বাবে বিদ্যুতক সহজলভ্য কৰি তুলিবলৈ প্ৰয়োজনীয় সংস্কাৰৰাজি নিৰন্তৰভাৱে সাধন কৰা হৈছে। আজিৰেপৰা আৰম্ভ হোৱা নতুন শক্তি সংস্কাৰ আঁচনিখন এই দিশতেই গ্ৰহণ কৰা আন এটি পদক্ষেপ। ইয়াৰ অধীনত স্মাৰ্ট মিটাৰিঙৰ দৰে ব্যৱস্থাও কৰা হ’ব যাতে শক্তিৰ লোকচান হ্ৰাস পায়, যাৰ ফলত কাৰ্য্যক্ষমতা বৃদ্ধি পাব। বিদ্যুতৰ ব্যৱহাৰৰে জড়িত অভিযোগসমূহৰো অন্ত পৰিব। সমগ্ৰ দেশখনৰে ‘ডিস্কম’ সমূহক প্ৰয়োজনীয় আৰ্থিক সাহায্যও প্ৰদান কৰা হ’ব যাতে এইসমূহে আধুনিক আন্তঃগাঁথনি গঢ়ি তুলিব পাৰে আৰু আৰ্থিকভাৱে নিজকে সবলীকৰণৰ অৰ্থে প্ৰয়োজনীয় সংস্কাৰৰাজি সাধন কৰিব পাৰে। গতিকে, ‘ডিস্কম’ সমূহৰ শক্তি বৃদ্ধি পাব আৰু জনসাধাৰণে পৰ্য্যাপ্ত বিদ্যুৎ লাভ কৰিবলৈ সক্ষম হ’ব। ফলস্বৰূপে আমাৰ শক্তি খণ্ডটো অধিক শক্তিশালী হ’ব।

 

বন্ধুসকল,

শক্তি সুৰক্ষা সুদৃঢ় কৰিবলৈ ভাৰতে আজি যিদৰে নবীকৰণযোগ্য শক্তিত গুৰুত্ব আৰোপ কৰিছে সেয়া অভূতপূৰ্ব। আমি স্বাধীনতাৰ ৭৫ বছৰলৈকে ১৭৫ গিগাৱাট নবীকৰণযোগ্য শক্তি ক্ষমতা আহৰণৰ সংকল্প গ্ৰহণ কৰিছিলো। আজি আমি এই লক্ষ্যৰ ওচৰ চাপিছো। এতিয়ালৈকে অ-জীৱাশ্ম উৎসৰপৰা প্ৰায় ১৭০ গিগাৱাট ক্ষমতা আহৰণ কৰা হৈছে। সংস্থাপিত সৌৰ ক্ষমতাৰ ক্ষেত্ৰত আজি ভাৰত বিশ্বখনৰ শীৰ্ষ ৪ বা ৫ খন দেশৰ ভিতৰতে আছে। আজি ভাৰতত বিশ্বখনৰে কেইবাটাও বৃহৎ সৌৰশক্তি কেন্দ্ৰ আছে। ইয়াৰে সংগতি ৰাখি আজি দেশখনে আৰু দুটা বৃহৎ সৌৰ প্ৰকল্প লাভ কৰিছে। তেলেংগানা আৰু কেৰেলাত স্থাপিত এই প্ৰকল্পসমূহ দেশখনৰ ক্ৰমে প্ৰথম আৰু দ্বিতীয় সৰ্ববৃহৎ ভাসমান সৌৰ প্ৰকল্প। ইয়াত সেউজ শক্তিৰ উৎপাদন হ’ব। ৰাজস্থানত ১০০০ মেগাৱাটৰ একক স্থানৰ সৌৰশক্তি কেন্দ্ৰ নিৰ্মাণৰ কামো আজিৰেপৰা আৰম্ভ হৈছে। মই এই প্ৰকল্পসমূহ শক্তিৰ ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হৈ পৰিব বুলি নিশ্চিত।

 

