খনি মন্ত্ৰালয়

কেতবোৰ খনিজ পদাৰ্থৰ ক্ষেত্ৰত ৰয়েলিটিৰ হাৰ নিৰ্ধাৰণৰ অৰ্থে খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫৭ ৰ দ্বিতীয় অনুসূচীৰ সংশোধনত অনুমোদন কেবিনেটৰ

Posted On: 09 MAR 2022 1:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে গ্লুকনাইট, পটাছ, এমাৰ্ল্ড, প্লেটিনাম গ্ৰুপ অৱ মেটেলছ (PGM), এণ্ডালুচাইট, চিলিমানাইট আৰু মলিবডেনামৰ ক্ষেত্ৰত ৰয়েলিটিৰ হাৰ নিৰ্ধাৰণৰ অৰ্থে খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫৭ (ইয়াৰ পিছত 'আইনখন' বুলি উল্লেখ কৰা হ’ব) ৰ দ্বিতীয় অনুসূচীৰ সংশোধনৰ বাবে খনি মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনালে।

এই অনুমোদনে গ্লুকনাইট, পটাছ, এমাৰ্ল্ড, প্লেটিনাম গ্ৰুপ অৱ মেটেলছ, এণ্ডালুচাইট আৰু মলিবডেনামৰ ক্ষেত্ৰত খনিজ ব্লকসমূহৰ নিলাম নিশ্চিত কৰিব যাৰ ফলত এই খনিজ পদাৰ্থসমূহৰ আমদানি হ্ৰাস হ'ব, খনি খণ্ডটোৰ লগতে উৎপাদন খণ্ডত সবলীকৰণৰ সুযোগ সৃষ্টি হ'ব যিয়ে সমাজখনৰ এক বৃহৎ অংশৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰাত সহায় আগবঢ়াব। খনিজ বহুৰূপী (polymorphs) এণ্ডালুচাইট, চিলিমানাইট আৰু কিয়ানাইটৰ বাবে ৰয়েলটিৰ হাৰ একে স্তৰত ৰখা হয়।

এই অনুমোদনৰ ফলত দেশখনৰ অৰ্থনীতিৰ বাবে বহুতো গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ক্ষেত্ৰত আমদানি প্ৰতিস্থাপন হ'ব যাৰ ফলত মূল্যৱান বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৰাহি হ'ব। ই খনিজ পদাৰ্থৰ স্থানীয় উৎপাদনৰ জৰিয়তে দেশৰ বৈদেশিক নিৰ্ভৰশীলতা হ্ৰাস কৰিব। এই অনুমোদনে দেশখনত প্ৰথমবাৰৰ বাবে গ্লুকনাইট, পটাছ, এমাৰ্ল্ড, প্লেটিনাম গ্ৰুপ অৱ মেটেল, এণ্ডালুচাইট আৰু মলিবডেনামৰ ক্ষেত্ৰত খনিজ ব্লকসমূহৰ নিলাম নিশ্চিত কৰিব।

দেশখনৰ খনিজ সম্পদৰ আবন্টনত স্বচ্ছতা আৰু বৈষম্য-হীনতা নিশ্চিতকৰণৰ অৰ্থে নিলামৰ জৰিয়তে খনিজ ৰেহাই (concessions) প্ৰদানৰ নতুন ব্যৱস্থা আৰম্ভ কৰিবলৈ ২০১৫ ত এই আইনখনৰ সংশোধন কৰা হৈছিল। তেতিয়াৰেপৰা নিলাম ব্যৱস্থা পৰিপক্ক হৈছে। খনিজ খণ্ডটোক অধিক গতি প্ৰদান কৰিবলৈ, আইনখন ২০২১ ত অধিক সংশোধন কৰা হয়। সংস্কাৰৰাজিৰ অধীনত, চৰকাৰখনে খনিজ ব্লকসমূহৰ নিলাম, উৎপাদন বৃদ্ধি, দেশখনত ইজ অৱ ডুয়িং বিজনেছৰ অগ্ৰগতি সাধন আৰু মুঠ ঘৰুৱা উৎপাদন (GDP) ত খনিজ উৎপাদনৰ বৰঙণি বৃদ্ধিত গুৰুত্বপূৰ্ণ উদ্দীপনা প্ৰদান কৰিছে।

মাননীয় প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিৰ নেতৃত্বত খনি মন্ত্ৰালয়েও দেশখনত খনিজ পদাৰ্থৰ অন্বেষণ বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ ফলত নিলামৰ বাবে অধিক ব্লক উপলব্ধ হৈছে। অন্বেষণ কাৰ্য্যকলাপ কেৱল পৰম্পৰাগত খনিজ যেনেঃ লৌহ আকৰিক, বক্সাইট, চূণশিলৰ বাবেই নহয়, লগতে গভীৰভাৱে-অৱস্থিত (deep-seated) খনিজ পদাৰ্থ, সাৰ খনিজ, গুৰুত্বপূৰ্ণ খনিজ আৰু খনিজ পদাৰ্থৰ বাবেও বৃদ্ধি পাইছে যিবোৰ আমদানি কৰা হয়।

