প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ২৮-২৯ জুলাইত গুজৰাট আৰু তামিলনাডু ভ্ৰমণ কৰিব


প্ৰধানমন্ত্ৰীয়ে সবৰকণ্ঠৰ সবৰ দুগ্ধপামত ১,০০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতি উজ্জীৱিত কৰা আৰু স্থানীয় কৃষক আৰু দুগ্ধ উৎপাদকৰ উপাৰ্জন বৃদ্ধিত সহায় কৰাৰ বাবে এই প্ৰকল্পসমূহ হাতত লোৱা হৈছে

প্ৰধানমন্ত্ৰীয়ে ৪৪ তম দবা অলিম্পিয়াডৰ শুভাৰম্ভ কৰিব

ভাৰতত প্ৰথমবাৰৰ বাবে দবা অলিম্পিয়াডৰ আয়োজন কৰা হৈছে; ভাৰতে প্ৰতিযোগিতাখনত এতিয়ালৈকে সৰ্ববৃহৎ দল প্ৰেৰণ কৰিছে

প্ৰধানমন্ত্ৰীয়ে আন্না বিশ্ববিদ্যালয়ৰ ৪২ তম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰীয়ে গান্ধী নগৰৰ গিফ্ট চিটিত আইএফএছচিএৰ মুখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব

প্ৰধানমন্ত্ৰীয়ে গিফ্ট চিটিত ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় বুলিয়ন এক্সচেঞ্জ -আইআইবিএক্স মুকলি কৰিব

Posted On: 26 JUL 2022 12:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮-২৯ জুলাই, ২০২২ তাৰিখে গুজৰাট আৰু তামিলনাডু ভ্ৰমণ কৰিব। ২৮ জুলাইৰ দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে সবৰকণ্ঠৰ গাধোড়া চকীত সবৰ দুগ্ধপামৰ একাধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে চেন্নাই ভ্ৰমণ কৰিব আৰু সন্ধিয়া প্ৰায় ৬ বজাত চেন্নাইৰ জেএলএন ইণ্ডোৰ ষ্টেডিয়ামত ৪৪ সংখ্যক দবা অলিম্পিয়াডৰ শুভাৰম্ভণি ঘোষণা কৰিব।

২৯ জুলাইৰ ৰাতিপুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে আন্না বিশ্ববিদ্যালয়ৰ ৪২ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তাৰ পিছত তেওঁ গান্ধীনগৰ ভ্ৰমণ কৰি গিফ্ট চিটি ভ্ৰমণ কৰিব, য'ত তেওঁ আবেলি প্ৰায় ৪ বজাত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ কৰিব আৰু আধাৰশিলা স্থাপন কৰিব।
 

গুজৰাটত প্ৰধানমন্ত্ৰী

চৰকাৰৰ অন্যতম প্ৰধান লক্ষ্য হৈছে গ্ৰাম্য অৰ্থনীতিক উজ্জীৱিত কৰা আৰু কৃষি আৰু আনুষংগিক কাৰ্যকলাপক অধিক উৎপাদনশীল কৰা। এই দিশত আন এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে সবৰ দুগ্ধপাম ভ্ৰমণ কৰিব আৰু ২৮ জুলাইত ১,০০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পবোৰে স্থানীয় কৃষক আৰু দুগ্ধ উৎপাদকসকলক শক্তিশালী কৰিব আৰু তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব। ই অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতিকো উজ্জীৱিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে সবৰ দুগ্ধপামত এটা পাউডাৰ কাৰখানা উদ্বোধন কৰিব। ইয়াৰ প্ৰতিদিনে প্ৰায় ১২০ মেট্ৰিক টন উৎপাদন ক্ষমতা আছে। সমগ্ৰ প্ৰকল্পটোৰ মুঠ ব্যয় হৈছে ৩০০ কোটি টকাতকৈও অধিক। এই কাৰখানা আন্তৰ্জাতিক খাদ্য সুৰক্ষাৰ মান্যতা অনুসৰি নিৰ্মাণ কৰা হৈছে। ই শক্তি বান্ধৱ আৰু প্ৰায় শূন্য কাৰ্বন নিৰ্গমনৰ কৰে। প্ৰকল্পটো শেহতীয়া আৰু সম্পূৰ্ণ স্বয়ংক্ৰিয় বাল্ক পেকিং লাইনেৰে সজ্জিত।

