কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

চৰকাৰী আঁচনিসমূহৰ জৰিয়তে ‘পুষ্টি বৰ্দ্ধিত’ চাউল বিতৰণৰ প্ৰস্তাৱলৈ কেবনেটৰ অনুমোদন

স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে চাউলৰ পুষ্টি বৰ্দ্ধন সন্দৰ্ভত ঘোষণা কৰিছিল

চাউলৰ পুষ্টি বৰ্দ্ধনত হ’ব লগা সম্পূৰ্ণ ব্যয় (প্ৰায় ২,৭০০ কোটি টকা প্ৰতি বছৰ) বহণ কৰিব ভাৰত চৰকাৰে

দেশৰ প্ৰতিগৰাকী ব্যক্তিকে পুষ্টিৰ যোগান ধৰাৰ লগতে মহিলা, শিশু তথা প্ৰসূতি মাতৃক পুষ্টিৰ অভাৱ আঁতৰোৱাত সহায়ক হ’ব এই পুষ্টি-বৰ্দ্ধন প্ৰক্ৰিয়া

যোগান আৰু বিতৰণৰ কৰিব পৰাকৈ ‘এফচিআই’ আৰু ৰাজ্যসমূহৰ এজেন্সীসমূহে ইতিমধ্যে সংগ্ৰহ কৰিছে ৮৮.৬৫লাখ মেট্ৰিক টন ‘পুষ্টি বৰ্দ্ধিত’ চাউল

Posted On: 08 APR 2022 3:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট সমিতিৰ সভাই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন(এনএফএছএ)ৰ অধীনত ‘লক্ষ্য-নিৰ্দ্ধাৰিত ৰাজহুৱা বিতৰণ ব্যৱস্থা’ৰে ৰূপায়িত হোৱা ‘সংহত শিশু বিকাশ সেৱাসমগ্ৰ’(আইচিডিএছ), ‘প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ-পিএম পোষণ’(পূৰ্বৰ ‘মধ্যাহ্ন ভোজন আঁচনি’(এমডিএম) আৰু ভাৰত চৰকাৰ, ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহে পৰিচালনা কৰা ‘অন্যান্য সকলোবোৰ কল্যাণমূলক আঁচনি’(অডব্লিউএছ)ৰ জৰিয়তে অহা ২০২৪ চনৰ ভিতৰত বিতৰণ কৰিব পৰাকৈ ‘পুষ্টি বৰ্দ্ধিত’ চাউলৰ যোগান সম্পৰ্কীয় এক প্ৰস্তাৱলৈ অনুমোদন জনাইছে।

খাদ্য-ৰাজসাহায্যৰ অংশ হিচাপে আঁচনিখনৰ সম্পূৰ্ণ ৰূপায়ণ সম্ভৱ কৰিব পৰাকৈ ২০২৪ চনৰ জুন মাহ পৰ্যন্ত চাউলৰ পুষ্টি-বৰ্দ্ধনত হোৱা সম্পূৰ্ণ ব্যয় বহণ কৰিব ভাৰত চৰকাৰে।

এই পদক্ষেপৰ পূৰ্ণতা নিশ্চিত কৰাৰ বাবে নিম্নোল্লিখিত পৰ্যায়ত কাম কৰাৰ উদ্যাগ গ্ৰহণ কৰা হৈছে :

পৰ্যায়-১ : ইতিমধ্যে আৰম্ভ হোৱা অভিযানৰ জৰিয়তে ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশৰ সকলোবোৰ ‘আইচিডিএছ’ আৰু ‘পিএম পোষণ’-ক সামৰি লোৱা।

পৰ্যায়-২ : ২০২৩ চনৰ মাৰ্চৰ ভিতৰত সকলোবোৰ ‘আকাংক্ষী’ তথা অধিক সমস্যাজৰ্জৰ জিলাসমূহত ‘পৰ্যায়-১’ৰ অতিৰিক্ত ভাবে টিপিডিএছ আৰু অডব্লিউএছ-ৰ ৰূপায়ণ কৰা।

পৰ্যায়-৩ : ২০২৪ৰ মাৰ্চমাহৰ ভিতৰত ‘পৰ্যায়-২’য়ে সামৰি নোলোৱা বাকী ৰৈ যোৱা জিলাসমূহক সামৰি লোৱা।

ৰূপায়ণৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যাপক অভিযানৰ অংশ হিচাপে খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ, সংশ্লিষ্ট মন্ত্ৰালয়-বিভাগ, অংশীদাৰী উন্নয়ণ সংস্থা, উদ্যোগ, গৱেষণা প্ৰতিষ্ঠানকে ধৰি সকলো পক্ষৰ মাজতে সমন্বয় স্থাপন কৰি ইয়াৰ বাবে এক সুন্দৰ বাতাবৰণ গঢ়ি তোলাৰ ব্যৱস্থা কৰিছে। ‘এফচিআই’ আৰু অন্যান্য ৰাজ্যিক সংস্থাসমূহে যোগান আৰু বিতৰণ নিশ্চিত কৰিব পৰাকৈ ইতিমধ্যে প্ৰায় ৮৮.৬৫ লাখ মেট্ৰিক টন পৰিমাণৰ ‘পুষ্টি বৰ্দ্ধিত’ চাউল সংগ্ৰহ কৰাৰ কামত নিয়োজিত হৈছে।

স্মৰ্তব্য যে, স্বাধীনতাৰ ৭৫ সংখ্যক জয়ন্তী(১৫ আগষ্ট, ২০২১)ত দিয়া ভাষণত সন্মানীয় প্ৰধানমন্ত্ৰীয়ে দেশৰ উন্নয়ণৰ গতিক বাধাগ্ৰস্থ কৰা অন্যতম সমস্যা হিচাপে পৰিগণিত প্ৰতিগৰাকী ব্যক্তিকে অপুষ্টিৰ সমস্যাৰ পৰা পৰিত্ৰাণ দিয়াৰ লগতে মহিলা, শিশু, আৰু প্ৰসূতি মাতৃসকলৰ বাবে প্ৰয়োজনীয় পুষ্টিৰ যোগান ধৰিব পৰাকৈ চাউলৰ পুষ্টি-বৰ্দ্ধন কৰা সম্পৰ্কত এক ঘোষণা কৰিছিল।

ইতিপূৰ্বে, কেন্দ্ৰীয় পুঁজিৰে পৰীক্ষামূলক ভাবে ৰূপায়িত চাউলৰ পুষ্টি-বৰ্দ্ধন আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে ইয়াৰ বিতৰণ সম্পৰ্কীয় প্ৰকল্পটো ২০১৯-২০ৰ পৰা তিনি বছৰৰ বাবে ৰূপায়ণৰ দিহা কৰা হৈছিল। পৰীক্ষামূলক আঁচনিখনৰ অধীনত দেশৰ ১১খন জিলা : অন্ধ প্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, তামিল নাডু, চাত্তিশগড়, উত্তৰ প্ৰদেস, ওড়িশা, তেলেংগাণা, মধ্য প্ৰদেশ, উত্তৰাখণ্ড আৰু ঝাৰখণ্ডৰ নিৰ্বাচিত জিলা(প্ৰতিখন ৰাজ্যৰ এখনকৈ)সমূহত সফলতাৰে পুষ্টি-বৰ্দ্ধিত চাউলৰ বিতৰণ কৰা হয়। 

****

DS/KB



(Release ID: 1815873) Visitor Counter : 195