বন্ধুসকল,

শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ভাৰতে বৃহৎ সৌৰ প্ৰকল্প স্থাপনৰ উপৰিও অধিক সংখ্যক ঘৰত সৌৰ পেনেল স্থাপনতো গুৰুত্ব আৰোপ কৰিছে। আজি এটা ৰাষ্ট্ৰীয় পৰ্টেলো আৰম্ভ কৰা হৈছে যাতে জনসাধাৰণে সহজেই ছাদৰ ওপৰত সৌৰ প্ৰকল্প স্থাপন কৰিব পাৰে। ইয়াৰদ্বাৰা ঘৰতে বিদ্যুৎ উৎপাদন আৰু বিদ্যুৎ উৎপাদনৰে উপাৰ্জন, উভয়তে সহায়ক হ’ব।

বিদ্যুতৰ উৎপাদন বৃদ্ধিৰ উপৰিও চৰকাৰখনে বিদ্যুতৰ ৰাহিৰ ক্ষেত্ৰটো একে গুৰুত্ব আৰোপ কৰিছে। আমি সদায় মনত ৰাখিব লাগে যে বিদ্যুতৰ ৰাহি মানে ভৱিষ্যতক সুৰক্ষিত কৰা। প্ৰধানমন্ত্ৰী কুসুম যোজনাও এটি উত্তম উদাহৰণ। আমি কৃষকসকলক ‘সৌৰ পাম্পৰ সুবিধা’ প্ৰদান কৰিছো, পথাৰৰ সীমাত সৌৰ পেনেল স্থাপনত সহায় কৰিছো। আৰু ইয়াৰ বাবেই অন্নদাতাসকলো শক্তি প্ৰদানকাৰী হৈ উঠিছে। কৃষকৰ ব্যয় কমি আহিছে আৰু কৃষকে উপাৰ্জনৰ এক অতিৰিক্ত উপায়ো লাভ কৰিছে। দেশখনৰ সাধাৰণ জনতাৰ বিদ্যুতৰ বিল হ্ৰাসৰ ক্ষেত্ৰতো উজ্জ্বলা যোজনাই এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ঘৰত থকা এলইডি বাল্বৰ বাবে প্ৰতি বছৰে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বিদ্যুতৰ বিলত ৫০ হাজাৰ কোটি টকাৰো অধিক ৰাহি হৈছে। ৫০ হাজাৰ কোটি টকা ৰাহি কৰাটো এই গৃহস্থীসমূহৰ বাবে এটা বৃহৎ সকাহ।

 

বন্ধুসকল,

এই কাৰ্য্যসূচীত মাননীয় মুখ্যমন্ত্ৰীসকলৰ লগতে বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিসকল উপস্থিত আছে। সেয়েহে মই এটা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু মোৰ এটি অন্যতম চিন্তা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব খুজিছো। আৰু এই চিন্তা ইমানেই গুৰুতৰ যে ভাৰতৰ এজন প্ৰধানমন্ত্ৰীয়ে ১৫ আগষ্টত লালকিল্লাৰ প্ৰাচীৰৰপৰা কৰা সম্বোধনত উক্ত উদ্বেগ প্ৰকাশ কৰিবলগীয়া হৈছিল। সময় আগবঢ়াৰ লগে-লগে এক গুৰুতৰ অৱক্ষয়ে ৰাজনীতিক আগুৰি ধৰিছে। ৰাজনীতিত জনসাধাৰণৰ সন্মুখত সঁচা কথা কোৱাৰ সাহস থাকিব লাগে, কিন্তু আমি দেখিবলৈ পাওঁ যে একাংশ ৰাজ্যত ইয়াৰপৰা হাত সাৰিবলৈ চেষ্টা কৰা হয়। এই কৌশলটোক হ্ৰস্বম্যাদীভাৱে ভাল ৰাজনীতি যেন লাগিব পাৰে। কিন্তু বাস্তৱত আজিৰ সত্য আৰু আজিৰ প্ৰত্যাহ্বানসমূহক পিছুৱাই দিয়া কাৰ্য্যই কাইলৈ বাধাৰ সৃষ্টি কৰি আমাৰ সন্তান আৰু ভৱিষ্যৎ প্ৰজন্মসমূহক ধ্বংস কৰিব পাৰে। আজি সমস্যাটোৰ সমাধান সূত্ৰ নিৰূপণৰ পৰিৱৰ্তে আন কোনোৱে চিন্তা কৰি সমাধান কৰিব বুলি ভাবি এই সমস্যাসমূহৰপৰা আঁতৰি থাকে। তেওঁলোকে ভাবে যে তেওঁলোকৰ পিছৰসকলে সেই কামটো কৰিব। পাঁচ বছৰ বা দহ বছৰ এনেদৰে গুচি যায়। এনে মানসিকতা দেশখনৰ বাবে ভাল নহয়। এই মানসিকতাৰ বাবেই আজি দেশখনৰ বহু ৰাজ্যত শক্তি খণ্ডটোৱে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আৰু এখন ৰাজ্যৰ শক্তি খণ্ডটো দুৰ্বল হোৱা মাত্ৰেকে ই সমগ্ৰ দেশখনৰ শক্তি খণ্ডটোতো প্ৰভাৱ পেলায় আৰু সেই ৰাষ্ট্ৰৰ ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি দিয়ে।