প্ৰধানমন্ত্ৰীয়ে সবৰ দুগ্ধপামত এচেপ্টিক মিল্ক পেকেজিং প্ৰকল্পও উদ্বোধন কৰিব। এইটো এটা অত্যাধুনিক প্ৰকল্প যাৰ দৈনিক ক্ষমতা ৩ লাখ লিটাৰ। প্ৰায় ১২৫ কোটি টকাৰ মুঠ বিনিয়োগেৰে প্ৰকল্পটো সম্পাদন কৰা হৈছে। প্ৰকল্পটোত উচ্চ শক্তি দক্ষ আৰু পৰিৱেশ অনুকূল প্ৰযুক্তিৰ সৈতে শেহতীয়া স্বয়ংক্ৰিয়কৰণ প্ৰণালী আছে। প্ৰকল্পটোৱে দুগ্ধ উৎপাদকসকলক উন্নত পাৰিশ্ৰমিক নিশ্চিত কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে সবৰ চীজ আৰু হুই ড্ৰাইং প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰকল্পটোৰ আনুমানিক ব্যয় হৈছে প্ৰায় ৬০০ কোটি টকা। প্ৰকল্পটোৱে চেডাৰ চীজ (২০ এমটিপিডি), মোজাৰেলা চীজ (১০এমটিপিডি) আৰু প্ৰচেছড চীজ (১৬ এমটিপিডি) প্ৰস্তুত কৰিব। চীজ প্ৰস্তুতৰ সময়ত উৎপন্ন হোৱা হুই ওৱে ড্ৰায়িং প্লাণ্টত শুকুৱাব লাগিব, যাৰ ক্ষমতা ৪০ এমটিপিডি।

সবৰ দুগ্ধপাম হৈছে গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচন (জিচিএমএমএফ)ৰ এক অংশ, যি আমুল ব্ৰেণ্ডৰ অধীনত গাখীৰ আৰু গাখীৰ সামগ্ৰীৰ প্ৰস্তুত আৰু বিপণন কৰে।

২৯ জুলাইত প্ৰধানমন্ত্ৰীয়ে গান্ধী নগৰৰ গিফ্ট চিটি ভ্ৰমণ কৰিব। গিফ্ট চহৰ (গুজৰাট ইণ্টাৰনেচনেল ফাইনেন্স টেক-চিটি)ক কেৱল ভাৰতৰ বাবেই নহয়, বিশ্বৰ বাবে বিত্তীয় আৰু প্ৰযুক্তি সেৱাৰ বাবে এক একত্ৰিত কেন্দ্ৰ হিচাপে পৰিকল্পনা কৰা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰসমূহত (আইএফএছচি) বিত্তীয় সামগ্ৰী, বিত্তীয় সেৱা আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিকাশ আৰু নিয়ন্ত্ৰণৰ বাবে একত্ৰিত নিয়ন্ত্ৰক আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণৰ (আইএফএছচি) মুখ্য কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰিব। ভৱনটো এক প্ৰতিষ্ঠিত গাঁথনি হিচাপে ধাৰণা কৰা হৈছে, যি এক আগশাৰীৰ আন্তৰ্জাতিক বিত্তীয় কেন্দ্ৰ হিচাপে গিফ্ট-আইএফএছচিৰ বৰ্ধিত প্ৰাধান্য আৰু মৰ্যাদাৰ প্ৰতিফলন।