যোৱা ৪-৫ বছৰে, ভাৰতীয় ভূতাত্ত্বিক জৰীপ আৰু খনিজ অন্বেষণ নিগম লিমিটেডৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহে অন্বেষণ চলাইছে আৰু দেশখনত এতিয়ালৈকে খনন নকৰা খনিজ পদাৰ্থৰ কেইবাটাও ব্লকৰ প্ৰতিবেদন ৰাজ্য চৰকাৰসমূহক হস্তান্তৰ কৰিছে। গ্লুকনাইট/ পটাছ, এমাৰ্ল্ড, প্লেটিনাম গ্ৰুপ অৱ মেটেলছ (PGM), এণ্ডালুচাইট আৰু মলিবডেনাম আদি খনিজ পদাৰ্থসমূহৰ কথা আহি পৰা মাত্ৰেকে, দেশখন আমাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এই খনিজ পদাৰ্থসমূহৰ আমদানিৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। খনিজ স্ব-নিৰ্ভৰশীলতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, বহু ৰাজ্য চৰকাৰে নিলামৰ বাবে এনে খনিজ ব্লকসমূহ চিনাক্ত কৰিছে। অৱশ্যে, এই খনিজ পদাৰ্থসমূহৰ বাবে ৰয়েলিটিৰ হাৰ পৃথকে প্ৰদান কৰা হোৱা নাছিল আৰু এই খনিজ পদাৰ্থসমূহৰ খননত গতি প্ৰদানৰ বাবে ই উপযুক্ত নাছিল।

সেই অনুসৰি, মন্ত্ৰালয়ে নিলামত উন্নত অংশগ্ৰহণক উৎসাহিত কৰিবলৈ ৰয়েলিটিৰ যুক্তিসংগত হাৰৰ প্ৰস্তাৱ আগবঢ়াইছিল, যাক মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। ৰাজ্য চৰকাৰসমূহ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়/ বিভাগৰ সৈতে বিস্তৃত আলোচনাৰ পিছত এই হাৰসমূহ নিৰ্ধাৰণ কৰা হৈছে। খনি মন্ত্ৰালয়ে এই খনিজ ব্লকসমূহৰ নিলাম সক্ষম কৰাৰ বাবে প্ৰয়োজনীয় এই খনিজ পদাৰ্থসমূহৰ গড় বিক্ৰী মূল্য (ASP) গণনাৰ পদ্ধতিও আগবঢ়াব।

ৰাজ্য চৰকাৰসমূহৰ সক্ৰিয় সহযোগিতাৰে, দেশখনত ১৪৫ টাৰোধিক খনিজ ব্লক সফলতাৰে নিলাম কৰা হৈছে। ২০২১ বৰ্ষত সাধন কৰা সংস্কাৰৰাজিৰদ্বাৰা অধিক উৎসাহিত হৈ, ২০২১-২২ বিত্তীয় বৰ্ষটোত ১৪৬ টাৰোধিক ব্লক নিলামৰ বাবে ৰখা হৈছে। ইয়াৰ ভিতৰত, বিত্তীয় বৰ্ষটোত ৩৪ টা ব্লকৰ সফলতাৰে নিলাম কৰা হৈছে। গ্লুকনাইট/ পটাছ, এমাৰ্ল্ড, প্লেটিনাম গ্ৰুপ অৱ মেটেলছ (PGM), এণ্ডালুচাইট আৰু মলিবডেনামৰ দৰে খনিজ পদাৰ্থসমূহৰ অৰ্থে ৰয়েলিটি আৰু এএছপিৰ নিৰ্দিষ্টকৰণে নিলামৰ বাবে ব্লকৰ সংখ্যা বৃদ্ধি কৰিব।

গ্লুকনাইট আৰু পটাছৰ দৰে খনিজ পদাৰ্থসমূহ কৃষিত সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। প্লেটিনাম গ্ৰুপ অৱ মেটেলছ (PGM) হৈছে বিভিন্ন উদ্যোগ আৰু নতুন উদ্ভাৱনীমূলক প্ৰয়োগত ব্যৱহৃত উচ্চ মূল্যৰ ধাতু। এণ্ডালুচাইট, মলিবডেনামৰ দৰে খনিজ পদাৰ্থসমূহ হৈছে ঔদ্যোগিক প্ৰয়োগত ব্যৱহৃত গুৰুত্বপূৰ্ণ খনিজ।

এই খনিজ পদাৰ্থসমূহৰ থলুৱা খননক উৎসাহিত কৰাটো হৈছে ৰাষ্ট্ৰীয় স্বাৰ্থ যাৰ ফলত পটাছ সাৰ আৰু অন্যান্য খনিজ পদাৰ্থৰ আমদানি হ্ৰাস হ'ব। খনি মন্ত্ৰালয়ে গ্ৰহণ কৰা এই পদক্ষেপে খনি খণ্ডত নিয়োগ সৃষ্টিৰ বৰ্ধন ঘটাব বুলিও আশা কৰা হৈছে। ই তদুপৰি ডাউনষ্ট্ৰীম উদ্যোগসমূহৰ বাবে খনিজ পদাৰ্থৰ বৰ্ধিত উপলব্ধতা নিশ্চিত আৰু কৃষিক সহায় আগবঢ়াব।

 

***

DS/SB



(Release ID: 1805033) Visitor Counter : 127