আমাৰ বিতৰণ খণ্ডটোৰ লোকচান দুটা অংকৰ হোৱাৰ কথাও আপোনালোকে জানে। আনহাতে বিশ্বৰ উন্নত দেশসমূহত ই হয় একক অংকত নহয় অতি নগণ্য। অৰ্থাৎ আমাৰ বিদ্যুতৰ অপচয় বহুত হৈছে আৰু সেয়েহে বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ প্ৰয়োজনতকৈ অধিক বিদ্যুৎ উৎপাদন কৰিব লাগিব।

এতিয়া প্ৰশ্ন হয় - বিতৰণ আৰু সংবহনৰ সময়ত হোৱা লোকচান হ্ৰাস কৰিবলৈ ৰাজ্যসমূহত প্ৰয়োজনীয় বিনিয়োগ কিয় কৰা নহয়? ইয়াৰ উত্তৰ হৈছে- প্ৰায়বোৰ শক্তি কোম্পানীতে পুঁজিৰ তীব্ৰ নাটনি হৈছে। চৰকাৰী কোম্পানীসমূহৰ ক্ষেত্ৰতো এনে অৱস্থা। এনে অৱস্থাত বছৰ-বছৰ পুৰণি ট্ৰেন্সমিশ্যন লাইন ব্যৱহাৰ কৰা হৈছে। গতিকে, লোকচান বাঢ়ি যায় আৰু জনসাধাৰণে বহু ব্যয় কৰিহে বিদ্যুৎ লাভ কৰে। পৰিসংখ্যা অনুসৰি, শক্তি কোম্পানীসমূহে পৰ্য্যাপ্ত পৰিমাণৰ বিদ্যুৎ উৎপাদন কৰি আছে যদিও এতিয়াও প্ৰয়োজনীয় ধন লাভ কৰা নাই। আৰু এই কোম্পানীসমূহৰ অধিকাংশই চৰকাৰৰ। এই কঠোৰ সত্যটোৰ সৈতে আপোনালোক সকলো পৰিচিত। বিতৰণ কোম্পানীসমূহে সময়মতে তেওঁলোকৰ ধন লাভ কৰাৰ ঘটনা অতিশয় বিৰল। ৰাজ্য চৰকাৰসমূহৰ ফালৰপৰা বৃহৎ পৰিমাণৰ বকেয়া আছে। দেশখনে জানি আচৰিত হ’ব যে এক লাখ কোটি টকাৰো অধিক বিল এতিয়াও বিভিন্ন ৰাজ্যৰ বাকী আছে। বিদ্যুৎ উৎপাদন কোম্পানীসমূহক এই ধন প্ৰদান কৰিব লাগিব। এইসমূহৰপৰা বিদ্যুৎ গ্ৰহণৰ প্ৰয়োজনীয়তা আছে, কিন্তু টকা দিয়া নাই। চৰকাৰী বিভাগ আৰু স্থানীয় সংস্থাসমূহে বহু বিদ্যুৎ বিতৰণ কোম্পানীক ৬০ হাজাৰ কোটি টকাৰো অধিক ঋণ পৰিশোধ কৰিবলৈ আছে। আৰু এই প্ৰত্যাহ্বানটো ইয়াতেই শেষ হোৱা নাই। আনকি প্ৰতিশ্ৰুতি দিয়া ৰাজসাহায্যৰ ধন সম্পূৰ্ণ আৰু সময়মতে লাভ কৰিবলৈ সক্ষম হোৱা নাই এই কোম্পানীসমূহে। ইয়াৰ বাবদ ধনৰ পৰিমাণ ৭৫ হাজাৰ কোটি টকাৰো অধিক। অৰ্থাৎ বিদ্যুৎ উৎপাদন আৰু ঘৰে-ঘৰে প্ৰদান কৰা সকলৰ প্ৰায় ২.৫ লাখ কোটি টকা এতিয়াও লাভ কৰা নাই। এনে অৱস্থাত আন্তঃগাঁথনিৰ ক্ষেত্ৰত আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ বাবে বিনিয়োগ কৰা হ’বনে? আমি দেশ আৰু দেশখনৰ ভৱিষ্যৎ প্ৰজন্মক অন্ধকাৰত জীয়াই থাকিবলৈ বাধ্য কৰিম নেকি?

