আয়ুষ
‘বিশ্ব হোমিঅ’পেথী দিৱস’ত বৈজ্ঞানিক সন্মিলন মুকলি কৰিলে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে
হোমিঅ’পেথীৰ প্ৰতি ৰাইজৰ আদৰৰ হাৰ অতিকে উচ্চ আৰু ই চিকিত্সা বিজ্ঞানৰ শিক্ষা ল’ব খোজা ছাত্ৰ-ছাত্ৰীৰ প্ৰথম পচন্দও হৈ উঠিবগৈ পাৰে : সোণোৱাল
পোষ্ট কৰা হৈছে:
09 APR 2022 4:28PM by PIB Guwahati
কেন্দ্ৰীয় আয়ুষ আৰু বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত ‘হোমিঅ’পেথী-পিপুল চইচ ফৰ ৱেলনেছ’ শীৰ্ষক এখনি বৈজ্ঞানিক সন্মিলন আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে। কাৰ্যক্ৰমত আয়ুষ তথা মহিলা আৰু শিশু কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ মহেন্দ্ৰ ভাই মঞ্জুপাৰাও উপস্থিত থাকে। ‘বিশ্ব হোমিঅপেথী’ দিৱস’(ডব্লিউএইচডি) উপলক্ষে এই সন্মিলন যুটীয়া ভাৱে অনুষ্ঠিত কৰিছে আয়ুষ মন্ত্ৰালয়ৰ তিনিটা শীৰ্ষ নিকায় : ‘চেণ্ট্ৰেল কাউন্সিল ফৰ ৰিছাৰ্চ ইন হোমিঅ’পেথী’, ‘নেশ্যনেল কমিছন ফৰ হোমিঅ’পেথী’ আৰু ‘নেশ্যনেল ইনষ্টিটিউট অব হোমিঅ’পেথী’য়ে। ‘হোমিঅ’পেথী’ৰ প্ৰতিস্থাতা ড০ ক্ৰিষ্টিয়ান ফেডৰিক ছেমুৱেল হাহনেম্মানৰ জন্ম দিৱসত ‘বিশ্ব হোমিঅ’পেথী দিৱস’ উদযাপন কৰা হয়।
সন্মিলনত ভাষম প্ৰদান কৰি শ্ৰী সোণোৱালে শেহতীয়া প্ৰেক্ষাপটত আয়ুষ খণ্ডত হোৱা শিক্ষা, অনুশীলন তথা ঔষধৰ উন্নয়ণৰ প্ৰসংগত বিস্তৃত ব্যাখ্য দাঙি ধৰে। নতুন শিক্ষানীতিৰ লগত সংগতি ৰাখি আয়ুষ শিক্ষাক আগুৱাই নিয়াৰ বাবে শেহতীয়া ভাবে গঠন কৰা ‘নেশ্যনেল কমিছন ফৰ ইণ্ডিয়ান ছীষ্টেমছ অব মেডিচিন’ আৰু ‘নেশ্যনেল কমিছন ফৰ হোমিঅ’পেথী’য়ে কেৱল আয়ুষক প্ৰথম পচন্দৰ চিকিত্সা পদ্ধতি হিচাপেই নহয়, বৰং, চিকিত্সা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰো প্ৰথম পচন্দৰ চিকিত্সা পদ্ধতি হিচাপে গঢ়ি তোলাৰ বাবেও ইতিমধ্যে জোঁট বান্ধিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, “হোমিঅ’পেথীৰ প্ৰতি ৰাইজৰ আদৰৰ হাৰ অতিকে উচ্চ, আৰু মানুহে প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি থকা পৰিয়ালৰ চিকিত্সকৰ হতুৱাই চিকিত্সা কৰাবলৈ আগ্ৰহ প্ৰকাশ কৰি আহিছে”।

অনুষ্ঠানত ভাষণ দি ড০ মহেন্দ্ৰ ভাই মঞ্জুপাৰাই বিভিন্ন ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত ‘হোমিঅ’পেথী’য়ে প্ৰভাৱশালী চিকিত্সা পদ্ধতি হিচাপে সেৱা আগবঢ়াই অহাৰ লগতে কম খৰছত, নিৰাপদ মাধ্যমেৰে ব্যক্তিসকলক স্বাস্থ্য সুৰক্ষাৰ নিশ্চিতিও প্ৰদান কৰি আহিছে বুলি অভিমত ব্যক্ত কৰে।
********
SK/KB
(ৰিলিজ আই ডি : 1815869)
অতিথি কক্ষ : 232