নৌ-পৰিবহন মন্ত্ৰালয়

শ্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ বান আক্ৰান্ত লোকৰ সাহায্যৰ মূল্যাংকন কৰিবলৈ নগাঁওস্থিত বান সাহায্য শিবিৰ ভ্ৰমণ কৰে

Posted On: 22 JUN 2022 6:00PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ তথা আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি অঞ্চলৰ বান আক্ৰান্ত লোকৰ বাবে অসমৰ নগাঁওস্থিত ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপিত সাহায্য শিবিৰ ভ্ৰমণ কৰে। ইয়াৰ উদ্দেশ্য আছিল বান পীড়িতসকলক প্ৰদান কৰা সাহায্যৰ মূল্যাংকন কৰা। ইয়াৰ উপৰিও শ্ৰী সোণোৱালে আক্ৰান্ত লোকসকলৰ সৈতে কথাও পাতে। শ্ৰী সোণোৱালে এই ধ্বংসকাৰী বানত নিজৰ প্ৰাণ হেৰুওৱা সকলো লোকৰ পৰিয়াল আৰু নিকটাত্মীয়ৰ প্ৰতি নিজৰ আন্তৰিক সমবেদনা প্ৰকাশ কৰে।

কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে এই ধ্বংসকাৰী বানৰ ফলত হোৱা ক্ষতি আৰু ধ্বংসৰ মূল্যাংকন কৰিবলৈ এটা কেন্দ্ৰীয় দলে শীঘ্ৰেই ভ্ৰমণ কৰিব। এই দলে নিজৰ ভ্ৰমণৰ পাছত জনসাধাৰণৰ বাবে সম্ভৱপৰ সকলো সাহায্য প্ৰদান কৰাক লৈ এটা প্ৰতিবেদন প্ৰস্তুত কৰিব আৰু ইয়াক চৰকাৰক অৰ্পণ কৰিব।

বান সাহায্য শিবিৰ ভ্ৰমণ কৰাৰ পাছত শ্ৰী সোণোৱালে কয় যে অসমত বান পৰিস্থিতি গুৰুতৰ আৰু চৰকাৰে এই বানত আক্ৰান্ত সকলো লোকক সাহায্য প্ৰদান কৰাৰ দিশত কাম কৰি আছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে তৃণমূল স্তৰৰ স্থিতিৰ বিষয়ে অৱগত হৈছে। শ্ৰী সোণোৱালে লগতে কয় যে তেওঁলোকে এই দুৰ্ভাগ্যজনক প্ৰাকৃতিক দুৰ্যোগৰ প্ৰকোপক লৈ নিজৰ চিন্তা ব্যক্ত কৰিছে আৰু কেন্দ্ৰৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে।

একেদৰে, বিষয়াসকলৰ সৈতে কথা-বতৰাৰ সময়ত শ্ৰী সৰ্বানন্দ সোণোৱালে বানাক্ৰান্ত লোকসকলক সম্ভৱপৰ সকলো সহায় কৰা বাবে কৰ্মচাৰীসকলক ধন্যবাদ দিয়ে আৰু তেওঁলোকক জনসাধাৰণৰ কল্যাণৰ বাবে ইয়াক অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

শ্ৰী সোণোৱালে লগতে কয় যে মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ টীমে বানৰ পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে আৰু এই সন্দৰ্ভত তেওঁ নিয়মীয়াকৈ মুখ্যমন্ত্ৰীৰ সৈতে কথাপাতি আছে।

কেন্দ্ৰীয় মন্ত্ৰীজনে গুৱাহাটী আৰু ৰহাৰ মাজত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে বান পৰিস্থিতিৰো সমীক্ষা কৰে। একেদৰে, শ্ৰী সোণোৱালক এই অঞ্চলত প্ৰদান কৰা উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে অৱগত কৰোৱা হয়।

 

***

MJPS



(Release ID: 1836494) Visitor Counter : 105


Read this release in: English , Urdu , Hindi , Manipuri