 

বন্ধুসকল,

এই ধন কিছুমান চৰকাৰী কোম্পানী আৰু কিছুমান ব্যক্তিগত কোম্পানীৰ। যদি তেওঁলোকে নাপায়, তেন্তে কোম্পানীসমূহৰ কেনেকৈ বিকাশ হ’ব? সেইবাবেই আমি এই পৰিস্থিতি হৃদয়ংগম কৰিব লাগিব। যদি আমি এটা শক্তি কেন্দ্ৰ স্থাপন কৰো, তেন্তে পাঁচ-ছয় বছৰৰ পিছত বিদ্যুৎ উৎপাদন হ’ব। এটা প্ৰকল্প স্থাপন কৰিবলৈ ৫-৬ বছৰ সময় লাগে। সেইবাবেই দেশখনৰ উজ্জ্বল ভৱিষ্যতৰ বাবে সকলো দেশবাসীকে কৰযোৰে অনুৰোধ কৰিছো, আপোনাসৱে এই সন্দৰ্ভত সজাগতা সৃষ্টিত আগভাগ লওঁক। আমাৰ দেশখন অন্ধকাৰত ডুব যোৱা উচিত নহয়। আৰু সেইবাবেই মই কওঁ যে ই ৰাজনীতিৰ প্ৰশ্ন নহয় বৰঞ্চ ৰাষ্ট্ৰীয় নীতি আৰু ৰাষ্ট্ৰ গঠনৰে সম্পৰ্কীয় প্ৰশ্নহে। বিদ্যুতৰ সৈতে জড়িত সমগ্ৰ ব্যৱস্থাটোৰ সুৰক্ষা সম্পৰ্কীয় প্ৰশ্ন। যিসমূহ ৰাজ্যৰ বকেয়া আছে, সেইসমূহ ৰাজ্যক অতি সোনকালেই এই বকেয়া পৰিশোধ কৰিবলৈ অনুৰোধ জনাইছো। লগতে এটা কথা সততাৰে বিবেচনা কৰিব লাগিব যে দেশবাসীয়ে আন্তৰিকতাৰে বিদ্যুতৰ বিল পৰিশোধ কৰি থকাৰ সময়তো একাংশ ৰাজ্যত বাৰে-বাৰে বকেয়া কিয় থাকে? দেশৰ সকলো ৰাজ্যই এই প্ৰত্যাহ্বানৰ সঠিক সমাধান সূত্ৰ নিৰ্ণয় কৰাটোৱেই হ’ল সময়ৰ প্ৰয়োজনীয়তা।

 

