প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মোৰবীত দেৱাল খহি প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক


ভুক্তভোগীলৈ পিএমএনআৰএফৰ ক্ষতিপূৰণ ঘোষণা

Posted On: 18 MAY 2022 2:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মোৰবীত দেৱাল খহি প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। গুজৰাটৰ মোৰবীত দেৱাল খহি পৰাৰ ঘটনাৰ ভুক্তভোগীসকললৈ শ্ৰী মোদীয়ে প্ৰধান মন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (PMNRF) ৰপৰা ক্ষতিপূৰণ ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইবুলি টুইট কৰে;

"মোৰবীত দেৱাল খহি পৰা ঘটনাটো হৃদয় বিদাৰক। দুখৰ এই সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো। আহতসকল যেন সোনকালেই সুস্থ হৈ উঠে, তাৰে কামনা কৰিলো। স্থানীয় কৰ্তৃপক্ষসমূহে প্ৰভাৱিতসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে।"

"মোৰবীৰ শোকাৱহ ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হোৱাসকলৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ আগবঢ়োৱা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী।"

 

***

DS/SH/SB



(Release ID: 1826782) Visitor Counter : 106