গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুৱাহাটীত অনুকৰণীয় সেৱা আগবঢ়োৱাৰ বাবে অসম আৰক্ষীক ‘ৰাষ্ট্ৰপতিৰ কালাৰ’ প্ৰদান কৰে


এই এতিহাসিক উপলক্ষত অসম আৰক্ষীৰ লগতে গৃহমন্ত্ৰী হিচাবে ময়ো এই কথাক লৈ গৰ্ব অনুভৱ কৰিছো যে আজিৰ পৰা অসম এই সন্মান লাভ কৰা দেশৰ দশমটো আৰক্ষী বাহিনীৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল

ৰাষ্ট্ৰপতিৰ প্ৰতীক আদায় কৰিব পৰাটো যিকোনো আৰক্ষী সংগঠনৰ বাবেই অসাধাৰণ কৃতিত্ব আৰু আজিৰ পৰা অসম আৰক্ষীয়েও এই গৌৰৱপূৰ্ণ ‘ক্লাব’ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিলে আৰু এয়া সমগ্ৰ অসমৰ বাবেই সঁচাকৈয়ে গৌৰৱৰ কথা

ইমান কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা দেশত সম্ভৱতঃ খুব কমেইহে এনে বাহিনী আছে, দেশৰ আটাইতকৈ পুৰণি উগ্ৰবাদী-বিৰোধী বাহিনী ‘অসম ৰাইফলছ’ক জন্ম দিয়াৰ গৌৰৱো অসম আৰক্ষীৰেই প্ৰাপ্য

অসমৰ মহান ভূমিখণ্ডৰ পৰা উগ্ৰবাদৰ বেয়া দিনবোৰ এতিয়া শেষ হ’বলৈ ধৰিছে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত আমি উগ্ৰবাদী সংগঠনসমূহৰ সৈতে এখনৰ পিচত এখনকৈ শান্তি চুক্তি সম্পাদন কৰি আছো আৰু অসমত এটাও উগ্ৰবাদী সংগঠন নথকা দিন এটা আহিবলৈ এতিয়া আৰু বেছি দিন নাই

বিপথে যোৱা যুৱক-যুৱতীসকলে অস্ত্ৰ ত্যাগ কৰি মূলসূঁতিলৈ উভতি আহিছে আৰু চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা বিবাদ সন্দৰ্ভত আলোচনা কৰি ৭ দশক পুৰণি সমস্যা সমাধানৰ প্ৰয়াস অব্যাহত আছে

এতিয়া ‘আফস্প

Posted On: 10 MAY 2022 6:40PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুৱাহাটীত অনুকৰণীয় সেৱাৰে বিৰল কৃতিত্ব অৰ্জন কৰা অসম আৰক্ষীক ‘ৰাষ্ট্ৰপতিৰ কালাৰ’ প্ৰদান কৰে। এই উপলক্ষত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত্ বিশ্ব শৰ্মা আৰু অসম আৰক্ষীৰ মহানিৰ্দেশকসহ বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001BWQC.jpg

ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে এই এতিহাসিক উপলক্ষত অসম আৰক্ষীৰ লগতে গৃহমন্ত্ৰী হিচাবে ময়ো এই কথাক লৈ গৰ্ব অনুভৱ কৰিছো যে আজিৰ পৰা অসম এই সন্মান লাভ কৰা দেশৰ দশম আৰক্ষী বাহিনীৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল। ৰাষ্ট্ৰপতিৰ প্ৰতীক আদায় কৰিব পৰাটো যিকোনো আৰক্ষী সংগঠনৰ বাবেই অসাধাৰণ কৃতিত্ব আৰু আজিৰ পৰা অসম আৰক্ষীয়েও এই গৌৰৱপূৰ্ণ ক্লাবত নিজৰ নাম অন্তৰ্ভুক্ত কৰিলে আৰু এয়া সমগ্ৰ অসমৰ বাবেই সঁচাকৈয়ে গৌৰৱৰ কথা। ইমান কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা দেশত সম্ভৱতঃ খুব কমেইহে এনে বাহিনী আছে। তেওঁ অসম আৰক্ষীৰ প্ৰায় ২০০ বছৰীয়া সমৃদ্ধ আৰু গৌৰৱশালী ইতিহাসক স্মৰণ কৰি কয় যে ১৮২৬ চনত ইংৰাজে ইয়াত এখন জিলাৰ মুখ্য কাৰ্যালয়ত কিছু সংখ্যক আৰক্ষী কৰ্মী নিযুক্তি দি এই আৰক্ষী বাহিনীৰ শুভাৰম্ভ কৰিছিল।  দেশৰ আটাইতকৈ পুৰণি উগ্ৰবাদী-বিৰোধী বাহিনী ‘অসম ৰাইফলছ’ক জন্ম দিয়াৰ গৌৰৱো অসম আৰক্ষীৰেই প্ৰাপ্য। স্বাধীনতাৰ সময়ত অসম আৰক্ষীৰ সংখ্যা ৮০০০ আছিল আৰু আজিৰ তাৰিখত সেই সংখ্যা ৭০০০০ৰো অধিক হৈছেগৈ।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0026S4B.jpg