বন্ধুসকল,

দেশখনৰ দ্ৰুত উন্নয়নৰ বাবে বিদ্যুৎ আৰু শক্তি খণ্ডৰ আন্তঃগাঁথনি সদায় শক্তিশালী আৰু আধুনিক হৈ থকাটোৰ নিশ্চিতকৰণ অতিশয় প্ৰয়োজনীয়। আমি এইদৰেও ভাবিব পাৰো যে যোৱা আঠটা বছৰত সকলোৰে প্ৰচেষ্টাৰে যদি এই খণ্ডটোৰ অগ্ৰগতি সাধন নকৰাহেঁতেন, আজি বিভিন্ন সমস্যাৰ সৃষ্টি হ’লহেঁতেন। সঘনাই ব্লেকআউট হ’লহেঁতেন; চহৰেই হওঁক বা গাঁৱেই হওঁক, কেইঘন্টামানৰ বাবেহে বিদ্যুৎ উপলব্ধ হ’লহেঁতেন; কৃষকসকলে নিজৰ পথাৰত জলসিঞ্চনৰ বাবে হাহাকাৰ কৰিবলগীয়া হ’লহেঁতেন আৰু কাৰখানাসমূহ স্তব্ধ হৈ পৰিলহেঁতেন। আজি দেশখনৰ নাগৰিকে সুবিধা বিচাৰিছে। শক্তিৰ পৰিস্থিতি আগৰ দৰেই থকা হ’লে একো সলনি নহ’লহেঁতেন। গতিকে শক্তি খণ্ডটোক শক্তিশালী কৰাটো সকলোৰে সংকল্প আৰু দায়িত্ব হ’ব লাগে। আৰু সকলোৱে এই কৰ্তব্য পালন কৰা উচিত। আমি মনত ৰাখিব লাগিব যে আমি আমাৰ এনে বাধ্যবাধকতাসমূহ পালন কৰিলেহে আমাৰ ‘অমৃতকাল’ ৰ সংকল্পসমূহ পূৰণ হ’ব।

গৃহস্থী এঘৰত ঘিউ, তেল, আটা, খাদ্যশস্য, মছলা, শাক-পাচলি আদি থাকিলেও যদি গেছ বা ৰন্ধা-বঢ়া কৰিবলৈ কোনো ব্যৱস্থা নাথাকে, তেন্তে গোটেই ঘৰখনেই ভোকত থাকিব লাগিব। নহয়নে বাৰু? শক্তি অবিহনে গাড়ী চলিবনে? ৰন্ধা-বঢ়াৰ ব্যৱস্থা নকৰিলে মানুহ যেনেকৈ ভোকত থাকিব, ঠিক তেনেদৰে দেশখনত বিদ্যুৎ নাথাকিলেও সকলো স্তব্ধ হৈ পৰিব।

আৰু সেইবাবেই আজি অতিশয় গুৰুত্বসহকাৰে দেশবাসী তথা সকলো ৰাজ্য চৰকাৰকে অনুৰোধ জনাব খুজিছো, ৰাজনীতিৰ পথৰপৰা আঁতৰি আহি ৰাষ্ট্ৰীয় নীতিৰ পথত অগ্ৰসৰ হওঁ আহক। আমি সকলোৱে মিলি আজিৰেপৰা কাম কৰিম যাতে ভৱিষ্যতে দেশখন কেতিয়াও অন্ধকাৰত ডুব যাব নালাগে কাৰণ এই কাম সম্পন্ন কৰিবলৈ বছৰ-বছৰ সময় লাগে।

 

বন্ধুসকল,

এনে এক ভব্য কাৰ্য্যসূচী আৰু দেশৰ প্ৰতিটো প্ৰান্তত বিদ্যুৎ সন্দৰ্ভত ইমান ব্যাপক সজাগতা সৃষ্টিৰ বাবে শক্তি খণ্ডটোৰ সকলোকে অভিনন্দন জনাইছো। আকৌ এবাৰ সমূহ ৰাইজক এই নতুন প্ৰকল্পসমূহৰ বাবে অভিনন্দন জ্ঞাপন কৰিলো। শক্তি খণ্ডটোৰ সকলো অংশীদাৰলৈ মই শুভেচ্ছা জ্ঞাপন কৰিলো। আগন্তুক উজ্জ্বল ভৱিষ্যতৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো।

 

অশেষ ধন্যবাদ!

***

DS/IG/AK/SB


(Release ID: 1848294) Visitor Counter : 160