প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জি-৭ শীৰ্ষ সন্মিলনৰ সময়ত আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

प्रविष्टि तिथि: 26 JUN 2022 11:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৬ জুনত জি-৭ শীৰ্ষ সন্মিলনৰ মাজতে মিউনিখতআৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি শ্ৰীমান আলবাৰ্টো ফাৰ্নাণ্ডেজৰে বৈঠকত মিলিত হয়।দুই নেতাৰ মাজত এইখনেই আছিল প্ৰথমখন দ্বিপাক্ষিক বৈঠক। তেওঁলোকে ২০১৯ চনত স্থাপিত দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্ব ৰূপায়ণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁলোকৰ মাজত বাণিজ্য আৰু বিনিয়োগকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়; বিশেষকৈ ঔষধ খণ্ডত সহযোগিতা; জলবায়ু পৰিৱৰ্তনক লৈ সজাগতা, নবীকৰণযোগ্য শক্তি, পাৰমাণৱিক চিকিৎসা, বৈদ্যুতিক গতিশীলতা, প্ৰতিৰক্ষা সহযোগিতা, কৃষি আৰু খাদ্য সুৰক্ষা, পৰম্পৰাগত চিকিৎসা, সাংস্কৃতিক সহযোগিতা, লগতে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহত সমন্বয়। এই খণ্ডসমূহত দুয়োপক্ষই নিজৰ দ্বিপাক্ষিক সংযোগ বৃদ্ধি কৰিবলৈ সন্মত হয়।

***

DS/AK/MS


(रिलीज़ आईडी: 1837507) आगंतुक पटल : 159
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Marathi , English , Urdu , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam