গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে কাইলৈ চণ্ডীগড়ত 'মাদক দ্ৰব্যৰ চোৰাংবেহা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা'ৰ ওপৰত ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দিব

Posted On: 29 JUL 2022 7:32PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে কাইলৈ চণ্ডীগড়ত 'মাদক দ্ৰব্যৰ চোৰাংবেহা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা'ৰ ওপৰত ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দিব। কাৰ্যক্ৰমত হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী, চণ্ডীগড়ৰ প্ৰশাসক, বিএছএফ, এনআইএ আৰু এনচিবিৰ বিষয়াৰ লগতে ৰাজ্যৰ এএনটিএফ মুৰব্বী তথা এনচিঅ'আৰডি সদস্যও উপস্থিত থাকিব।

এনেধৰণৰ এয়া প্ৰথম ৰাষ্ট্ৰীয় সন্মিলন য'ত দেশৰ গৃহ মন্ত্ৰী, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ড্ৰাগছ এনফৰ্চমেণ্ট এজেঞ্চি একেখন মঞ্চত থাকিব। এই সন্মিলনে ড্ৰাগছৰ অভিশাপৰ পৰা দেশক মুক্ত কৰিবলৈ মোদী চৰকাৰৰ সংকল্প দৰ্শাইছে। কাৰ্যক্ৰমৰ সময়ত গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সন্মুখত এনচিবিৰ টীমে দিল্লী, চেন্নাই, গুৱাহাটী আৰু কলকাতাত ৩০০০০ কিলোতকৈ অধিক ড্ৰাগছ নষ্ট কৰিব। বিনষ্ট কৰিবলগীয়া ড্ৰাগছৰ বিৱৰণ তলত দিয়াৰ দৰেঃ

 

ক্ৰম

স্থান

নষ্ট কৰিবলগা ড্ৰাগছৰ পৰিমাণ (কিলোগ্ৰামত)

দিল্লী

১৯৩২০

চেন্নাই (তামিলনাডু)

১৩০৯.৪০১

গুৱাহাটী (অসম)

৬৭৬১.৬৩

কলকাতা (পশ্চিমবংগ)

৩০৭৭.৭৫৩

 

মুঠ পৰিমাণ

৩০৪৬৮.৭৮৪ কিলোগ্ৰাম

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ আজাদী কে অমৃত মহোৎসৱৰ আহ্বানত গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নেতৃত্বত এনচিবিয়ে স্বাধীনতাৰ ৭৫তম বছৰত ৭৫০০০ কিলোগ্ৰাম ড্ৰাগছ নষ্ট কৰাৰ সংকল্প লৈছিল। ১ জুন ২০২২ৰ পৰা এনচিবিৰ দ্বাৰা আৰম্ভ কৰা এই অভিযানত ২৯ জুলাইলৈকে ১১খন বেলেগ বেলেগ ৰাজ্যত মুঠ ৫১২১৭.৮৪০২ কিলোগ্ৰাম ড্ৰাগছ বিনষ্ট কৰা হৈছে আৰু কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সন্মুখত ৩০৪৬৮.৭৮৪ কিলোগ্ৰাম ড্ৰাগছ নষ্ট কৰাৰ পাছত ইয়াৰ মুঠ পৰিমাণ ৮১৬৮৬.৬২৪২ কিলোগ্ৰাম হ'বগৈ।

 ***

 

NW/RK/AY/RR



(Release ID: 1846477) Visitor Counter : 138