প্ৰধানমন্ত্ৰীয়ে গিফ্ট-আইএফএছচিত ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় বুলিয়ন এক্সচেঞ্জ ইণ্ডিয়া ইণ্টাৰনেচনেল বুলিয়ন এক্সচেঞ্জ (আইআইবিএক্স) মুকলি কৰিব। আইআইবিএক্স-এ ভাৰতত সোণৰ বজাৰত অৰ্থৰ যোগান ধৰাৰ লগতে মানদণ্ডৰ নিশ্চয়তা দিব আৰু আন্তঃৰাষ্ট্ৰীয় বুলিয়ন বজাৰত ভাৰতক সঠিক স্থান লাভ কৰাত সহায় কৰিব। আইআইবিএক্স-এ ভাৰতক মুখ্য উপভোক্তা হিচাপে বিশ্বব্যাপী বুলিয়নৰ মূল্য প্ৰভাৱিত কৰিবলৈ সক্ষম কৰাৰ বাবে ভাৰত চৰকাৰৰ দায়বদ্ধতাৰ ওপৰত পুনৰ জোৰ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে এনএছই আইএফএছচি-এছজিএক্স সংযোগৰো শুভাৰম্ভ কৰিব। ই হৈছে গিফ্ট ইণ্টাৰনেচনেল ফাইনেন্সিয়েল চাৰ্ভিচেছ চেণ্টাৰ (আইএফএছচি) আৰু ছিংগাপুৰ এক্সচেঞ্জ লিমিটেড (এছজিএক্স)ত এনএছইৰ সহায়ক কোম্পানীৰ মাজত এক ফ্ৰেমৱৰ্ক। কানেক্টৰ অধীনত, ছিংগাপুৰ এক্সচেঞ্জৰ সদস্যসকলে দিয়া নিফ্টী ডেৰিভেটিভৰ সকলো অৰ্ডাৰ এনএছই-আইএফএছচি অৰ্ডাৰ মেচিং আৰু ট্ৰেডিং প্লেটফৰ্মত প্ৰেৰণ কৰা হ'ব আৰু মেচিং কৰা হ'ব। ভাৰতৰ পৰা আৰু সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় অধিকাৰ ক্ষেত্ৰৰ ব্ৰোকাৰ-ডীলাৰসকলে কানেক্টৰ জৰিয়তে ব্যৱসায় ডেৰিভেটিভৰ বাবে বৃহৎ সংখ্যাত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ই গিফ্ট-আইএফএছচিত ডেৰিভেটিভ বজাৰত তৰলতা গভীৰ কৰিব, অধিক আন্তৰ্জাতিক অংশগ্ৰহণকাৰী আনিব আৰু গিফ্ট-আইএফএছচিত বিত্তীয় পৰিস্থিতিতন্ত্ৰৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব।

 

তামিলনাডুত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে চেন্নাইৰ জেএলএন ইণ্ডোৰ ষ্টেডিয়ামত ২৮ জুলাইত এক বিশাল অনুষ্ঠানত ৪৪ তম দবা অলিম্পিয়াডৰ শুভাৰম্ভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে ২০২২ চনৰ ১৯ জুনত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে দবা অলিম্পিয়াড টৰ্চ ৰিলে উদ্বোধন কৰিছিল। এই শিখাই ৪০ দিন ধৰি দেশৰ ৭৫খন আইকনিক স্থান ভ্ৰমণ কৰিছিল, প্ৰায় ২০,০০০ কিলোমিটাৰ অতিক্ৰম কৰিছিল আৰু চুইজাৰলেণ্ডৰ এফআইডিইৰ মুখ্য কাৰ্যালয়লৈ যোৱাৰ আগতে মহাবলিপুৰমত সমাপ্ত হৈছিল।

২০২২ চনৰ ২৮ জুলাইৰ পৰা ৯ আগষ্টলৈ চেন্নাইত ৪৪ তম দবা অলিম্পিয়াড অনুষ্ঠিত হব। ১৯২৭ চনৰ পৰা আয়োজিত এই সন্মানীয় প্ৰতিযোগিতাখন ভাৰতত প্ৰথমবাৰৰ বাবে আৰু এছিয়াত ৩০ বছৰৰ পিছত আয়োজন কৰা হৈছে। ১৮৭ খন দেশে অংশগ্ৰহণ কৰাৰ সৈতে, যিকোনো দবা অলিম্পিয়াডত ই সৰ্ববৃহৎ অংশগ্ৰহণ হ'ব। ভাৰতেও প্ৰতিযোগিতাখনত ইয়াৰ আটাইতকৈ ডাঙৰ দলটো প্ৰেৰণ কৰছে য'ত ৬ টা দলৰ ৩০ জন খেলুৱৈ আছে।

প্ৰধানমন্ত্ৰীয়ে ২৯ জুলাইত চেন্নাইৰ সন্মানীয় আন্না বিশ্ববিদ্যালয়ৰ ৪২ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কাৰ্যসূচীৰ সময়ত, তেওঁ ৬৯ জন স্বৰ্ণ পদক বিজয়ীক সোণৰ পদক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধন কৰিব।

১৯৭৮ চনৰ ৪ ছেপ্টেম্বৰত আন্না বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। ইয়াক তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চি এন আন্নাদুৰাইৰ নামেৰে নামাকৰণ কৰা হৈছে। ইয়াত ১৩খন মান্যতাপ্ৰাপ্ত মহাবিদ্যালয়, সমগ্ৰ তামিলনাডুত ৪৯৪ খন অনুমোদিত মহাবিদ্যালয় আৰু ৩টা আঞ্চলিক চৌহদ আছে। সেইসমূহ আছে-তিৰুনেলভেলি, মাদুৰাই আৰু কইম্বাটুৰ।

 

 ***

DS/SH/KG



(Release ID: 1846109) Visitor Counter : 138