শ্ৰী অমিত শ্বাহে কয় যে অসমত উগ্ৰবাদৰ বেয়া দিনবোৰৰ অন্ত পৰিবলৈ ধৰিছে। অসমৰ মহান ভূমিখণ্ডৰ পৰা উগ্ৰবাদৰ বেয়া দিনবোৰ এতিয়া শেষ হ’বলৈ ধৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত আমি উগ্ৰবাদী সংগঠনসমূহৰ সৈতে এখনৰ পিচত এখনকৈ শান্তি চুক্তি সম্পাদন কৰি আছো আৰু অসমত এটাও উগ্ৰবাদী সংগঠন নথকা দিন এটা আহিবলৈ এতিয়া আৰু বেছি দিন নাই । বিপথে যোৱা যুৱক-যুৱতীসকলে অস্ত্ৰ ত্যাগ কৰি মূলসূঁতিলৈ উভতি আহিছে আৰু চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা বিবাদ সন্দৰ্ভত আলোচনা কৰি ৭ দশক পুৰণি সমস্যা সমাধানৰ প্ৰয়াস অব্যাহত আছে । এতিয়া ‘আফস্পা’(AFSPA)-কো আঁতৰোৱা হৈছে, আগতে ইয়াত সশস্ত্ৰ সেনাক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছিল, আজি অসমৰ যুৱকক বিকাশ আৰু উজ্জ্বল ভৱিষ্যতৰ বিশেষ ক্ষমতা প্ৰদানৰ কাম অসম চৰকাৰে কৰি আছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003KVI7.jpg

গৃহমন্ত্ৰীয়ে কয়, ২০২১ৰ ৪ ছেপ্টেম্বৰত মোৰ উপস্থিতিত কাৰ্বি গোটসমূহৰে চুক্তি হৈছিল, অলপতে প্ৰধানমন্ত্ৰী জী তালৈ গৈছিল আৰু সেই সময়লৈ চুক্তিৰ বহুকেইটা চৰ্ত পূৰণো হৈ গৈছিল।

‘আফস্পা’ সদায়ে সৰ্ব-সাধাৰণ জনতাৰ বিৰোধৰ কাৰণ হৈ আহিছিল। অলপতে নাগালেণ্ড, অসম আৰু মণিপুৰত ‘আফস্পা’ৰ অধীনত থকা অশান্ত অঞ্চলৰ পৰিসৰ কমোৱাৰ দিহা কৰা হৈছে।

অসমত ১৯৯০ৰ পৰাই ‘অফস্পা’ বলবত্ হৈ আহিছিল আৰু একেৰাহে ৬০ বাৰ ইয়াৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিল, আজি মই এই কথা গৌৰৱৰে কওঁ যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ ৮ বছৰীয়া শাসনৰ পিচত অসমৰ ২৩খন জিলাৰ পৰা ‘আফস্পা’ সম্পূৰ্ণ ৰূপে আৰু এখন জিলাৰ পৰা আংশিক ৰূপে আঁতৰোৱাৰ দিহা কৰা হ’ল। আজি আমি অসমৰ ৬০ শতাংশৰো অধিক অংশৰ পৰা ‘আফস্পা’ আঁতৰাব পাৰিছো, আশা কৰিছো অসমৰ আফস্পা সম্পূৰ্ণ ৰূপে আঁতৰ হবলৈ বেছি দিন নালাগিব।

 

শ্ৰী অমিত শ্বাহে কয় যে অসম আৰক্ষীয়ে দেশ বিভাজনৰ বিভিষিকা, সাম্প্ৰদায়িক সংঘৰ্ষ, শৰণাৰ্থীৰ সমস্যা, সাত দশক ধৰি চলি অহা অনুপ্ৰৱেশকাৰীৰ সমস্যা, ১৯৭১ ত বাংলাদেশৰ মুক্তি যুদ্ধত গৌৰৱপূৰ্ণ যাত্ৰা আৰু ১৯৮০-৯০ পৰ্যন্ত  উগ্ৰবাদৰ প্ৰত্যাহ্বানৰ মুখামুখী হৈ বিদেশী শক্তিসমূহক পৰাস্ত কৰাৰ বাবে দীঘলীয়া সংঘৰ্ষ বিজয় সাব্যস্ত কৰি অন্ত পোলেৱাৰ গৌৰৱ আহৰণ কৰিছে।

অসম আৰক্ষীয়ে বহুকেইটা নিষিদ্ধঘোষিত সংগঠনৰ সৈতে বাৰুকৈয়ে মোকাবিলা কৰিছে আৰু দেশৰ সীমকে ধৰি আভ্যন্তৰিণ সুৰক্ষাক শক্তিশালী কৰাৰ কাম কৰিছে।অসম আৰক্ষীয়ে অস্ত্ৰ, গো, ড্ৰাগছ আৰু মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে দশক জুৰি নিৰন্তৰ ভাগৰি নপৰাকৈ বিজয়ী যুদ্ধত লিপ্ত হৈ আহিছে, ইয়াৰ বাবে অসম আৰক্ষীৰ মহানিৰ্দেশকৰ পৰা যুৱ-কনিষ্টবল পৰ্যন্ত সকলোকে মই দেশৰ হৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিব খুজিছো।

https://static.pib.gov.in/WriteReadData/userfiles/image/image004Q9FD.jpg

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নিজৰ কৰ্তব্য পালনৰ সময়ত অসম আৰক্ষীৰ প্ৰায় ৮৮৬গৰাকী কৰ্মী শ্বহীদ হৈছে। এই যুঁজত অসম আৰক্ষীৰ সদস্যই ২টা কীৰ্তি চক্ৰ, ৪টা ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আৰু ১৯টা আৰক্ষী পদক লাভ কৰিছে, যিয়ে অসম আৰক্ষীৰ বীৰত্বকে প্ৰতীয়মান কৰিছে।

আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত যেতিয়া উগ্ৰবাদৰ সংকট আহিবলৈ ধৰিলে তেতিয়া অসম আৰক্ষীয়ে সংবিধানিক ব্যৱস্থা অক্ষুন্ন ৰখাৰ বাবে বন্দুকৰ মুখামুখী বন্দুকৰে কৰাৰ লগতে বিপথগামী যুৱকসকলক মূলসুঁতিলৈ ঘূৰাই অনাৰ বাবেও কাম কৰে বুলিও তেওঁ তথ্য উল্লেখ কৰে।

তেওঁ কয়, অসম আৰক্ষীয়ে বহুকেইটা সামাজিক অন্যায়ৰ বিৰুদ্ধে যুঁজিছে আৰু বিভিন্ন কু-প্ৰথাৰ পৰা সমাজক মুক্ত কৰাৰো কাম কৰিছে।

অসম আৰক্ষীয়ে মাদক দ্ৰব্যৰ বেহা কৰা আৰু গড়ৰ চোৰাং চিকাৰ ৰোধ কৰাৰ বাবেও গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে। হিমন্ত জীৰ নেতৃত্বত অসম আৰক্ষী গড়ৰ চিকাৰৰ বিৰুদ্ধে আৰু কঠোৰতাৰে ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয়,অসমে বহু দশক ধৰি যি ৰক্তপাত, উগ্ৰবাদ আৰু অশান্তি সহ্য কৰিবলগীয়া হ’ল, এতিয়া সেই যুগৰ অন্ত পৰিছে, এতিয়া শান্তি, ভাতৃত্ববোধ আৰু সাংস্কৃতিক সংৰক্ষণ আৰু বিকাশৰ এক নতুন যুগৰ শুভাৰম্ভ হৈছে।

ইফালে, অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ আৰক্ষী প্ৰতীক লাভৰ এই ঘটনা সোণালী আখৰৰে লিখা হ’ব বুলি মন্তব্য কৰি গৃহমন্ত্ৰীয়ে  আশা প্ৰকাশ কৰি কয়, মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে ইয়াৰ দ্বাৰা অসম আৰক্ষী বাহিনীৰ উত্সাহ আৰু অধিক বৃদ্ধি পাব আৰু তেওঁলোকে ত্যাগ, বলিদান আৰু পৰিশ্ৰমৰে দেশৰ সীমা আৰু অসমৰ আভ্যন্তৰীণ সুৰক্ষা সুনিশ্চিত কৰিব।

 

***

एनडब्ल्यू/आरके/एवाई/KB



(Release ID: 1824359) Visitor Counter : 161